About Us

জ্ঞানৰ পৰিসৰ মহাকাশৰ দৰেই আদি-অন্তহীন আৰু বৈচিত্র্যমণ্ডিত। কিমান বিচিত্র বিষয় সম্পর্কে যে জ্ঞানার্জন কৰিব পাৰি সেই কথা কৈ শেষ কৰিব নোৱাৰি। বহু মনীষীৰ হাজাৰ বছৰৰ অক্লান্ত পৰিশ্ৰম আৰু নিৰলস সাধনাৰ বলত আজিলৈকে যি বিপুলায়তন জ্ঞানভাণ্ডাৰে গঢ় লৈ উঠিছে, এজন মানুহৰ পক্ষে সমগ্র জীৱনৰ একনিষ্ঠ সাধনাৰেও সেয়া আয়ত্ত কৰা সম্ভৱ নহয়। জ্ঞানভাণ্ডাৰৰ মহামূল্যৱান ৰত্নৰাজি অসংখ্য দেশী-বিদেশী গ্রন্থৰ মাজত সিঁচৰিত হৈ আছে। এই সকলো গ্রন্থ অধ্যয়ন কৰি বিশ্বৰ যাৱতীয় সকলো জ্ঞান আহৰণ কৰা অসম্ভৱ। অথচ মানুহৰ জ্ঞান পিপাসাৰ অন্ত নাই; বিশ্বজ্ঞান আহৰণৰ বাবে মানুহৰ আকুলতা সীমাহীন। মানুহৰ এই সুতীব্র জ্ঞান পিপাসাক কিছু  চৰিতাৰ্থ কৰাৰ বাবেই জ্ঞানোদয়ৰ জন্ম হৈছে।

জ্ঞানোদয় কি ?

জ্ঞানোদয় হৈছে জ্ঞানৰ সূৰ্য উদয় কৰি সমাজখনক জ্ঞানৰ ৰশ্মিৰে পোহৰাই তোলাৰ এক সুকীয়া যাত্ৰা। জ্ঞানোদয় নতুন প্ৰজন্মক উৎকৃষ্ট জ্ঞান প্ৰদান কৰি সৰ্বাংগীন বিকাশ কৰাৰ এক অভিনৱ প্ৰয়াস। জ্ঞানোদয় সকলোকে ভাষা-সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ এক অভিযান ।  বহুতো মহান ব্যক্তিয়ে  ভাষা-সাহিত্যৰ প্ৰচাৰৰ ক্ষেত্ৰত মহান ভূমিকা পালন কৰিছিল । আমি তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিব লাগিব । জ্ঞানোদয় এই অভিযানৰ নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে ।  জ্ঞানোদয় হৈছে এনে এখন মঞ্চ য’ত সকলোৱে নিজৰ নিজৰ জ্ঞানৰ আদান-প্ৰদান কৰিব পাৰিব। সকলোৱে নিজৰ নিজৰ লিখন দক্ষতাৰ জৰিয়তে জ্ঞান ভাগ বতৰা কৰিব পাৰিব । আমাৰ আশা জ্ঞানোদয় যাতে অনাগত দিনত আমাৰ ভাষা, সাহিত্য আৰু সংস্কৃতি বিশ্বদৰবাৰত  প্ৰচাৰ কৰাৰ বাবে মুখ্য আৰু সৰ্বশ্ৰেষ্ঠ মঞ্চ হৈ উঠে ।

উদ্দেশ্য

  • সকলোকে ভাষা-সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰা।
  • সকলোৰে সহায় হোৱাকৈ যিকোনো বিষয়ৰ অত্যাধিক তথ্য যোগান ধৰা।
  • সমাজত নিৰন্তৰ সৃষ্টি হৈ থকা শিক্ষা সম্বন্ধীয় নতুন নতুন সমস্যা সমূহৰ বিষয়ে আলোচনা কৰা তথা সমাধান বিচাৰি উলিওৱা।
  • সাহিত্য চৰ্চা কৰা বয়োজেষ্ঠসকলক তেওঁলোকৰ অভিজ্ঞতাৰ দ্বাৰা নতুন প্ৰজন্মক ভাষা-সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰা।
  • নৱ প্ৰজন্মৰ যিসকলে সাহিত্য চৰ্চা কৰি ভাল পায় তেওঁলোকক তেওঁলোকৰ লিখনিসমূহ প্ৰকাশৰ বাবে এখন মঞ্চ প্ৰদান কৰা।

মূলমন্ত্ৰ

জ্ঞানেই কৰ্ম, জ্ঞানেই ধৰ্ম, জ্ঞানেই সঞ্জীৱনী মন্ত্ৰ