Rafale: ভাৰতে লাভ কৰিব ২৬খন ৰাফেল সামুদ্ৰিক যুদ্ধ বিমান; ফ্ৰান্সৰ সৈতে ৬৩০০০ কোটি টকাৰ চুক্তি

ভাৰতে বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তত নিয়োগ কৰাৰ বাবে ফ্ৰান্সৰ প্ৰতিৰক্ষা নিৰ্মাণ কোম্পানী ডাছল্ট এভিয়েশনৰ পৰা এই জেট বিমান ক্ৰয় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠিত কেবিনেট কমিটী অন ছিকিউৰিটি (চিচিএছ)য়ে এই ক্ৰয়ত অনুমোদন জনোৱাৰ তিনি সপ্তাহৰ পিছতে এই মেগা চুক্তিখন ছীল কৰা হয়। চুক্তি স্বাক্ষৰ কৰাৰ প্ৰায় পাঁচ বছৰৰ পিছত জেট বিমানসমূহৰ ডেলিভাৰী আৰম্ভ হোৱাৰ কথা।

Rafale

ভাৰত-পাকিস্তানৰ উত্তেজিত সম্পৰ্কৰ মাজতে ভাৰত আৰু ফ্ৰান্সে সোমবাৰে দিল্লীত ২৬খন ৰাফেল(Rafale) মেৰিন যুঁজাৰু বিমানৰ বাবে ৬৩ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰে। ভাৰতীয় পক্ষক প্ৰতিনিধিত্ব কৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে, আনহাতে নৌসেনাৰ উপ মুৰব্বী ভাইচ এডমিৰেল কে স্বামীনাথনও উপস্থিত থাকে। ইয়াৰ পূৰ্বে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ওলাইছিল যদিও ব্যক্তিগত কাৰণত তেওঁ ভ্ৰমণ বাতিল কৰিবলগীয়া হৈছিল। অৱশ্যে স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

২০২৩ চনৰ জুলাই মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিবেচনা আৰু মূল্যায়ন পৰীক্ষাৰ অন্তত মেগা অধিগ্ৰহণৰ বাবে প্ৰাৰম্ভিক অনুমোদন দিছিল। এই চুক্তিৰ অধীনত ভাৰতীয় নৌসেনাই ৰাফেল (মেৰিন) জেট বিমান নিৰ্মাতা ডাচল্ট এভিয়েশনৰ পৰা অস্ত্ৰ ব্যৱস্থা আৰু অতিৰিক্ত অংশকে ধৰি আনুষংগিক সহায়ক সঁজুলিও লাভ কৰিব।

এই নতুন চুক্তিয়ে ভাৰতত মুঠ ৰাফেল জেট বিমানৰ সংখ্যা ৬২ লৈ বৃদ্ধি কৰিব, যাৰ ফলত দেশৰ ৪.৫ প্ৰজন্মৰ যুদ্ধ বিমানৰ বহৰ যথেষ্ট বৃদ্ধি পাব।

About the Author

Bipul Nath

Writer & Blogger

Posts of this Author