অনুভৱ

এই একপক্ষীয় প্ৰেমৰ অনুভৱ This Feeling of Unilateral Love

এই একপক্ষীয় প্ৰেম বোৰ যে সঁচাকৈ  organic chemistry ৰ reaction বোৰৰ দৰে । এনেই বহুত ভাল লাগে কিন্তু বুজি একো নেপাও । কিয় হয় কেনেকৈ হয় চব মূৰৰ উপৰে যাই । হ’লেও ভাল লাগে । ভাল লাগে অনুভৱ কৰি । Notes book খন লুটিওয়াৰ দৰে তোমাৰ Instagram Account টো কিমান বাৰ চাওঁ ঠিক নাই । তোমাৰ ফটো বোৰৰ উপৰত যদি পৰীক্ষা পাতে মই O+ পাম। এইবোৰে অনুভৱ । ভাল লাগে। তোমাৰ ফটোবোৰো অনুভৱ কৰোঁ । আজি কালি তুমি দিয়া text কেইটাও অনুভৱ কৰোঁ । কাণত বাজি আছে আচুৰ্য দাৰ প্ৰিয় গান টো “ “পাৰা যদি হোৱা না মোৰ , শিৰে শিৰে বোৱাহি চোন খালি ৰাখিছোঁ কলিজাৰ এচুক নোৱাৰিলে নকৰোঁ জোৰ সামৰিম সপোন বোৰ নহবা মাথোঁ তুমি দূৰ” ।। শব্দ কেইটা মোৰ জীৱনক লৈ লিখিছে নেকি ? নে মোৰ মনৰ অব্যক্ত ভাবনাবোৰ । নেজনো। বুজাব নোৱাৰোঁ। এনেকৈ বুকুত কিছুমান অবুজ কথা লৈ আছোঁ । কব মন যাই । কেতিয়াবা চিঞৰি দিব মন যাই। কিন্তু মই আজি বাধাগ্ৰস্ত । হয় বাধা দিয়ে মোক । কিন্তু কোনে ? ভয় !! হয় ভয়ে চাগে । তোমাক হেৰুওৱাৰ ভয় ।ভাল পাওঁ বুলি কৈ দিলে জানো ভাল পাবা তুমি? কিজানি তুমি মোৰ পৰা তেনেকুৱা এটা আশা ই নকৰা । মইও নকৰোঁ । সঁচাকৈ নকৰোঁ জানো ? ওম নকৰোঁ মইও। তুমি গুচি যোৱাটো কেতিয়াও আশা নকৰোঁ । মই বিচাৰোঁ তুমি সদাই কাষত থাকা । কষ্ট হ’ব । কিন্তু থাকা । আচলতে কষ্ট হৈছিল । এতিয়া মনটো লগত কিছুমান চুক্তি কৰি ল’লো। কিছুমান মইও compromise কৰিম আৰু কিছুমান মনটোয়ে কৰিব। মই পাৰিম । মনটোৱে পাৰিব জানো? হয়টো নোৱাৰে । আৰে ! নোৱাৰে কাৰণে আজিও এৰি যাব পৰা নাই । এই মনটোক বুজাব নোৱাৰি । মই নিবিচাৰিলেও তোমাক ই সদাই বিচাৰিব । সদাই তোমাৰ ফটো খন দুবাৰ তিনিবাৰ চাব । ই যেন কোনোবা CID ডক্তৰ হে । কিবা যেন clue হে পাব । Clue পাই চাগে । তোমাৰ হাঁহিটোত, তোমাৰ চকুযোৰিত সকলোতে কিবা এটা পাই । কি পাই শুধা নাই কেতিয়াও । নুশুধো । মই যদি বিচাৰি নাপাওঁ সেই clue বোৰ। সেইয়া আকৌ ভয়। এই ভয়টো যে কেতিয়াও আতৰি নেজাব । ভয় টো আছেই কাৰণে চাগে তুমিও আছা । কিন্তু কিমান দিন থাকিম।তোমাক কেনেকৈ বুজাম । তুমি জানো বুজি পাবা? নাই এনেকৈ থাকিম । ৫-৬ বছৰ পাৰ কৰিলোঁ যেতিয়া এতিয়া আৰু কি । থাকি যাম এনেকৈ ।কিন্তু মনটো যে বুজনি নলয় । অজানিতে কোনোবা এখিনিত যেন মই মনটোক দুখ দিছোঁ । মনটোৱে বিচাৰিলেও যে মই ক’বলে দিয়া নাই তাক । হয়টো এই ভয়টোৰ কাৰণেই । ভয় কিজানি মই তোমাক হেৰাই পেলাওঁ । আৰু কি জানা পাই হেৰাই যোৱাৰ ভয় বেছি । সম্পৰ্কটোৰ নাম দিলে যদি সকলোবোৰ খেলি মেলি হৈ যায় ? নাই নাই নেলাগে মোক সম্পৰ্কৰ নাম । মই এনেকৈয়ে সুখী আছোঁ। আছোঁ জানো ? হয়তো নাই আৰু হয়তো আছোঁ, কাৰণ তুমি সুখত আছা আৰু তাতকৈ মোৰ বাবে বেছি সুখ কি হ’ব পাৰে ? মুঠতে মই তোমাক কোনো কাৰণতে হেৰুৱাব নোৱাৰোঁ । লাগিলে মনটোক অলপ কষ্টই দিম । নাজানো তোমাৰ অনুভৱ কি । কি ভাবা তুমি । কেতিয়াবাচোন ভাল পোৱা লিখিয়া লাগে । সেইটো চাগে মোৰে অনুভৱ । হয় তোমাক ইমান বেছি ভাল পাই পেলাইছো যে তুমি ভাল নেপালেও মনটোক বুজাই লব পৰা হৈছো । কিন্তু কোনোবা এটা চুকত বিষ অনুভৱ হয় । কিহৰ বিষ ? আঘাত পোৱাৰ বিষ ? কিন্তু আঘাত কিহৰ ? এই আঘাত মনৰ ভিতৰত । কৈছিলো যে মনটোক আঘাত দিছোঁ বুলি । হয়টো তাৰে বিষ । কিন্তু এই বিষ আজি কালি পাইও ভাল লাগে ।।অনুভৱ কৰিও ভাল লাগে । সৰুতে কিবা এটা বস্তু ঘৰত বিচাৰিলে নোপোৱাৰ আঘাত অনুভৱ কৰিছিলোঁ । তেতিয়া হয়টো এচুকত বহি কান্দি থাকোতে কেতিয়াও ভবা নাছিলোঁ এই আঘাতে আকৌ বুকুত খুন্দিয়াই যাবহি বুলি । হয়টো কেতিয়াও কল্পনাই কৰা নাছিলোঁ। কল্পনাই কৰা নাছিলোঁ এই আঘাতে ইমান বিষ দিব বুলি । ভয় লাগে এই আঘাতটো হেৰাই যাব বুলি । সেইয়া আকৌ ভয়। কৈছিলো নহয় এই ভয়টো কেতিয়াও আতৰি নেজাই।। সেইকাৰণে আঘাত পাই থকা বিষটো নেযায় । নেযায় নে যাব নিদো ? নেজানো । কিন্তু ভাল লাগে । ভাল লাগে বিষ বোৰ অনুভৱ কৰি । বিষণ্ণতাৰে ভৰি আছে আজি হূদয়। বুজাব নোৱাৰোঁ কি এই প্ৰণয় । কিন্তু ভাল লাগে তুমি তুমি লগা প্ৰতিটো কথা ।দুটি উঠত ৰাখি থোৱা প্ৰতিটো আশা অনুভৱ কৰি ভাল লাগে । ।।”এয়াই চাগে একপক্ষীয় প্ৰেমৰ অনুভৱ “।।     #একপক্ষীয় প্ৰেম #অনুভৱ www.gyanodaya.co.in

