ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life

ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life

Student Life

মানুহে যি সময়ত বিদ্যা শিক্ষাৰে জ্ঞান আহৰণৰ দ্বাৰা ভৱিষ্যৎ জীৱনৰ বাবে নিজকে সাজু কৰি তোলে সেই সময়ছোৱাকে ছাত্ৰ জীৱন বোলা হয়। সেই সময়ছোৱাত মই ভাবো এই ছাত্ৰ জীৱনৰ প্ৰধান কর্তব্য হ’ব জ্ঞান আহৰণ কৰা; যাৰ দ্বাৰা একো একোজন ছাত্রই নিজকে ভৱিষ্যতৰ সু-নাগৰিক হ’বৰ বাবে গঢ়ি তুলিব পাৰে।

ছাত্র জীৱনৰ প্ৰধান কৰ্তব্য হৈছে শিক্ষা আহৰণ কৰা। শিক্ষা আহৰণৰ বাবে প্ৰথম আৰু প্ৰধান কামটো হ’ল অধ্যয়ন। ভৱিষ্যতেও এজন সুনাগৰিক হ’বলৈ পুথি অধ্যয়নেই প্রধান সঁজুলি। কেৱল টকাপইছা অৰ্জনৰ বাবে একোটা চাকৰি কৰিবলৈকে শিক্ষাৰ প্ৰয়োজন নহয়, জীৱনৰ প্ৰতিটো মুহুৰ্তলৈকে শিক্ষাৰ প্রয়োজন।

আকৌ বিদ্যা শিক্ষা অর্জনৰ বাবে আন এটা কৰ্তব্য হ’ল সৎ চৰিত্ৰ গঠনৰ প্ৰস্তুতি। সৎ চৰিত্ৰৰ যোগেদিহে ভৱিষ্যতে সু-নাগৰিক হিচাপে গঢ়ি তুলিব পাৰি। নিজৰ পাঠ্যপুথিৰ উপৰিও জ্ঞান আৰু চৰিত্ৰ গঠনৰ বাবে বাতৰিকাকত, কুইজৰ লগতে অন্যান্য পুথি অধ্যয়ন কৰাতো নিতান্তই প্রয়োজনীয়।

ইয়াৰ উপৰিও সুস্বাস্থ্যৰ অধিকাৰী হ’লেহে এজন ছাত্ৰই পৃথিৱীত সুখে-সন্তোসে বাস কৰিব পাৰে। সময় অনুসাৰে খোৱা-বোৱা, গা-পা পোৱা, শোৱা উঠা, খেল-ধেমালি কৰাতো এজন ছাত্ৰৰ কৰ্তব্য বুলি ভাবিব পাৰি।

জ্ঞান আহৰণৰ বাবে বাতৰি আলোচনী পঢ়াৰ উপৰিও ৰেডিঅ’, টেলিভিছন আদিৰ শিক্ষামূলক কাৰ্যসূচী শুনা আৰু চোৱাতো ছাত্ৰৰ কৰ্তব্য। সঞ্চয় কৰাতো সকলোলোকৰ বাবে ভাল অভ্যাস। তদুপৰি সি ছাত্ৰৰো কৰ্তব্য হ’ব পাৰে। বৃত্তিৰ ধন অথবা অন্য প্ৰকাৰে পোৱা ধন ছাত্ৰসকলে সঞ্চয় কৰাতো ভাল অভ্যাস।

এনেদৰে দিনলিপি লিখা ছাত্ৰৰ এটা প্রধান কৰ্তব্য হোৱা উচিত। শিক্ষক লগতে জ্যেষ্ঠজনক সন্মান আৰু অনুজসকলক মৰম কৰাতো ছাত্ৰৰ এটা কৰ্তব্য। সমাজসেৱাত নিজকে জড়িত কৰা, দুখীয়া বাধাগ্রস্ত লোকক সহায় কৰাতো ছাত্ৰৰ অন্যতম কর্তব্য। ছাত্ৰজীৱন হৈছে জীৱনৰ অন্যতম প্রধান সময়। এই সময়ছোৱাত প্ৰতিটো ক্ষণেই সদব্যৱহাৰ কৰিবলৈ শিকিব লাগে। আমি নিজৰ কৰ্তব্য ভালদৰে পালন কৰিলেহে ভৱিষ্যতৰ এজন সু-নাগৰিক হ’ব পাৰিম।

About the Author

Shivanga

শিৱাংগ কুমাৰ গগৈ

Writer & Blogger

Posts of this Author

Leave a Comment

Your email address will not be published. Required fields are marked *