বয়ঃ সন্ধি, কৈশোৰৰ অপৰাধ প্ৰৱণতা || Adolescence, Adolescent Crime Trends
প্রতিজন ব্যক্তিৰ জীৱনলৈ বয়ঃ সন্ধিৰ যোগ আহেই। এইটো প্রাকৃতিক নিয়ম। কিন্তু যুগৰ পৰিবৰ্তনৰ লগত এই বয়ঃসন্ধিৰ পৰিবৰ্তন কেৱল নিজৰেই অনুভূত নহয়। পৰিয়ালৰ লোকসকল, শিক্ষক শিক্ষয়িত্ৰী আৰু ওচৰ চুবুৰীয়াৰ সেয়া দৃষ্টি গোচৰ হয়। কিছুমান পৰিবৰ্তন একেবাৰেই স্বাভাৱিক। ১০-১৩ বছৰ বয়সত দেহৰ গঠন দ্রুত গতিত বাঢ়িবলৈ ধৰে। মাত গলগলীয়া, লাজুক, সংবেদনশীল অনুসন্ধিৎসু আৰু নির্জনতা প্রিয় হয়। কন্যা সন্তানৰ ক্ষেত্ৰত ইয়াৰ প্ৰাবল্য বেছি হোৱাৰ দেখা যায়। এই সময়ছোৱাতেই কন্যাকাল প্রাপ্তিও হয়।
বিশ্বায়নে আনি দিয়া পণ্যদ্ৰব্যৰ বিপুল সম্ভাৰে মন থৌকি-বাথৌ কৰি তোলে। ভি.ভি. পর্দাত ধাৰাবাহিক ভাৱে দেখুৱাই থকা বিজ্ঞাপনবোৰ কিশোৰকিশোৰীয়ে চোৱাৰ অনুপযুক্ত। প্রাপ্ত বয়স্ক সকলেও বহুতে তেনে বিজ্ঞাপন চাইনাক কেঁাঁচাবলগীয়া হয়। তি.ভি. পৰ্দাত যিবোৰ ধাৰাবাহিক আৰু বৰ্তমানৰ বোলছবি দেখুওৱা হয় সেইবোৰো এই বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কেৱল ছোৱাৰ অনুপযোগী নহয়, এইবোৰ তেওঁলোকৰ মগজুৰ বিকাশ, বৌদ্ধিক বিকাশৰ প্ৰধান অন্তৰায়। কিঞ্চিতমান পোছাক, প্রেমিক-প্রেমিকাৰ মাজত হোৱা আলাপ আৰু যৌন উত্তেজক নৃত্য-গীত, সঘনাই গুলিয়া-গুলি, মাৰ-পিত হত্যা কাণ্ড আদি দৃশ্যবোৰ চাই কিশোৰ-কিশোৰীসকলৰ মন উদ্ভ্ৰান্ত হৈ পৰে। আমি নিৰস দৰ্শক হৈ তামাচা চাইছোঁ হওক। জ্ঞান বুদ্ধি, বৌদ্ধিক বিকাশৰ বিপৰীতে তেওঁলোক উচ্ছৃংখল আৰু অকালপব্ধ হৈ পৰে। তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে যিকোনো নকৰিবলগীয়া কাম কৰিবলৈ সুবিধা বিচাৰি ফুৰে। বোলছবিৰ নায়ক-নায়িকাৰ দৰে সাজ-পোছাক, খোজ-কাটল আৰু বোলছবি মার্কা সংলাপ ক’বলৈ আৰম্ভ কৰে। দ্রুত বেগত মতৰ-বাইক চলোৱা, গাড়ী চলোৱা আদি কাৰ্যৰ প্ৰতি আকৃষ্ট হৈ পৰে। নিজৰ জীৱনটো বোলছবিত দেখুওৱা নায়ক, নায়িকাৰ দৰে দুঃসাহসিক কামৰ প্ৰতি আকৰ্ষিত হয়। আৰু তেনে কাম কৰিবলৈ মন উচ-পিচাই থাকে।
জন্ম হওঁতেই কোনেও ভাল-বেয়া হৈ জন্ম গ্ৰহণ নকৰে। এই ভাল বেয়াটো প্রথমেই ঘৰুৱা পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰে। ক্রমান্বয়ে সামাজিক আৰু প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ আহি পৰে। শিশুৰ অনুসন্ধিৎসু মনৰ খুদুৱনি সাৰিব নোৱাৰিলে বৌদ্ধিক বিকাশ হয় স্থবিৰ হৈ পৰিব, নহয় লেহেমীয়া হ’ব। প্রশ্ন কৰাটো শিশুৰ এটা ভাল গুণ। সেই প্রশ্নৰ উত্তৰ ঘৰতে হওক বা বিদ্যালয়তেই হওক শুদ্ধকৈ দিব লাগে। দাবি -ধমকি দি শিশুক প্রশ্ন কৰাত বাধা আৰোপ কৰিব নালাগে। কোনো প্ৰশ্নৰ উত্তৰ সঠিককৈ দিব নোৱাৰিলে শুদ্ধ উত্তৰটো বিচাৰি উলিয়াই শিশুক জনাব লাগে । পৰিয়ালৰ ভিতৰতে অযথা চিঞৰ-বাখৰ, হাই কাজিয়া দেখি থাকিলে শিশুৰ কোমল মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব। আৰু সি অৱচেতন মনত ৰৈ গৈ পিছলৈ দ্বিধাগ্ৰস্ত হৈ পৰিব। সেয়েহে ঘৰত সুস্থ শান্ত পৰিৱেশত শিশুক ডাঙৰ দীঘল হ’বলৈ দিব লাগেচাফ-চিকুন আৰু পাৰিপাতি ঘৰ এখনত ডাঙৰ হোৱা শিশুৱে নিজেও তেনে হ’বলৈ অভ্যাস কৰে। শিশুৰ শাৰীৰিক, মানসিক শ্রী বৃদ্ধিত সহায়ক হোৱা সুষম খাদ্য দিয়াটো বাঞ্ছনীয়। শিশুয়ে বিচাৰিলেও স্বাস্থ্য হানিকাৰক খাদ্য যেনে বজাৰত পোৱা শীতল পানীয়, চিপচ্ আদি খাবলৈ দিব নালাগে। ভালকে বুজাই-বঢ়াই সেই বিলাকৰ ক্ষতি-কাৰক পার্শ্বক্রিয়া সম্পর্কে সজাগ হ’বলৈ শিকাব লাগে।
কৈশোৰ আৰু প্ৰাক যৌৱনত তেওঁলোকে কেনেধৰণৰ সংগত থাকিবলৈ, খেলিবলৈ, ফুৰিবলৈ ভাল পায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সন্দেহ জনক চৰিত্ৰৰ সমনীয়াৰ লগ এৰুৱাবলৈ অতি সাৱধানে চেষ্টা কৰিব লাগে। অভিভাৱকে নোসোধাকে যাতে কেনিও ওলাই নাযায় তাৰ প্ৰতিও চোকা দৃষ্টি ৰাখিব লাগিব। অলপতে অসমৰ কেইবাখনো উচ্চ আদৰ্শৰ বুলি স্বীকৃত বিদ্যালয়ত যি অনৈতিক ঘটনা আৰু অপৰাধ সংঘটিত হৈছে সেই কথাতো অভিভাৱক সকলে নিশ্চয় অনুধাৱন কৰিব পাৰিছে। গতিকে বিদ্যালয়ৰ পৰা অহাৰ পিছত আৰু বিদ্যালয় বন্ধ থকা দিনত ক’ত কাৰ সংগত কি কাৰণত কোন সময়ত ছাত্ৰ-ছাত্ৰী ঘৰৰ পৰা বাহিৰলৈ যায় তাৰ প্ৰতি পিতৃ-মাতৃ অভিভাৱকৰ এৰাব নোৱাৰা দায়িত্ব আৰু কৰ্তব্য আছে।
এইড্চ আৰু পৰিয়াল পৰিকল্পনা শিতানতো যিবোৰ কথা কোৱা হয় আৰু যিধৰণৰ ব্যৱস্থা পত্ৰ দিয়া হয় সেইবিলাকৰ পৰাও কু-কৰ্ম কৰিবলৈ প্ৰলোভিত হয়। সেয়েহে প্রাপ্তবয়স্ক নোহোৱা পর্যন্ত কিশোৰ কিশোৰীৰ মন শান্ত আৰু নিষ্পাপ থাকিবলৈ তেনে বোলছবি, বিজ্ঞাপন আদি উপভোগ কৰাত ঘৰত বাধা আৰোপ কৰিব লাগে। তি.ভি.ত কি কি অনুষ্ঠান চাব আৰু দিনটোত কিমান সময় চাব তাক স্পষ্ট কৰি দিব লাগে। কোনো কাৰণতে এই সময় দিনটোৰ ভিতৰত ৪৫ মিনিত – ৬০ মিনিতৰ বেছি হ’ব নালাগে। ৰাতি ১০ বজাৰ পিছত কোনো কাৰণতেই তি.ভি.ৰ সন্মুখত বহি থাকিব দিব নালাগে।
কিশোৰ-কিশোৰী সকলক দেশৰ সম্পদৰূপে গঢ় দিবলৈ কেৱল বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়েই যথেষ্ট নহয়। নিজৰ ঘৰখনেই এখন বিশ্ববিদ্যালয়। ঘৰতেই কিছু সামজিক ৰীতি নীতি, আচৰণ আৰু নিজৰ সংস্কৃতিৰ প্ৰতি শ্রদ্ধা গঢ়ি তুলিব লাগিব। মন কৰিব, শিশুটি প্রথমেই আপোনাৰ সন্তানহে। ভৱিষ্যতে এজন সু নাগৰিক হৈ উঠিলে কেৱল আপোনাৰেই গৌৰৱ নহয়, সমাজৰো গৌৰৱ, দেশৰো গৌৰৱ।