Our Logo

জ্ঞানোদয়

অসমৰ জাতীয় সংগীত

( ৰচক — সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা )

অ’ মোৰ আপোনাৰ দেশ

অ’ মোৰ চিকুণী দেশ

এনেখন শুৱলা

এনেখন সুফলা

এনেখন মৰমৰ দেশ।

অ’ মোৰ সুৰীয়া মাত

অসমৰ সুৱদী মাত

পৃথিৱীৰ ক’তো বিচাৰি জনমটো

নোপোৱা কৰিলেও পাত।

অ’ মোৰ ওপজা ঠাই

অ’ মোৰ অসমী আই

চাই লওঁ এবাৰ মুখনি তোমাৰ

হেঁপাহ মোৰ পলোৱা নাই।।