Biography

In this category we include the biographies of various famous personalities.
এই শ্ৰেণীত আমি বিভিন্ন বিখ্যাত ব্যক্তিত্বৰ জীৱনী অন্তৰ্ভুক্ত কৰোঁ।

জার্মেনীৰ সাহিত্যক বিশ্বৰ সভালৈ আগবঢ়াই নিয়া কবি গ্যেটে || Johann Wolfgang Von Goethe

Biography জার্মেনীৰ সাহিত্যক বিশ্বৰ সভালৈ আগবঢ়াই নিয়া কবি গ্যেটে || Johann Wolfgang Von Goethe ১৭৪৯ খৃষ্টাব্দত জার্মেনীৰ ফ্ৰংফুট নামৰ চহৰ খনত ‘য়াহান ওলফগাং ভন গ্যেটে’ (Johann Wolfgang Von Goethe) নামৰ এটি শিশুৰ জন্ম হৈছিল, যি জার্মেনীক বিশ্ব সাহিত্যৰ দৰবাৰত গুৰুত্বপূৰ্ণ আসন প্ৰদান কৰাত বিশেষভাৱে অৰিহণা যোগাইছিল। মাত্র ষোল বছৰ বয়সতে গ্যেটেই গীতি কবিতাৰ ৰচনাৰে নিজৰ সাহিত্যিক তথা কবি প্রতিভাৰ পৰিচয় দাঙি ধৰিছিল। সাধাৰণতে সেই বয়সত অন্য কিশোৰ যুৱক যিদৰে প্ৰেমৰ প্ৰতি অনুৰক্ত হয় সেইদৰে গ্যেটেৰ গীতি কবিতা সমূহটো চঞ্চল প্ৰেমৰ চিতিকনি বিশেষ ভাৱে মন কৰিব লগা। গ্যেটেৰ মহৎ সৃষ্টি ‘ফাউষ্ট’। এই গ্ৰন্থৰ ৰচনাৰে জার্মান সাহিত্যিক বিশ্বদৰবাৰলৈ আগবঢ়াই নিয়াত তেওঁ প্ৰভূত বৰঙণি আগবঢ়ায়। তেওঁ ইংৰাজী ‘ৰোমাণ্টিক ধাৰাৰ প্ৰভাৱত ক’লেজি,শ্যেলীৰ দৰে কবিৰ কবিতাৰ দ্বাৰা অনুপ্রাণিত হৈ ৰোমাণ্টিক কবিতাৰ ব্যাপ্তি “ফাউষ্ট”ৰ মাজলৈ টানি আনে। ষোড়শ শতিকাৰ এগৰাকী জার্মান পণ্ডিত ফাউষ্টে অসৎ যাদু শক্তিৰ সহায়ত কেনেকৈ জ্ঞান-গংগা পাৰ হ’বলৈ গৈ নিশেষ হৈ গ’ল তাৰ বৰ্ণনা ফাউষ্টত সৰল আৰু সাৱলিল ভাবে গ্যেটেই ৰচনা কৰিছে। গ্যেটেই জীবিকাৰ বাবে প্ৰথম অৱস্থাত ওকালতি আৰম্ভ কৰিছিল যদিও পুৰণি শিল্পকলাৰ প্ৰতি অনুৰক্ত কবিগৰাকীয়ে পিছলৈ বিভিন্ন ঠাই ভ্ৰমণ কৰি পুৰণি শিল্পৰ অধ্যয়ন কৰে আৰু ইটালিৰ শিল্প, ভাস্কর্য আৰু ঐতিহ্যই তেওঁৰ হৃদয়ত গভীৰ ৰেখাপাত কৰে। শিল্প ভাস্কৰ্যৰ প্ৰতি থকা গ্যেটে’ব গভীৰ আত্মীয়তা গীতি কবিতাসমূহত নন্দনতাত্বিক সৌন্দৰ্য্যবোধ ক্ষতিশিলৰ দৰে চিৰ উজ্জীৱিত কৰিছিল। অন্যহাতে তেওঁৰ প্ৰকৃতিৰ প্ৰতি থকা গভীৰ ভালপোৱাই সৌন্দৰ্য্যপিয়াসি মনৰ সম্ভেদ দিয়ে কাব্যগ্রন্থ “মেটামোৰফোজে ডেৰ পফ্লানটছেন”ত। গ্যেটে প্ৰাচ্যৰ কবিতাৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈছিল। ভাৰতৰ বেদান্ত দর্শন আৰু পুৰাণ মহাভাৰতৰ শকুন্তলাৰ অমৰ প্ৰেম আৰু জিজ্ঞাসাৰ ৰস আস্বাদন কৰিছিল। ভাৰতীয় সাহিত্যত নিহিত জটিল দৰ্শনৰ অনুসন্ধান কৰিছিল কবি গৰাকীয়ে। কবি গ্যেটেই প্ৰাচ্যৰ অন্তদর্শন, পাৰস্যৰ ৰহস্যবাদী ধাৰাটোক পাশ্চাত্যৰ কবিতাৰ লগত তুলনামূলক বিচাৰ বিশ্লেষণ কৰিছিল। গ্যেটেৰ মতে প্রাচীন গ্রীকৰ সভ্যতা-সংস্কৃতি মানৱ জাতিৰ মানস সন্তান। গ্যেটেৰ অন্য এখন উল্লেখ ৰচনা হ’ল ইভিলহেলম মাষ্টাৰ্চ লেবায়াৰে’। ফৰাচী সম্রাট নেপোলিয়নৰ উত্থান সামগ্র জার্মেনীৰ জনসাধাৰণক যিদৰে ভিতি সন্ত্রস্ত কৰি তুলিছিল সেই একেদৰে গ্যেটেকো অন্তত আঘাত দিছিল। কিন্তু তাৰ মাজতে গ্যেটে ‘ইভিলহেলম মাষ্টাৰ্চ লেবায়াৰে’ৰ দৰে কেইবাখনো কিতাপ ৰচনা কৰি গৈছিল৷ অৱশ্যে তেওঁ ফৰাছী সাহিত্যিক ৰুছো আদি বিশিষ্ট লিখক সকলৰ পৰা লাভ কৰা প্ৰেৰণাই ‘ফাউষ্ট’ৰ দৰে সাহিত্যৰচনাত প্রভূত বৰঙণী আগবঢ়ায়। গ্যেটেৰ এনেবোৰ ৰচনাই জার্মেনীৰ সাহিত্যক বিশ্ব দৰবাৰত চিনাকী কৰাত বিশেষ ভূমিকা গ্রহণ কৰে। গ্যেটেই জার্মেনীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণত নিজকে উৎসর্গা কৰিছিল যদিও তেওঁ জার্মানী ভাষাৰ সীমাবদ্ধতাক ভালকৈ উপলব্ধি কৰিছিল। তেওঁ জার্মেনীৰ সাহিত্যই এদিন যে বিশ্ব সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰিব তাৰ বাবে আশাবাদী আছিল আৰু সেয়ে গ্যেটেই জার্মেনীৰ সাহিত্যক পশ্চিমীয়া সাহিত্যৰ দৰবাৰলৈ উলিয়াই নিয়াত যত্নপৰ আছিল, যিহেতু দেশ বিদেশৰ সাহিত্য একেডাল সুতাৰে বন্ধা বুলি গ্যেটেই বিশ্বাস কৰিছিল। তথাপি ফ্রেডেৰিক এংগেলছে গ্যেটেক উদাবাদী হৈয়ো বিপ্লৱ বিৰোধী আছিল বুলি ক’ব খোজে। গ্যেটেই পোষণ কৰা জার্মেনীৰ সাহিত্যক বিশ্বব সভালৈ নিয়াৰ আশা পিছৰ ফালে সফল হ’ল। গ্যেটে’ৰ ৰচনাৰাজি আজিৰ তাৰিখতো বিশ্ব সাহিত্যত সমাদৃত হৈ আছে। বিশ্বৰ সাহিত্যৰ পথাৰত গ্যেটে এজন সফল লেখক তথা কবি। About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

জার্মেনীৰ সাহিত্যক বিশ্বৰ সভালৈ আগবঢ়াই নিয়া কবি গ্যেটে || Johann Wolfgang Von Goethe Read More »