এই একপক্ষীয় প্ৰেমৰ অনুভৱ This Feeling of Unilateral Love Read More »

উদ্দেশ্য বিহীন

উদ্দেশ্য বিহীন

উদ্দেশ্য বিহীন লক্ষ্য বিহীন যাত্ৰা হ’ব খোজোঁ উদ্দেশ্যে বিহীন কাহিনী হ’ব বিচাৰোঁ নেলাগে দিব একো পৰিণাম – মাথো হ’ব বিচাৰোঁ অন্তহীন অনুভৱ দিব বিচাৰোঁ সীমাহীন মৰম ঠিক নীলা আকাশৰ দৰে – প্ৰতিটো সময়তে থাকিব বিচাৰোঁ তোমাৰ লগত আঁতৰাব খুঁজিলেও আঁতৰাব নোৱাৰাকে, ঠিক তুমি কথা কওঁতে ভূল হোৱা শব্দবোৰৰ দৰে – জীৱন ডায়েৰীৰ প্ৰতিখিলা পৃষ্ঠা নহ’ব পাৰে তোমাৰ নামেৰে কিন্তু আটাইতকৈ ভাল লগা পৃষ্ঠাবোৰ পূৰণ হওঁক তোমাৰ স্মৃতিৰে।

উদ্দেশ্য বিহীন Read More »

Magh r Bihu

মৰমৰ বিহুটি যোৱাগৈৰ পাছত

২০২১ চনটো কোনোমতে পাৰ হৈ গ’ল। আহিল ২০২২ চন। সকলোৱে নতুন বছৰটোক আদৰিলে। নতুন বছৰৰ কুমল সুৱাসৰ মাজতে লাহে লাহে ভাঁহি আহিল বিহুৰ সুগন্ধ। আহিল মৰমৰ ভোগালী বিহুটো। বিভিন্নজন ঘৰমূৱা হ’ল। গাঁৱৰ ডেকা মখাই ভেলা ঘৰ আৰু মেজি সজা কাম আৰম্ভ কৰিলে। মা, খুৰীহঁতে লাড়ু-পিঠা বনোৱাত লাগিল। সকলো সাজু হ’ল ভোগৰ উৎসৱ ভোগালী বিহুটিক আদৰিবলৈ। হাঁহ আনিলে, মাহ আনিলে লগতে পুখুৰীৰ মাছো আনিলে। সকলো একগোট হৈ উৰুকাত এসাজ ভালদৰে খালে। কোনো কোনোৱে ফূৰ্তিতে অলপ নাচিলে। ৰাতিপুৱা মেজি জ্বলায় অগ্নিদেৱতাৰ আশিৰ্বাদ ল’লে। বিহুৰ দিনা যা-জলপান আৰু পিঠা-পনাৰে ঘৰ উভয়নদী হৈ ৰ’ল। কি খাম কি এৰিম নিৰ্ণয় কৰিবলৈ কঠিন হৈ পৰিল। এনেদৰে পাৰ হৈ গ’ল বিহুৰ দিনটো। শেষ হ’ল ভোগালীৰ আয়োজন। এবছৰৰ বাবে গ’লগৈ আমাৰ মৰমৰ বিহুটো। যদিও আছিল দুদিনৰ বাবে কিন্তু দি গ’ল মোনা ভৰা স্মৃতিৰ টোপোলা। মেজি আৰু ভেলা ঘৰ ছাই হৈ গ’ল। বিহুৰ পিঠা-পনাও লাহে লাহে  শেষ হ’ব ধৰিলে। আপোন মানুহবোৰো লাহে লাহে নিজ নিজ কৰ্মৰ বাবে ঘৰৰ পৰা আকৌ আঁতৰি গ’ল। ঘৰখন পুনৰ নিৰ্জন হৈ পৰিল। চৌপাশটো নিৰ্জন হৈ পৰিল। বিহুটি আহিল বহুত আনন্দ লাগিল, কিন্তু যেতিয়া গ’লগৈ মনত দুগুণ বেজাৰ দি থৈ গ’ল। উৎসৱ এটা আহিলে সকলোৱে ভাল পায় কিন্তু উৎসৱটো শেষ হোৱাৰ পাছৰ যি পৰিৱেশ তাৰ সৈতে মোকাবিলা কৰাটো সহজ নহয়। আমাৰ বিহুটিও গ’লগৈ এবছৰৰ বাবে। আকৌ অপেক্ষা কৰিব লাগিব এই আনন্দৰ বাবে। বিহুটি অ’ গ’লিগৈ পুৱাই পুৱাই……………….. তই যোৱাৰ বেজাৰ সহিব পৰা নাই……………….. আহিবি আকৌ দুনাই……………….. www.gyanodaya.co.in

মৰমৰ বিহুটি যোৱাগৈৰ পাছত Read More »

Love Poem

তোমাৰ কথা

তোমাৰ কথা আজিও মনত পৰে তোমাৰ কথা তোমাৰ মৰম লগা হাঁহিটোৰ কথা , বুকুৰ একুণত সংগোপনে ৰাখিছোঁ তোমাৰ সেই মিচিককৈ মৰা হাঁহিটো থৈছোঁ সাঁচি তোমাৰ অভিমান বোৰো । ফাগুনৰ মলয়া জাকেও কৈ যায় তোমাৰ কথা দি যায় মনৰ বতৰা । শৰতৰ শেৱালিৰ সুৱাসতো  পাওঁ তোমাৰ অনুভূতি । এনে লাগে যেন প্ৰতিটো পাহিতে থাকে তোমাৰ হাঁহি , প্ৰতিজাক মলয়াতে থাকে তোমাৰ অনুভূতি, অনুভৱ হয় মৰহি যোৱা পাহিটো যেন ফুলি উঠিব তোমাৰ পৰশতে, শিহৰণ জগাই তোলা মলয়া জাকো যেন আহিব তোমাৰ লগতে । আৰু কাণে  কাণে কবহি তোমাৰ কথা সজীৱ কৰি তুলিব আকৌ তোমাক পোৱাৰ আশা ।

তোমাৰ কথা Read More »

