Florence Nightingale: The Lady with the Lamp in Assamese

Florence Nightingale: The Lady with the Lamp in Assamese

Florence Nightingale

ফ্লোৰেঞ্চ নাইটিংগেল (Florence Nightingale)ৰ জন্ম হৈছিল ১৮২০ চনত ইটালীৰ ফ্লোৰেঞ্চ নগৰীত৷ ফ্লোৰেঞ্চ ভাগ্যৱতী বুলিয়ে ক’ব লাগিব। কাৰণ জন্মৰ পিছত অভাৱ-অনাটন কাক বোলে, অভাৱগ্ৰস্ত মানুহৰ অৱস্থা কেনেকুৱা আদি কথৰ ফ্লোৰেঞ্চে ভুকে পোৱা নাছিল। মাক-দেউতাকে ফ্লোৰেঞ্চক সৰুৰে পৰাই শিক্ষিতা কৰি তুলিছিল। ইটালীৰ ফ্লোৰেঞ্চত জন্মগ্রহণ কৰা ফ্লোৰেঞ্চ নামৰ ইংৰাজ ছোৱালীজনী সোতৰ বছৰ বয়সত ১৮৩৭ চনত মাক-দেউতাকৰ লগত লণ্ডনলৈ আহে। আনৰ বাবে যি অসম্ভৱ তাক সম্ভৱ কৰি তোলাটোৱেই আছিল ফ্লোৰেঞ্চৰ জীৱনৰ লক্ষ্য। সেয়ে, জামাৰ্নীত ভালেমান দিন থাকি তেওঁ শুশ্রূষাকাৰিণীৰ বাবে আৱশ্যকীয় সকলো জ্ঞান আহৰন কৰে। হাস্পাতালত প্রশিক্ষণ গ্ৰহণৰ উদ্দেশ্যে ১৮৫৩ চনত তেওঁ ফ্ৰান্সৰ ৰাজধানী পেৰিছলৈ যায়। প্রয়োজনীয় শিক্ষা আহৰণ কৰাৰ পিছত মহিলাৰ হাস্পাতাল এখনত পৰিদৰ্শিকাৰ কামত যোগদান কৰে।

Also Read

ইং ১৮৫৯ চনত চেন্ট টমাছ হাস্পতালত ফ্লোৰেঞ্চ নাইটিংগেলৰ তত্ত্বাৱধানত এটি নাৰ্ছিংস্কুল প্রতিষ্ঠা হয়। এই স্কুলত পাঠদান আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁ ইংৰাজী নাৰীক শুশ্রূষাকাৰিণী হিচাপে বৃত্তি গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগায়। তেওঁৰ যত্নতেই ভালেমান সম্ভ্রান্ত ঘৰৰ জীয়ৰীও শুশ্রূষাকাৰিণী বৃত্তি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছিল। ইং ১৯১০ চনত ১৩ আগষ্ট তাৰিখে এই মহিয়সী নাৰীৰ মৃত্যু হয়। মৃত্যুৰ বয়স আছিল ৯০ বছৰ। মৃত্যুৰ তিনিবছৰ আগেয়ে ইংৰাজ চৰকাৰে অৰ্ডাৰ অৱ মেৰিট সন্মানেৰে তেওঁক বিভূষিত কৰে। অৰ্ডাৰ অৱ মেৰিট ৰাজকীয় সন্মান লাভ কৰা কুমাৰী ফ্লোৰেঞ্চ নাইটিংগেলেই আছিল প্রথম নাৰী।

Florence Nightingale
Florence Nightingale

About the Author

Shivanga

শিৱাংগ কুমাৰ গগৈ

Writer & Blogger

Posts of this Author

Leave a Comment

Your email address will not be published. Required fields are marked *