albert einstein photo

নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York

Biography নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York জার্মানিৰ এক মধ্যবিত্ত ইহুদি পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল তেওঁ। জন্মৰ সময়ত শিশুটিৰ দেহৰ তুলনাত মূৰটো অত্যধিক ডাঙৰ আছিল; সেয়ে শিশুটিক লৈ কিছু আহুকালত পৰিছিল মাকদেউতাক। কাৰণ ল’ৰাটিৰ সাধাৰণ শিশুতকৈ বহু পলমকৈ মাত-কথা ফুটিছিল। প্রায় ন বছৰ বয়সলৈকে তেওঁ শব্দ উচ্চাৰণ কৰিব পৰা নাছিল । কেৱল সেয়াই নহয় কেথলিক স্কুলৰ পাঠ্যপুথিৰ বিষয়ৰ প্ৰতি তেওঁৰ বৰ বিশেষ আগ্রহ নাছিল। ল’ৰাটিৰ এনে আচৰণৰ বাবে বহুতে তেওঁক মানসিক প্রতিবন্ধী বুলিও ভাবিছিল। তেওঁ শৈশৱৰ বেছি ভাগ সময় বেহেলা বজাই কটাইছিল। সেয়ে তেওঁৰ ল’ৰালিকাল আন দহজন শিশুৰ দৰে নাছিল। পাঁচ বছৰ বয়সত তেওঁ দেউতাকৰ হাতত সৰু এডাল কম্পাচ দেখি বিস্ময়াবিভূত হৈ পৰে আৰু সেইদিন ধৰি তেওঁ মহাকাশবিদ্যাৰ প্ৰতি প্রবলভাবে আকৃষ্ট হৈ পৰে।  আপোনালোকে বাৰু জানানে মই কাৰ কথা কৈ আছোঁ? ওঁ। হয়, ঠিকেই ধৰিছে, মই সেই বিশ্ববিশ্রুত পদার্থবিদ তথা আপেক্ষিকতাবাদ তত্বৰ আবিষ্কাৰক এলবাৰ্ট আইনষ্টাইন(Albert Einstein)ৰ কথাকে কৈছোঁ। মাত্র ১২ বছৰ বয়সতে তেওঁৰ বিজ্ঞান, দৰ্শন আৰু অংকৰ বিভিন্ন গ্রন্থ পঢ়াতো এক প্ৰকাৰ নিচা হৈ পৰে। আইনষ্টাইনে নুবুজালৈকে পাঠ্যপুথিৰ অনেক কথা সুধি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক ব্যতিব্যস্ত কৰি তুলিছিল। তেওঁৰ জীৱন যাত্ৰা বৰ মসৃণ নাছিল। ঘাতপ্রতিঘাত, আশা-হতাশা আইনষ্টাইনৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে সংগী আছিল। সেয়ে তেওঁ ল’ৰালি কালৰে পৰাই জীৱনৰ বাবে সাজু হৈছিল। আইনষ্টাইনৰ দেউতাক এজন চামৰা ব্যৱসায়ী আছিল। ব্যৱসায়ত লোকচান হোৱাৰ বাবে তেওঁলোক সপৰিয়ালে জার্মানি এৰি ইটালিলৈ গুচি আহে। ব্যক্তিগত খেলিমেলিৰ বাবে আই নষ্টাই নে ফেডেলে পলিটেকনিক ইনষ্টিটিউটৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে। মাক-দেউতাকে আইনষ্টাইনক ইলেক্ট্রনিক অভিযন্তা কৰাৰ যি সপোন পুহি ৰাখিছিল সেয়া নিমিষতে চাৰখাৰ হৈ গ’ল। মনৰ দুখত তেওঁ ইটালি এৰি চুইজাৰলেণ্ডলৈ যায়। তাত ‘মেক্স ইলেক্ট্রনিক থিয়ৰি’ বিষয়ত পঢ়া-শুনা কৰে। উল্লেখযোগ্য যে ১৯০০ চনত ফেডেৰেল পলিটেকনিক ইনষ্টিটিউটে  ‘শিক্ষক’ হিচাপে আইনষ্টাইনক স্বীকৃতি দিয়ে। ইয়াৰ পিছতে তেওঁৰ ‘কেপলাৰ বল’ৰ ওপৰত প্ৰথমখন গবেষণা পত্র প্রকাশ হয়। লগে লগে তেওঁ এগৰাকী পদার্থ বিজ্ঞানী হিচাপে জনাজাত হৈ পৰে। আইনষ্টাইনৰ জীৱন টোকাঃ জন্মঃ ১৪ মার্চ, ১৮৭৯ চন, জার্মানি। । নাগৰিকত্ব : জার্মানি, চুইচ, (চইজাৰলেণ্ড) মার্কিন। কর্মক্ষেত্র : পদার্থবিজ্ঞান। কর্মক্ষেত্ৰৰ প্ৰতিষ্ঠান: টুইচ পেটেন্ট হাউচ, জুৰিখ বিশ্ববিদ্যালয়, চার্লচ বিশ্ববিদ্যালয়, ফাইজাৰ উইলহেম প্রতিষ্ঠান আৰু লেইডেন বিশ্ববিদ্যালয়।  আৱিষ্কাৰঃ জেনেৰেল ৰিলেটিভিটি তত্ত্ব, স্পেশ্যাল রিলেটিভিটি তত্ত্ব, কেপলাৰ ফ’ৰ্ট ব্রাউনিয়ান মোশান, ফটো ইলেকট্রিক এফেক্ট। পুৰস্কাৰ : পদার্থ বিজ্ঞানত নবেল বঁটা, কপালি মডেল, মার্ক্স প্লাংক মেডেল। মৃত্যু : ১৮ এপ্রিল, ১৯৫৫ চনত নিউজিাৰ্চিত। জীৱন, সংগ্রাম, স্বীকৃতি ইত্যাদি ল’ৰালি কালৰ পৰাই নিয়ম ভঙা আচৰণৰ বাবে শিক্ষকৰ ৰোষত পৰিছিল আইনষ্টাইন। যাৰ বাবে পৰবৰ্তী সময়ত শিক্ষকৰ চাকৰি পাবৰ বাবেও সংগ্রাম কৰিব লগা হৈছিল। বহুতৰ ওচৰত খাতিৰ-বাতিৰ কৰাৰ মূৰতহে যেনিবা এদিন বন্ধু এজনৰ সহায়ত ‘টেকনিকেল এগজিমিনাৰ’ হিচাপে ১৯০২ চনত চাকৰি লাভ কৰে। পিচত অৱশ্যে তেওঁ চুইজাৰলেণ্ডৰ এটি পেটেন্ট অফিচত স্থায়ী চাকৰি পাবলৈ সক্ষম হয়। ১৯০৩ চনত তেওঁ এগৰাকী গণিতজ্ঞক বিয়া কৰায়। বিয়া কৰালেও তেওঁলোকৰ মাজত বৰ বিশেষ সম্পর্ক নাছিল, কাৰণ দুয়োজনে গবেষণাৰ মাজত ব্যস্ত থাকিহে বেছি ভাল পাইছিল। ইয়াৰ মাজতে তেওঁলোকৰ মাজলৈ তিনিটি সন্তান আহিছিল। তাৰে এজন মানসিকভাবে সুস্থ নাছিল। এই মানসিক প্রতিবন্ধী সন্তানটিক লৈ আইনষ্টাইন বৰ চিন্তাত পৰিছিল। অৱশ্যে সেই বুলি তেওঁ মৰমবিহীন নাছিল। জীৱনৰ এনে অস্থিৰতাৰ পৰা মানসিক শান্তি বিচাৰি ঘন্টা ঘন্টা ধৰি তেওঁ বেহেলা বজাইছিল। ইয়াৰ মাজতে ১৯০৫ চনত তেওঁক জুৰিখ বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰে। লগে লগে তেওঁৰ পদাৰ্থ বিজ্ঞানৰ ওপৰত তিনিখন গবেষণা পত্র প্রকাশ পায়। বহুতৰ মতে আইনষ্টাইনৰ আটাইকেইখন গবেষণা পত্রই নবেল পুৰষ্কাৰ পোৱাৰ যোগ্য। কিন্তু আইনষ্টাইনে এই স্বীকৃতি নাপালে। জীৱনৰ চৰম বিপদৰ ধুমুহাৰ মুহূৰ্ততো ভাঙি পৰা নাছিল তেওঁ। ১৯০৬ চনত তেওঁ পদোন্নতিৰ জৰিয়তে দ্বিতীয় শ্রেণীৰ অভিযন্তা হয়। সেই সময়তে আকাশৰ ৰং কিয় নীলা হয় সেয়া তেওঁ গবেষণা কৰি সকলোকে বুজাই দিয়ে। ১৯১১ চনত আইনষ্টাইনে প্রথমবাৰৰ বাবে জুৰিখ বিশ্ববিদ্যালয়, তাৰ পিছত চাৰ্লছ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। পৰৱৰ্তী সময়ত তেওঁ প্ৰুচিয়াৰ নাগৰিকত্ব গ্রহণ কৰে। উল্লেখযোগ্য যে আইনষ্টাইনে অধ্যাপনাৰ বাবে এখন দেশৰ পৰা আন্য এখন দেশলৈ ঘূৰি ফুৰিব লগা হোৱাৰ বাবে মানসিক শান্তি লাভ কৰিব পৰা নাছিল। এনে বহু অস্থিৰতাৰ মাজতো কিন্তু আইনষ্টাইনৰ বিজ্ঞানৰ প্রতি ভালপোৱা অকণমানো কমা নাছিল। ১৯১৪ চনৰ পৰা ১৯৩৩ চনলৈ তেওঁ বাৰ্লিনৰ ‘কাইজাৰ উইলহেম ইনষ্টিটিউটৰ’ সঞ্চালক হিচাপে কাম কৰে। ইয়াৰ মাজতে ১৯২০ চনৰ পৰা ১৯৪৬ চনলৈ তেওঁ নেইডান বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে পঢ়ুৱাই ছিল। ১৯১৫ চনত আই নষ্টাইনে ফিল্ড ইকুৱেচন আবিষ্কাৰ কৰাৰ লগতে নিউটনৰ মধ্যাকর্ষণ তত্বক প্রত্যাহ্বান জনায়। অৱশ্যে বহু বিজ্ঞানীয়ে আইনষ্টাইনৰ এই আবিষ্কাৰ মিছা বুলি উৰুৱাই দিছিল। ডেকা বয়সত এলবাৰ্ট আইনষ্টাইন অতিবাস্তব বুলি তেওঁলোকে মানি লোৱা নাছিল। কিন্তু ইয়াৰ পিছতো আইনষ্টাইন হতাশ হোৱা নাছিল। অৱশ্যে এনে সময়তে তেওঁৰ ব্যক্তিগত জীৱনৰ নানা সমস্যাই দেখা দিয়ে। ১৯১৯ চনত তেওঁৰ প্ৰথমা পত্নী মিলেভাৰ স’তে বিবাহ বিচ্ছেদ হয়। এই দুখদায়ক ঘটনাৰ শূন্যতা দূৰ কৰিবলৈ তেওঁ এলচাক বিয়া কৰায়। ইয়াৰ পিচতে আইনষ্টাইনে তেওঁৰ নতুন আবিষ্কাৰ আপেক্ষিকতাবাদ সূত্ৰৰ বিষয়ত বক্তৃতা দিবলৈ নিউয়ৰ্কলৈ যায়। সেই বছৰতে তেওঁ ‘ফটো ইলেক্ট্রিক এফেক্ট’ অর্থাৎ পোহৰ কণাৰ প্ৰভাৱৰ বাবে চুইচ অকাডেমীৰ নবেল পুৰষ্কাৰ লাভ কৰে। এইখিনিতে আপোনালোকক জনাই থওঁ যে আইনষ্টাইনে তেওঁৰ সেই পৃথিৱী বিখ্যাত আপেক্ষিকতাবাদ সূত্ৰৰ বাবে নবেল পুৰষ্কাৰ নাপালে, পালে অন্য বিষয়তহে। ১৯২৪ চনত আইনষ্টাইনে ভাৰতৰ বিজ্ঞানী ড° সত্যেন্দ্ৰনাথ বসুৰ স’তে যৌথভাবে ‘বসু আইনষ্টাইন থিয়ৰী’লিখি উলিয়ায়। এই তত্ব অনুসৰি তেওঁলোকে দেখুৱায় যে পোহৰ আচলতে আন একো নহয় ই ‘ফোটন’ নামৰ অতি ক্ষুদ্রাতিক্ষুদ্র কণাৰ পৰাহে সৃষ্ট। অতি আচৰিত ঘটনা হ’ল আইনষ্টাইনৰ পৃথিৱীজোৰা খ্যাতিৰ সময়তে তেওঁ ইহুদি হোৱাৰ বাবে হিটলাৰৰ নাজি বাহিনীৰ উপদ্ৰৱত জার্মানিৰ পৰা পলায়ন কৰিবলগীয়া হয়। ১৯৪০ চনত তেওঁ মার্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্রহণ কৰে। ১৯৫২ চনত ইজৰাইল চৰকাৰে আইনষ্টাইনক দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতিৰ পদ যাচে যদিও তেওঁ ইজৰাইলৰ নীতিক ভাল নোপোৱাৰ বাবেই প্রস্তাব প্রত্যাখ্যান কৰে। ১৯৫৫ চনত নিউজাৰ্চিত এইগৰাকী বিশ্বপ্ৰসিদ্ধ প্রবাদপ্রতিম বিজ্ঞানীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত বিশ্ববিশ্রুত বিজ্ঞানীগৰাকীৰ কাষত এগৰাকী নাৰ্চৰ বাহিৰে আন কোনোৱেই নাছিল। সঁচাকৈ জীৱন কি আচৰিত! জীৱনৰ খ্যাতিৰ সময়ত তেওঁৰ গুণমুগ্ধৰ অভাব নাছিল অথচ মৃত্যুৰ সন্ধিক্ষণত মানুহ কিমান নিসংগ হৈ মৃত্যুক সাবতি ল’বলগীয়া হয় ! উল্লেখযোগ্য কথাটো হ’ল আইনষ্টাইনৰ মগজু পৰীক্ষা কৰি চিকিৎসকসকলে দেখা পাইছিল যে তেওঁৰ মগজুত ‘পেৰিয়েটাল অপাৰকিউলিয়াম ৰিজিয়ন’ নামৰ অংশটো নাছিল৷ তাৰ পৰিৱৰ্তে আইনষ্টাইনৰ মগজুত আমাৰ মগজুত থকা হিচাব-নিকাচৰ বা অংক কৰা যি নিউৰো কোষ’ সেয়া আনতকৈ ১৫ শতাংশ বেছি আছিল৷ তদুপৰি আইনষ্টাইনৰ মগজুত সাধাৰণ মানুহৰ মগজুতকৈ ‘গ্লিয়াল কোষ’ ৭৩ শতাংশ বেছি আছিল। গতিকে ক’ব পাৰি যে এই অংশ নথকা হ’লে আই নষ্টাই ন আজিৰ আই নষ্টাই নহ’ব নোৱাৰিলেহেঁতেন৷ গবেষণাৰ পৰা বিজ্ঞানীসকলে এই তথ্য লাভ কৰিছে যে আমি যাক অত্যন্ত মেধাবী বা বুদ্ধিমান মানুহ বুলি কওঁ তেওঁলোকৰ মগজু মাত্র ৭ শতাংশ ব্যৱহাৰ হয়। সম্প্রতি আমেৰিকাই গবেষণা চলাই আছে আইনষ্টাইনৰ ক্ষেত্ৰত কিমান শতাংশ ব্যৱহাৰ হৈছিল – এই সম্পর্কত। ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতে এলবাৰ্ট আইনষ্টাইন স্বীকৃতি আৰু গবেষণা প্ৰতিটো নতুন আবিষ্কাৰৰ বাবে আইনষ্টাইনে তেওঁৰ সমগ্ৰ জীৱন উৎসর্গা

নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York Read More »

Florence Nightingale

Florence Nightingale: The Lady with the Lamp in Assamese

Biography Florence Nightingale: The Lady with the Lamp in Assamese ফ্লোৰেঞ্চ নাইটিংগেল (Florence Nightingale)ৰ জন্ম হৈছিল ১৮২০ চনত ইটালীৰ ফ্লোৰেঞ্চ নগৰীত৷ ফ্লোৰেঞ্চ ভাগ্যৱতী বুলিয়ে ক’ব লাগিব। কাৰণ জন্মৰ পিছত অভাৱ-অনাটন কাক বোলে, অভাৱগ্ৰস্ত মানুহৰ অৱস্থা কেনেকুৱা আদি কথৰ ফ্লোৰেঞ্চে ভুকে পোৱা নাছিল। মাক-দেউতাকে ফ্লোৰেঞ্চক সৰুৰে পৰাই শিক্ষিতা কৰি তুলিছিল। ইটালীৰ ফ্লোৰেঞ্চত জন্মগ্রহণ কৰা ফ্লোৰেঞ্চ নামৰ ইংৰাজ ছোৱালীজনী সোতৰ বছৰ বয়সত ১৮৩৭ চনত মাক-দেউতাকৰ লগত লণ্ডনলৈ আহে। আনৰ বাবে যি অসম্ভৱ তাক সম্ভৱ কৰি তোলাটোৱেই আছিল ফ্লোৰেঞ্চৰ জীৱনৰ লক্ষ্য। সেয়ে, জামাৰ্নীত ভালেমান দিন থাকি তেওঁ শুশ্রূষাকাৰিণীৰ বাবে আৱশ্যকীয় সকলো জ্ঞান আহৰন কৰে। হাস্পাতালত প্রশিক্ষণ গ্ৰহণৰ উদ্দেশ্যে ১৮৫৩ চনত তেওঁ ফ্ৰান্সৰ ৰাজধানী পেৰিছলৈ যায়। প্রয়োজনীয় শিক্ষা আহৰণ কৰাৰ পিছত মহিলাৰ হাস্পাতাল এখনত পৰিদৰ্শিকাৰ কামত যোগদান কৰে। Also Read ব্ৰুছ লী নামৰ এজন কিংবদন্তীৰ অতুলনীয় জীৱন যাত্ৰা Incomparable Life Journey of a Legend called Bruce Lee বিপ্লৱী কবি নাজিম হিকমত Revolutionary Poet Nazim Hikmet ইং ১৮৫৯ চনত চেন্ট টমাছ হাস্পতালত ফ্লোৰেঞ্চ নাইটিংগেলৰ তত্ত্বাৱধানত এটি নাৰ্ছিংস্কুল প্রতিষ্ঠা হয়। এই স্কুলত পাঠদান আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁ ইংৰাজী নাৰীক শুশ্রূষাকাৰিণী হিচাপে বৃত্তি গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগায়। তেওঁৰ যত্নতেই ভালেমান সম্ভ্রান্ত ঘৰৰ জীয়ৰীও শুশ্রূষাকাৰিণী বৃত্তি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছিল। ইং ১৯১০ চনত ১৩ আগষ্ট তাৰিখে এই মহিয়সী নাৰীৰ মৃত্যু হয়। মৃত্যুৰ বয়স আছিল ৯০ বছৰ। মৃত্যুৰ তিনিবছৰ আগেয়ে ইংৰাজ চৰকাৰে অৰ্ডাৰ অৱ মেৰিট সন্মানেৰে তেওঁক বিভূষিত কৰে। অৰ্ডাৰ অৱ মেৰিট ৰাজকীয় সন্মান লাভ কৰা কুমাৰী ফ্লোৰেঞ্চ নাইটিংগেলেই আছিল প্রথম নাৰী। Florence Nightingale Florence Nightingale About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

Florence Nightingale: The Lady with the Lamp in Assamese Read More »

লালা লাজপত ৰায়

‘পঞ্জাৱ কেশৰী’ লালা লাজপত ৰায়ৰ বিষয়ে …..

