নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York

নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York

albert einstein photo

জার্মানিৰ এক মধ্যবিত্ত ইহুদি পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল তেওঁ। জন্মৰ সময়ত শিশুটিৰ দেহৰ তুলনাত মূৰটো অত্যধিক ডাঙৰ আছিল; সেয়ে শিশুটিক লৈ কিছু আহুকালত পৰিছিল মাকদেউতাক। কাৰণ ল’ৰাটিৰ সাধাৰণ শিশুতকৈ বহু পলমকৈ মাত-কথা ফুটিছিল। প্রায় ন বছৰ বয়সলৈকে তেওঁ শব্দ উচ্চাৰণ কৰিব পৰা নাছিল । কেৱল সেয়াই নহয় কেথলিক স্কুলৰ পাঠ্যপুথিৰ বিষয়ৰ প্ৰতি তেওঁৰ বৰ বিশেষ আগ্রহ নাছিল। ল’ৰাটিৰ এনে আচৰণৰ বাবে বহুতে তেওঁক মানসিক প্রতিবন্ধী বুলিও ভাবিছিল। তেওঁ শৈশৱৰ বেছি ভাগ সময় বেহেলা বজাই কটাইছিল। সেয়ে তেওঁৰ ল’ৰালিকাল আন দহজন শিশুৰ দৰে নাছিল। পাঁচ বছৰ বয়সত তেওঁ দেউতাকৰ হাতত সৰু এডাল কম্পাচ দেখি বিস্ময়াবিভূত হৈ পৰে আৰু সেইদিন ধৰি তেওঁ মহাকাশবিদ্যাৰ প্ৰতি প্রবলভাবে আকৃষ্ট হৈ পৰে। 

আপোনালোকে বাৰু জানানে মই কাৰ কথা কৈ আছোঁ? ওঁ। হয়, ঠিকেই ধৰিছে, মই সেই বিশ্ববিশ্রুত পদার্থবিদ তথা আপেক্ষিকতাবাদ তত্বৰ আবিষ্কাৰক এলবাৰ্ট আইনষ্টাইন(Albert Einstein)ৰ কথাকে কৈছোঁ। মাত্র ১২ বছৰ বয়সতে তেওঁৰ বিজ্ঞান, দৰ্শন আৰু অংকৰ বিভিন্ন গ্রন্থ পঢ়াতো এক প্ৰকাৰ নিচা হৈ পৰে। আইনষ্টাইনে নুবুজালৈকে পাঠ্যপুথিৰ অনেক কথা সুধি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক ব্যতিব্যস্ত কৰি তুলিছিল। তেওঁৰ জীৱন যাত্ৰা বৰ মসৃণ নাছিল। ঘাতপ্রতিঘাত, আশা-হতাশা আইনষ্টাইনৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে সংগী আছিল। সেয়ে তেওঁ ল’ৰালি কালৰে পৰাই জীৱনৰ বাবে সাজু হৈছিল। আইনষ্টাইনৰ দেউতাক এজন চামৰা ব্যৱসায়ী আছিল। ব্যৱসায়ত লোকচান হোৱাৰ বাবে তেওঁলোক সপৰিয়ালে জার্মানি এৰি ইটালিলৈ গুচি আহে। ব্যক্তিগত খেলিমেলিৰ বাবে আই নষ্টাই নে ফেডেলে পলিটেকনিক ইনষ্টিটিউটৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে। মাক-দেউতাকে আইনষ্টাইনক ইলেক্ট্রনিক অভিযন্তা কৰাৰ যি সপোন পুহি ৰাখিছিল সেয়া নিমিষতে চাৰখাৰ হৈ গ’ল। মনৰ দুখত তেওঁ ইটালি এৰি চুইজাৰলেণ্ডলৈ যায়। তাত ‘মেক্স ইলেক্ট্রনিক থিয়ৰি’ বিষয়ত পঢ়া-শুনা কৰে। উল্লেখযোগ্য যে ১৯০০ চনত ফেডেৰেল পলিটেকনিক ইনষ্টিটিউটে  ‘শিক্ষক’ হিচাপে আইনষ্টাইনক স্বীকৃতি দিয়ে। ইয়াৰ পিছতে তেওঁৰ ‘কেপলাৰ বল’ৰ ওপৰত প্ৰথমখন গবেষণা পত্র প্রকাশ হয়। লগে লগে তেওঁ এগৰাকী পদার্থ বিজ্ঞানী হিচাপে জনাজাত হৈ পৰে।