অনুভৱ

এখন প্ৰিয় কিতাপৰ এজোলোকা অনুভৱ

আশা কাৰ নাথাকে সকলোৰে আশা থাকে । ফাগুনৰ পচোৱাই নাঙঠ কৰি যোৱা বিৰিখৰো আশা আছে ন কৈ সজাল ধৰি ন-কইনা জনী হৈ ৰঙালিৰ মাদকতা আদৰাৰ আশা……..।ফুটপাথত জড় হৈ পৰি থকা মগনিয়াজনৰো কত যে আশা কোনে জানে আন নহলেও ফটা কামিজটোৰ সৈতে আৰু দুদিন জীয়াই থকাৰ আশা । সিদিনা লুইতৰ পাৰত ৰৈ থাকোতেই ভাবিছিলো উজ্জ্বলতাৰ অহংকাৰত মাতাল বেলিটোৱেও পশ্চিমৰ দেশলৈ যোৱাৰ আগত খন্তেক জিৰাবলৈ মন নকৰেনে । হয়তো তাৰো আশা থাকিব পাৰে আৰু খন্তেক ৰৈ পূবৰ আকাশত গজি উঠা কাচি জোনটোৰ সৈতে আভিমানৰ কথা পাতিবলৈ নিজৰ উজ্জ্বলতাৰ গুণ গাবলৈ হয়তো… তাৰেই ৰঙত হেঙুলী হৈ থকা নদীখনক হেঁপাহ খেদি চাবলৈ নে ঐনিতমৰ ৰাগিত মাতাল পালতৰা নাওঁবোৰৰ ভটিয়নি সুঁতৰ লগত হোৱা যুঁজ চাবলৈ । হয় আশা সকলোৰে  থাকে ….কাঞ্চনমতীৰ পাৰত বগা শিল চতাত ৰৈ চন্দন আৰু গৌৰীয়েও কিমান যে আশা কৰিছিল।   সপোনৰ দেশখন পুনৰ গঢ়ি তুলাৰ আশা,দুখবোৰ সুখ কৰি তোলাৰ আশা ,,, কত যে আশা । সঁচাই আশাই মানুহক মৰিও মৰিব নিদিয়ে ।আশা আছে বাবেই জীৱন আছে ।(প্ৰিয় কিতাপখনৰ পৰা পোৱা কিছু অনুভৱ ।# অসীমত যাৰ হেৰাল সীমা)

এখন প্ৰিয় কিতাপৰ এজোলোকা অনুভৱ Read More »

Social Media

সামাজিক মাধ্যম কিয় জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে? Why has Social Media become an Integral part of Life?

#Social Media ছ’চিয়েল মিডিয়া এতিয়া বহুলোকৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। দৰাচলতে, এক অধ্যয়নৰ মতে আঠৰ পৰা সোতৰ বছৰ বয়সৰ আধা শিশুৰ ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ দৰে সামাজিক নেটৱৰ্কিং প্ৰ’ফাইল আছে। কেৱল যুৱ প্ৰজন্মই নহয়, সকলো বয়সৰ লোক, আৰু সকলো বৃত্তিয়ে সামাজিক নেটৱৰ্কিং ছাইটবোৰ যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছে। শেহতীয়াকৈ লক্ষ্য কৰা তথ্য অনুসৰি, ছ’চিয়েল মিডিয়াই যিকোনো প্লেটফৰ্মত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। সামাজিক মাধ্যমই আমাৰ দৈনন্দিন জীৱনত এক প্ৰভাৱশালী ভূমিকা পালন কৰে। যেতিয়া যিকোনো বস্তু সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হয় তেতিয়া ই মানুহৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ সৃষ্টি কৰে। প্ৰিয়জনৰ সৈতে সম্পৰ্কত থকাটো আমাৰ জীৱনৰ আটাইতকৈ ধুনীয়া বস্তু আৰু সামাজিক মাধ্যমে এই কামটো ইতিবাচকভাৱে কৰাত ইয়াৰ বহুখিনি সহায় কৰে। তাৎক্ষণিক বাৰ্তাপ্ৰেৰণ, ছবি, স্থিতি আপডেট, ছবি ভাগ-বতৰা, ভিডিঅ’ শ্বেয়াৰিং হৈছে সামাজিক মাধ্যমৰ স্বীকৃতিত ভূমিকা পালন কৰা কেইটামান মুখ্য উপাদান। ই কেৱল আপোনাৰ প্ৰিয়জনক সংযোগ কৰাই নহয় ই মানুহক বিভিন্ন ধৰণৰ তথ্য প্ৰদান কৰে। অনা-চৰকাৰী সংগঠনবোৰে বিভিন্ন ৱেবছাইট আৰম্ভ কৰিছে য’ত মানুহ বা সংবাদ মাধ্যমে সমাধান আহৰণ কৰিবলৈ প্ৰচাৰ আৰম্ভ কৰে। সেইবোৰ ফেচবুক, টুইটাৰ আদিৰ দৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব পাৰি, য’ত আৱেদনৰ পক্ষত থকা লোকসকলে এই অভিযানত স্বাক্ষৰ কৰিব লাগে। এটা ক্লিকৰ সৈতে গোটেই পৃথিৱীৰ বাতৰি উৎসবোৰৰ প্ৰতি আমাৰ দ্ৰুত দৃষ্টিভংগী আছে। সামাজিক মাধ্যমৰ সুবিধাসমূহ ছ’চিয়েল মিডিয়াই মানুহক এনেধৰণে বাৰ্তালাপ কৰিবলৈ অনুমতি দিয়ে যাৰ অবিহনে আমি হয়তো বহু বস্তু কল্পনা কৰিব নোৱাৰো। কম্পিউটাৰ বা ম’বাইল ফোনত এটা সৰল বাৰ্তা, আনকি ইমেইলৰ জৰিয়তে কাৰোবাৰ জীৱনৰ লগত সম্পৰ্কিত হ’বলৈ যথেষ্ট সহজ। সামাজিক মাধ্যমে কেৱল নিজৰ ব্যক্তিগত জীৱনৰ বাবেই নহয় ব্যৱসায়িক জীৱনৰ বাবেও যোগাযোগ সক্ষম কৰে। ই-কমাৰ্চ অনলাইন বজাৰৰ বাবে সৰ্ববৃহৎ প্লেটফৰ্ম হৈ পৰিছে যি কেৱল ক্ৰেতাসকলক ক্ৰয় কৰাত সহায় নকৰে ই বিক্ৰেতাসকলক ব্যৱসায় কৰাতো সহায় কৰে। অনলাইন মিডিয়া ছাইটৰ বাবে ব্যৱসায় বিকশিত হৈছে কাৰণ তেওঁলোকে বিজ্ঞাপনসমূহ অধিক দ্ৰুত ভাৱে প্ৰচাৰ কৰাত সহায় কৰে। এতিয়া, মানুহে তথ্যৰ বাবে বাতৰি কাকতৰ মাজেৰে নাযায় বা বিজ্ঞাপনৰ বাবে বাতৰি কাকত খুব কমেই চায়। ইয়াৰ পৰিৱৰ্তে, সকলো বিজ্ঞাপন টুইটাৰ বা ফেচবুকৰ দৰে সামাজিক মাধ্যমত অনলাইনত পোষ্ট কৰা হয় যাক অধিক লোকে চায়। যিহেতু প্ৰযুক্তি দ্ৰুতগতিত বিকশিত হৈ আছে আৰু সকলোবোৰ অনলাইন হৈ পৰিছে আৰু এই দ্ৰুত গতিত বৰ্ধিত প্ৰযুক্তিৰ সৈতে মিলিত হ’বলৈ সকলোবোৰ ইণ্টাৰনেটত উপলব্ধ হ’ব লাগিব। মানুহে অফলাইন বিপণনৰ পৰিৱৰ্তে ডিজিটেল বিপণন গ্ৰহণ কৰা আৰম্ভ কৰিছে আৰু সামাজিক মাধ্যমে অনলাইন ব্যৱসায়ৰ প্ৰচাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সামাজিক মাধ্যমে মানুহৰ জীৱন সহজ কৰি তুলিছে আৰু জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। একমাত্ৰ চিন্তাৰ বিষয়টো হ’ল যে দ্ৰুতগতিত বৃদ্ধি হৈ থকা সামাজিক মাধ্যমে কিশোৰসকলক ইণ্টাৰনেটৰ প্ৰতি আসক্ত কৰি তুলিব পাৰে। কিন্তু, যেতিয়ালৈকে সেইবোৰ সঠিকভাৱে নিৰীক্ষণ কৰা হয় আৰু সঠিক ধৰণে ব্যৱহাৰ কৰা হয়, ছ’চিয়েল মিডিয়া দ্ৰুতগতিত বৃদ্ধি হৈ থাকিব। #gyanodaya.co.in

