আ
ৰাগ — আশোৱাৰী
ধ্ৰূং ।। আনন্দে গোবিন্দে বায় বৃন্দাবনে বেণু। ৰূপে ভুবন
ভুলে, ৰহিয়া কদম্ব মূলে, কালিন্দী তীৰে ৰাখে ধেনু।
পদ ।। গোপ শিশু সঙ্গে চলে শিৰে শিখণ্ডক দোলে
কৰ্ণে কুণ্ডল গণ্ড লোলে।
কেয়ুৰ কঙ্কণ কৰে উৰে বনমালা লুলে
মধুৰ মধুপ মধুভোলে।।
কটি কাঞ্চী কিঙ্কিণী বাজত ঋণি ঋণি
শ্যাম তনু শোহে পীতবাসে।
বামে-কাষে শিঙা বেত অৰুণ পঙ্কজ নেত্ৰ
কণ্ঠে কৌস্তুভ পৰকাশে।।
ত্ৰিভঙ্গ ললিত হাস কৰু হৰি ভ্ৰূব ভাস
দৰশিয়া লীলা বিলাসে।
চৰণে মঞ্জীৰ ঝুৰে উচ্চায়া পঞ্চম পুৰে
শঙ্কৰে কহ অভিলাষে।।
উ
ৰাগ — শ্ৰী
ধ্ৰূং ।। উদ্ধৱ চলহু গোকুল লাই । হামো বিনে
গোপীৰ তিলেকে যুগ যায়।
পদ ।। হামো চিত্ত বিত্ত নিত, হামাকু ধিয়ানা।
ধৰল বিয়োগে গোপী কথমপি প্ৰাণা।।
হামাকেসে আশে গোপী জীয়ে সমুদায়।
বাহুৰি আৱব কৃষ্ণ ভেটবো দুনাই।।
কহ কৃষ্ণ কিঙ্কৰ হৰিক ভজ লোই।
হৰি বিনে সুহৃদ বান্ধৱ নাহি কোই।।
ৰাগ — কল্যাণ
ধ্ৰূং ।। উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু। কাহে নাহেৰি
ৰহব অব জীৱন, বন ভয়ো ভবয়ো ভবন হামাৰু।।
পদ ।। যাহে বিয়োগ আগি অঙ্গ তাৱয়
তিল একু ৰহয়ে নাপাৰি ।
সোহি ব্ৰজ সুৰ দূৰ গয়ো গোবিন্দ
দিশ দশ দিবসে আন্ধাৰি।।
ভয়ো মৰণ ওহি সোহি হৰি চৰণকু
বিছুৰী ৰহয়ে পায়।
দেশত কালিন্দী গিৰি বিৰিন্দাবন
তনু মন দহয়ে সদায় ।।
ব্রজজন জীৱন বাহুৰি নাহি আৱত
হামাকু কৰ অনাথা।
গোপিনী প্রেম পৰশি নীৰ ঝুৰয়
শঙ্কৰ কহ গুণ গাথা।।
ও
ৰাগ- ধনশ্ৰী
ধ্ৰূং।। ওঝা সোঝা পন্থ নাহেৰি । কোটি কম কায়
হৰিকো নাহি পায়, পড়ল ভৱ বেৰি বেৰি ।
পদ ।। জপ তপ তীর্থ কৰসি গয়া কাশী বাসী বয়স গোৱাই ।
জানি যোগ যুগুতি মতি মোহিত বিনে ভকতি গতি নাই।
ৰাম নাম মহ, নিখিল পুণ্য ৰহ, ওহি নিগম তত্ব বাণী ।
কলিকো পৰম, ধৰম হৰি নাম, পঢ়ি পুনু মৰম নাজানি ।
কৃষ্ণ কিঙ্কৰ কহ, ক্ষণিক দেহা ৰহ, নৰতনু পুনুহো নাপাই।
কৰম গৰব সব, দূৰ কৰি হৰি, চৰণ চিন্ত চিত্ত লাই।
ৰাগ- গৌৰী
ধ্ৰূং ।। ওৰে সখি পেখোৰে কণ্ঠ লোচন, চলিলি নন্দ কুমাৰা।
ইন্দু বদন, কোটি মদন, ৰূপে তুল মুহি যাৰ।।
পদ ।। মকৰ কুণ্ডল মণ্ডিত গণ্ড
গলে গজমতি লুলে ।
তড়িতাম্বৰ শ্যাম সুন্দৰ
শিৰে শিখণ্ডক দুলে ।।
কৰ কঙ্কণ কিঙ্কিণী কনক
জনকে চলে গোপালা।
পঞ্চম পূৰে লম্বিত উৰে
কেলি কদম্বকু মালা।।
পদ পঙ্কজ মঞ্জিৰ ঝুৰে
হয় চিত্ত হামাৰু ।
শঙ্কৰ কহ ছাড় বিৰহ
ওহি জগ আধাৰু।।