আইনষ্টাইনৰ জীৱন টোকাঃ

জন্মঃ ১৪ মার্চ, ১৮৭৯ চন, জার্মানি। । নাগৰিকত্ব : জার্মানি, চুইচ, (চইজাৰলেণ্ড) মার্কিন।

কর্মক্ষেত্র : পদার্থবিজ্ঞান।

কর্মক্ষেত্ৰৰ প্ৰতিষ্ঠান: টুইচ পেটেন্ট হাউচ, জুৰিখ বিশ্ববিদ্যালয়, চার্লচ বিশ্ববিদ্যালয়, ফাইজাৰ উইলহেম প্রতিষ্ঠান আৰু লেইডেন বিশ্ববিদ্যালয়। 

আৱিষ্কাৰঃ জেনেৰেল ৰিলেটিভিটি তত্ত্ব, স্পেশ্যাল রিলেটিভিটি তত্ত্ব, কেপলাৰ ফ'ৰ্ট ব্রাউনিয়ান মোশান, ফটো ইলেকট্রিক এফেক্ট।

পুৰস্কাৰ : পদার্থ বিজ্ঞানত নবেল বঁটা, কপালি মডেল, মার্ক্স প্লাংক মেডেল।

মৃত্যু : ১৮ এপ্রিল, ১৯৫৫ চনত নিউজিাৰ্চিত।

জীৱন, সংগ্রাম, স্বীকৃতি ইত্যাদি

ল’ৰালি কালৰ পৰাই নিয়ম ভঙা আচৰণৰ বাবে শিক্ষকৰ ৰোষত পৰিছিল আইনষ্টাইন। যাৰ বাবে পৰবৰ্তী সময়ত শিক্ষকৰ চাকৰি পাবৰ বাবেও সংগ্রাম কৰিব লগা হৈছিল। বহুতৰ ওচৰত খাতিৰ-বাতিৰ কৰাৰ মূৰতহে যেনিবা এদিন বন্ধু এজনৰ সহায়ত ‘টেকনিকেল এগজিমিনাৰ’ হিচাপে ১৯০২ চনত চাকৰি লাভ কৰে। পিচত অৱশ্যে তেওঁ চুইজাৰলেণ্ডৰ এটি পেটেন্ট অফিচত স্থায়ী চাকৰি পাবলৈ সক্ষম হয়। ১৯০৩ চনত তেওঁ এগৰাকী গণিতজ্ঞক বিয়া কৰায়। বিয়া কৰালেও তেওঁলোকৰ মাজত বৰ বিশেষ সম্পর্ক নাছিল, কাৰণ দুয়োজনে গবেষণাৰ মাজত ব্যস্ত থাকিহে বেছি ভাল পাইছিল। ইয়াৰ মাজতে তেওঁলোকৰ মাজলৈ তিনিটি সন্তান আহিছিল। তাৰে এজন মানসিকভাবে সুস্থ নাছিল। এই মানসিক প্রতিবন্ধী সন্তানটিক লৈ আইনষ্টাইন বৰ চিন্তাত পৰিছিল। অৱশ্যে সেই বুলি তেওঁ মৰমবিহীন নাছিল। জীৱনৰ এনে অস্থিৰতাৰ পৰা মানসিক শান্তি