মানৱৰ হিত সাধনঃ ৰক্তদান || Humanitarianism: Blood donation
সমাজত আমি কোনোৱেই অকলে কিবা বিচ্ছিন্নতা ভাৱ লৈ জীয়াই থাকিব নোৱাৰোঁ। প্রতি পদক্ষেপতেই প্রয়োজন হয় আনৰ সহযোগিতা। সেয়ে প্রতিজন লোকে আনৰ পৰা সহায় পাবলৈ আনক জীয়াই ৰখাটো প্ৰতিজনৰ কৰ্তব্যৰ ভিতৰত পৰিব৷ এই কর্তব্য পালন কেৱল ভাল উক্তিৰেই নহয়, নিজৰ মহৎ বস্তু আনৰ বাবে ত্যাগ কৰা। এনে এটি মহৎ কৰ্তব্য হ’ল-ৰক্তদান।
অতি পুৰণি কালৰে পৰা এজন মানুহৰ দেহৰ পৰা ৰক্ত (Blood) আন এজনৰ দেহত সুমুৱাৰ চিকিৎসা ব্যৱস্থা আছে। মানুহৰ বাহিৰে অন্য কোনো প্ৰাণীৰ দেহৰ ৰক্ত (Blood) মানুহৰ দেহলৈ সঞ্চালিত কৰিলে তাৰ ফল অতি ভয়াবহ হ’ব পাৰে। তাৰোপৰি যিকোনো মানুহৰ তেজ এজন লোকৰ শৰীৰত সুমুৱাব নোৱাৰি। তেজৰ গ্ৰুপ অনুসৰিহে তেজ (Blood) লোৱা হয়। বিখ্যাত বিজ্ঞানী লেণ্ড ষ্টিনাৰে গৱেষণা কৰি তেজৰ গ্ৰুপ চাৰিটা আবিস্কাৰ কৰিছিল। এই গ্ৰুপ চাৰিটা হ’ল- A, B, AB আৰু Oগ্রুপ। মানৱ শৰীৰত তেজৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। এজন ব্যক্তি ক্ৰমাগত ৰোগত ভুগি থাকিলে তেওঁৰ শৰীৰত ক্ৰমান্বয়ে তেজৰ পৰিমাণ কমি যায়। তাৰোপৰি কোনো দুৰ্ঘটনাত কোনো লোকৰ তেজৰ পৰিমাণ কমি যায়। তেতিয়া তেওঁক জীয়াই থাকিবলৈ তেজৰ প্ৰয়োজন হয়। এনে সময়ত একে গ্রুপ বিশিষ্ট ব্যক্তিয়ে তেজদান কৰি লোকজনৰ জীৱন ৰক্ষা কৰিব পাৰে ৷
উপযুক্ত বয়সত কোনো ব্যক্তিৰ শৰীৰৰ পৰা এবাৰত 250CC ৰক্ত উলিয়ালে শৰীৰত কোনো ক্ষতি নহয়। সাতদিনৰ ভিতৰতে ব্যক্তিজনৰ এইখিনি পূৰ হ’ব ৷ আজিকালি ঠায়ে ঠায়ে ৰক্তদান কৰিবলৈ তাৰ বাবে চৰকাৰী বিজ্ঞাপন, আলোচনা চক্ৰ আদিৰ ব্যৱস্থা আছে। গতিকে আমি সকলোৱে ৰক্তদান (Blood Donation) কৰি এই সুন্দৰ পৃথিৱীখনত আনক জীয়াই থকাত সহায় কৰিব লাগে। আজি হয়তো এজন লোকে তেজদান কৰিছে তেওঁৰ হয়তো ভবিষ্যতে আনৰ পৰা তেজ ল’বলগীয়া হ’ব পাৰে। এইদৰে তেজদান কৰি প্ৰতিজন লোকে আনৰ জীৱন ৰক্ষা কৰি এটি মহৎ কর্তব্য সমাধা কৰিব পাৰে।