প্লাষ্টিক ছার্জাৰি Plastic Surgery

       

Plastic Surgery

খ্রীষ্টপূর্ব ষষ্ঠ শতিকাৰ কথা। ঋষি বিশ্বামিত্ৰৰ বংশত জন্ম হৈছিল অন্য এজন ঋষিৰ। তেওঁ বাৰাণসীৰ দেৱদাস ধন্বন্তৰীৰ আশ্ৰমত থাকি বিদ্যা গ্রহণ কৰিছিল। গুৰুৰ পৰা  পোৱা বিদ্যাৰ উপৰি নিজৰ প্রতিভা আৰু অধ্যাৱসায়ৰ যোগে তেওঁ নাকৰ বিষয়ে ভালেখিনি জ্ঞান অর্জন কৰিছিল। এবাৰ তেওঁ এজন মানুহৰ থেতেলা খোৱা নাক এটাৰ চিকিৎসা কৰোতে মানুহজনৰ গালৰ মাংস অলপ কাটি আনি নাকটো মেৰামতি কৰিছিল। আজিৰ পৰা প্ৰায় ২৬০০ বছৰৰ আগেয়ে এই চিকিৎসকজনে নাক মেৰামতিৰ কৰা ব্যৱস্থাটোৱে প্লাষ্টিক ছার্জাৰিৰ সূত্রপাত বুলিব পাৰি।

        সেই চিকিৎসকজনৰ নাম আছিল সুশ্রুত। প্লাষ্টিক ছার্জাৰি হ’ল অস্ত্রোপচাৰ বিদ্যা বা শৈল্য চিকিৎসাৰ এটা বিশেষ ভাগ। এই চিকিৎসাৰ সহায়ত দেহৰ বাহিৰভাগত থকা যিকোনো অংগ বিকৃতি, ক্ষত আদি ন কৈ গঢ় দি সৌন্দর্য ৰক্ষা কৰা আৰু সেই অংগক পুনৰ কাম কৰাৰ ক্ষমতা দান দিবলৈ চেষ্টা কৰা হয়।

         আধুনিক চিকিৎসা বিজ্ঞানত প্লাষ্টিক ছার্জাৰিৰ আৱিষ্কাৰক হ’ল আইভাৰছন। এবাৰ আইভাৰছনৰ ওচৰলৈ এগৰাকী যুৱতী আহিল। যুৱতীগৰাকীৰ মুখখন আছিল বসন্তৰ দাগেৰে ভৰা। তাই ডাক্তৰক খাটনি ধৰিলে, “ডাক্তৰ, দয়া কৰি আপুনি মোৰ মুখৰ দাগবোৰ ভাল কৰি দিয়ক। মই মানুহৰ আগত ওলাব নোৱাৰা হৈছো।”

তেওঁ ক’লে, “তুমি কেইসপ্তাহমানৰ পছত আহিবা। মই তোমাৰ বাবে যথাসাধ্যে চেষ্টা কৰিম।” ডাক্তৰৰ আশ্বাস শুনি ছোৱালীজনীৰ মুখত হাঁহি বিৰিঙিল। ইয়াৰ পাছত ডাক্তৰ মহাচিন্তাত পৰিল। ছোৱালীজনীৰ মুখৰ দাগবোৰ গুচোৱা যায় কেনেকৈ? দিনে ৰাতিয়ে অহৰহ চিন্তা কৰিও ডাক্তৰে এই সমস্যাৰ পাৰ নাপালে।

        এদিন বাটেদি গৈ থাকোতে হঠাৎ এজন ৰেড ইণ্ডিয়ান যুৱকৰ ওপৰত ডাক্তৰৰ চকু পৰিল। যুৱকজনে এজন মানুহৰ হাতত উল্কি (Tattoo) আঁকিছে। ডাক্তৰ যুৱকজনৰ কাষ চাপি গ’ল আৰু তেওঁনো কেনেকৈ উল্কি আঁকিছে চাবলৈ ধৰিলে। মানুহজনৰ হাতত উক্তি আঁকি শেষ হোৱাত যুৱকজনে আইভাৰছক সুধিলেও ডাঙৰীয়া, উল্কি কৰাব নেকি? মই বৰ ভাল উল্কি কৰিব পাৰো। যদি আপোনা পছন্দ নহয় উঠায়ো পেলাব পাৰিম।

         যুৱকজনৰ কথাত ডাক্তৰজনে উল্কি উঠোৱা কথা সুধিলে। ডাক্তৰজনেও প্রথম বাৰৰ বাবে উল্কি  কৰালে। কিন্তু পিছ মুহূর্ততে তেওঁ উল্কিবোৰ উঠাবলৈ ক’লে। হাতৰ পৰা উল্কি উঠাৰ পাছত যুৱকজনে ক’লে  ‘কেইদিনমানৰ পাছত বেণ্ডেজটো খুলি চাব, একো  দাগ নাথাকে। ডাক্তৰজনে বেণ্ডেজটো খুলি তবধ মানিলে। হাতত একো দাগ নাই।

         এইবাৰ আইভাৰছনে গৱেষণাত বহিল। গৱেষণাত তেওঁ পালে যে মানুহৰ ছালৰ স্তৰ কেইবাটাও। যদি কোনো ক্ষত ছালৰ দ্বিতীয় স্তৰলৈ বিয়পে, তেতিয়া তাক পৰিস্কাৰ কৰি দিলেই নতুন ছাল গজি আহে আৰু ছাল মসৃন কৰি তোল।

          ডাক্তৰে তেওঁৰ এই অভিজ্ঞতা আৰু জ্ঞান বসন্তৰ দাগবোৰে ভৰা ছোৱালীজনীৰ মুখত প্রথমে প্রয়োগ কৰিলে। সম্পূর্ণ ছোৱালীজনীক অজ্ঞান কৰি তেওঁৰ মুখমণ্ডলত অস্ত্রোপচাৰ কৰি বেণ্ডেজ বান্ধি কেইদিনমান থ’লে।

          নিদিষ্ট দিনা ডাক্তৰে প্ৰবল উৎকণ্ঠাৰে ছোৱালীজনীৰ মুখৰ বেজে খুলিলে আৰু লগে লগে  এজনী লাৱণ্যময়ী যুৱতীলৈ পৰিৱৰ্তন হয়।

          আজিৰ আধুনিক যুগত সেইদৰে অকামিলা চকু, হৃদপিণ্ড, বৃক্ক আদি পুনৰ প্ৰতিষ্ঠাপিত কৰিব পৰা হৈছে।

প্লাষ্টিক ছার্জাৰি
Plastic Surgery

বি.দ্ৰ.: প্ৰকাশ পালে জ্ঞানোদয়ৰ দুমহীয়া আলোচনী ‘জ্ঞান-পিপাসা‘ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যা। আপুনি পঢ়িলেনে? নাই পঢ়া যদি অনুগ্ৰহ কৰি এবাৰ পঢ়িব। ধন্যবাদ

Leave a Comment

Your email address will not be published. Required fields are marked *