সামাজিক মাধ্যম কিয় জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে? Why has Social Media become an Integral part of Life? Read More »

পদ্মনাথ গোহাঞি বৰুৱা

অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক পদ্মনাথ গোহাঞি বৰুৱা Padmanath Gohain Baruah, a devoted servant of Assamese literature

Padmanath Gohain Baruah আধুনিক অসমীয়া সাহিত্যক প্রতিষ্ঠা কৰিবলৈ যি সকল ব্যক্তিয়ে আপ্রাণ চেষ্টা কৰিছিল সেই সকলৰ ভিতৰত পদ্মনাথ গোহাঞি বৰুৱা অন্যতম। তেওঁ আছিল একেধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্রবন্ধকাৰ আৰু সাংবাদিক। গোহাঞি বৰুৱাৰ জন্ম হয় ১৮৭১ চনৰ আঘোণ মাহৰ ৯ তাৰিখে উত্তৰ লক্ষীমপুৰৰ নকাৰী মৌজাৰ নকাৰী গাঁৱত। তেওঁৰ পিতাকৰ নাম ঘিণাৰাম গোহাঞি বৰুৱা আৰু মাতৃ লম্ভীদেৱী। ১৮৭৯ চনত তেওঁ উত্তৰ লক্ষীমপুৰ প্রাথমিক বিদ্যালয়ত ভর্তি হয়। তাৰ পিছত ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী স্কুলত পঢ়ি, ডিব্ৰুগড় কেন্দ্ৰত পৰীক্ষা পাছ কৰাৰ পাছত তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ যায় আৰু তাৰ ৰিপন কলেজত ভর্তি হয়। তেওঁ কলিকতাত এফ. এ পঢ়োতে চেন্ত জেভিয়ার্চ, জেনেৰেল এচেম্নি আদি কলেজত পঢ়িব লগীয়া হৈছিল। তেওঁ ওকালতিতো নাম লগাইছিল কিন্তু পঢ়া শেষ নকৰাকৈ অসমলৈ আহে। অসমলৈ আহি কহিমা চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত তেওঁ প্রধান শিক্ষকৰূপে নিযুক্ত হয়। কহিমাত থাকোতে তেওঁ লীলাৱতীৰ লগত বিবাহপাশত আৱদ্ধ হয়। লীলাৱতীৰ অকাল মৃত্যু হোৱাত তেওঁ হীৰাৱতীৰ লগত দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হয়। এওঁৰ গৰ্ভত সাতজনী ছোৱালী আৰু এটি ল’ৰাৰ জন্ম হয়। তেওঁৰ যত্নতে তেজপুৰত নামঘৰ আৰু বাণ ৰংগমঞ্চ স্থাপন হয়। ১৯১৮ চনত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ছাত্র সন্মিলনৰ বার্ষিক অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল। গোহাঞি বৰুৱাই লক্ষীমপুৰৰ ছাত্রবৃত্তি স্কুলত পঢ়া সময়ৰে পৰা সাহিত্য চর্চা আৰম্ভ কৰিছিল। তেওঁৰ বন্ধ পানীন্দ্রনাথ গগৈৰ লগত লগ লাগি দুয়ে। সাহিত্য সাধনত ব্ৰতী হয়। ১৮৯০ চনত তেওঁ কলিকতাত পা কালত জোনাকীৰ সংস্পৰ্শলৈ আহে। সেই সময়ছোৱাত তেওঁ বেণুধৰ ৰাজখোৱাৰ লগত লগ লাগি ‘ডেকাগাভৰু প্ৰকাশ কৰে। ডেকা-গাভৰু আছিল বিহু গীতৰ এখন গ্রন্থ। এই গ্রন্থখনকে জোনাকীযে অশ্লীল বুলি অভিমত দিয়াত, ৰাজখোৱা আৰু গোহাঞি বৰুৱা ক্ষুন্ন হয়। আৰু তেতিয়াৰে পৰা তেওঁলােকে জোনাকীৰ সৈতে সম্পর্ক ছেদ কৰে। গোহাঞি বৰুৱাই অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া বৰঙণি আগবঢ়াইছে। ছাত্ৰাৱস্থাতে তেওঁৰ বন্ধু পানীন্দ্রনাথ গগৈৰ সৈতে ৰচনা কৰিছিল পদ্মপাণি নামে এখন কবিতা পুথি । তেওঁৰ প্রথম পত্নী লীলাৱতীৰ মৃত্যুত ৰচনা কৰে লীলা কাব্য। তেওঁৰ আন দুখন কবিতা পুথি হ’ল জুৰণি (১৯০১) আৰু ফুলৰ চানেকী (১৯৪১)। ১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। এই সভাৰ প্রথম সভাপতিত্ব কৰা পদ্মনাথ গোহাঞি বৰুৱাই কৈছিল যে “জাতিৰ অন্তৰতম ভাব, চিন্তা, তেজ আৰু প্রতিভা বাজ ওলাবলৈ ভাষা আৰু সাহিত্যৰ বাদে সুগম বাট আন নাই। গতিকে মানুহৰ জাতি আৰু ধর্ম সাহিত্যৰ ভেটি হলেও সি সাহিত্যৰ আঁচলত ধৰিহে আগবাঢ়িব পাৰে। অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক গোহাঞি বৰুৱাৰ ১৯৪৬ চনৰ এপ্রিল মাহত পৰলোকপ্রাপ্তি হয় । পদ্মনাথ গোহাঞি বৰুৱা জ্ঞানোদয়

অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক পদ্মনাথ গোহাঞি বৰুৱা Padmanath Gohain Baruah, a devoted servant of Assamese literature Read More »

Assamese Proverbs/Idioms

১০০টা ফকৰা যোজনা, জতুৱা ঠাঁচ 100 Assamese Proverbs/Idioms

Assamese Proverbs/Idioms (১) যি মূলা বাঢ়ে তাৰ দুপাততে চিন। (২) ৰাহিত নিদিব হাত, ল’ৰা-ছোৱালী লঘোণে নথ’বা, দিবা গধুলিতে ভাত । (৩) চাই চাই বুলিবা বাট, দেহৰে ভিতৰত আছে খলা বমা, পিছলি পৰিবা তাত। (৪) মন কৰিলেই চন কৰিব পাৰি। (৫) নাহাঁহিবি মোক, খুচৰিব তোক। (৬) জোৰৰ আগত বাতিৰ পোহৰ। (৭) কঠাল চোৰৰ আঠাই সাখী, হাঁহ চোৰৰ মূৰত পাখি। (৮) বেজীৰ জলা মনে, কুঠাৰৰ জলা নমনে। (৯) আগেয়ে আছিলে যেন-তেন, ভকতক ভুজাবৰ পৰা হল পেন পেন। (১০) তিলকে তাল কৰিছে। (১১) সৰুৰ দায় পিছলি যায়, বৰৰ দায় খুচৰি খায়। (১২) সাত বিহুৰ সৈয়াকণী। (১৩) দুখ নকৰিলে মুখ নভৰে। (১৪) যেতেকতে নাটে, তেতেকতে ফাটে। (১৫) নামৰ পৰিছে সাং, দুৱাৰত মাৰাহি ডাং। (১৬) জগৰ বা লগালো কি, মাতোঁ হাঁহ কণী দি। (১৭) আপদত ঔৱেও গল খজুৱায়। (১৮) যি কৰে পৰত, তাক মিলে ঘৰত। (১৯) বেজৰ নাকত খৰে খালে। (২০) জাপ মাৰি দেইছিলো ঢাপলিকা পর্বত/ টিলিকিত মাৰিছিলো বগ। খেদা মাৰি ধৰিছিলো মতা হৰিণা। এতিয়া নেপাওঁ মতা হাঁহৰ লগ। (২১) ৰণত পৰি কলীয়া তেল নাইকিয়া ফপৰা। (২২) যোৰ ও যোৰ বিপৰীত যোৰ, এটি কাণফটা, এটি চোৰ। (২৩) চেনেহৰ চুমাই নাকটি ছিঙে। (২৪) ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেৱ ডৰায়। (২৫) নেগুৰ কাটি বাঘ চোঙলৈ মেলিলে। (২৬) যাৰ খবৰ জীৱৰ মন, বহোঁতে আজোৰে বন। (২৭) কলিয়াবৰত গৈ মৰিল, ঢেকী দিওঁতে মনত পৰিল। (২৮) এঘৰৰ পাটনাদ এঘৰৰ জৰী, এঘৰে পানী তোলে ঘটং মটং কৰি। (২৯) নাচিব নাজানিলে, চোতালখনে বেকা। (৩০) একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো/ লোকক নক’লো লাজে/ ছমাহ খাপ দি নিগনি এটা মাৰিলে/ তাতে ধনঞ্জয় ঢোল বাজে। (৩১) দেখিছাহে বুঢ়া, অগ্নিকুৰা। (৩২) আগৰ চুবুৰীয়াই ধুই খাইছিল ভৰি, আজিৰ চুবুৰীয়াই নোধোৱা হ’ল ভৰি। (৩৩) ধাৰে মাৰিলেও মৰা, গাদিৰে মাৰিলেও মৰা। (৩৪) ভালৰ ভাল সর্বটি কাল। (৩৫) দহোটা লাখুটি, এটাৰ বোজা। (৩৬) চাপৰিলে মেঘ নেৰায়। (৩৭) এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। (৩৮) সেৰে সেৰে যায়, পোৱালৈ কান্দে। (৩৯) জাৰ নাই তৰ্জু-তুল, সি কি জানে বণিজৰ মূল। (৪০) গছত কঠাল ওঁঠত তেল, নৌ খাওঁতেই ছেলবেল। (৪১) শাহু-বোৱাৰীৰ ঘৰ, কোনে খায় গাখীৰৰ সৰ। (৪২) নাকত লাগিল পাক, মহাভকতৰ ছিদ্র লাগিল,মেধি পাতিম কাক। (৪৩) সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। (৪৪) মোমায়ে কাঠ কাটে, মায়ে পানী হেন দেখে। (৪৫) দহো আঙুলিৰে খায়, বুঢ়াই হেচুঁকিলেহে যায়। (৪৬) চোৰক মোৰে পালে, তাঁতীক বৰলে খালে। (৪৭) তেলিয়াই কান্দে তেল পেলাই, কপহুৱাই কান্দে লেট -পেটাই। (৪৮) আগফালে বৰ চুৰীয়াৰ ফেৰ পাছফালে ঢকুৱাৰ বেৰ। (৪৯) মই কওঁ ৰাজভগনৰ কথা / সি কয় কলথোকা বাদুলীয়ে খালে। (৫০) নক’লেও নোৱাৰো ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ। (৫১) খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পীৰা। (৫২) ভকত হৈ কলও নপকায়। (৫৩) লুইতেহে জানে বঠা কিমানলৈ বহে। (৫৪) পাপৰ ধন প্রায়শ্চিত্তত যায়। (৫৫) দোলাৰ নামেৰে শিকিয়াতে যাবা, গাখীৰৰ নামেৰে পানীকে খাবা। (৫৬) বাপ বুলিলে ঢোৰা সাপ। (৫৭) কাকো দেখি ৰান্ধে বাঢ়ে, কাকো দেখি দুৱাৰ বান্ধে। (৫৮) কোতাৰ ঘৰৰ কুটি, লোকলৈ বুলি হুল পুতি আপুনি মৰে ফুটি। (৫৯) কি পৈ হতাই তাই/ লোণ খৰিচা দিবৰ তত নাই। (৬০) একো লৈ নমৰো, জহলৈ মৰোঁ। ফটা আঠুৱাখন তিঙালী কৈ তৰোঁ। (৬১) ঢেকীশাল ফুৰিলে খুদৰ কি আকাল। (৬২) এঙাৰ ধুলেও বগা নহয়। (৬৩) লাঠী মাৰিলেও যিটো, বোপাই বুলিলেও সিটো। (৬৪) পঢ়ায়, পঢ়ে, ৰোৱে পান, এই তিনিয়ে নিচিন্তে আন। (৬৫) ঠাই দিবৰ গুণ, তপং তপনি শুন। (৬৬) গছত গৰু উঠা, হোলোঙাৰে কাণ বিন্ধোৱা। (৬৭) পৰৰ মূৰত খাওঁ, ভটীয়া পানীত যাওঁ। (৬৮) টান পালে ৰাম বোলে। (৬৯) হাড় নাইকিয়া জিভা/ কথা কয় কিবা কিবা। (৭০) নগৈ গড়গাঁৱৰ বাতৰি কয়। (৭১) মাকতকৈ জীয়েক কাজী, ঢেকী থোৰা লৈ বাতে পাঁজি। (৭২) নাই মোমাইতকৈ কণা মোমায়েই ভাল।  (৭৩) লগ হ’লে লংকালৈকে যাব পাৰি। (৭৪) পঢ়ি শুনি কৰিলে হিয়া, চোৰ লৈ গ’ল ভাৰ দিয়া। (৭৫) তোৰ হ’লে মোৰ, মোৰ হ’লে বাপেৰেও নাপায় তোৰ। (৭৬) কাকনো বুলিবা ককা সকলোৰে দাঢ়ি, চুলি পকা। (৭৭) আই গৈছিল গোঁসাই ঘৰলৈ, মই গৈছিলো লগত, আখৈ কলা খাবলৈ পাই তাতে হ’লো ভকত। (৭৮) হাতত নাই বিত, মনে কৰে পিত্ পিত্। (৭৯) খকুৱা গ’ল পাত কাটিবলৈ/ নিখকুৱাই মাটিতে খালে। (৮০) ৰহাৰ ৰহদৈ, তিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই, তিনিওৰ ডিঙিত ধৰি তিনিও কান্দিছে সমন্ধত একোটি নাই। (৮১) কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ,মাকৰ ঘৰত জীয়ৰী বাঢ়ে, পথাৰত বাঢ়ে ধান। (৮২) কান্দিলে ধাৰ শোধ নাযায়। (৮৩) সোলাৰ মুখত মাখি পৰে, সিও লাভৰ ভিতৰ। (৮৪) বাৰটা মাহৰ তেৰটা জগৰ, সদায় নুগুছে এটা লগৰ। (৮৫) তাহানিয়ে খালে টেঙা, এতিয়া পালেহি জেঙা। (৮৬) কঁকালত কাচি, বুঢ়ী ফুৰে নাচি। (৮৭) ভাঙি আন, খুঁচৰি খাও, পুৱা হ’লে নাও মেলি যাওঁ। (৮৮) মনে মুখে আছে, ম’হৰ গাখীৰে কাঁহৰ বাতিয়ে নাই। (৮৯) হাতী চুৰ কৰি যায় বাটে বাটে/ বেঙেনা চোৰক ধৰে। (৯০) কোপ দাং, ধান নাইকিয়া শুদা চাং। (৯১) কিনো ভমকৰ তালি, ভালখন থৈ ফটাখন পালি। (৯২) নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা। (৯৩) হেৰাই পোৱা ধনৰ চৌদ্ধ অনাও ভাল। (৯৪) ভাতৰ তিতা খাবলৈ ভাল, মাতৰ তিতা খাবলৈ টান। (৯৫) ধানটোৱে প্রতি কণটো, মানুহটোৱে প্রতি মনটো। (৯৬) টোপনিৰ চিকুণ পুৱা, কটাৰীৰ চিকুণ গুৱা। (৯৭) ক’ৰ পৰা আহিলা ক’ত দিলা ভৰি, চোতালখন ফাটি গ’ল চেত চেত কৰি। (৯৮) শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ। (৯৯) গাত নাই ছাল বাকলি, মদ খায় তিনি টেকেলি। (১০০) ধনৰ নৰীয়া টান / ভাত খাইছে উধানৰ মান। Please Join Us.

