এই একপক্ষীয় প্ৰেমৰ অনুভৱ This Feeling of Unilateral Love

এই একপক্ষীয় প্ৰেম বোৰ যে সঁচাকৈ  organic chemistry ৰ reaction বোৰৰ দৰে । এনেই বহুত ভাল লাগে কিন্তু বুজি একো নেপাও । কিয় হয় কেনেকৈ হয় চব মূৰৰ উপৰে যাই । হ’লেও ভাল লাগে । ভাল লাগে অনুভৱ কৰি । Notes book খন লুটিওয়াৰ দৰে তোমাৰ Instagram Account টো কিমান বাৰ চাওঁ ঠিক নাই । তোমাৰ ফটো বোৰৰ উপৰত যদি পৰীক্ষা পাতে মই O+ পাম। এইবোৰে অনুভৱ । ভাল লাগে। তোমাৰ ফটোবোৰো অনুভৱ কৰোঁ । আজি কালি তুমি দিয়া text কেইটাও অনুভৱ কৰোঁ ।

কাণত বাজি আছে আচুৰ্য দাৰ প্ৰিয় গান টো “

“পাৰা যদি হোৱা না মোৰ ,

শিৰে শিৰে বোৱাহি চোন

খালি ৰাখিছোঁ কলিজাৰ এচুক

নোৱাৰিলে নকৰোঁ জোৰ

সামৰিম সপোন বোৰ

নহবা মাথোঁ তুমি দূৰ” ।।

শব্দ কেইটা মোৰ জীৱনক লৈ লিখিছে নেকি ? নে মোৰ মনৰ অব্যক্ত ভাবনাবোৰ । নেজনো। বুজাব নোৱাৰোঁ। এনেকৈ বুকুত কিছুমান অবুজ কথা লৈ আছোঁ । কব মন যাই । কেতিয়াবা চিঞৰি দিব মন যাই। কিন্তু মই আজি বাধাগ্ৰস্ত । হয় বাধা দিয়ে মোক । কিন্তু কোনে ? ভয় !! হয় ভয়ে চাগে । তোমাক হেৰুওৱাৰ ভয় ।ভাল পাওঁ বুলি কৈ দিলে জানো ভাল পাবা তুমি? কিজানি তুমি মোৰ পৰা তেনেকুৱা এটা আশা ই নকৰা । মইও নকৰোঁ । সঁচাকৈ নকৰোঁ জানো ? ওম নকৰোঁ মইও।Unilateral Love

তুমি গুচি যোৱাটো কেতিয়াও আশা নকৰোঁ । মই বিচাৰোঁ তুমি সদাই কাষত থাকা । কষ্ট হ’ব । কিন্তু থাকা । আচলতে কষ্ট হৈছিল । এতিয়া মনটো লগত কিছুমান চুক্তি কৰি ল’লো। কিছুমান মইও compromise কৰিম আৰু কিছুমান মনটোয়ে কৰিব। মই পাৰিম । মনটোৱে পাৰিব জানো? হয়টো নোৱাৰে । আৰে ! নোৱাৰে কাৰণে আজিও এৰি যাব পৰা নাই । এই মনটোক বুজাব নোৱাৰি । মই নিবিচাৰিলেও তোমাক ই সদাই বিচাৰিব ।

সদাই তোমাৰ ফটো খন দুবাৰ তিনিবাৰ চাব । ই যেন কোনোবা CID ডক্তৰ হে । কিবা যেন clue হে পাব । Clue পাই চাগে । তোমাৰ হাঁহিটোত, তোমাৰ চকুযোৰিত সকলোতে কিবা এটা পাই । কি পাই শুধা নাই কেতিয়াও । নুশুধো । মই যদি বিচাৰি নাপাওঁ সেই clue বোৰ। সেইয়া আকৌ ভয়। এই ভয়টো যে কেতিয়াও আতৰি নেজাব । ভয় টো আছেই কাৰণে চাগে তুমিও আছা । কিন্তু কিমান দিন থাকিম।তোমাক কেনেকৈ বুজাম । তুমি জানো বুজি পাবা? নাই এনেকৈ থাকিম । ৫-৬ বছৰ পাৰ কৰিলোঁ যেতিয়া এতিয়া আৰু কি । থাকি যাম এনেকৈ ।কিন্তু মনটো যে বুজনি নলয় । অজানিতে কোনোবা এখিনিত যেন মই মনটোক দুখ দিছোঁ ।একপক্ষীয় প্ৰেম

