Padmanath Gohain Baruah
আধুনিক অসমীয়া সাহিত্যক প্রতিষ্ঠা কৰিবলৈ যি সকল ব্যক্তিয়ে আপ্রাণ চেষ্টা কৰিছিল সেই সকলৰ ভিতৰত পদ্মনাথ গোহাঞি বৰুৱা অন্যতম। তেওঁ আছিল একেধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্রবন্ধকাৰ আৰু সাংবাদিক।
গোহাঞি বৰুৱাৰ জন্ম হয় ১৮৭১ চনৰ আঘোণ মাহৰ ৯ তাৰিখে উত্তৰ লক্ষীমপুৰৰ নকাৰী মৌজাৰ নকাৰী গাঁৱত। তেওঁৰ পিতাকৰ নাম ঘিণাৰাম গোহাঞি বৰুৱা আৰু মাতৃ লম্ভীদেৱী। ১৮৭৯ চনত তেওঁ উত্তৰ লক্ষীমপুৰ প্রাথমিক বিদ্যালয়ত ভর্তি হয়। তাৰ পিছত ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী স্কুলত পঢ়ি, ডিব্ৰুগড় কেন্দ্ৰত পৰীক্ষা পাছ কৰাৰ পাছত তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ যায় আৰু তাৰ ৰিপন কলেজত ভর্তি হয়। তেওঁ কলিকতাত এফ. এ পঢ়োতে চেন্ত জেভিয়ার্চ, জেনেৰেল এচেম্নি আদি কলেজত পঢ়িব লগীয়া হৈছিল।
তেওঁ ওকালতিতো নাম লগাইছিল কিন্তু পঢ়া শেষ নকৰাকৈ অসমলৈ আহে। অসমলৈ আহি কহিমা চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত তেওঁ প্রধান শিক্ষকৰূপে নিযুক্ত হয়। কহিমাত থাকোতে তেওঁ লীলাৱতীৰ লগত বিবাহপাশত আৱদ্ধ হয়। লীলাৱতীৰ অকাল মৃত্যু হোৱাত তেওঁ হীৰাৱতীৰ লগত দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হয়। এওঁৰ গৰ্ভত সাতজনী ছোৱালী আৰু এটি ল’ৰাৰ জন্ম হয়। তেওঁৰ যত্নতে তেজপুৰত নামঘৰ আৰু বাণ ৰংগমঞ্চ স্থাপন হয়। ১৯১৮ চনত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ছাত্র সন্মিলনৰ বার্ষিক অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল।
গোহাঞি বৰুৱাই লক্ষীমপুৰৰ ছাত্রবৃত্তি স্কুলত পঢ়া সময়ৰে পৰা সাহিত্য চর্চা আৰম্ভ কৰিছিল। তেওঁৰ বন্ধ পানীন্দ্রনাথ গগৈৰ লগত লগ লাগি দুয়ে। সাহিত্য সাধনত ব্ৰতী হয়। ১৮৯০ চনত তেওঁ কলিকতাত পা কালত জোনাকীৰ সংস্পৰ্শলৈ আহে। সেই সময়ছোৱাত তেওঁ বেণুধৰ ৰাজখোৱাৰ লগত লগ লাগি ‘ডেকাগাভৰু প্ৰকাশ কৰে। ডেকা-গাভৰু আছিল বিহু গীতৰ এখন গ্রন্থ। এই গ্রন্থখনকে জোনাকীযে অশ্লীল বুলি অভিমত দিয়াত, ৰাজখোৱা আৰু গোহাঞি বৰুৱা ক্ষুন্ন হয়। আৰু তেতিয়াৰে পৰা তেওঁলােকে জোনাকীৰ সৈতে সম্পর্ক ছেদ কৰে। গোহাঞি বৰুৱাই অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া বৰঙণি আগবঢ়াইছে। ছাত্ৰাৱস্থাতে তেওঁৰ বন্ধু পানীন্দ্রনাথ গগৈৰ সৈতে ৰচনা কৰিছিল পদ্মপাণি নামে এখন কবিতা পুথি । তেওঁৰ প্রথম পত্নী লীলাৱতীৰ মৃত্যুত ৰচনা কৰে লীলা কাব্য। তেওঁৰ আন দুখন কবিতা পুথি হ’ল জুৰণি (১৯০১) আৰু ফুলৰ চানেকী (১৯৪১)।
১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। এই সভাৰ প্রথম সভাপতিত্ব কৰা পদ্মনাথ গোহাঞি বৰুৱাই কৈছিল যে “জাতিৰ অন্তৰতম ভাব, চিন্তা, তেজ আৰু প্রতিভা বাজ ওলাবলৈ ভাষা আৰু সাহিত্যৰ বাদে সুগম বাট আন নাই। গতিকে মানুহৰ জাতি আৰু ধর্ম সাহিত্যৰ ভেটি হলেও সি সাহিত্যৰ আঁচলত ধৰিহে আগবাঢ়িব পাৰে।
অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক গোহাঞি বৰুৱাৰ ১৯৪৬ চনৰ এপ্রিল মাহত পৰলোকপ্রাপ্তি হয় ।