১০০টা ফকৰা যোজনা, জতুৱা ঠাঁচ 100 Assamese Proverbs/Idioms Read More »

Plastic Surgery

প্লাষ্টিক ছার্জাৰি Plastic Surgery

        খ্রীষ্টপূর্ব ষষ্ঠ শতিকাৰ কথা। ঋষি বিশ্বামিত্ৰৰ বংশত জন্ম হৈছিল অন্য এজন ঋষিৰ। তেওঁ বাৰাণসীৰ দেৱদাস ধন্বন্তৰীৰ আশ্ৰমত থাকি বিদ্যা গ্রহণ কৰিছিল। গুৰুৰ পৰা  পোৱা বিদ্যাৰ উপৰি নিজৰ প্রতিভা আৰু অধ্যাৱসায়ৰ যোগে তেওঁ নাকৰ বিষয়ে ভালেখিনি জ্ঞান অর্জন কৰিছিল। এবাৰ তেওঁ এজন মানুহৰ থেতেলা খোৱা নাক এটাৰ চিকিৎসা কৰোতে মানুহজনৰ গালৰ মাংস অলপ কাটি আনি নাকটো মেৰামতি কৰিছিল। আজিৰ পৰা প্ৰায় ২৬০০ বছৰৰ আগেয়ে এই চিকিৎসকজনে নাক মেৰামতিৰ কৰা ব্যৱস্থাটোৱে প্লাষ্টিক ছার্জাৰিৰ সূত্রপাত বুলিব পাৰি।         সেই চিকিৎসকজনৰ নাম আছিল সুশ্রুত। প্লাষ্টিক ছার্জাৰি হ’ল অস্ত্রোপচাৰ বিদ্যা বা শৈল্য চিকিৎসাৰ এটা বিশেষ ভাগ। এই চিকিৎসাৰ সহায়ত দেহৰ বাহিৰভাগত থকা যিকোনো অংগ বিকৃতি, ক্ষত আদি ন কৈ গঢ় দি সৌন্দর্য ৰক্ষা কৰা আৰু সেই অংগক পুনৰ কাম কৰাৰ ক্ষমতা দান দিবলৈ চেষ্টা কৰা হয়।          আধুনিক চিকিৎসা বিজ্ঞানত প্লাষ্টিক ছার্জাৰিৰ আৱিষ্কাৰক হ’ল আইভাৰছন। এবাৰ আইভাৰছনৰ ওচৰলৈ এগৰাকী যুৱতী আহিল। যুৱতীগৰাকীৰ মুখখন আছিল বসন্তৰ দাগেৰে ভৰা। তাই ডাক্তৰক খাটনি ধৰিলে, “ডাক্তৰ, দয়া কৰি আপুনি মোৰ মুখৰ দাগবোৰ ভাল কৰি দিয়ক। মই মানুহৰ আগত ওলাব নোৱাৰা হৈছো।” তেওঁ ক’লে, “তুমি কেইসপ্তাহমানৰ পছত আহিবা। মই তোমাৰ বাবে যথাসাধ্যে চেষ্টা কৰিম।” ডাক্তৰৰ আশ্বাস শুনি ছোৱালীজনীৰ মুখত হাঁহি বিৰিঙিল। ইয়াৰ পাছত ডাক্তৰ মহাচিন্তাত পৰিল। ছোৱালীজনীৰ মুখৰ দাগবোৰ গুচোৱা যায় কেনেকৈ? দিনে ৰাতিয়ে অহৰহ চিন্তা কৰিও ডাক্তৰে এই সমস্যাৰ পাৰ নাপালে।         এদিন বাটেদি গৈ থাকোতে হঠাৎ এজন ৰেড ইণ্ডিয়ান যুৱকৰ ওপৰত ডাক্তৰৰ চকু পৰিল। যুৱকজনে এজন মানুহৰ হাতত উল্কি (Tattoo) আঁকিছে। ডাক্তৰ যুৱকজনৰ কাষ চাপি গ’ল আৰু তেওঁনো কেনেকৈ উল্কি আঁকিছে চাবলৈ ধৰিলে। মানুহজনৰ হাতত উক্তি আঁকি শেষ হোৱাত যুৱকজনে আইভাৰছক সুধিলেও ডাঙৰীয়া, উল্কি কৰাব নেকি? মই বৰ ভাল উল্কি কৰিব পাৰো। যদি আপোনা পছন্দ নহয় উঠায়ো পেলাব পাৰিম।          যুৱকজনৰ কথাত ডাক্তৰজনে উল্কি উঠোৱা কথা সুধিলে। ডাক্তৰজনেও প্রথম বাৰৰ বাবে উল্কি  কৰালে। কিন্তু পিছ মুহূর্ততে তেওঁ উল্কিবোৰ উঠাবলৈ ক’লে। হাতৰ পৰা উল্কি উঠাৰ পাছত যুৱকজনে ক’লে  ‘কেইদিনমানৰ পাছত বেণ্ডেজটো খুলি চাব, একো  দাগ নাথাকে। ডাক্তৰজনে বেণ্ডেজটো খুলি তবধ মানিলে। হাতত একো দাগ নাই।          এইবাৰ আইভাৰছনে গৱেষণাত বহিল। গৱেষণাত তেওঁ পালে যে মানুহৰ ছালৰ স্তৰ কেইবাটাও। যদি কোনো ক্ষত ছালৰ দ্বিতীয় স্তৰলৈ বিয়পে, তেতিয়া তাক পৰিস্কাৰ কৰি দিলেই নতুন ছাল গজি আহে আৰু ছাল মসৃন কৰি তোল।           ডাক্তৰে তেওঁৰ এই অভিজ্ঞতা আৰু জ্ঞান বসন্তৰ দাগবোৰে ভৰা ছোৱালীজনীৰ মুখত প্রথমে প্রয়োগ কৰিলে। সম্পূর্ণ ছোৱালীজনীক অজ্ঞান কৰি তেওঁৰ মুখমণ্ডলত অস্ত্রোপচাৰ কৰি বেণ্ডেজ বান্ধি কেইদিনমান থ’লে।           নিদিষ্ট দিনা ডাক্তৰে প্ৰবল উৎকণ্ঠাৰে ছোৱালীজনীৰ মুখৰ বেজে খুলিলে আৰু লগে লগে  এজনী লাৱণ্যময়ী যুৱতীলৈ পৰিৱৰ্তন হয়।           আজিৰ আধুনিক যুগত সেইদৰে অকামিলা চকু, হৃদপিণ্ড, বৃক্ক আদি পুনৰ প্ৰতিষ্ঠাপিত কৰিব পৰা হৈছে। প্লাষ্টিক ছার্জাৰি Plastic Surgery বি.দ্ৰ.: প্ৰকাশ পালে জ্ঞানোদয়ৰ দুমহীয়া আলোচনী ‘জ্ঞান-পিপাসা‘ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যা। আপুনি পঢ়িলেনে? নাই পঢ়া যদি অনুগ্ৰহ কৰি এবাৰ পঢ়িব। ধন্যবাদ

প্লাষ্টিক ছার্জাৰি Plastic Surgery Read More »

নাজিম হিকমত

বিপ্লৱী কবি নাজিম হিকমত Revolutionary Poet Nazim Hikmet

     পৃথিৱীৰ যিসকল কবিয়ে নিজৰ জীৱন, আদৰ্শ আৰু কাব্য উৎসৰ্গা কৰিছিল কেৱল স্বদেশ আৰু স্বজাতিৰ হকে তথা মানৱতাৰ জয়গানেই যাৰ জীৱন আৰু কবিতাৰ মূলমন্ত্র আছিল তেনে এগৰাকী বিশ্ববিশ্ৰুত কবি হ’ল নাজিম হিকমত। সচাকৈ, স্বদেশৰ প্রতি অপৰিমেয় ভালপোৱাৰে সিক্ত নাজিম হিকমতৰ কবিতা যিদৰে আদৰণীয় তাতোকৈও বহু বেছি আদৰণীয় তেওঁৰ উৎসর্গিত জীৱনৰ আদর্শ।          শ্ৰদ্ধাৰ পঢ়ুৱৈসকল, প্রসিদ্ধ তুর্কী কবি নাজিম হিকমতৰ নাম আপোনালোকৰ কোনো কোনোৱে হয়তো শুনিছে, হয়তো বহুতৰ বাবেই এইগৰাকী কবি  অজানা । সি যি কি নহওক, মই আশা কৰিছো , এই লেখনীত যেতিয়া কবি গৰাকীৰ বিষয়ে পঢ়িব তেতিয়া আপোনালোকৰ সুকোমল হৃদয়ৰ অনুভুতিৰে স্মৰণ কৰিব তেওঁৰ অতুলনীয় সংগ্রামৰ কথা — যি সংগ্রাম আছিল শোষণ-নির্যাতন, ন্যায়-অবিচাৰৰ বিৰুদ্ধে। মানৱতাৰ হকে তেওঁ চলাইছিল অন্তহীন যুঁজ।          ফুল – তৰা – গানেৰে ভৰা এই পৃথিৱীখন সৃষ্টিকর্তাই কিমান সুন্দৰকৈ গঢ়িছে, নহয়নে বাৰু ? অথচ , এইখন পৃথিৱীতে জীৱশ্রেষ্ঠ মানুহৰ হাতত গঢ় লৈছে অন্যায়  শোষণ-নির্যাতনৰ সৌধ। মানুহৰ হাততে বিপন্ন হৈছে মানুহৰ জীৱন। আৱহমান কালৰে পৰাই মানৱ ইতিহাসত পোৱা যায় বলীয়ে নিৰ্বলীৰ ওপৰত চলাই অহা শোষণ – নিযার্তন  অন্যায় – অবিচাৰৰ উদাহৰণ। সমাজৰ এনেকুৱা অমানৱীয় কার্যই বিচলিত কৰা বহু মানৱ – দৰদী লোকৰ উদাহৰণো আমি পাওঁ । নাজিম হিকমত তেনে এগৰাকী ব্যক্তি আছিল — যাক কোৱা হয় মেহনতী মানুহৰ বুকুৰ কুটুম আৰু অন্যায় – অবিচাৰৰ বিৰুদ্ধে দীপ্ত প্রতিবাদৰ এক মূর্ত প্রতীক।       ১৯০২ চনত নাজিম হিকমতৰ জন্ম হৈছিল | বৰ্তমানৰ গ্ৰীচ দেশৰ অন্তৰ্গত ‘ট্যুছালনিকি’ নামৰ ঠাই তেওঁৰ জন্মস্থান আছিল। তেতিয়া সেই ঠাইখন অটোমান তুর্কী সাম্রাজ্যৰ অন্তর্ভূক্ত আছিল আৰু ঠাইখনৰ নাম আছিল ‘ছালানিকা’। জন্মসুত্রে তেওঁ আছিল এক অভিজাত পৰিয়ালৰ সন্তান । তেওঁৰ পিতৃ অটোমান চৰকাৰৰ এগৰাকী উচচপদস্থ বিষয়া আছিল । নাজিমে অতি সুখ – স্বাচ্ছন্দৰে তুৰস্কৰ অন্যতম প্রধান অঞ্চল আনাটোলিয়াত তেওঁৰ শৈশৱ অতিবাহিত কৰিছিল। আনাটোলিয়াত নাজিমে নৌ- বিভাগৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিছিল । পাছত ৰাছিয়ান মস্কো বিশ্ববিদ্যালয়ত তেওঁ ৰাজনীতি আৰু অথনীতি বিজ্ঞান অধ্যয়ন কৰে আৰু এই সময়তেই তেওঁ মার্ক্সবাদৰ প্রতি অনুৰক্ত হৈ পৰে। মার্ক্সবাদৰ ওপৰত ৰচিত বিভিন্ন মূল্যবান গ্ৰন্থৰাজি নাজিমে গভীৰ ভাৱে অধ্যয়ন কৰে আৰু ছাত্ৰাৱস্থাতে নিজকে এজন মানৱদৰদী প্রকৃত মার্ক্সবাদীৰূপে গঢ়ি তোলে। শিক্ষা সাং কৰি তেওঁ যেতিয়া তুৰস্কলৈ উভতি আহে, তেতিয়া তুৰস্কৰ ওপৰেদি ইতিমধ্যে দুটা প্ৰৱল ধুমুহা পাৰ হৈ গৈছিল। – প্রথম বিশ্বযুদ্ধ আৰু গ্ৰীচ দেশৰ সৈতে যুদ্ধ। এই ধুমুহাৰ পাছত তুৰস্কত চুলতানী শাসনৰ অৱসান ঘটে আৰু নতুন চৰকাৰ গঠন হয়। নতুন চৰকাৰৰ দ্বাৰা শাসিত তুস্কত নাজিমে লেখক হিচাপে নিজৰ কৰ্ম জীৱন আৰম্ভ কৰে। ১৯২৪ চনৰ পৰা তেওঁ বিভিন্ন পত্রিকা , আলোচনী আদিত কাম কৰিবলৈ লয় আৰু এইবোৰৰ যোগেদি ব্যাপক হাৰত তেওঁ সমাজবাদী আদৰ্শৰ প্ৰচাৰ কাৰ্য চলাবলৈ ধৰে।        