Leave a Comment / Poetry (কবিতাৱলী) / By দূৰ্ণ চাংমাই তোমাৰ কথা আজিও মনত পৰে তোমাৰ কথা তোমাৰ মৰম লগা হাঁহিটোৰ কথা , বুকুৰ একুণত সংগোপনে ৰাখিছোঁ তোমাৰ সেই মিচিককৈ মৰা হাঁহিটো থৈছোঁ সাঁচি তোমাৰ অভিমান বোৰো । ফাগুনৰ মলয়া জাকেও কৈ যায় তোমাৰ কথা দি যায় মনৰ বতৰা । শৰতৰ শেৱালিৰ সুৱাসতো পাওঁ তোমাৰ অনুভূতি । এনে লাগে যেন প্ৰতিটো পাহিতে থাকে তোমাৰ হাঁহি , প্ৰতিজাক মলয়াতে থাকে তোমাৰ অনুভূতি, অনুভৱ হয় মৰহি যোৱা পাহিটো যেন ফুলি উঠিব তোমাৰ পৰশতে, শিহৰণ জগাই তোলা মলয়া জাকো যেন আহিব তোমাৰ লগতে । আৰু কাণে কাণে কবহি তোমাৰ কথা সজীৱ কৰি তুলিব আকৌ তোমাক পোৱাৰ আশা । Post Views (this month): 62 Share this on:FacebookTwitterLinkedInWhatsAppTelegramRedditMoreEmailTumblrPinterestPocketMastodonNextdoor Related