ৰবট || Robot

বিজ্ঞানৰ কল্পকাহিনী বা ছাইফাই (Sci-Fi = Science Fiction) মানব সদৃশ বুদ্ধিযুক্ত, নিজে কাম কৰিব পৰা যন্ত্ৰৰ কথা প্ৰায়ে পোৱা যায় ৷ বিজ্ঞানভিত্তিক চিনেমাতো ৰবট (Robot) বা যন্ত্ৰ-মানৱৰ সঘন আর্বিভাব লক্ষণীয় । কিন্তু ৰবটৰ ধাৰণা এতিয়া বিজ্ঞানীৰ পৰিকল্পনা আৰু সাহিত্যিকৰ দূৰকল্পনা me নহয়। উন্নত দেশবোৰত ৰবট মানৱ জীৱনৰ অপৰিহাৰ্য অংগ হ’বলৈ ওলাইছে।
তেনেকুৱা এটা ৰবটৰ নাম হ’ল ব’ব। ব’বৰ উচ্চতা ০.৭ মিটাৰ। ওজন প্রায় ২৫ কিল’গ্রাম। ই গান গাব আৰু কথা কব পাৰে । প্ৰয়োজন হ’লে অৱলোহিত সংসূচকৰ সহায়ত মেজ, চকী, মানুহ আদি থকা কোঠালিৰ মাজেদি অ’লৈ তালৈ যাব পাৰে, এহাতে দবা খেলিব পাৰে, চৌকিদাৰী কৰিব পাৰে আনকি গৰাকীৰ লগত ঠাট্টা মস্কৰাও কৰিব পাৰে। জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এনে ৰবট দোকানত কিনিবলৈ পোৱা যায় ৷
কিন্তু পিতৃ মাতৃৰ সন্তানে ৰবটকহে বেছি ভালদৰে চিনি পাব নেকি? এনেবোৰ জটিল প্রশ্নৰ উত্তৰ মানৱ সভ্যতাই আজি বিচাৰি পাব লাগিব। অৱশ্যে বিজ্ঞানৰ কল্পকাহিনীত বৰ্ণনা কৰাৰ দৰে ৰবটে ৰবটক সৃষ্টি কৰি মানৱ সভ্যতাৰ প্ৰতিযোগী ৰবট সভ্যতা গঢ় দিয়াৰ সম্ভাৱনা এতিয়াও বহু আঁতৰত ।