প্রযুক্তি আৰু সাগৰৰ ব্যৱহাৰ || Technology and the Use of the Sea

প্রযুক্তি আৰু সাগৰৰ ব্যৱহাৰ || Technology and the Use of the Sea

Technology

‘সাগৰ দেখিছা? দেখা নাই কেতিয়াও ? ময়ো দেখা নাই। শুনিছোঁ তথাপি নীলিম সলিল ৰাশি বাধাহীন উর্মিমালা আছে দূৰ দিগন্ত বিয়াপি….।’ সাগৰ শব্দটিৰ প্ৰসংগ ওলালেই দেৱকান্ত বৰুৱাৰ উক্ত কবিতা ফাঁকিলৈ মনত পৰে। সাগৰ অতি বিশাল, ই সীমাহীন, লগতে সাগৰ ঐশ্বর্যশালী; সৌন্দর্যময়।

বিজ্ঞানৰ দ্ৰুত হাৰত হোৱা অগ্ৰগতিৰ লগে-লগে প্ৰযুক্তিৰ নৱ নৱ উদ্ভাৱনেৰে মানৱ জাতিয়ে পৃথিৱীক যি ৰূপ দিছে সেয়া সকলোৰে বাবেই আশ্চর্যজনক। এই ক্ষেত্ৰত মানৱ জাতিয়ে সাগৰকো বাদ দিয়া নাই।

মানৱ জাতি অতিশয় কৌতূহলী, সেয়ে ৰহস্যময়ী অশান্ত সাগৰৰ ৰহস্য ভেদ কৰিবলৈ নতুন নতুন অভিনৱ বাহনৰ (বস্তুৰ) প্ৰয়োজন হৈছে। আৰু এই ক্ষেত্ৰত মানুহ সফলো হৈছে।

সাগৰীয় অধ্যয়নৰ আৰম্ভণি অতি পুৰণি৷ গ্ৰীচৰ এগৰাকী প্ৰাচীন, প্রখ্যাত বুৰঞ্জীবিদ হিৰ’ডটাছৰ টোকা মতে যীশু খ্ৰীষ্টৰ জন্মৰ প্ৰায় ছশ বছৰ মান পূৰ্বেই মানুহে সাগৰৰ গৱেষণা আৰম্ভ কৰিছিল। সেই কালৰ ইজিপ্তৰ ৰজা বা ফাৰাও নিকো আছিল এই ক্ষেত্ৰত আগৰণুৱা ৷

চতুর্থ শতিকাত আটলান্টিক আৰু ভূমধ্য সাগৰ লগ-লগোৱা জিব্রাল্টৰ প্ৰণালী পাৰ হোৱাৰ কথা জনা যায়। এই প্ৰণালীয়ে ইউৰোপ আৰু আফ্রিকা মহাদেশকো লগ-লগাইছে। ইয়াৰ পিছতে পঞ্চদশ শতিকাত কলম্বাচৰ ভাৰতলৈ বুলি সমুদ্ৰ যাত্ৰা আৰু ১৫২২ চনত স্পেইনৰ মেগেলান নামৰ নাৱিক গৰাকীৰ পৃথিৱী ঘূৰাৰ অভিযান উল্লেখযোগ্য। দৰাচলতে ১৮৩১ চনতহে বৈজ্ঞানিক অনুসন্ধানৰ উদ্দেশ্যে উলিৱা সাগৰ অভিযানৰ সূচনা হয় বুলিব পাৰি। এই অভিযানৰ প্ৰধান আছিল ইংলেণ্ডৰ প্ৰখ্যাত জীৱ বিজ্ঞানী চাৰ্লছ ডাউইন৷ তেওঁ ইংলেণ্ডৰ ৰাণীৰ জাহাজ এইচ. এম. এছ. বিগলেৰে পাঁচ বছৰৰ বাবে দক্ষিণ প্রশান্ত মহাসাগৰ অভিমুখে যাত্রা কৰে। এই যাত্ৰাৰ সময়ছোৱাত কৰা অধ্যয়নেৰে তেওঁ তেওঁৰ বিখ্যাত ‘জীৱৰ ক্ৰমবিকাশ’ বোলা মতবাদটি আগবঢ়ায়। এই মতবাদটিয়েই বৰ্তমানৰ জীৱ বিজ্ঞানৰ মাইলৰ খুঁটি।

