Assamese Language: অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান

Assamese Language

Assamese Language: অসমবাসীৰ বাবে এটি গৌৰৱময় খবৰ। কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মর্যাদা প্ৰদানৰ অনুমোদন কৰিছে। অসমীয়াৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাকো ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া হৈছে।

ইয়াৰ আগতে ভাৰতত মুঠ ছয়টা ভাষা ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছিল। এতিয়া নতুনকৈ অসমীয়া আৰু আন চাৰিটা ভাষা এই বিশেষ তালিকাত অন্তৰ্ভুক্ত হৈছে। ই নিঃসন্দেহে এটা বহুদিনীয়া প্ৰতীক্ষাৰ পৰিসমাপ্তি আৰু অসমবাসীৰ বাবে এটি সুখবৰ।

ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ ফলত তলৰ তিনিটা সুবিধা হ’ব:

 

১) ভাষাটোৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক আন্তঃৰাষ্ট্ৰীয়ভাৱে পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰা হ’ব।

২) ভাষাটোৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে কেন্দ্ৰীয় চৰকাৰে Centre of Excellence স্থাপন কৰিব।

৩) কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ধ্ৰুপদী ভাষাৰ গৱেষণাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) দ্বাৰা বিশেষ অনুদান প্ৰদান কৰা হ’ব।

ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিবলৈ কিছুমান বিশেষ বৈশিষ্ট্যৰ প্ৰয়োজন হয়। সেইসমূহ হল:

১) ভাষাটোৰ অন্তত ১৫০০ৰ পৰা ২০০০ বছৰ পুৰণি সমৃদ্ধিশালী পঠন আৰু লিখন শৈলী থাকিব লাগিব। ই ভাষাটোৰ ঐতিহাসিক আৰু সাহিত্যিক গুৰুত্ব প্ৰতিফলিত কৰে।

২) ভাষাটোৱে এক বিশাল আৰু প্ৰাচীন সাহিত্যৰ ভাণ্ডাৰ সম্বলিত হ’ব লাগিব, যি বিভিন্ন প্ৰজন্মৰ বাবে এক ঐতিহ্যৰ বাহক হিচাপে স্বীকৃত।

৩) সাহিত্য সৃষ্টি, লিখন, আৰু পঠন শৈলী সম্পূৰ্ণৰূপে মৌলিক হ’ব লাগিব। ই ভাষাটোৰ বিশেষত্ব প্ৰদৰ্শন কৰে আৰু আন ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত থকা এক স্বতন্ত্ৰ ধাৰা প্রতিফলিত কৰে।

৪) ভাষাটোৰ প্ৰাচীন আৰু বৰ্তমান ৰূপৰ মাজত কোনো দৃশ্যমান সামঞ্জস্য নাথাকিলেও ই ধ্ৰুপদী ভাষা হিচাপে গণ্য হ’ব পাৰে, কাৰণ ভাষাৰ ঐতিহাসিক গুৰুত্বই প্ৰধান।

About the Author

S.K. Gogoi

Writer & Blogger

Posts of this Author