পতংগৰ বিচিত্র জগত || The strange world of Insects

পতংগৰ বিচিত্র জগত || The strange world of Insects

The strange world of Insects

পৃথিৱীৰ প্ৰতিটো চুকে কোণে পতংগ বিৰাজমান। নদ, নদী, হ্ৰদৰ পাৰ, অন্ধকাৰময় গভীৰ স্থানত, আমাৰ আশেপাশে এই সকলোতে এইবিধ জীৱ পোৱা যায়। তাৰে কিছুমান থাকে আকাশত কিছুমান থাকে বতাহত আৰু কিছুমান থাকে পানীৰ মাজত। কিছুমান পতংগ ইমানেই ক্ষুদ্র যে সিহঁতক খালী চকুৰে দেখাই পোৱা নাযায়। সাধাৰণতে আমি দেখা পতংগৰ ভিতৰত পৰুৱা, মৌ মাখি আদি শক্তিশালী পতংগ। এটা মৌ মাখিয়ে প্রতি চেকেণ্ডত এহেজাৰ বাৰ পাখি কোবাব পাৰে। প্ৰাচীন সৰীসৃপ বিলাকতকৈ বহু নিযুত বছৰৰ আগৰে পৰাই পতংগবোৰে পৃথিৱীত বাস কৰি আহিছে।

পতংগ মানেনো কি? পতংগ মানে হ’ল তিনিটা অংশ বিশিষ্ট এটা দেহ, মূৰ, বুকু আৰু পেট থকা এবিধ জীৱ৷ ইহঁত অমেৰুদণ্ডী আৰু সন্ধি থকা সন্ধিপদী বা আৰ্থপ’ডা পৰ্বৰ অন্তৰ্গত। পতংগবোৰ বিভিন্ন আকাব বা আকৃতিৰ। ইহঁতৰ মাজৰে কিছুমানক আকৌ অনুবীক্ষণ যন্ত্ৰৰে চালেহে দেখা যায়। পতংগই পুঞ্জাক্ষী নামৰ এক অংগৰ সহায়ত মূৰটো নুঘূৰোৱাকৈয়ে কেইবা দিশেও লক্ষ্য কৰিব পাৰে। পতংগৰ মূৰৰ ওপৰত দুডাল শুং থাকে। এই শুং দুডালৰ সহায়ত পতংগই স্পৰ্শ, স্বাদ আৰু গোন্ধ পায়।

পতংগৰ দেহত ছটাকৈ ঠেং আৰু উৰিবলৈ দুখন পাখি থাকে। অধিক সংখ্যক পতংগৰ ক্ষেত্ৰত এনে হোৱা দেখা যায়। (অৱশ্যে সকলো পতংগৰ ক্ষেত্ৰত নহয়।)

পতংগৰ সীমিত সংখ্যকৰহে কাণ আছে। শ্রৱণেন্দ্ৰিয় থকা পতংগৰ ভিতৰত ফৰিং, উইচিৰিঙা, ফৰিঙৰ লগত সাদৃশ্য থকা যথ। আমেৰিকাত থকা এবিধ পতংগ, জিলি আৰু কাকতী ফৰিং বুলি জনাজাত, মূৰত শিঙৰ দৰে এটা চুটি অংগ থকা ফৰিং বিধৰ পেটৰ কাষত শুনিবৰ কাৰণে অংগ থাকে। আনহাতে প্রায়বিলাক পতংগৰ গাত কিছুমান নোম থাকে। আৰু যেতিয়া সেইবোৰ কঁপি উঠে তেতিয়া সিহঁতে গম পায় যে কিবা এটা সিহঁতৰ ফালে আগুৱাই আহিছে। শব্দ সম্পর্কে জানিবলৈ সিহঁতে শুং কেইডাল ব্যৱহাৰ কৰে। আমি ফৰিং বা উইচিৰিঙাই চেঁচেয়াই গীত জোৰা শুনিছোঁ। মতা উঁইচিৰিঙাই মাটিত লেপেটা খাই তাৰ আগ পাখি দুখনি ঘঁহাই গীতৰ সৃষ্টি কৰে। মতা উইচিৰিঙাটোবে মাইকী জনীক কাষলৈ মাতিবলৈ তেনেদৰে চিঞৰে। উঁই চিৰিঙাৰ কাণ আছে কাৰণে মাইকী উঁইচিৰিঙাজনীয়েও তালৈ সঁহাৰি জনায়।

পৰুৱা, উই পোক, মৌ মাখিৰ দৰে কিছুমান পতংগ সামাজিক পতংগ বোলা হয়। কিয়নো সিহঁতে দল বান্ধি কাম কৰি ভাল পায় ৷

সকলো জীৱিত প্ৰাণীৰ দৰে পতংগয়ো পৃথিৱীলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। এজোপা উদ্ভিদৰ পৰা আন এজোপা উদ্ভিদলৈ ৰেণু কঢ়িয়াই নিয়াত বিভিন্ন পখিলা জাতীয় পতংগই অংশ গ্ৰহণ কৰে গুবৰুৱাৰ দৰে কিছুমান পতংগই উদ্ভিদ অনিষ্টকাৰী ভক্ষকৰ পৰা বাগিছা খনক ৰক্ষা কৰে। তাৰ উপৰিও পাট পলুৱে স্তা দি মানুহক প্রত্যক্ষভাৱে সহায় কৰে। আনকি পৰুৱাৰ দৰে কিছুমান প্ৰাণীয়ে মৃতপ্ৰাণী আৰু পেলনীয়া বস্তু টানি খায়, জাবৰ চাফা কৰাত সহায় কৰে।

মুঠৰ ওপৰত প্ৰাকৃতিক জগতখনত পতংগই আদান-প্ৰদানৰ যোগেদি পৰস্পৰৰ ওপৰত নিৰ্ভৰশীলতা গঢ়ি তোলে। সেই কাৰণেই পতংগ বিলাক এই জগতৰ অবিচ্ছেদ্য অংগ।

About the Author

Shivanga

শিৱাংগ কুমাৰ গগৈ

Writer & Blogger

Posts of this Author

Leave a Comment

Your email address will not be published. Required fields are marked *