জ্ঞানোদয়

New Logo
Previous
Next
সৰ্বস্ব ত্যাগ কৰি হ'লেও অসমীয়া ভাষাটোক জীয়াই ৰাখিব লাগিবঃ  জ্ঞানপীঠ বিজয়ী নিলমণি ফুকন

জ্ঞানোদয় কি ?

জ্ঞানোদয় হৈছে জ্ঞানৰ সূৰ্য উদয় কৰি সমাজখনক জ্ঞানৰ ৰশ্মিৰে পোহৰাই তোলাৰ এক সুকীয়া যাত্ৰা। জ্ঞানোদয় নতুন প্ৰজন্মক উৎকৃষ্ট জ্ঞান প্ৰদান কৰি সৰ্বাংগীন বিকাশ কৰাৰ এক অভিনৱ প্ৰয়াস। জ্ঞানোদয় সকলোকে ভাষা-সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ এক অভিযান ।  বহুতো মহান ব্যক্তিয়ে  ভাষা-সাহিত্যৰ প্ৰচাৰৰ ক্ষেত্ৰত মহান ভূমিকা পালন কৰিছিল । আমি তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিব লাগিব । জ্ঞানোদয় এই অভিযানৰ নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে ।  জ্ঞানোদয় হৈছে এনে এখন মঞ্চ য’ত সকলোৱে নিজৰ নিজৰ জ্ঞানৰ আদান-প্ৰদান কৰিব পাৰিব। সকলোৱে নিজৰ নিজৰ লিখন দক্ষতাৰ জৰিয়তে জ্ঞান ভাগ বতৰা কৰিব পাৰিব । আমাৰ আশা জ্ঞানোদয় যাতে অনাগত দিনত আমাৰ ভাষা, সাহিত্য আৰু সংস্কৃতি বিশ্বদৰবাৰত  প্ৰচাৰ কৰাৰ বাবে মুখ্য আৰু সৰ্বশ্ৰেষ্ঠ মঞ্চ হৈ উঠে…..

সম্পাদকীয়

ভাষা কেৱল যোগাযোগৰ বাবেই নহয় ই সংস্কৃতি আৰু ঐতিহ্যৰ বাহক। ভাষা হৈছে এক প্ৰাকৃতিক পৰিঘটনা। ই মানুহৰ সামাজিক প্ৰয়োজনীয়তাৰ সৃষ্টি। ভাষা হৈছে স্বেচ্ছাই উৎপাদিত চিহ্নৰ প্ৰণালীৰ জৰিয়তে ধাৰণা, আৱেগ আৰু আকাংক্ষাৰ যোগাযোগ কৰাৰ এক সম্পূৰ্ণ মানৱীয় আৰু অ-সহজাত পদ্ধতি। ভাষা হৈছে এক অত্যন্ত জটিল আৰু বহুমুখী সংহিতা যাক আমাৰ চিন্তা, আকাংক্ষা আৰু অভিজ্ঞতা আন ব্যক্তিক জনোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।  ভাষাই পৃথিৱীৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্য, স্মৃতি, পৰম্পৰা, চিন্তা আৰু অভিব্যক্তিৰ অনন্য উপায়বোৰ তৈয়াৰ কৰে। ভাষা আৰু মানৱ সংস্কৃতি ওতঃপ্ৰোতভাৱে সম্পৰ্কিত আৰু এটা আনটোৰ বাবে অপৰিহাৰ্য। মাতৃভাষা হৈছে আমি প্ৰাকৃতিকভাৱে প্ৰাপ্ত কৰা প্ৰথম ভাষা। আমাৰ মাৰ ভাষা আন যিকোনো বস্তুতকৈ অধিক গুৰুত্বপূৰ্ণ। আমাৰ মাতৃভাষা হৈছে আমাৰ চিন্তাধাৰা, পৰিচয় আৰু সকলো শিক্ষাৰ আধাৰ। মাতৃ ভাষা পৰিচয়, সুৰক্ষা, অস্তিত্ব আৰু জন্মৰ প্ৰতীক। আমাৰ মাতৃভাষা যিয়েই নহওঁক আমি ইয়াক গ্ৰহণ কৰিব লাগিব। ৰাষ্ট্ৰসংঘৰ মতে বিশ্বত কোৱা আনুমানিক ৬০০০ ভাষাৰ কমেও ৪৩% বিপদাপন্ন। শিক্ষা প্ৰণালী আৰু ৰাজহুৱা ক্ষেত্ৰত কেৱল কেইশটামান ভাষাক হে স্থান দিয়া হৈছে, আৰু ডিজিটেল পৃথিৱীত এশৰো কম ভাষা ব্যৱহাৰ কৰা হয়। সেয়েহে আজিৰ এই গোলকীয় গাওঁখনত নিজৰ মাতৃভাষা সংৰক্ষণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। মাতৃভাষা সংৰক্ষণ নকৰিলে নিজৰ পৰিচয়, আপোনজনৰ সৈতে সম্পৰ্ক তথা নিজ সম্প্ৰদায়ৰ অস্তিত্ব ধূলিসাৎ হোৱাটো নিশ্চিত।

জ্ঞানোদয়ৰ দ্বাৰা প্ৰকাশিত

জ্ঞানোদয়ৰ সংগী

Gyanodaya Membership Plans

error: Content is protected !!