বিচাৰি ঘন্টা ঘন্টা ধৰি তেওঁ বেহেলা বজাইছিল। ইয়াৰ মাজতে ১৯০৫ চনত তেওঁক জুৰিখ বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰে। লগে লগে তেওঁৰ পদাৰ্থ বিজ্ঞানৰ ওপৰত তিনিখন গবেষণা পত্র প্রকাশ পায়। বহুতৰ মতে আইনষ্টাইনৰ আটাইকেইখন গবেষণা পত্রই নবেল পুৰষ্কাৰ পোৱাৰ যোগ্য। কিন্তু আইনষ্টাইনে এই স্বীকৃতি নাপালে। জীৱনৰ চৰম বিপদৰ ধুমুহাৰ মুহূৰ্ততো ভাঙি পৰা নাছিল তেওঁ। ১৯০৬ চনত তেওঁ পদোন্নতিৰ জৰিয়তে দ্বিতীয় শ্রেণীৰ অভিযন্তা হয়। সেই সময়তে আকাশৰ ৰং কিয় নীলা হয় সেয়া তেওঁ গবেষণা কৰি সকলোকে বুজাই দিয়ে। ১৯১১ চনত আইনষ্টাইনে প্রথমবাৰৰ বাবে জুৰিখ বিশ্ববিদ্যালয়, তাৰ পিছত চাৰ্লছ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। পৰৱৰ্তী সময়ত তেওঁ প্ৰুচিয়াৰ নাগৰিকত্ব গ্রহণ কৰে। উল্লেখযোগ্য যে আইনষ্টাইনে অধ্যাপনাৰ বাবে এখন দেশৰ পৰা আন্য এখন দেশলৈ ঘূৰি ফুৰিব লগা হোৱাৰ বাবে মানসিক শান্তি লাভ কৰিব পৰা নাছিল। এনে বহু অস্থিৰতাৰ মাজতো কিন্তু আইনষ্টাইনৰ বিজ্ঞানৰ প্রতি ভালপোৱা অকণমানো কমা নাছিল। ১৯১৪ চনৰ পৰা ১৯৩৩ চনলৈ তেওঁ বাৰ্লিনৰ ‘কাইজাৰ উইলহেম ইনষ্টিটিউটৰ’ সঞ্চালক হিচাপে কাম কৰে। ইয়াৰ মাজতে ১৯২০ চনৰ পৰা ১৯৪৬ চনলৈ তেওঁ নেইডান বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে পঢ়ুৱাই ছিল। ১৯১৫ চনত আই নষ্টাইনে ফিল্ড ইকুৱেচন আবিষ্কাৰ কৰাৰ লগতে নিউটনৰ মধ্যাকর্ষণ তত্বক প্রত্যাহ্বান জনায়। অৱশ্যে বহু বিজ্ঞানীয়ে আইনষ্টাইনৰ এই আবিষ্কাৰ মিছা বুলি উৰুৱাই দিছিল।

albert einstein young photo
ডেকা বয়সত এলবাৰ্ট আইনষ্টাইন

অতিবাস্তব বুলি তেওঁলোকে মানি লোৱা নাছিল। কিন্তু ইয়াৰ পিছতো আইনষ্টাইন হতাশ হোৱা নাছিল। অৱশ্যে এনে সময়তে তেওঁৰ ব্যক্তিগত জীৱনৰ নানা সমস্যাই দেখা দিয়ে। ১৯১৯ চনত তেওঁৰ প্ৰথমা পত্নী মিলেভাৰ স’তে বিবাহ বিচ্ছেদ হয়। এই দুখদায়ক ঘটনাৰ শূন্যতা দূৰ কৰিবলৈ তেওঁ এলচাক বিয়া কৰায়। ইয়াৰ পিচতে আইনষ্টাইনে তেওঁৰ নতুন আবিষ্কাৰ আপেক্ষিকতাবাদ সূত্ৰৰ বিষয়ত বক্তৃতা দিবলৈ নিউয়ৰ্কলৈ যায়। সেই বছৰতে তেওঁ ‘ফটো ইলেক্ট্রিক এফেক্ট’ অর্থাৎ পোহৰ কণাৰ প্ৰভাৱৰ বাবে চুইচ অকাডেমীৰ নবেল পুৰষ্কাৰ লাভ কৰে। এইখিনিতে আপোনালোকক জনাই থওঁ যে আইনষ্টাইনে তেওঁৰ সেই পৃথিৱী বিখ্যাত আপেক্ষিকতাবাদ সূত্ৰৰ বাবে নবেল পুৰষ্কাৰ নাপালে, পালে অন্য বিষয়তহে। ১৯২৪ চনত আইনষ্টাইনে ভাৰতৰ বিজ্ঞানী ড° সত্যেন্দ্ৰনাথ বসুৰ স’তে যৌথভাবে ‘বসু আইনষ্টাইন থিয়ৰী’লিখি উলিয়ায়। এই তত্ব অনুসৰি তেওঁলোকে দেখুৱায় যে পোহৰ আচলতে আন একো নহয় ই ‘ফোটন’ নামৰ অতি ক্ষুদ্রাতিক্ষুদ্র কণাৰ পৰাহে সৃষ্ট। অতি আচৰিত ঘটনা হ’ল আইনষ্টাইনৰ পৃথিৱীজোৰা খ্যাতিৰ সময়তে তেওঁ ইহুদি হোৱাৰ বাবে হিটলাৰৰ নাজি বাহিনীৰ উপদ্ৰৱত জার্মানিৰ পৰা পলায়ন কৰিবলগীয়া হয়। ১৯৪০ চনত তেওঁ মার্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্রহণ কৰে। ১৯৫২ চনত ইজৰাইল চৰকাৰে আইনষ্টাইনক দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতিৰ পদ যাচে যদিও তেওঁ ইজৰাইলৰ নীতিক ভাল নোপোৱাৰ বাবেই প্রস্তাব প্রত্যাখ্যান কৰে। ১৯৫৫ চনত নিউজাৰ্চিত এইগৰাকী বিশ্বপ্ৰসিদ্ধ প্রবাদপ্রতিম বিজ্ঞানীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত বিশ্ববিশ্রুত বিজ্ঞানীগৰাকীৰ কাষত এগৰাকী নাৰ্চৰ বাহিৰে আন কোনোৱেই নাছিল। সঁচাকৈ জীৱন কি আচৰিত! জীৱনৰ খ্যাতিৰ সময়ত তেওঁৰ গুণমুগ্ধৰ অভাব নাছিল অথচ মৃত্যুৰ সন্ধিক্ষণত মানুহ কিমান নিসংগ হৈ মৃত্যুক সাবতি ল’বলগীয়া হয় ! উল্লেখযোগ্য কথাটো হ’ল আইনষ্টাইনৰ মগজু পৰীক্ষা কৰি চিকিৎসকসকলে দেখা পাইছিল যে তেওঁৰ মগজুত ‘পেৰিয়েটাল অপাৰকিউলিয়াম ৰিজিয়ন’ নামৰ অংশটো নাছিল৷ তাৰ পৰিৱৰ্তে আইনষ্টাইনৰ মগজুত আমাৰ মগজুত থকা হিচাব-নিকাচৰ বা অংক কৰা যি নিউৰো কোষ’ সেয়া আনতকৈ ১৫ শতাংশ বেছি আছিল৷ তদুপৰি আইনষ্টাইনৰ মগজুত সাধাৰণ মানুহৰ মগজুতকৈ ‘গ্লিয়াল কোষ’ ৭৩ শতাংশ বেছি আছিল। গতিকে ক’ব পাৰি যে এই অংশ নথকা হ’লে আই নষ্টাই ন আজিৰ আই নষ্টাই নহ’ব নোৱাৰিলেহেঁতেন৷ গবেষণাৰ পৰা বিজ্ঞানীসকলে এই তথ্য লাভ কৰিছে যে আমি যাক অত্যন্ত মেধাবী বা বুদ্ধিমান মানুহ বুলি কওঁ তেওঁলোকৰ মগজু মাত্র ৭ শতাংশ ব্যৱহাৰ হয়। সম্প্রতি আমেৰিকাই গবেষণা চলাই আছে আইনষ্টাইনৰ ক্ষেত্ৰত কিমান শতাংশ ব্যৱহাৰ হৈছিল – এই সম্পর্কত।

