চকলেটৰ মিঠা ইতিহাস || Sweet History of Chocolate

চকলেতৰ মিঠা ইতিহাস || Sweet History of Chocolate

Chocholate

চকলেতৰ ব্যৱহাৰ সভ্য সমাজত প্ৰথম আৰম্ভ হয় স্পেইনত। আমেৰিকা আৱিষ্কাৰৰ পাছত স্পেইনৰ বহু মানুহ গৈ তাত বসতি স্থাপন কৰে। সেই সময়ত তেওঁলোকৰ দৃষ্টিগোচৰ হ’ল যে, মেক্সিকোৰ স্থানীয় নিবাসীসকলে এবিধ ফলৰ বীজৰ পৰা পানীয় তৈয়াৰ কৰি খায়। চলিত ভাষাত সেই গছজোপাৰ নাম ‘চকোলেতল’। দিনটোৰ অশেষ পৰিশ্ৰমৰ অন্তত সেই পানীয় সেৱন কৰিলে তেওঁলোকৰ ক্লান্তি দূৰ হয়। এই খবৰ উদ্ধাৰ কৰাৰ পাছত স্পেইনবাসী অতি আনন্দিত হ’ল। তেওঁলোকে আমেৰিকাৰ পৰা এই ক্লান্তি দূৰকাৰী ফলবিধ সংগ্ৰহ কৰি জাহাজত বোজাই কৰি নিজদেশলৈ পঠিওৱা আৰম্ভ কৰিলে৷ স্পেইনত সেইবোৰৰ পৰা পানীয় তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰা আৰম্ভ হৈছিল।

ইংলেন্দত প্রথম চকলেত কাৰখানা প্রতিষ্ঠা হয় ১৭৩০ চনত ব্ৰিস্তলত ‘ফ্রাই এন্দ চন্স’ কোম্পানীৰ দ্বাৰা। ১৭৭৬ চনত পেৰিচত প্ৰথম ‘চকোলেচিয়াৰ ৰয়েল’ আৰু জাৰ্মানীত স্তিন হান্ত নামৰ এজন ব্যক্তিয়ে ১৭৫৪ চনত সৰ্বপ্ৰথম চকলেতৰ কাৰখানা খোলাৰ কথা জনা যায়। বহুতে চুইজাৰলেন্দৰ ভেঙিত ১৮১৯ চনত চকলেত প্রথম উৎপাদন কৰা হয় বুলি ক’ব খোজে। ১৮২৬ চনত ইলেন্দত চকলেত লজেন্স প্ৰস্তুত কৰি ক্লান্তি নিৰাময়ৰ ঔষধৰূপে ব্যৱহাৰ কৰা হৈছিল। ১৮৪২ চনত জন কেদ্‌বেৰিয়ে বার্মিংহামত ‘ফ্রেন্স ইতিং চকলেত’ নামৰ চকলেত প্ৰস্তুত কৰি বিক্ৰী কৰে। প্ৰথম চকলেতৰ বাকচ উলিয়ায় কেবেৰি কোম্পানীয়ে ১৮৬৬ চনত। এই কেদবেৰি চকলেত আজিও জনপ্রিয়।

চকোলেতল গছৰ লেতিন নাম হ’ল – The cloroma cocao। সাধাৰণতে এই গছবোৰ ২৫-২৬ ফুত ওখ হয়। কেতিয়াবা ৪০ ফুত ওখ হোৱাও দেখা যায়। চকলেতৰ প্ৰস্তুত প্ৰণালী কিছু জটিল। প্রথমে চকলেত লিকাৰ প্ৰস্তুত কৰি পাছত ঘন অৱস্থাত চকলেত ‘বাৰ’ তৈয়াৰ কৰা হয়। চকলেত বাৰৰ লগত নানা উপকৰণ, যেনে – চেনি, চকলেত বাতাৰ ইত্যাদি মিহলোৱা হয়।

Shivanga

শিৱাংগ কুমাৰ গগৈ

Writer & Blogger

Posts of this Author

Leave a Comment

Your email address will not be published. Required fields are marked *