লালা লাজপত ৰায় এজন বিশিষ্ট জাতীয়তাবাদী নেতা আছিল যিয়ে ভাৰতৰ স্বাধীনতাসংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত তেখেত বিখ্যাত ‘লাল বাল পাল’ ৰ মাজৰ এজন আছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তেখেতৰ দেশপ্ৰেম আৰু শক্তিশালী কণ্ঠস্বৰে তেখেতক ‘পঞ্জাৱ কেশৰী’ অৰ্থাৎ পঞ্জাৱৰ সিংহ উপাধি প্ৰদান কৰিছিল। ১৮৯৭ চনত তেখেতে শিশুসকলক খ্ৰীষ্টান মিছনেৰীসমূহৰ জিম্মাৰ পৰা ৰক্ষা কৰিবলৈ হিন্দু অনাথ সাহায্য আন্দোলন প্ৰতিষ্ঠা কৰিছিল। চাইমন কমিছনৰ আগমনৰ প্ৰতিবাদ কৰি থকা কৰ্মীসকলৰ ওপৰত আৰক্ষীৰ লাঠিচালনাত তেখেত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল, আৰু সেই আঘাতৰ ফলতে কেইদিনমানৰ পিছত তেখেতে মৃত্যু বৰণ কৰিছিল। প্ৰাৰম্ভিক জীৱন লালা লাজপত ৰায়ৰ জন্ম ১৮৬৫ চনৰ ২৮ জানুৱাৰীত ফিৰোজপুৰ জিলাৰ ধুদিকে গাঁৱত মুন্সী ৰাধা কৃষ্ণ আজাদ আৰু গুলাব দেৱীৰ ঘৰত হৈছিল। মুন্সি আজাদ পাৰ্চী আৰু উৰ্দুৰ এজন পণ্ডিত আছিল। লালাৰ মাক এগৰাকী ধৰ্মীয় মহিলা আছিল যিয়ে নিজৰ সন্তানৰ মাজত শক্তিশালী নৈতিক মূল্যবোধ গঢ়ি তুলিছিল। তেখেতে ৰেৱাৰীৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰিছিল য’ত তেখেতৰ দেউতাক শিক্ষক হিচাপে নিযুক্ত আছিল। লাজপত ৰায়ে ১৮৮০ চনত আইন অধ্যয়নৰ বাবে লাহোৰৰ চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। মহাবিদ্যালয়ত থাকোতে তেখেত লালা হংস ৰাজ আৰু পণ্ডিত গুৰু দত্তৰ দৰে দেশপ্ৰেমী আৰু স্বাধীনতা সংগ্ৰামীসকলৰ সংস্পৰ্শলৈ আহিছিল। তেখেতে লাহোৰৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা আইন অধ্যয়ন কৰিছিল আৰু তাৰ পিছত হাৰিয়ানাৰ হিচাৰত আইনী অনুশীলন আৰম্ভ কৰিছিল। সৰুৰে পৰা তেখেতৰ দেশৰ সেৱা কৰাৰ ইচ্ছা আছিল আৰু সেয়েহে নিজ দেশক বিদেশী শাসনৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি লৈছিল। ১৮৮৪ চনত তেখেতৰ দেউতাক ৰোহতকলৈ স্থানান্তৰিত হৈছিল আৰু লালা লাজপত ৰায়ো লগতে আছিল । তেখেতে ১৮৭৭ চনত ৰাধা দেৱীক বিয়া কৰাইছিল। ১৮৮৬ চনত পৰিয়ালটো হিছাৰলৈ স্থানান্তৰিত হয়, য’ত তেখেতে আইনী অনুশীলনৰ কাম আৰম্ভ কৰিছিল। ৰাষ্ট্ৰীয় কংগ্ৰেছৰ  ১৮৮৮আৰু ১৮৮৯ চনৰ বাৰ্ষিক অধিৱেশনত, তেখেত প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল। তেখেতে ১৮৯২ চনত উচ্চ ন্যায়ালয়ত অনুশীলন কৰিবলৈ লাহোৰলৈ গুচি গৈছিল। জাতীয়তাবাদৰ ধাৰণা লালা লাজপত ৰায় এজন অত্যাধিক পঢ়ুৱৈ ব্যক্তি আছিল আৰু তেখেতে পঢ়া সকলোবোৰ কথাই তেখেতৰ মনত এক ডাঙৰ ছাপ পেলাইছিল। তেখেত ইটালীৰ বিপ্লৱী নেতা জুচেপ্পে মেজিনিৰ দ্বাৰা নিৰ্ধাৰিত দেশপ্ৰেম আৰু জাতীয়তাবাদৰ আদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। মাজিনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ লালাজী স্বাধীনতা প্ৰাপ্তকৰাৰ বৈপ্লৱিক পদ্ধতিত পৰিণত হৈছিল। তেখেত বিপিন চন্দ্ৰ পাল, বংগৰ অৰবিন্দ ঘোষ আৰু মহাৰাষ্ট্ৰৰ বল গংগাধৰ তিলকৰ দৰে আন বিশিষ্ট নেতাসকলৰ সৈতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বহুনেতাৰ দ্বাৰা সমৰ্থিত মধ্যপন্থী ৰাজনীতিৰ নেতিবাচক দিশবোৰ চাবলৈ আৰম্ভ কৰিছিল। তেখেতসকলে কংগ্ৰেছৰ আধিপত্যৰ মৰ্যাদালৈ ক্ৰমান্বয়ে অগ্ৰগতিৰ দাবীৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু সম্পূৰ্ণ স্বাধীনতা অৰ্থাৎ ‘পূৰ্ণ স্বৰাজ’ৰ প্ৰয়োজনীয়তা ব্যক্ত কৰিবলৈ আৰম্ভ কৰিছিল। তেখেত আন্তঃধৰ্মীয় সম্প্ৰীতিত যথেষ্ট বিশ্বাসী আছিল, কিন্তু তেখেতে দলৰ মুছলমান শ্ৰেণীক সন্তুষ্ট কৰিবলৈ হিন্দু স্বাৰ্থ ত্যাগ কৰাৰ কংগ্ৰেছ নেতাসকলৰ প্ৰৱণতাৰ সঠিক কথা ভবা নাছিল। লালা লাজপত ৰায় সেই কেইজনমান নেতাৰ মাজৰ এজন আছিল যিয়ে ঐক্যবদ্ধ ঔপনিৱেশিক বিৰোধী সংগ্ৰামৰ অসুবিধা আৰু দেশৰ হিন্দু আৰু মুছলমানসকলৰ মাজত ধৰ্মীয় সংঘাতৰ সম্ভাৱ্য উৎস উপলব্ধি কৰিছিল। ১৯২৩ চনৰ ১৪ ডিচেম্বৰত দ্য ট্ৰিবিউনত ‘ভাৰতক মুছলমান ভাৰত আৰু অ-মুছলমান ভাৰতলৈ স্পষ্ট বিভাজন’ কৰাৰ তেখেতৰ প্ৰস্তাৱত ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ৰাজনৈতিক কেৰিয়াৰ লাজপত ৰায়ে তেখেতৰ আইনী পেছা ত্যাগ কৰে আৰু তেখেতৰ মাতৃভূমিক ব্ৰিটিছ সাম্ৰাজ্যবাদৰ শৃংখলাৰ পৰা মুক্ত কৰাৰ বাবে নিজকে আত্ম-নিয়োগ কৰিছিল। তেখেতে ভাৰতত ব্ৰিটিছ শাসনৰ নিষ্ঠুৰ প্ৰকৃতিৰ ওপৰত আলোকপাত কৰাৰ বাবে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অৱস্থা বিশ্বৰ বিশিষ্ট দেশসমূহৰ ওচৰত উপস্থাপন কৰাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিছিল। তেখেত ১৯১৪ চনত ব্ৰিটেইনলৈ গৈছিল আৰু তাৰ পিছত ১৯১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল। ১৯১৭ চনৰ অক্টোবৰ মাহত তেখেতে নিউয়ৰ্কত ইণ্ডিয়ান হোম ৰুল লীগ অৱ আমেৰিকা প্ৰতিষ্ঠা কৰিছিল। তেখেত ১৯১৭ চনৰ পৰা ১৯২০ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত আছিল। ১৯২০ চনত আমেৰিকাৰ পৰা উভতি অহাৰ পিছত লাজপত ৰায়ক কলিকতাত (বৰ্তমান কলকাতা) কংগ্ৰেছৰ বিশেষ অধিৱেশনত সভাপতিত্ব কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেখেতে জালিয়ানৱাল্লাহ বাগত হোৱা নিৰ্মম কাৰ্যকলাপৰ প্ৰতিবাদত পঞ্জাৱত ব্ৰিটিছসকলৰ বিৰুদ্ধে জ্বলন্ত প্ৰদৰ্শনৰ নেতৃত্ব দিছিল। যেতিয়া গান্ধীয়ে ১৯২০ চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, তেতিয়া তেখেতে পঞ্জাৱত আন্দোলনৰ নেতৃত্ব দিয়া কাৰ্য হাতত লৈছিল । যেতিয়া গান্ধীয়ে চৌৰী চৌৰা ঘটনাৰ পিছত আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল, লাজপত ৰায়ে এই সিদ্ধান্তৰ সমালোচনা কৰিছিল আৰু কংগ্ৰেছ ইণ্ডিপেণ্ডেঞ্চ পাৰ্টি গঠন কৰিছিল। সাংবিধানিক সংস্কাৰৰ বিষয়ে আলোচনা কৰাৰ লক্ষ্যৰে ১৯২৯ চনত চাইমন কমিছন ভাৰতলৈ আহিছিল। আয়োগটো কেৱল ব্ৰিটিছ প্ৰতিনিধিৰে গঠিত হোৱাটোৱে ভাৰতীয় নেতাসকলক যথেষ্ট খং উঠাইছিল। দেশখন প্ৰতিবাদত উচ্ছ্বসিত হৈছিল আৰু লালা লাজপত ৰায় এনে ধৰণৰ প্ৰদৰ্শনৰ শীৰ্ষত আছিল। লালা লাজপত ৰায়ে শিক্ষা, বাণিজ্য আনকি স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখনো চহকী কৰিবলৈ চেষ্টা কৰিছিল। তেখেত দয়ানন্দ সৰস্বতীৰ অনুগামী আছিল আৰু জাতীয়তাবাদী দয়ানন্দ এংলো-বৈদিক বিদ্যালয় স্থাপনত সহায় কৰিছিল। তেখেতে এটা বেংক স্থাপনৰ কাম আৰম্ভণি কৰিছিল যিটো পিছলৈ ‘পাঞ্জাৱ নেচনেল বেংক’ হিচাপে বিকশিত হৈছিল। তেখেতে ১৯২৭ চনত তেখেতৰ মাতৃ গুলাবি দেৱীৰ নামৰ ওপৰত এটা ট্ৰাষ্ট স্থাপন কৰিছিল আৰু মহিলাসকলৰ বাবে যক্ষ্মা চিকিৎসালয় খোলাৰ তদাৰক কৰিছিল। মৃত্যু ১৯২৮ চনৰ ৩০ অক্টোবৰত লালা লাজপত ৰায়ে লাহোৰত চাইমন কমিছনৰ আগমনৰ বিৰোধিতা কৰিবলৈ এক শান্তিপূৰ্ণ শোভাযাত্ৰাৰ নেতৃত্ব দিছিল। পদযাত্ৰাটো প্ৰতিৰোধ কৰি আৰক্ষী অধীক্ষক জেমছ এ. স্কটে তেখেতৰ আৰক্ষী বাহিনীক কৰ্মীসকলৰ ওপৰত ‘লাঠি চাৰ্জ’ কৰিবলৈ নিৰ্দেশ দিছিল। আৰক্ষীয়ে বিশেষকৈ লাজপত ৰায়ক লক্ষ্য কৰি তেখেতৰ বুকুত আঘাত কৰিছিল। এই কাৰ্যই লালা লাজপত ৰায়ক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল। ১৯২৮ চনৰ ১৭ নৱেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়। তেখেতৰ অনুগামীসকলে ব্ৰিটিছসকলৰ ওপৰত দোষ আৰোপ কৰিছিল আৰু তেখেতৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছিল। চন্দ্ৰশেখৰ আজাদে ভগত সিং আৰু অন্যান্য সহযোগীসকলৰ সৈতে স্কটৰ হত্যাৰ ষড়যন্ত্ৰ কৰিছিল কিন্তু বিপ্লৱীসকলে জে পি চণ্ডাৰ্ছক স্কট বুলি ভুল কৰি গুলীয়াই দিছিল । আহক এইজনা মহান স্বাধীনতা সংগ্ৰামীক তেখেতৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰো। #লালা লাজপত ৰায় www.gyanodaya.co.in ¸

