বিহুৰ বাদ্যযন্ত্র
বিহু অসমীয়া জাতিৰ চেনেহৰ উৎসৱ। অসমীয়া জাতিৰ লোকসংস্কৃতিৰ প্ৰধান অংগ বিহু। এই বিহুটোতে ওতপ্ৰোত ভাবে জড়িত হৈ আছে অসমীয়া লোকবাদ্যসমূহৰ কেইপদমান বাদ্যযন্ত্র। সেই কেইবিধ হৈছে – ঢোল, পেঁপা, বাঁহী, গগনা, তাল, টকা আৰু সুতুলি। ঢোলঃ ঢোল হৈছে বিহুৰ আটাইতকৈ গুৰুত্বপূর্ণ তথা অপৰিহাৰ্য লোকবাদ্য। ঢোল নহ’লে বিহু নপকে। ডেকা-গাভৰু তথা ল’ৰা-ছোৱালী, বুঢ়া সকলোৰে মন প্রাণ উৰুঙা …