উদ্দেশ্য বিহীন Leave a Comment / Poetry (কবিতাৱলী) / By দূৰ্ণ চাংমাই উদ্দেশ্য বিহীন লক্ষ্য বিহীন যাত্ৰা হ’ব খোজোঁউদ্দেশ্যে বিহীন কাহিনী হ’ব বিচাৰোঁনেলাগে দিব একো পৰিণাম –মাথো হ’ব বিচাৰোঁ অন্তহীন অনুভৱদিব বিচাৰোঁ সীমাহীন মৰমঠিক নীলা আকাশৰ দৰে –প্ৰতিটো সময়তে থাকিব বিচাৰোঁ তোমাৰ লগতআঁতৰাব খুঁজিলেও আঁতৰাব নোৱাৰাকে,ঠিক তুমি কথা কওঁতেভূল হোৱা শব্দবোৰৰ দৰে –জীৱন ডায়েৰীৰ প্ৰতিখিলা পৃষ্ঠানহ’ব পাৰে তোমাৰ নামেৰেকিন্তু আটাইতকৈ ভাল লগা পৃষ্ঠাবোৰপূৰণ হওঁক তোমাৰ স্মৃতিৰে। Post Views (this month): 44 Share this on:FacebookTwitterLinkedInWhatsAppTelegramRedditMoreEmailTumblrPinterestPocketMastodonNextdoor Related