চমু পৰিচয়

অসম নামৰ উৎপওি

‘অসম’ নামটোৰ উৎপওি সম্বন্ধে সঠিককৈ ক’ব নোৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ৰাজ্য নামেৰে প্ৰসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্রাগজ্যোতিষপুৰ (পূবৰ পোহৰৰ নগৰ) গুৱাহাটী বা তাৰ দাঁতি-কাষৰীয়া অঞ্চল। ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত ‘অসম’ নামটোৰ প্ৰচলন হয়। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়।

অসম নামৰ উৎপওি সম্বন্ধে কোনো পণ্ডিতে পোষণ কৰে যে, এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবেই ইয়াৰ নাম অসম হ’ল। আনহাতে, এনেকুৱাও হ’ব পাৰে যে, প্রাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো নাই বাবে অসমৰ নাম ‘অ-সম’ হ’ল।  কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই ‘আহোম’ শব্দটোৰ পৰা অসম হৈছে। কিন্তু অসম শব্দটোৰ পৰা আহেম হৈছেনে, আহোম শব্দটোৰ পৰা অসম হৈছে,  তাক সঠিককৈ ক’ব নোৱাৰি । সংস্কৃতত “অ সম’ শব্দটোৰ অর্থ ‘যাৰ সমন কোনো নাই’ অথবা প্রতিদ্বন্দ্বীহীন, অদ্বিতীয়। অর্থাৎ, এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু কোনো ক’তো নাই। ডঃ ৰাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে ‘আ-ছাম’ শব্দৰ জন্ম হৈছে। টাই আৰু প্রাচীন আহোম ভাষাত ‘ছাম’ মানে পৰাজিত। তাৰ লগত অসমীয়া ‘আ’ উপসর্গ যোগ কৰিলে হয় ‘আছাম’, অর্থাৎ, অপৰাজেয় অথবা বিজয়ী। পণ্ডিত বেডেন পাৱেলে তেওঁৰ Indian Village Community নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ ‘ছো-ছাম’ (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে।

অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰ পৰা “আছাম’ আৰু ‘আসাম’ শব্দ দুটা প্রচলিত হৈ পৰে। শেষত এই ভূখণ্ড ‘অসম’ আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বোলা হ’ল। ইংৰাজসকলেই ‘অসম’ বা ‘আসাম’ৰ ইংৰাজী ASSAM বুলি লিপ্যন্তৰ কৰে।

অৱস্থিতি

অসম ভাৰতৰ উত্তৰ-পূব কোণত অৱস্থিত এখন ৰাজ্য। ভৌগোলিক অৱস্থান অনুসৰি অসম ২৪ ডিগ্ৰীৰ পৰা ২৮ ডিগ্রী উওৰ অক্ষাংশ আৰু প্রায় ৯০ ডিগ্ৰীৰ পৰা ৯৭ ডিগ্রী পূর্ব দ্রাঘিমাংশত অৱস্থিত।

চাৰিসীমা

Boundary States of Assam অসম
Photo Courtesy: wikimedia

অসমৰ উত্তৰে অৰুণাচল প্রদেশ আৰু ভূটান; পূবে অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মণিপুৰ; দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা; পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ । ৰাজ্যখনৰ উত্তৰ-পশ্চিম দিশৰ এক অতি ঠেক ভূখণ্ডৰ জৰিয়তে অসম ভৌগলিকভাৱে ভাৰতৰ আন অংশৰ সৈতে সংলগ্ন।

মাটিকালি

৭৮, ৪৩৮ বর্গ কিলোমিটাৰ।

প্রাকৃতিক বিভাগ

অসমৰ ঘাই প্রাকৃতিক বিভাগ তিনিটা। উত্তৰত পূবা-পশ্চিমাকৈ (১) ব্রহ্মপুত্র উপত্যকা, দক্ষিণত (২) বৰাক উপত্যকা আৰু এই দুই উপত্যকাৰ মাজত (৩) কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল।

প্রধান নদী

অসমত অসংখ্য নদী আছে যদিও প্রধান নদী প্রকৃততে দুখন ব্ৰহ্মপুত্ৰ আৰু বৰাক। বাকীবোৰ এই দুখন মূল নৈৰ উপনদীহে। ব্রহ্মপুত্র নদী হিমালয়ৰ মানস সৰোবৰৰ পৰা অলপ পূর্বফালে অৱস্থিত ‘টামচুক খামবাৰ’ নামৰ এটা হিমবাহৰ (প্রায় ৩১ ডিগ্রী উওৰ অৰেখা আৰু ৪২ ডিগ্রী পূর্ব দ্রাঘিমা) পৰা উৎপত্তি হৈছে আৰু বিভিন্ন নামেৰে এই নদী বৈ আহি অসমৰ মাজেদি গৈ বংগোপসাগৰত পৰিছে। ব্রহ্মপুত্র নদী দীঘলে প্রায় ২,৮৮০ কিলোমিটাৰ। এই নদী প্রায় ৭২৫ কিলোমিটাৰ জুৰি অসমৰ মাজেদি বৈ গৈছে।

অসমৰ আন এখন ঘাই নদী বৰাক। প্রায় ৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰাক নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈ মণিপুৰৰ মাজেৰে বৈ গৈ কাছাৰ জিলাত সোমাই বদৰপুৰৰ ওচৰৰ সুৰমা আৰু কুশীয়াৰা নামে দুটা শাখাত বিভক্ত হৈ বাংলাদেশত সোমাইছে। আৰু শেষত মেঘনা নামেৰে মিলিত হৈ ব্ৰহ্মপুত্ৰত (পদ্মা) পৰিছে।

ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ

সোৱণশিৰী, জীয়াভৰলী, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, ন-দিহিং, দিচাং, দিখৌ, জাঁজী, ভোগদৈ, ধনশিৰি, কপিলী, জীয়াঢল, ৰঙানৈ, দিক্রং, বুৰৈ, বৰগাং, চম্পাৱতী, সৰলভাঙা, সোণকোষ, ডিব্ৰু, বুঢ়ীদিহিং, ডিগাৰু, কুলসী, শিংৰা, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি।

বৰাকৰ উপনদীসমূহ

যদুকাটা, জিৰি, জাতিংগা, বগাপানী, সোণাই, লংগাই, শিংৰা, ৰাকনি, ধলেশ্বৰী, মাধুৰা, চিৰি আদি।

অসমৰ আন কেইখনমান প্রধান উপনদী

নদী                          উপনদী 
সোৱণশিৰি           চাৰিকৰীয়া, কুমতীয়া, জীয়াল
ন-দিহিং           ডিৰাক
বুঢ়ীদিহিং           টিপলিং, টিংৰাই, নামচাং, চেঁচা
কাকডোঙা           ধলী
ধনশিৰি            দৈয়াং, নামবৰ, কলিয়নী
মানাহ            আই
কপিলী            বৰাপানী, যমুনা, কিলিং

          

সমুদ্র পৃষ্ঠৰ পৰা উচ্চতা

অসম সমুদ্র পৃষ্ঠৰ পৰা গড়ে প্রায় ৭৯.৫ মিটাৰ উচ্চতাত অৱস্থিত : শদিয়া ১৩৪ মিটাৰ, ডিব্ৰুগড় ১০৪ মিটাৰ, গুৱাহাটী ৫০ মিটাৰ, গোৱালপাৰা ৩৭ মিটাৰ আৰু ধুবুৰী ২৮ মিটাৰ

গড় তাপমান

অসমৰ তাপমান গ্ৰীষ্মকালত সৰ্বোচ্চ গড়ে ৩০ ডিগ্রী সেলছিয়াছ আৰু শীতকালত গড়ে ১৬ ডিগ্রী সেলছিয়াছৰ মাজত থাকে।

বৰষুণৰ পৰিমাণ

অসম মৌচুমী অঞ্চলৰ ভিতৰতে এখন অধিক বৰষুণ হোৱা ঠাই। ইয়াৰ গড় বৰষুণ বছৰি ১৭৮ লিমিটাৰৰ পৰা ৩০৫ চেণ্টিমিটাৰ। সাধাৰণতে জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ইয়াত বৰষুণ হয়।

জলবায়ু

অসমৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মোচুমী জলবায়ু। দাক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছে। অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক। অসমৰ জলবায়ুক (১) শীত, (২) প্রাক্ মৌচুমী, (৩) মৌচুমী আৰু (৪) উত্তৰ মৌচুমী,- এই চাৰিটা ঋতুত ভগাব পাৰি। নৱেম্বৰ-জানুৱাৰীঃ শীত; ফেব্ৰুৱাৰী-এপ্রিলঃ প্ৰাক্‌মৌচুমী; মে’-জুলাইঃ মৌচুমী; আগষ্ট-অক্টোবৰঃ উত্তৰ মৌচুমী। অসমত গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য অংশতকৈ তুলনামূলকভাৱে কম; শীতকালতো জাৰৰ মাত্রা তীব্র নহয়।

প্রধান পাহাৰ

কাৰ্বি পাহাৰ, বৰাইল, বুঢ়া পাহাৰ, নীলাচল, ভোমোৰাগুৰি, শ্রীসূর্য, চৰাইদেউ, পঞ্চৰত্ন ৰাক্ষসিনী, পাগলাটেক, টুক্ৰেশ্বৰী, ৰেংমা, চিত্ৰাচল, নৱগ্রহ, নখোলা আদি।

শৃংগ

সিংহাসন (উচ্চতা ১,৩৫৯ মিটাৰ), ডামবুকছাে (১,৩৬১ মিটাৰ)। দুয়ােটা শৃংগ কাবি পাহাৰ আৰু উৰ কাছাৰ পাহাৰৰ মালভূমি অঞ্চলত অৱস্থিত।

প্রধান বিল/ পুখুৰী

বগীবিল (ডিব্ৰুগড়),কাৱৈমাৰী, দীপৰ (কামৰূপ), চানডুবি (কামৰূপ), গেলাবিল (গোলাঘাট), মেৰবিল (ডিব্ৰুগড়), শনবিল (কৰিমগঞ্জ), টাইপাৰঝাৰ (কোকৰাঝাৰ), তামৰাঙা (গোৱালপাৰা), উৰপদ (গোৱালপাৰা), দলনি (বঙাইগাঁও), মৰিকলং (নগাঁও), কাছমাৰীজান, বৰডুবি, হাফলং লেক, পদুম পুখুৰী (তেজপুৰ), শিৱসাগৰ পুখুৰী (শিৱসাগৰ), জয়সাগৰ পুখুৰী (শিৱসাগৰ), ৰাজমাও পুখুৰী (যোৰহাট), দীঘলী বিল (ডিব্ৰুগড়), ৰাতা বিল (কৰিমগঞ্জ) আদি।

উত্সঃ নতুন জানানে / শান্তনু কৌশিক বৰুৱা আৰু প্ৰীতিমা কৌশিক বৰুৱা

© শান্তনু কৌশিক বৰুৱা আৰু প্ৰীতিমা কৌশিক বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *