যান্ত্ৰিকতাৰ মাজমজিয়াত মোৰ অনুভৱৰ দলিচাত ” মা”

যান্ত্ৰিকতাৰ মাজমজিয়াত মোৰ অনুভৱৰ দলিচাত " মা"

Maa

“স্পন্দিত হ্ৰদয়ৰ ,এক হমুনিয়াহেৰে কোঠালিৰ চাৰিবেৰৰ মাজত সিচিঁ দিছো মোৰ অনুভৱৰ কঠিয়াতলি “

আগবাঢ়ি যোৱা জীৱনৰ প্ৰতিটো পদক্ষেপত তোমাৰ অনুভৱৰ মাজত ডুব খোৱাৰ দৰে আজি মোৰ এই জীৱন যাএাত আকৌ এবাৰ অনুভৱৰ দুৱাৰদলিত তুলানা কৰিব বিচাৰিছোঁ “মা “,তোমাৰ কোলাৰ পৃথিৱী খন আজি মই থকা এই যান্ত্ৰিক পৃথিৱী খন নহয়।

তোমাৰ মুখত হাহিঁ বিৰিঙোৱা সেই মধুৰ মুহূওটোত যেতিূয়া তোমাৰ কোলাত ,তোমাৰ আচঁলৰ আৰতঁ লুকাই সুৰক্ষিত ভাৱে টোপনি গৈছিলো ,সেইদিনা কাহানিও ভবা নাছিলো , যান্ত্ৰিকতাৰ দৌৰত টোপনিও কৃএিম হৈ পৰিব অথা’ৎ ভাও জুৰিব লাগিব টোপনিৰ ।

সৰুতে যেতিয়া ধূলি -বালি লৈ উমলিছিলো যেতিয়া ক’ৰবাত দুখ পাই কান্দিছিলো , তেতিয়া তোমাৰ কোলাত উঠি হিয়া জুৰি কান্দিছিলো । কিন্তু ,আজি জানা “মা” শৰীৰৰ যান্ত্ৰনাই মোক আঘাত নকৰে ,নোলাই চকু পানীও । তেতিয়াহে উচুপু যেতিয়া আগবাঢ়ি যোৱাৰ কণ্টকময় বাটত আঘাত লাগে মোৰ সপোন বোৰত ,আশাবোৰত ।

মই ডাঙৰ হলো ন ‘মা ? আতৰি থাকিব পৰা হ’লো কতব্যৰ তাড়নাত তোমাৰ পৰা ,লুকাই -লুকাই কান্দিব পৰা হঁলো নিষ্ঠুৰ বাস্তৱৰ মুখামুখিত । সকলোৰে আগত ডাঙৰ হ’লেও তোমাৰ দৃষ্টিত সদায়ে সৰু , সেয়েহে অনুভৱৰ আৰত তুমি” মা”।

আজিও অনুভৱ কঁৰো,চকু দুটা মুদি দিলেই “মা”শব্দৰ শিহৰণ কাৰী কুমলীয়া অনুভূতি ।অনুভৱ কৰো তোমাৰ সেই খন হাত , যি খন হাতেৰে তুমি পাৰ কৰি দিছিলা আদৰ্শৰ দলিচা । যি খন হাতত ধৰি মই শিকিছিলো আদৰ্শৰ বুনিয়াদী কুঁহিপাত ।

জানা “মা”তোমাৰ আদৰ্শৰেটো মোক এই যান্ত্ৰিকময় বাটত থিয় দি ৰবলৈ দৃঢ় কৰি তুলিলা ,চকুপানীৰ মাজতো হাঁহি ৰবলৈ শিকালা ,তথাপিতো কেতিয়াবা দুৰ্বল হওঁ, সেই থুপুক -থাপাককৈ তোমাৰ আঙুলিত ধৰি যে পৰিছিলো, তেনেদৰে পৰি ৰও কোনোৱা কোণত আজিও কিয় জানা ?” মা”তুমি দিয়া সেই ৰঙীন পৃথিৱীৰ সপোণ ৰূপী নক্সাৰ দৰে নহয় যে আজিৰ পৃথিৱী , আজিৰ পৃথিৱী যদি ৰঙীণ হয় মানুহৰ তেজেৰে ৰঙীণ ,সন্ত্ৰাসৰ ধোঁৱাৰে বিয়পা এইয়া তেজৰে ৰঙীন পৃথিৱী ।সেয়েহে আজি মোৰ অনুভৱৰ কোঠালিত” মা” কাৰণ আজি তোমাৰ বাহিৰে যে একো নাই ।।

About the Author

স্বাগতা কলিতা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ,নগাওঁ

Leave a Comment

Your email address will not be published. Required fields are marked *