Our Logo

জ্ঞানোদয়

Poetry (কবিতাৱলী)

In this category we include our poem collections .
এই শ্ৰেণীত আমি আমাৰ কবিতা সংকলন অন্তৰ্ভুক্ত কৰোঁ।

 

উদ্দেশ্য বিহীন

উদ্দেশ্য বিহীন

উদ্দেশ্য বিহীন লক্ষ্য বিহীন যাত্ৰা হ’ব খোজোঁ উদ্দেশ্যে বিহীন কাহিনী হ’ব বিচাৰোঁ নেলাগে দিব একো পৰিণাম – মাথো হ’ব বিচাৰোঁ অন্তহীন অনুভৱ দিব বিচাৰোঁ সীমাহীন মৰম ঠিক নীলা আকাশৰ দৰে – প্ৰতিটো সময়তে থাকিব বিচাৰোঁ তোমাৰ লগত আঁতৰাব খুঁজিলেও আঁতৰাব নোৱাৰাকে, ঠিক তুমি কথা কওঁতে ভূল হোৱা শব্দবোৰৰ দৰে – জীৱন ডায়েৰীৰ প্ৰতিখিলা পৃষ্ঠা নহ’ব …

উদ্দেশ্য বিহীন Read More »

Love Poem

তোমাৰ কথা

তোমাৰ কথা আজিও মনত পৰে তোমাৰ কথা তোমাৰ মৰম লগা হাঁহিটোৰ কথা , বুকুৰ একুণত সংগোপনে ৰাখিছোঁ তোমাৰ সেই মিচিককৈ মৰা হাঁহিটো থৈছোঁ সাঁচি তোমাৰ অভিমান বোৰো । ফাগুনৰ মলয়া জাকেও কৈ যায় তোমাৰ কথা দি যায় মনৰ বতৰা । শৰতৰ শেৱালিৰ সুৱাসতো  পাওঁ তোমাৰ অনুভূতি । এনে লাগে যেন প্ৰতিটো পাহিতে থাকে তোমাৰ হাঁহি …

তোমাৰ কথা Read More »

Yellow Sky

হালধীয়া আকাশ Halodhiya Akash

হালধীয়া আকাশ জীৱনৰ হালধীয়া আকাশ সাধুমুখী এটা কবিতাৰ গধূলি ৰাঙলী বেলি মিঠা আবেলি আৰু এটা হাঁহি মুখী মন। পোহৰৰ ছয়াময়া আকাশ অৰ্থহীনি পৃথিৱীৰ সেউজীয়া তুমি নোহোৱাটো মোৰ তাৰ উত্তৰ মই কেতিয়াবাই পাইছোঁ। এতিয়া সময়ে জানো মোক লৈ যাব জীৱন আকাশৰ পোহৰৰ দিশে এইয়া আকাশ নে? তোমাৰ মৰিচিকা ! ©নিলাভ জ্যোতি কলিতা

অনুভৱ

অনুভৱ Feeling

অনুভৱ ?কাৰ বাবে অনুভৱ ?কিহৰ বাবে অনুভৱ ?হয়তো ভোকাতুৰৰ খোৱাৰ তাড়নাত,নাইবা অৱহেলিত জনৰ পোৱাৰ বাসনাত,নে গৃহহীনৰ আশ্ৰয়ৰ আকুলতাত ?সঁচায়ে —সহস্ৰজনৰ দৰেইদ্ৰৰিদ্ৰতাৰ সতে যুঁজি যুঁজিমিতব্যয়িতাত ললোঁ আশ্ৰয়,সেয়েহে হ’বলালাঞ্ছিত, অপমানিত আজিধনবান সমাজত।তথাপি এবুকু আশাৰেজীয়াই আছোঁ।দহিছে হৃদয়খনিউমি উমি জ্বলি থকাঅন্তৰাগ্নিত,পাৰিবা তুমি সঁচা হৃদয়েৰেঅনুভৱ কৰিবঅৱহেলিতজনৰ বেদনাৰ জুই ?নিৰ্বাপিত কৰিবানেসঁচা মানৱতাৰেঅন্তৰাগ্নিৰ জ্বলন্ত শিখা ?পাৰিবা, পাৰিবা নে তুমি ?