‘পঞ্জাৱ কেশৰী’ লালা লাজপত ৰায়ৰ বিষয়ে ….. Read More »

পদ্মনাথ গোহাঞি বৰুৱা

অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক পদ্মনাথ গোহাঞি বৰুৱা Padmanath Gohain Baruah, a devoted servant of Assamese literature

Padmanath Gohain Baruah আধুনিক অসমীয়া সাহিত্যক প্রতিষ্ঠা কৰিবলৈ যি সকল ব্যক্তিয়ে আপ্রাণ চেষ্টা কৰিছিল সেই সকলৰ ভিতৰত পদ্মনাথ গোহাঞি বৰুৱা অন্যতম। তেওঁ আছিল একেধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্রবন্ধকাৰ আৰু সাংবাদিক। গোহাঞি বৰুৱাৰ জন্ম হয় ১৮৭১ চনৰ আঘোণ মাহৰ ৯ তাৰিখে উত্তৰ লক্ষীমপুৰৰ নকাৰী মৌজাৰ নকাৰী গাঁৱত। তেওঁৰ পিতাকৰ নাম ঘিণাৰাম গোহাঞি বৰুৱা আৰু মাতৃ লম্ভীদেৱী। ১৮৭৯ চনত তেওঁ উত্তৰ লক্ষীমপুৰ প্রাথমিক বিদ্যালয়ত ভর্তি হয়। তাৰ পিছত ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী স্কুলত পঢ়ি, ডিব্ৰুগড় কেন্দ্ৰত পৰীক্ষা পাছ কৰাৰ পাছত তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ যায় আৰু তাৰ ৰিপন কলেজত ভর্তি হয়। তেওঁ কলিকতাত এফ. এ পঢ়োতে চেন্ত জেভিয়ার্চ, জেনেৰেল এচেম্নি আদি কলেজত পঢ়িব লগীয়া হৈছিল। তেওঁ ওকালতিতো নাম লগাইছিল কিন্তু পঢ়া শেষ নকৰাকৈ অসমলৈ আহে। অসমলৈ আহি কহিমা চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত তেওঁ প্রধান শিক্ষকৰূপে নিযুক্ত হয়। কহিমাত থাকোতে তেওঁ লীলাৱতীৰ লগত বিবাহপাশত আৱদ্ধ হয়। লীলাৱতীৰ অকাল মৃত্যু হোৱাত তেওঁ হীৰাৱতীৰ লগত দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হয়। এওঁৰ গৰ্ভত সাতজনী ছোৱালী আৰু এটি ল’ৰাৰ জন্ম হয়। তেওঁৰ যত্নতে তেজপুৰত নামঘৰ আৰু বাণ ৰংগমঞ্চ স্থাপন হয়। ১৯১৮ চনত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ছাত্র সন্মিলনৰ বার্ষিক অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল। গোহাঞি বৰুৱাই লক্ষীমপুৰৰ ছাত্রবৃত্তি স্কুলত পঢ়া সময়ৰে পৰা সাহিত্য চর্চা আৰম্ভ কৰিছিল। তেওঁৰ বন্ধ পানীন্দ্রনাথ গগৈৰ লগত লগ লাগি দুয়ে। সাহিত্য সাধনত ব্ৰতী হয়। ১৮৯০ চনত তেওঁ কলিকতাত পা কালত জোনাকীৰ সংস্পৰ্শলৈ আহে। সেই সময়ছোৱাত তেওঁ বেণুধৰ ৰাজখোৱাৰ লগত লগ লাগি ‘ডেকাগাভৰু প্ৰকাশ কৰে। ডেকা-গাভৰু আছিল বিহু গীতৰ এখন গ্রন্থ। এই গ্রন্থখনকে জোনাকীযে অশ্লীল বুলি অভিমত দিয়াত, ৰাজখোৱা আৰু গোহাঞি বৰুৱা ক্ষুন্ন হয়। আৰু তেতিয়াৰে পৰা তেওঁলােকে জোনাকীৰ সৈতে সম্পর্ক ছেদ কৰে। গোহাঞি বৰুৱাই অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া বৰঙণি আগবঢ়াইছে। ছাত্ৰাৱস্থাতে তেওঁৰ বন্ধু পানীন্দ্রনাথ গগৈৰ সৈতে ৰচনা কৰিছিল পদ্মপাণি নামে এখন কবিতা পুথি । তেওঁৰ প্রথম পত্নী লীলাৱতীৰ মৃত্যুত ৰচনা কৰে লীলা কাব্য। তেওঁৰ আন দুখন কবিতা পুথি হ’ল জুৰণি (১৯০১) আৰু ফুলৰ চানেকী (১৯৪১)। ১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। এই সভাৰ প্রথম সভাপতিত্ব কৰা পদ্মনাথ গোহাঞি বৰুৱাই কৈছিল যে “জাতিৰ অন্তৰতম ভাব, চিন্তা, তেজ আৰু প্রতিভা বাজ ওলাবলৈ ভাষা আৰু সাহিত্যৰ বাদে সুগম বাট আন নাই। গতিকে মানুহৰ জাতি আৰু ধর্ম সাহিত্যৰ ভেটি হলেও সি সাহিত্যৰ আঁচলত ধৰিহে আগবাঢ়িব পাৰে। অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক গোহাঞি বৰুৱাৰ ১৯৪৬ চনৰ এপ্রিল মাহত পৰলোকপ্রাপ্তি হয় । পদ্মনাথ গোহাঞি বৰুৱা জ্ঞানোদয়

অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক পদ্মনাথ গোহাঞি বৰুৱা Padmanath Gohain Baruah, a devoted servant of Assamese literature Read More »

