মৰমৰ বিহুটি যোৱাগৈৰ পাছত

২০২১ চনটো কোনোমতে পাৰ হৈ গ’ল। আহিল ২০২২ চন। সকলোৱে নতুন বছৰটোক আদৰিলে। নতুন বছৰৰ কুমল সুৱাসৰ মাজতে লাহে লাহে ভাঁহি আহিল বিহুৰ সুগন্ধ। আহিল মৰমৰ ভোগালী বিহুটো। বিভিন্নজন ঘৰমূৱা হ’ল। গাঁৱৰ ডেকা মখাই ভেলা ঘৰ আৰু মেজি সজা কাম আৰম্ভ কৰিলে। মা, খুৰীহঁতে লাড়ু-পিঠা বনোৱাত লাগিল। সকলো সাজু হ’ল ভোগৰ উৎসৱ ভোগালী বিহুটিক আদৰিবলৈ। হাঁহ আনিলে, মাহ আনিলে লগতে পুখুৰীৰ মাছো আনিলে।

মৰমৰ বিহুটি

সকলো একগোট হৈ উৰুকাত এসাজ ভালদৰে খালে। কোনো কোনোৱে ফূৰ্তিতে অলপ নাচিলে। ৰাতিপুৱা মেজি জ্বলায় অগ্নিদেৱতাৰ আশিৰ্বাদ ল’লে। বিহুৰ দিনা যা-জলপান আৰু পিঠা-পনাৰে ঘৰ উভয়নদী হৈ ৰ’ল। কি খাম কি এৰিম নিৰ্ণয় কৰিবলৈ কঠিন হৈ পৰিল। এনেদৰে পাৰ হৈ গ’ল বিহুৰ দিনটো। শেষ হ’ল ভোগালীৰ আয়োজন।

মৰমৰ বিহুটি

এবছৰৰ বাবে গ’লগৈ আমাৰ মৰমৰ বিহুটো। যদিও আছিল দুদিনৰ বাবে কিন্তু দি গ’ল মোনা ভৰা স্মৃতিৰ টোপোলা। মেজি আৰু ভেলা ঘৰ ছাই হৈ গ’ল। বিহুৰ পিঠা-পনাও লাহে লাহে  শেষ হ’ব ধৰিলে। আপোন মানুহবোৰো লাহে লাহে নিজ নিজ কৰ্মৰ বাবে ঘৰৰ পৰা আকৌ আঁতৰি গ’ল। ঘৰখন পুনৰ নিৰ্জন হৈ পৰিল। চৌপাশটো নিৰ্জন হৈ পৰিল। বিহুটি আহিল বহুত আনন্দ লাগিল, কিন্তু যেতিয়া গ’লগৈ মনত দুগুণ বেজাৰ দি থৈ গ’ল। উৎসৱ এটা আহিলে সকলোৱে ভাল পায় কিন্তু উৎসৱটো শেষ হোৱাৰ পাছৰ যি পৰিৱেশ তাৰ সৈতে মোকাবিলা কৰাটো সহজ নহয়। আমাৰ বিহুটিও গ’লগৈ এবছৰৰ বাবে। আকৌ অপেক্ষা কৰিব লাগিব এই আনন্দৰ বাবে।

বিহুটি অ’ গ’লিগৈ পুৱাই পুৱাই………………..

তই যোৱাৰ বেজাৰ সহিব পৰা নাই………………..

আহিবি আকৌ দুনাই………………..

www.gyanodaya.co.in

Leave a Comment

Your email address will not be published. Required fields are marked *