ইয়াৰ পিছতে ক্রমাগত চেলেঞ্জাৰ, মেটিঅ’ৰ, ডিস্কভাৰি, নটিলাছ আদি জাহাজ আৰু ছাব মেৰিণৰ সহায়ত বিভিন্ন দেশে সাগৰত বিভিন্ন গৱেষণা চলায়। বিজ্ঞানৰ অগ্ৰগতিৰ লগে-লগে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মানুহে সু-সজ্জিত পোছাক ‘স্কিউবা’ পিন্ধি ১৮০ মিটাৰ পৰ্যন্ত গভীৰলৈ যাব পাৰিছিল। এই পোছাকৰ আৱিষ্কাৰৰ লগে লগে মানৱ জাতিয়ে ‘বাথিস্ফেয়েৰ’ নামৰ এবিধ উন্নত তীখাৰ ডাঠবেৰ আৰু আইনা থকা যন্ত্ৰ নিৰ্মাণ কৰে। এই যন্ত্ৰৰ সহায়ত মানুহে ৯০০ মিটাৰ পৰ্যন্ত গভীৰতা লৈ গৈ অধ্যয়ন কৰিব পাৰিছিল। কিছু দিনৰ পিছতে বাথিস্ফিয়েৰতকৈ অধিক উন্নত বাথিস্কেফৰ উদ্ভাৱন কৰা হয়। ইয়েই ছাবমেৰিন। ১৯৬০ চনত ‘ট্ৰিয়েষ্ট’ নামৰ বাথিস্কেফত উঠি দুগৰাকী ফৰাচী গৱেষকে পৃথিৱীৰ গভীৰ্তম খাদ চেলেঞ্জাৰলৈকে নামিব পাৰিছিল। সেই দুঃসাহসিক ব্যক্তি দুজন আছিল জেক পিকাৰ্ড আৰু ড’নাল্ড ৱালাছ। ইয়াৰ পিছত আমেৰিকাৰ নৌ বাহিনীয়ে ১৯৬৪ চনত ছি লেব নামৰ এক বহুমুখী আঁচনি হাতত লয়। তেওঁলোকে ক্রমাগত ১৯৬৪, ১৯৬৫ আৰু ১৯৬৮ চনত তিনিটা অত্যাধুনিক ছিলেব সাগৰলৈ পঠিয়ায়। সাগৰত অনুসন্ধানৰ বাবে ‘টেকটাইট’ নামৰ আন এক ৰাষ্ট্ৰীয় পৰীক্ষাগাৰৰো উন্মোচন কৰিছিল। এই ছি-লেব আৰু টেক-টাইকত সোমাই বিজ্ঞানীসকলে পৃথিৱীৰ ‘দ’ গাত বোৰ পাৰ হৈ পৃথিৱীৰ ভিতৰ ভাগৰ ওপৰত অনুসন্ধান কৰিব বিচাৰিছিল। অর্থাৎ ম’হৰ ওপৰত অধ্যয়ন কৰিব বিচাৰিছিল। (পৃথিৱীৰ ওপৰ ভাগৰ খোলাটো আৰু ভিতৰৰ অংশটো য’ত মিলিত হৈছে তাক ম’হ বোলে।) অৱশ্যে এই ক্ষেত্ৰত মানুহ অধিক সফল হ’ব নোৱাৰিলে।

আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় বিদ্যুৎ শক্তি মানুহে সাগৰৰ পৰাও উৎপন্ন কৰিছে। তাৰে থূল-মূল ধাৰণা এটা এনেধৰণৰ সাগৰীয় জোৱাৰ অহাৰ সময়ত সাগৰৰ গাতে লাগি থকা বৃহৎ বৃহৎ পুখুৰী, হ্রদ আদিবোৰত পানী সোমাবলৈ দিয়া হয় । আৰু ভাটাৰ সময়ত কৌশলেৰে নিয়ন্ত্ৰণ কৰি সেই পানীক ওলাবলৈ দিয়া হয়। বাহিৰত এই পানীৰ গতিয়ে মজুত কৰি ৰখা প্রকাণ্ড প্রকাণ্ড টার্বাইনবোৰ ঘূৰায়৷ তেতিয়াই বিদ্যুৎ উৎপন্ন হয়। পৃথিৱীৰ বৰ্তমানৰ প্ৰযুক্তিসম্পন্ন উন্নত দেশকেইখনমানে সাগৰৰ পৰা বিভিন্ন পদ্ধতিৰে বিদ্যুৎ উৎপন্ন কৰিছে। এই ধৰণৰ আঁচনিক চমুকৈ অ’টেক বোলে। ১৯৭৯ চনত আমেৰিকাই এই আঁচনিৰে প্ৰথমবাৰ বিদ্যুৎ শক্তি উৎপাদন কৰিছিল। পৃথিৱীৰ উন্নত দেশবোৰৰ দৰে সাগৰৰ পৰা বিভিন্ন ব্যৱস্থা আদায় কৰিব নোৱাৰিলেও ভাৰতৰ দৰে নিম্ন মানৰ দেশেও সমুদ্র অভিযানৰ পৰা বঞ্চিত হোৱা নাই।

ভাৰতে পোন প্ৰথমে ১৯৭৫ চনৰ ৩১ ডিচেম্বৰ তাৰিখে বি আৰ গণেশন নামৰ ছাব মেৰিনেৰে গৱেষণা কাৰ্যৰ পাতনি মেলে । ইয়াৰ পিছতে ১৯৮১ চনৰ ৬ ডিচেম্বৰ তাৰিখে ড° এছ জেড কাছিমৰ নেতৃত্বত এটা ভাৰতীয় দল পোন প্ৰথমবাৰৰ বাবে এন্টার্কটিকাত উপস্থিত হয়গৈ৷ ইয়াৰ পিছতো তেওঁলোকে কেইবাবাৰো তালৈ গৈ অধ্যয়ন কৰি আছে। ১৯৮৩-৮৪ চনত দলটোৱে তাত প্ৰথমটো স্থায়ী গৱেষণা কেন্দ্ৰ স্থাপন কৰিছিল৷ আৰু তাৰ নাম দিছিল ‘দক্ষিণ গংগোত্রী’। এনেদৰে তেওঁলোকে ২০০১ চনলৈকে মুঠ ২১ বাৰ অভিযান চলায়। বর্তমান পৃথিবীৰ প্ৰায়বোৰ দেশেই সমুদ্র গৱেষণা কাৰ্যত ভাগ লৈছে। এইদৰে প্ৰযুক্তিৰ নৱ আৱিষ্কাৰ সমূহেৰে সাগৰৰ ৰহস্য ভেদ কৰি গৈ থাকিলে হয়তো এসময়ত আমি সাগৰতো ঘৰ সাজি বাস কৰিব পাৰিম।

About the Author

Shivanga

শিৱাংগ কুমাৰ গগৈ

Writer & Blogger

Posts of this Author

Leave a Comment

Your email address will not be published. Required fields are marked *