নাজিম হিকমত

বিপ্লৱী কবি নাজিম হিকমত Revolutionary Poet Nazim Hikmet

     পৃথিৱীৰ যিসকল কবিয়ে নিজৰ জীৱন, আদৰ্শ আৰু কাব্য উৎসৰ্গা কৰিছিল কেৱল স্বদেশ আৰু স্বজাতিৰ হকে তথা মানৱতাৰ জয়গানেই যাৰ জীৱন আৰু কবিতাৰ মূলমন্ত্র আছিল তেনে এগৰাকী বিশ্ববিশ্ৰুত কবি হ’ল নাজিম হিকমত। সচাকৈ, স্বদেশৰ প্রতি অপৰিমেয় ভালপোৱাৰে সিক্ত নাজিম হিকমতৰ কবিতা যিদৰে আদৰণীয় তাতোকৈও বহু বেছি আদৰণীয় তেওঁৰ উৎসর্গিত জীৱনৰ আদর্শ।          শ্ৰদ্ধাৰ পঢ়ুৱৈসকল, প্রসিদ্ধ তুর্কী কবি নাজিম হিকমতৰ নাম আপোনালোকৰ কোনো কোনোৱে হয়তো শুনিছে, হয়তো বহুতৰ বাবেই এইগৰাকী কবি  অজানা । সি যি কি নহওক, মই আশা কৰিছো , এই লেখনীত যেতিয়া কবি গৰাকীৰ বিষয়ে পঢ়িব তেতিয়া আপোনালোকৰ সুকোমল হৃদয়ৰ অনুভুতিৰে স্মৰণ কৰিব তেওঁৰ অতুলনীয় সংগ্রামৰ কথা — যি সংগ্রাম আছিল শোষণ-নির্যাতন, ন্যায়-অবিচাৰৰ বিৰুদ্ধে। মানৱতাৰ হকে তেওঁ চলাইছিল অন্তহীন যুঁজ।          ফুল – তৰা – গানেৰে ভৰা এই পৃথিৱীখন সৃষ্টিকর্তাই কিমান সুন্দৰকৈ গঢ়িছে, নহয়নে বাৰু ? অথচ , এইখন পৃথিৱীতে জীৱশ্রেষ্ঠ মানুহৰ হাতত গঢ় লৈছে অন্যায়  শোষণ-নির্যাতনৰ সৌধ। মানুহৰ হাততে বিপন্ন হৈছে মানুহৰ জীৱন। আৱহমান কালৰে পৰাই মানৱ ইতিহাসত পোৱা যায় বলীয়ে নিৰ্বলীৰ ওপৰত চলাই অহা শোষণ – নিযার্তন  অন্যায় – অবিচাৰৰ উদাহৰণ। সমাজৰ এনেকুৱা অমানৱীয় কার্যই বিচলিত কৰা বহু মানৱ – দৰদী লোকৰ উদাহৰণো আমি পাওঁ । নাজিম হিকমত তেনে এগৰাকী ব্যক্তি আছিল — যাক কোৱা হয় মেহনতী মানুহৰ বুকুৰ কুটুম আৰু অন্যায় – অবিচাৰৰ বিৰুদ্ধে দীপ্ত প্রতিবাদৰ এক মূর্ত প্রতীক।       ১৯০২ চনত নাজিম হিকমতৰ জন্ম হৈছিল | বৰ্তমানৰ গ্ৰীচ দেশৰ অন্তৰ্গত ‘ট্যুছালনিকি’ নামৰ ঠাই তেওঁৰ জন্মস্থান আছিল। তেতিয়া সেই ঠাইখন অটোমান তুর্কী সাম্রাজ্যৰ অন্তর্ভূক্ত আছিল আৰু ঠাইখনৰ নাম আছিল ‘ছালানিকা’। জন্মসুত্রে তেওঁ আছিল এক অভিজাত পৰিয়ালৰ সন্তান । তেওঁৰ পিতৃ অটোমান চৰকাৰৰ এগৰাকী উচচপদস্থ বিষয়া আছিল । নাজিমে অতি সুখ – স্বাচ্ছন্দৰে তুৰস্কৰ অন্যতম প্রধান অঞ্চল আনাটোলিয়াত তেওঁৰ শৈশৱ অতিবাহিত কৰিছিল। আনাটোলিয়াত নাজিমে নৌ- বিভাগৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিছিল । পাছত ৰাছিয়ান মস্কো বিশ্ববিদ্যালয়ত তেওঁ ৰাজনীতি আৰু অথনীতি বিজ্ঞান অধ্যয়ন কৰে আৰু এই সময়তেই তেওঁ মার্ক্সবাদৰ প্রতি অনুৰক্ত হৈ পৰে। মার্ক্সবাদৰ ওপৰত ৰচিত বিভিন্ন মূল্যবান গ্ৰন্থৰাজি নাজিমে গভীৰ ভাৱে অধ্যয়ন কৰে আৰু ছাত্ৰাৱস্থাতে নিজকে এজন মানৱদৰদী প্রকৃত মার্ক্সবাদীৰূপে গঢ়ি তোলে। শিক্ষা সাং কৰি তেওঁ যেতিয়া তুৰস্কলৈ উভতি আহে, তেতিয়া তুৰস্কৰ ওপৰেদি ইতিমধ্যে দুটা প্ৰৱল ধুমুহা পাৰ হৈ গৈছিল। – প্রথম বিশ্বযুদ্ধ আৰু গ্ৰীচ দেশৰ সৈতে যুদ্ধ। এই ধুমুহাৰ পাছত তুৰস্কত চুলতানী শাসনৰ অৱসান ঘটে আৰু নতুন চৰকাৰ গঠন হয়। নতুন চৰকাৰৰ দ্বাৰা শাসিত তুস্কত নাজিমে লেখক হিচাপে নিজৰ কৰ্ম জীৱন আৰম্ভ কৰে। ১৯২৪ চনৰ পৰা তেওঁ বিভিন্ন পত্রিকা , আলোচনী আদিত কাম কৰিবলৈ লয় আৰু এইবোৰৰ যোগেদি ব্যাপক হাৰত তেওঁ সমাজবাদী আদৰ্শৰ প্ৰচাৰ কাৰ্য চলাবলৈ ধৰে।        দীর্ঘদিন ধৰি চলাই যোৱা নাজিমৰ এই কার্য কলাপে শাসকগোষ্ঠীক আতংকিত কৰি তোলে আৰু তাৰ ফলস্বৰূপে তেওঁ ভোগ কৰিব লগা হয় পাশৱিক নির্যাতন। তুর্কী নৌ বাহিনীক বিদ্রোহ কৰিবলৈ উচতাই দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলি নাজিমক বন্দী কৰা হয় আৰু এখন যুদ্ধ জাহাজত এই বিষয়ে বিচাৰ কৰা হয়। কিন্তু বিচাৰৰ নামত ভেকো ভাওনা চলাই নাজিমৰ দেহৰ ওপৰত চলোৱা হয় পাশৱিক অত্যাচাৰ । জাহাজৰ মলমূত্ৰৰ মাজত আঠুৰ ওপৰলৈকে ডুবাই তেওঁক দীর্ঘদিন বন্দী কৰি ৰখা হয় । কিন্তু ইমানবোৰ নাৰকীয় নির্যাতন সহিব লগা হৈও বিপ্লৱী কবি নাজিমে তেওঁৰ আদৰ্শৰ পৰা তিলমাত্রও বিচ্যুত নহ’ল। তেওঁৰ দেশৰ চৰকাৰে তেওঁক সুদীর্ঘ ওঠৰ বছৰ ধৰি বন্দী কৰি ৰাখিছিল আৰু এনেকৈয়ে সুদীর্ঘ দিনৰ কাৰাবাসৰ অন্তত ১৯৫১ চনত নাজিমে চিৰদিনৰ বাবে তেওঁৰ প্ৰাণৰ, সপোনৰ তুৰস্ক ত্যাগ কৰি ছোভিয়েট ৰাছিয়ালৈ গুছি যায় । তেতিয়াৰে পৰা মৃত্যুৰ সময়লৈকে তেওঁ ৰাছিয়া আৰু পূব -ইউৰোপৰ দেশবোৰত সাম্যবাদী আদৰ্শৰ হকে কাম কৰি যায় । বিদ্ৰোহৰ জ্বলন্ত অগ্নিশিখা আৰু দেশপ্রেম তথা মানৱ প্ৰেম এই দুয়োটাই নাজিম হিকমতৰ কবিতাত প্রজ্বলিত হৈছিল। শোষণ-নির্যাতন, অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্রতিবাদৰ স্ফুলিংগ উজ্জ্বলি উঠিছিল তেওঁৰ কবিতাৰ প্ৰতিটো বর্ণতে।          ১৯৩৬ চনত প্রকাশিত হৈছিল তেওঁৰ মহাকাব্যিক পুথি ‘শ্বেখ বেদ্রেদ্দিন দেস্তানী ‘। এই পুথিখন তেওঁ নামকৰণ কৰিছিল পঞ্চদশ শতিকাৰ আনাটোলিয়াৰ এক বিপ্লৱী ধর্ম – সংস্কাৰক শ্বেখ বদৰুদ্দিনৰ নামেৰে । সেই একে বছৰতে তেওঁৰ অন্য এখন মহাকাব্যিক পুথি ‘মেমলেকাটিমদেন ইনজন মাৰ্জাৰালাৰি’ প্রকাশ পায়। অসমীয়া তর্জমাত এই পুথিৰ নাম – ‘মোৰ দেশৰ মানুহৰ ছবি ‘। এই কাব্যগ্রন্থখন বিশ্ব সাহিত্যৰ এক অমূল্য সম্পদৰূপে আজিও সমাদৃত।           নাজিম হিকমতৰ ৰচনাৱলী তুৰস্কত নিষিদ্ধ কৰা হৈছিল । কিন্তু ওপৰোক্ত কাব্য গ্রন্থ দুখন ১৯৩৬ চনত প্ৰকাশ হোৱাৰ পাছতেই সমগ্র পৃথিৱীতে এই দুখনৰ খ্যাতি বিয়পি পৰে। সমগ্ৰ বিশ্বৰ সাৰস্বত সমাজে তেওঁৰ জীৱন আৰু কবিতাক প্ৰাণৰ উমেৰে সাৱটি লয় । নাজিম হিকমত হৈ পৰে বিশ্বৰ খাটি খোৱা আৰু নিপীড়িত জনতাৰ প্ৰাণৰ কবি। তেওঁৰ কবিতা সমুহ ব্যাপক হাৰত পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ হ’বলৈ ধৰে আৰু জনপ্রিয়তা অর্জন কৰিবলৈ ধৰে । ওপৰোক্ত গ্রন্থকেইখনৰ বাহিৰেও হিকমতৰ অন্যান্য কাব্যগ্রন্থ সমূহ হ’ল — ইংৰাজীলৈ অনুবাদ হোৱা ‘চিলেকটেড পয়েমছ’, ‘দি মস্কো চিম্ফনী ‘,দা দে বিফ’ৰ তুমৰু’ আৰু ‘থিংছ আই দিদ্’ন্ট ন’ আই লাভদ’, আদি। এই পুথিসমূহো বহুজন পঠিত আৰু সমাদৃত।            ১৯৬৩ চনৰ জুন মাহৰ ২ তাৰিখে কুৰি শতিকাৰ এইগৰাকী নির্যাতিত কবি তথা তুর্কী সাহিত্য জগতৰ উজ্জ্বলতম নক্ষত্র নাজিম হিকমতৰ মৃত্যু হয় ছোভিয়েট ৰাছিয়াৰ মস্কো মহানগৰীত । কিন্তু তেওঁ আজিও জীয়াই আছে জনতাৰ প্ৰাণত । আহক খন্তেকৰ বাবে আমিও স্মৰণ কৰোঁ ন্যায় আৰু মানৱতাৰ পূজাৰী কবি নাজিম হিকমতক। Nazim Hikmet বি.দ্ৰ.: প্ৰকাশ পালে জ্ঞানোদয়ৰ দুমহীয়া আলোচনী ‘জ্ঞান-পিপাসা‘ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যা। আপুনি পঢ়িলেনে? নাই পঢ়া যদি অনুগ্ৰহ কৰি এবাৰ পঢ়িব। ধন্যবাদ