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতে এলবাৰ্ট আইনষ্টাইন

স্বীকৃতি আৰু গবেষণা

প্ৰতিটো নতুন আবিষ্কাৰৰ বাবে আইনষ্টাইনে তেওঁৰ সমগ্ৰ জীৱন উৎসর্গা কৰিছিল। তেওঁৰ বহু কামে সেয়ে পৃথিৱীজুৰি স্বীকৃতি লাভ কৰে। ১৯০৫ চনত আইনষ্টাইনে Special Theory of Relativity, ১৯১৬ চনত The Evolution of Physics আৰু ১৯৩৬ চনত My Philosophy আদিৰ সূত্ৰ আৰু গবেষণা পত্ৰ প্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ চিকিৎসা আৰু দৰ্শনত ডক্টৰেট ডিগ্রী লাভ কৰে। ১৯২৫ চনত আইনষ্টাইনে ‘কপলি মেডেল’ আৰু ১৯৩৫ চনত ‘ফ্ৰেংকলিন মেডেলে বে সন্মানিত হয়। এইখিনিতে আপোনালোকক এইগৰাকী বিশ্ববিখ্যাত বিজ্ঞানীৰ ৰসাল কাহিনী দুটা থোৰতে কওঁ শুনা। এবাৰ নিউয়র্কত বক্তৃতা দিবলৈ আইনষ্টাইন সপত্নীক গৈ এখন হোটেলত আছিল। হোটেলত থাকি আমনি লগাত পত্নীক তাতে থৈ অলপ ফুৰিবলৈ গ’ল। ফুৰিবলৈ গৈ ঘূৰি আহোঁতে আইনষ্টাইনে বাট হেৰুৱালে।ইফালে তেওঁ থকা হোটেলখনৰ নামটিও পাহৰিলে। মহাপয়মালখন হ’ল। বহু বিচাৰি বিচাৰি গৈ শেষত এখন হোটেলত কিছু সময় ৰৈ ঠাইখন মনত পেলাবলৈ ধৰিলে। আনক সুধিবলৈ হ’লেও নামটো পাহৰিলে। তেনেতে তেওঁ হোটেলখনৰ ওপৰলৈ চোৱাত ওপৰৰ হোটেলৰ বেলকনিৰ পৰা পত্নীয়ে তেওঁক চাই থকা দেখা পালে। তাৰ পিছতহে আইনষ্টাইনৰ সম্বিত ঘূৰি আছিল। আন এবাৰ এখন মিটিঙৰ পিছত বহু বিশিষ্ট বিজ্ঞানীয়ে আহাৰ গ্ৰহণৰ বাবে এখন ৰেস্তোৰালৈ যাব লগা হয়। যাওঁতে বাটতে তেওঁ সৰু ল’ৰা এটাই বেহেলা এখন বজাই থকা দেখিলে। তেৰোঁ সেইখন বজোৱাত লাগিল। ইফালে বিজ্ঞানীসকলে ভোকত কলমতীয়াব লগা হ’ল। তেওঁলোকে বিশ্ববিশ্ৰুত বিজ্ঞানীজনৰ কৰুণ বেহেলাৰ সুৰ প্ৰায় তিনিঘন্টা সময় শুনাৰ পিছত এজন বিশিষ্ট বিজ্ঞানীয়ে আইনষ্টাইনক উঠি গৈ বিনম্ৰভাবে ক’লে “আইনষ্টাইন, তোমাৰ বেহেলাৰ সুৰ শুনি আমি মুগ্ধ হ’লো। খন্তেক স্তব্ধ কৰাঁ। আমি আহাৰ খাই লওঁ। তাৰ পিছত আকৌ শুনিম।” উক্ত কথাষাৰৰ পিছতহে আইনষ্টাইনে গম পালে যে তেওঁলোকে প্ৰকৃততে আহাৰ খাবলৈহে আহিছিল।

এলবাৰ্ট আইনষ্টাইন
Albert Einstein

About the Author

Shivanga

শিৱাংগ কুমাৰ গগৈ

Writer & Blogger

Posts of this Author

Leave a Comment

Your email address will not be published. Required fields are marked *