প্লাষ্টিকৰ ক্ষতিকাৰক স্বীকাৰোক্তি: পৰিৱেশ বিধ্বংসীতাৰ এক উন্মোচন || Plastic's Damaging Confession: An Unveiling of Environmental Havoc

মই হৈছোঁ খাৰুৱা তেলৰ পৰা ওলোৱা বিভিন্ন দ্ৰব্যৰ পৰা কৃত্ৰিমভাৱে প্রস্তুত কৰা এবিধ দ্রব্য। বর্তমান সকলোৱে প্ৰতিদিনে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে মোক বহুলভাৱে ব্যৱহাৰ কৰে। মই সাধাৰণতে লঘু, স্বচ্ছ, তাপ আৰু বিদ্যুত্ৰ অপৰিবাহী। তাপ আৰু চাপ প্ৰয়োগ কৰিলে মই তৰল পদাৰ্থৰ দৰে আকৃতি সলনি কৰোঁ । তাপ আৰু চাপ নোহোৱা অৱস্থাত মই গোটা বস্তুৰ দৰে নিজৰ আকৃতি ধৰি ৰাখোঁ ১৮৬৯ চনত আমেৰিকাৰ জন ৱেছলিহায়াট আৰু ইছাইয়া হায়াট নামৰ ভাতৃদ্বয়ে মোক আৱিস্কাৰ কৰিছিল।
সকলোৱে দৈনন্দিন ব্যৱহাৰ কৰা ফণী, বুটাম টুথ ব্ৰাছ, পেকেট, পুতলা খেলনা, ফাউন্টেইন পেনৰ উপৰিও টি ভি, কম্পিউটাৰ আৰু ৰেডিঅ’ৰ বাকচ ছুইছ বৰ্ড আদি বহুবোৰ সামগ্ৰী মোৰ দ্বাৰা নির্মিত। মই সাধাৰণতে দুই প্ৰকাৰৰ। তাপপ্লাষ্টীয় আৰু তাপস্থাপিত। ইয়াৰ উপৰিও মোৰ বহুতো উপশ্রেণী আছে । মোক তাপ, পোহৰ, পানী, তেল, এছিড আদিয়ে সহজে নষ্ট কৰিব নোৱাৰে। অস্ত্রোপচাৰ কৰোঁতে চিলাই কৰিবলৈ ব্যৱহাৰ কৰা সূতা আৰু কেপচুলৰ ওপৰৰ তৰ্প, আদি হিচাপে মোক চিকিৎসাশাস্ত্ৰতো ব্যৱহাৰ কৰা হৈছে ।
মোৰ গুণ অন্তহীন হ’লেও দোষো কিন্তু নোহোৱা নহয় । মই জৈৱিক ভাৱে ধ্বংস নহওঁ । সেইবাবে মোৰ ক্রমবর্ধমান ব্যৱহাৰে প্ৰদূষনজনিত সমস্যাৰ সৃষ্টি কৰিছে আৰু মোৰ ব্যৱহাৰ কমাবলৈ পৰিবেশবিদসকল সৰৱ হৈ উঠিছে । গোলকীয় উত্তাপ বৃদ্ধিত মোৰ প্ৰভাৱ অপৰিসীম। মোৰ দ্বাৰা মাটিৰ জৈৱিক গুণ নষ্ট হয় । মানুহৰ কিছুমান বেমাৰৰ কাৰক হিচাপেও কিছুমানে মোক সন্দেহ কৰে। সেয়ে বর্তমান পৰিবেশবিদসকলে মোৰ বিকল্প দ্ৰব্যৰ সন্ধানত নামিছে।