বিপ্লৱী কবি নাজিম হিকমত Revolutionary Poet Nazim Hikmet Read More »

Bruce Lee

ব্ৰুছ লী নামৰ এজন কিংবদন্তীৰ অতুলনীয় জীৱন যাত্ৰা Incomparable Life Journey of a Legend called Bruce Lee

১৯৪০ চনৰ ২৭ নৱেম্বৰত ছান ফ্ৰাঞ্চিস্কোৰ চায়নাটাউনৰ জেকচন ষ্ট্ৰীট হস্পিটেলত ড্ৰেগনৰ বছৰত ৰাতিপুৱা ৬ ৰ পৰা ৮ বজাৰ ভিতৰত ব্ৰুছ জুন ফেন লীৰ জন্ম হৈছিল। ব্ৰুছ আছিল লী হোই চুয়েন আৰু তেওঁৰ পত্নী গ্ৰেছ হোৰ চতুৰ্থ সন্তান। তেওঁৰ দুগৰাকী ডাঙৰ ভগ্নী আছিল, ফবী আৰু এগ্নেছ, এজন ডাঙৰ ভায়েক পিটাৰ আৰু এজন সৰু ভায়েক ৰবাৰ্ট। ব্ৰুছৰ পিতৃ-মাতৃয়ে তেওঁক “জুন ফেন” নাম দিছিল। ইংৰাজী নাম ব্ৰুছ লী, জেকচন ষ্ট্ৰীট হস্পিটেলৰ এগৰাকী নাৰ্চে কেঁচুৱাটোক এইটো নাম দিছিল যদিও তেওঁ মাধ্যমিক বিদ্যালয়ত প্ৰৱেশ আৰু ইংৰাজী ভাষাৰ অধ্যয়ন আৰম্ভ নকৰালৈকে কেতিয়াও এই নামটো ব্যৱহাৰ কৰিব পৰা নাছিল।  তিনি মাহ বয়সত, লী হোই চুয়েন, তেওঁৰ পত্নী গ্ৰেছ আৰু কেঁচুৱা ব্ৰুছ হংকংলৈ উভতি আহে য’ত ব্ৰুছক ১৮ বছৰ বয়সলৈকে ডাঙৰ-দীঘল কৰা হ’ব। ব্ৰুছ লীৰ প্ৰাৰম্ভিক বছৰবোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্মৃতি আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত (১৯৪১-১৯৪৫) জাপানীসকলে হংকঙ দখল কৰা।  ১৩ বছৰ বয়সত, ব্ৰুছক মাষ্টাৰ য়িপ মেনৰ সৈতে পৰিচয় কৰাই দিয়া হয়, যি গুং ফুৰ উইং চুন ষ্টাইলৰ শিক্ষক। পাঁচ বছৰ ধৰি ব্ৰুছে নিষ্ঠাৰে অধ্যয়ন কৰিছিল আৰু অতি দক্ষ হৈ পৰিছিল। তেওঁ য়িপ মেনক এজন নিপুণ শিক্ষক আৰু জ্ঞানী ব্যক্তি হিচাপে যথেষ্ট শ্ৰদ্ধা কৰিছিল আৰু পিছৰ বছৰবোৰত তেওঁৰ ওচৰলৈ সঘনাই আহিছিল। হাইস্কুলত, ব্ৰুছ লীৰ এটা সফলতা আছিল এজন ইংৰাজ শিক্ষাৰ্থীৰ বিৰুদ্ধে আন্তঃবিদ্যালয় বক্সিং চেম্পিয়নশ্বিপ জয় কৰা য’ত কুইন্সবাৰীৰ মাৰ্কুইচ নিয়ম অনুসৰণ কৰা হৈছিল আৰু কোনো লাথি মাৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। ব্ৰুছ এজন ভয়ংকৰ নৃত্যশিল্পীও আছিল, আৰু ১৯৫৮ চনত তেওঁ হংকং চা চা চেম্পিয়নশ্বিপ জিকিছিল। তেওঁ গুং ফুৰ দৰে বহুত আকৰ্ষণীয়ভাৱে নৃত্য অধ্যয়ন কৰিছিল আৰু এখন টোকাবহী ৰাখিছিল য’ত তেওঁ ১০৮ টা বিভিন্ন চা চা পদক্ষেপ লিপিবদ্ধ কৰিছিল। পঢ়াশুনা, গুং ফু আৰু নৃত্যৰ উপৰিও, ব্ৰুছ লী তেওঁৰ দেউতাকৰ পৃষ্ঠপোষকতাত এজন শিশু অভিনেতা আছিল যি নিশ্চয় সৰুৰে পৰাই জানিছিল যে ব্ৰুছৰ প্ৰদৰ্শনৰ ধাৰা আছিল।  তেওঁৰ বয়স ১৮ বছৰ হোৱালৈকে তেওঁ ২০ খন চলচ্চিত্ৰত অভিনয় কৰিছিল। ব্ৰুছ লীৰ জীৱনৰ নতুন দিশ  ১৮ বছৰ বয়সত, ব্ৰুছে তেওঁৰ জীৱনত নতুন দিশ বিচাৰি আছিল। তেওঁৰ পিতৃ-মাতৃ নিৰুৎসাহিত হৈছিল যে ব্ৰুছে যুঁজিবলৈ কিছু সমস্যাত পৰিছিল আৰু শৈক্ষিকভাৱে অধিক উন্নতি কৰা নাছিল। ১৯৫৯ চনৰ এপ্ৰিল মাহত ১০০ ডলাৰ পকেটত ৰাখি ব্ৰুছে আমেৰিকান প্ৰেচিডেণ্টছ লাইনত এটা বাষ্পীয় নাওত উঠি ছান ফ্ৰান্সিস্কোলৈ যাত্ৰা আৰম্ভ কৰে। ব্ৰুছে চান ফ্ৰাঞ্চিস্কোত বেছি দিন নাথাকিল আৰু চিয়েটললৈ যাত্ৰা কৰিলে য’ত ৰুবি চাউ নামৰ এজন পাৰিবাৰিক বন্ধুৰ এখন ৰেষ্টুৰেণ্ট আছিল আৰু তেওঁ ব্ৰুছক চাকৰি আৰু বাসস্থানৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়ালৈকে ব্ৰুছে তেওঁৰ অভিনয় আৰু নৃত্যৰ আৱেগ এৰি গৈছিল আৰু তেওঁৰ শিক্ষা কঢ়িয়াই নিয়াৰ অভিপ্ৰায় ৰাখিছিল। তেওঁ এডিচন টেকনিকেল স্কুলত নাম ভৰ্তি কৰে য’ত তেওঁ উচ্চ বিদ্যালয়ৰ স্নাতকৰ সমতুল্য প্ৰয়োজনীয়তা পূৰণ কৰে আৰু তাৰ পিছত ৱাশ্বিংটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। বিশ্ববিদ্যালয়ত, ব্ৰুছ লীয়ে দৰ্শনত মেজৰ কৰিছিল। গুং ফুৰ প্ৰতি তেওঁৰ আগ্ৰহে দাৰ্শনিক ভিত্তিত সোমাই পৰাৰ আকাংক্ষাক অনুপ্ৰাণিত কৰিছিল আৰু সেই বছৰবোৰত তেওঁৰ বহুতো লিখিত প্ৰবন্ধে দাৰ্শনিক নীতিবোৰক কিছুমান সমৰ কলা কৌশলৰ সৈতে সম্পৰ্কিত কৰিছিল। ব্ৰুছ লীৰ গুং ফুৰ বিদ্যালয় স্থাপন ব্ৰুছ লীয়ে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা তিনি বছৰত, তেওঁ গুং ফু শিকাই নিজকে সমৰ্থন কৰিছিল, সেই সময়ত ৰেষ্টুৰেণ্টত কাম কৰা, বাতৰি কাকত ভৰ্তি কৰা বা আন বিভিন্ন অদ্ভুত কাম এৰি দিছিল। ব্ৰুছে শিকোৱা বন্ধুবৰ্গৰ সৰু চক্ৰটোৱে তেওঁক গুং ফুৰ এখন প্ৰকৃত বিদ্যালয় খুলিবলৈ আৰু বিদ্যালয়ত পঢ়ি থাকোঁতে নিজৰ ভৰণপোষণৰ বাবে শিক্ষকতাৰ বাবে নামমাত্ৰ  উৎসাহিত কৰিছিল। ১৯৬৩ চনত তেওঁৰ এজন শিক্ষাৰ্থী আছিল ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ লিণ্ডা এমেৰীৰ এজন সতেজ ব্যক্তি। লিণ্ডাই গাৰফিল্ড হাই স্কুলত চীনা দৰ্শনত তেওঁৰ অতিথি বক্তৃতাৰ পৰা ব্ৰুছ কোন আছিল জানিছিল, য’ত তেওঁ ছাত্ৰী আছিল আৰু স্নাতক হোৱাৰ পিছত গ্ৰীষ্মকালত তেওঁৰ চীনা বান্ধৱী চু এন কেৰ অনুৰোধত লিণ্ডাই গুং ফু পাঠ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল।  