দীর্ঘদিন ধৰি চলাই যোৱা নাজিমৰ এই কার্য কলাপে শাসকগোষ্ঠীক আতংকিত কৰি তোলে আৰু তাৰ ফলস্বৰূপে তেওঁ ভোগ কৰিব লগা হয় পাশৱিক নির্যাতন। তুর্কী নৌ বাহিনীক বিদ্রোহ কৰিবলৈ উচতাই দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলি নাজিমক বন্দী কৰা হয় আৰু এখন যুদ্ধ জাহাজত এই বিষয়ে বিচাৰ কৰা হয়। কিন্তু বিচাৰৰ নামত ভেকো ভাওনা চলাই নাজিমৰ দেহৰ ওপৰত চলোৱা হয় পাশৱিক অত্যাচাৰ । জাহাজৰ মলমূত্ৰৰ মাজত আঠুৰ ওপৰলৈকে ডুবাই তেওঁক দীর্ঘদিন বন্দী কৰি ৰখা হয় । কিন্তু ইমানবোৰ নাৰকীয় নির্যাতন সহিব লগা হৈও বিপ্লৱী কবি নাজিমে তেওঁৰ আদৰ্শৰ পৰা তিলমাত্রও বিচ্যুত নহ’ল। তেওঁৰ দেশৰ চৰকাৰে তেওঁক সুদীর্ঘ ওঠৰ বছৰ ধৰি বন্দী কৰি ৰাখিছিল আৰু এনেকৈয়ে সুদীর্ঘ দিনৰ কাৰাবাসৰ অন্তত ১৯৫১ চনত নাজিমে চিৰদিনৰ বাবে তেওঁৰ প্ৰাণৰ, সপোনৰ তুৰস্ক ত্যাগ কৰি ছোভিয়েট ৰাছিয়ালৈ গুছি যায় । তেতিয়াৰে পৰা মৃত্যুৰ সময়লৈকে তেওঁ ৰাছিয়া আৰু পূব -ইউৰোপৰ দেশবোৰত সাম্যবাদী আদৰ্শৰ হকে কাম কৰি যায় । বিদ্ৰোহৰ জ্বলন্ত অগ্নিশিখা আৰু দেশপ্রেম তথা মানৱ প্ৰেম এই দুয়োটাই নাজিম হিকমতৰ কবিতাত প্রজ্বলিত হৈছিল। শোষণ-নির্যাতন, অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্রতিবাদৰ স্ফুলিংগ উজ্জ্বলি উঠিছিল তেওঁৰ কবিতাৰ প্ৰতিটো বর্ণতে।          ১৯৩৬ চনত প্রকাশিত হৈছিল তেওঁৰ মহাকাব্যিক পুথি ‘শ্বেখ বেদ্রেদ্দিন দেস্তানী ‘। এই পুথিখন তেওঁ নামকৰণ কৰিছিল পঞ্চদশ শতিকাৰ আনাটোলিয়াৰ এক বিপ্লৱী ধর্ম – সংস্কাৰক শ্বেখ বদৰুদ্দিনৰ নামেৰে । সেই একে বছৰতে তেওঁৰ অন্য এখন মহাকাব্যিক পুথি ‘মেমলেকাটিমদেন ইনজন মাৰ্জাৰালাৰি’ প্রকাশ পায়। অসমীয়া তর্জমাত এই পুথিৰ নাম – ‘মোৰ দেশৰ মানুহৰ ছবি ‘। এই কাব্যগ্রন্থখন বিশ্ব সাহিত্যৰ এক অমূল্য সম্পদৰূপে আজিও সমাদৃত।           নাজিম হিকমতৰ ৰচনাৱলী তুৰস্কত নিষিদ্ধ কৰা হৈছিল । কিন্তু ওপৰোক্ত কাব্য গ্রন্থ দুখন ১৯৩৬ চনত প্ৰকাশ হোৱাৰ পাছতেই সমগ্র পৃথিৱীতে এই দুখনৰ খ্যাতি বিয়পি পৰে। সমগ্ৰ বিশ্বৰ সাৰস্বত সমাজে তেওঁৰ জীৱন আৰু কবিতাক প্ৰাণৰ উমেৰে সাৱটি লয় । নাজিম হিকমত হৈ পৰে বিশ্বৰ খাটি খোৱা আৰু নিপীড়িত জনতাৰ প্ৰাণৰ কবি। তেওঁৰ কবিতা সমুহ ব্যাপক হাৰত পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ হ’বলৈ ধৰে আৰু জনপ্রিয়তা অর্জন কৰিবলৈ ধৰে । ওপৰোক্ত গ্রন্থকেইখনৰ বাহিৰেও হিকমতৰ অন্যান্য কাব্যগ্রন্থ সমূহ হ’ল — ইংৰাজীলৈ অনুবাদ হোৱা ‘চিলেকটেড পয়েমছ’, ‘দি মস্কো চিম্ফনী ‘,দা দে বিফ’ৰ তুমৰু’ আৰু ‘থিংছ আই দিদ্’ন্ট ন’ আই লাভদ’, আদি। এই পুথিসমূহো বহুজন পঠিত আৰু সমাদৃত।            ১৯৬৩ চনৰ জুন মাহৰ ২ তাৰিখে কুৰি শতিকাৰ এইগৰাকী নির্যাতিত কবি তথা তুর্কী সাহিত্য জগতৰ উজ্জ্বলতম নক্ষত্র নাজিম হিকমতৰ মৃত্যু হয় ছোভিয়েট ৰাছিয়াৰ মস্কো মহানগৰীত । কিন্তু তেওঁ আজিও জীয়াই আছে জনতাৰ প্ৰাণত । আহক খন্তেকৰ বাবে আমিও স্মৰণ কৰোঁ ন্যায় আৰু মানৱতাৰ পূজাৰী কবি নাজিম হিকমতক। Nazim Hikmet বি.দ্ৰ.: প্ৰকাশ পালে জ্ঞানোদয়ৰ দুমহীয়া আলোচনী ‘জ্ঞান-পিপাসা‘ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যা। আপুনি পঢ়িলেনে? নাই পঢ়া যদি অনুগ্ৰহ কৰি এবাৰ পঢ়িব। ধন্যবাদ

বিপ্লৱী কবি নাজিম হিকমত Revolutionary Poet Nazim Hikmet Read More »