পাণ্ডাৰ অভয়াৰণ্য ৱলং Panda’s Sanctuary Wolong

ৱলং (Wolong) অভয়াৰণ্যখন মধ্য চীন দেশত অৱস্থিত। ৱলং অভয়াৰণ্য প্রাকৃতিক শোভাৰে ভৰা আৰু বিভিন্ন বন-বিৰিখ দেখা পোৱা যায়। সাগৰপৃষ্ঠৰপৰা ৪০০০ মিটাৰ উচ্চতালৈকে চিৰসেউজ, পর্ণপাতি আৰু সৰল অৰণ্যৰে ভৰা। চাৰি হাজাৰ মিটাৰ উচ্চতাৰপৰা ক্রমে ওপৰলৈ গছ-গছনি নোহোৱা হৈ পৰে আৰু ৪৫০০ মিটাৰ মানত কেৱল উন্মুক্ত শিলেৰে ভৰা। চীনৰ দক্ষিণে হিমালয় পর্বত লানি; যি হিমালয় আমাৰ দেশৰ উত্তৰে আছে। সেয়েহে হিমালয় অঞ্চলৰ প্রাকৃতিক পৰিৱেশ আমাৰ সৈতে একে। ৱলং অভয়াৰণ্য পাণ্ডাৰ বাবে বিখ্যাত; যিদৰে কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত।

Wolong Sanctuary

‘পাণ্ডা’ হ’ল বিশ্বৰ এবিধ বিপন্ন প্রাণী। এই অভয়াৰণ্যখনৰ আৰু কেইবিধমান দুষ্প্রাপ্য প্রাণী হ’ল গোধা নাহৰফুটুকী, হিম নাহৰফুটুকী আৰু কস্তুৰী পহু। গঁড়ৰ শিঙৰ মূল্যৰ দৰে কস্তুৰী সুগন্ধিৰ বাবেও এইবিধ পহু মূল্যবান। সুগন্ধি হিচাপে কস্তুৰীৰ মূল্য কিলোগ্রামত ২০ লাখ টকা। ১৮৬০ চনত ৱলং অভয়াৰণ্যত পাণ্ডাৰ আৱিষ্কাৰ হৈছিল। লং অভয়াৰণ্যত ৭০ টামান জায়েন্ট পাণ্ডা আছে। এনে বৃহৎ সংখ্যক পাণ্ডা একে ঠাইতে আন ক’তো পোৱা নাযায়। ইহঁতে বাঁহৰ কুমলীয়া পাত খাই জীৱন- নির্বাহ কৰে।

ৱলং

নাহৰফুটুকী বাঘে গছত বগাব পাৰে। ইহঁতে সাধাৰণতে দোকমোকালি সময়ত চিকাৰ কৰে। ইহঁতে হৰিণা, গাহৰি, ভেড়া আদি চিকাৰ কৰে। আনকি ইহঁতে চৰাই আৰু নিগনি, এন্দুৰো চিকাৰ কৰে। হিম নাহৰফুটুকীবোৰক সিহঁতৰ উমান ছালখনৰ বাবে মানুহে বধ কৰি আহিছে। ফলত দিনক দিনে সিহঁতৰ সংখ্যা কমি বর্তমান বিপন্ন অৱস্থা পাইছেহি। ৱলং অভয়াৰণ্য দুষ্প্রাপ্য চৰাইৰ বাবেও জনাজাত। ট্রেগোপান আৰু চীন দেশীয় ডঁৰিক চৰাইৰ বাসভূমি ৱলং অভয়াৰণ্য। এতিয়া অভয়াৰণ্যখনৰ গছ-গছনি কটা নিষেধ আৰু বন্যপ্রাণী সংৰক্ষণৰ বাবে চেষ্টা চলাই আহিছে।

#ৱলং
#Wolong

www.gyanodaya.co.in

Leave a Comment

Your email address will not be published. Required fields are marked *