ব্ৰুছ লী আৰু লিণ্ডা ১৯৬৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল। এই সময়ছোৱাত, ব্ৰুছে গুং ফু শিকোৱাৰ পৰা কেৰিয়াৰ গঢ়িবলৈ সিদ্ধান্ত লৈছিল। টাকি কিমুৰাৰ হাতত চিয়েটল স্কুল এৰি ব্ৰুছ আৰু লিণ্ডা অকলেণ্ডলৈ যায় য’ত ব্ৰুছে জেমছ লীৰ সৈতে তেওঁৰ দ্বিতীয় খন বিদ্যালয় খুলিছিল। এতিয়া পাঁচ বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰত থকাৰ পিছত, ব্ৰুছে কেৰিয়াৰ হিচাপে কাম কৰাৰ যিকোনো চিন্তা এৰি গৈছিল, আৰু পেছা হিচাপে তেওঁৰ সমৰ কলাৰ চয়নৰ বাবে নিজকে সম্পূৰ্ণৰূপে সমৰ্পিত কৰিছিল। ১৯৬৪ চনত ব্ৰুছক ছান ফ্ৰাঞ্চিস্কোৰ কিছুমান গুং ফু মানুহে প্ৰত্যাহ্বান জনাইছিল যিয়ে তেওঁ অ-চীনা শিক্ষাৰ্থীসকলক শিকোৱাত আপত্তি কৰিছিল। ব্ৰুছে প্ৰত্যাহ্বানটো স্বীকাৰ কৰিছিল আৰু মানুহবোৰ মুখামুখি হোৱাৰ বাবে নিৰ্ধাৰিত দিনটোত অকলেণ্ডৰ কুঁৱলীত উপস্থিত হৈছিল। চৰ্তাৱলী আছিল যে যদি ব্ৰুছ পৰাজিত হয়, তেন্তে তেওঁ অ-চীনাসকলক শিকোৱা বন্ধ কৰিব। যেতিয়া ব্ৰুছে তেওঁক মজিয়াত পিন কৰি ৰাখিছিল তেতিয়া তেওঁৰ প্ৰতিদ্বন্দীয়ে এৰি দিয়াৰ সৈতে এইটো এটা চমু যুঁজ আছিল। যদিও তেওঁ জিকিছিল, তথাপিও তেওঁ লোকজনক তিনি মিনিটৰ ভিতৰত আঁতৰাই ৰাখিবলৈ অক্ষম হোৱাৰ বাবে তেওঁ কঠোৰ আৰু নিৰুৎসাহিত হৈছিল। এইটোৱে ব্ৰুছৰ বাবে তেওঁৰ সমৰ কলাৰ অন্বেষণ আৰু তেওঁৰ শাৰীৰিক সুস্থতা বৃদ্ধিত এক টাৰ্ণিং পইণ্ট চিহ্নিত কৰিছিল। এইদৰে জিত কুনে দোৰ বিৱৰ্তন আৰম্ভ হৈছিল। যেতিয়া ব্ৰুছ লীয়ে তেওঁৰ সমৰ কলা বিদ্যালয়বোৰ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কঢ়িয়াই আনিছিল, ভাগ্যই তেওঁৰ জীৱনক আন এটা দিশত আগুৱাই নিয়াৰ বাবে আগবাঢ়ি ছিল। ১৯৬৪ চনৰ আগষ্ট মাহত আমেৰিকান কেনপোৰ পিতৃ হিচাপে পৰিগণিত এড পাৰ্কাৰে ব্ৰুছক তেওঁৰ প্ৰথম আন্তৰ্জাতিক কাৰাটে টুৰ্ণামেণ্টত প্ৰদৰ্শন কৰিবলৈ চিএৰ লং বীচলৈ আমন্ত্ৰণ জনায়। দৰ্শকৰ এজন সদস্য আছিল জে চেব্ৰিং, যি তাৰকাসকলৰ বাবে এজন প্ৰখ্যাত হেয়াৰ ষ্টাইলিষ্ট। জয়ে তেওঁৰ প্ৰযোজক গ্ৰাহক উইলিয়াম ডজিয়াৰক এই দৰ্শনীয় চীনা যুৱকজনক মাত্ৰ কেইৰাতিমান আগতে গুং ফু প্ৰদৰ্শন কৰা দেখিছিল। শ্ৰীযুত ডজিয়াৰে এড পাৰ্কাৰৰ টুৰ্ণামেণ্টত লোৱা ছবিখনৰ এটা প্ৰতিলিপি লাভ কৰিছিল। পৰৱৰ্তী সপ্তাহত তেওঁ ব্ৰুছ লীক অকলেণ্ডৰ ঘৰত ফোন কৰিছিল আৰু তেওঁক পৰ্দা পৰীক্ষাৰ বাবে লছ এঞ্জেলছলৈ আহিবলৈ আমন্ত্ৰণ জনাইছিল। সেই সময়ত ব্ৰুছ লীৰ ব্যক্তিগত জীৱনতো পৰিস্থিতি সলনি হৈ আছিল। তেওঁৰ নিজৰ এক নম্বৰ পুত্ৰ ব্ৰেণ্ডন ব্ৰুছ লীৰ জন্ম হৈছিল ১৯৬৫ চনৰ ১ ফেব্ৰুৱাৰীত। এসপ্তাহৰ পিছত ব্ৰুছৰ দেউতাক লী হোই চুয়েনৰ হংকঙত মৃত্যু হয়। ব্ৰুছ সুখী হৈছিল যে তেওঁৰ দেউতাকে লী পৰিয়ালৰ প্ৰথম নাতিৰ জন্মৰ বিষয়ে জানিছিল। ব্ৰুছে সেই সময়ত পৰিৱৰ্তনৰ সময়ত আছিল, অভিনয়ক তেওঁৰ কেৰিয়াৰ কৰি তুলিব নে দেশজুৰি গুং ফু ৰ বিদ্যালয় খোলাৰ পথত অব্যাহত ৰাখিব সেই সিদ্ধান্ত লৈছিল। তেওঁৰ সিদ্ধান্ত আছিল অভিনয়ৰ ওপৰত গুৰুত্ব দিয়া আৰু তেওঁ ইয়াক এক উৎপাদনশীল কেৰিয়াৰলৈ পৰিৱৰ্তন কৰিব পাৰিবনে চাবলৈ, যিয়ে সমৰ কলাৰ প্ৰতি তেওঁৰ আগ্ৰহ প্ৰদৰ্শন কৰিছিল।  ব্ৰুছে গুং ফু শিকাবলৈ ভাল পাইছিল, আৰু তেওঁ তেওঁৰ শিক্ষাৰ্থীসকলক ভাল পাইছিল। কিন্তু তেওঁ দেখিবলৈ আৰম্ভ কৰিছিল যে যদি তেওঁৰ বিদ্যালয়সমূহ অধিক সংখ্যক হয়, তেন্তে তেওঁ শিক্ষাদানৰ মানদণ্ডৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাব। সমৰ কলাৰ প্ৰতি তেওঁৰ প্ৰেম এনেকুৱা আছিল যে তেওঁ যি মানদণ্ডৰ সৈতে ইয়াৰ কাষ চাপিছিল তাক লঘু কৰিব নিবিচাৰিছিল। ১৯৬৭ আৰু ১৯৭১ চনৰ মাজৰ বছৰবোৰ ব্ৰুছ লী পৰিয়ালৰ বাবে ক্ষীণ বছৰ আছিল। ব্ৰুছে তেওঁৰ অভিনয় কেৰিয়াৰ আগবঢ়াবলৈ কঠোৰ পৰিশ্ৰম

ব্ৰুছ লী নামৰ এজন কিংবদন্তীৰ অতুলনীয় জীৱন যাত্ৰা Incomparable Life Journey of a Legend called Bruce Lee Read More »