মনটোৱে বিচাৰিলেও যে মই ক’বলে দিয়া নাই তাক । হয়টো এই ভয়টোৰ কাৰণেই । ভয় কিজানি মই তোমাক হেৰাই পেলাওঁ । আৰু কি জানা পাই হেৰাই যোৱাৰ ভয় বেছি । সম্পৰ্কটোৰ নাম দিলে যদি সকলোবোৰ খেলি মেলি হৈ যায় ? নাই নাই নেলাগে মোক সম্পৰ্কৰ নাম । মই এনেকৈয়ে সুখী আছোঁ। আছোঁ জানো ? হয়তো নাই আৰু হয়তো আছোঁ, কাৰণ তুমি সুখত আছা আৰু তাতকৈ মোৰ বাবে বেছি সুখ কি হ’ব পাৰে ? মুঠতে মই তোমাক কোনো কাৰণতে হেৰুৱাব নোৱাৰোঁ । লাগিলে মনটোক অলপ কষ্টই দিম ।

নাজানো তোমাৰ অনুভৱ কি । কি ভাবা তুমি । কেতিয়াবাচোন ভাল পোৱা লিখিয়া লাগে । সেইটো চাগে মোৰে অনুভৱ । হয় তোমাক ইমান বেছি ভাল পাই পেলাইছো যে তুমি ভাল নেপালেও মনটোক বুজাই লব পৰা হৈছো । কিন্তু কোনোবা এটা চুকত বিষ অনুভৱ হয় । কিহৰ বিষ ? আঘাত পোৱাৰ বিষ ? কিন্তু আঘাত কিহৰ ? এই আঘাত মনৰ ভিতৰত । কৈছিলো যে মনটোক আঘাত দিছোঁ বুলি । হয়টো তাৰে বিষ । কিন্তু এই বিষ আজি কালি পাইও ভাল লাগে ।।অনুভৱ কৰিও ভাল লাগে ।অনুভৱ

সৰুতে কিবা এটা বস্তু ঘৰত বিচাৰিলে নোপোৱাৰ আঘাত অনুভৱ কৰিছিলোঁ । তেতিয়া হয়টো এচুকত বহি কান্দি থাকোতে কেতিয়াও ভবা নাছিলোঁ এই আঘাতে আকৌ বুকুত খুন্দিয়াই যাবহি বুলি । হয়টো কেতিয়াও কল্পনাই কৰা নাছিলোঁ। কল্পনাই কৰা নাছিলোঁ এই আঘাতে ইমান বিষ দিব বুলি । ভয় লাগে এই আঘাতটো হেৰাই যাব বুলি । সেইয়া আকৌ ভয়। কৈছিলো নহয় এই ভয়টো কেতিয়াও আতৰি নেজাই।। সেইকাৰণে আঘাত পাই থকা বিষটো নেযায় । নেযায় নে যাব নিদো ? নেজানো । কিন্তু ভাল লাগে । ভাল লাগে বিষ বোৰ অনুভৱ কৰি । বিষণ্ণতাৰে ভৰি আছে আজি হূদয়। বুজাব নোৱাৰোঁ কি এই প্ৰণয় । কিন্তু ভাল লাগে তুমি তুমি লগা প্ৰতিটো কথা ।দুটি উঠত ৰাখি থোৱা প্ৰতিটো আশা অনুভৱ কৰি ভাল লাগে ।

।।”এয়াই চাগে একপক্ষীয় প্ৰেমৰ অনুভৱ “।।

 

 

#একপক্ষীয় প্ৰেম
#অনুভৱ

www.gyanodaya.co.in

Leave a Comment

Your email address will not be published. Required fields are marked *