Short Story ( চুটি গল্প )

In this category we include short story.
এই শ্ৰেণীত আমি চুটি গল্প অন্তৰ্ভুক্ত কৰোঁ।

অনন্যাৰ উদ্ভিদ পৰিৱৰ্তন: এগৰাকী অসমীয়া ছোৱালীৰ কাহিনী || Ananya’s Botanical Transformation: Story of an Assamese girl

এসময়ত অসমৰ নিস্তব্ধ উপত্যকাত অনন্যা নামৰ এগৰাকী কণমানি ছোৱালী বাস কৰিছিল। তাইৰ পৃথিৱীখন চকুৱে দেখা পোৱালৈকে বিস্তৃত হৈ থকা ৰসাল চাহ বাগিচাবোৰৰ চাৰিওফালে ঘূৰি আছিল। অনন্যাৰ পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চাহ বাগিচাত কাম কৰিছিল, পৃথিৱীৰ বিভিন্ন ঠাইৰ চাহকাপৰ বাবে বাট বিচাৰি পোৱা মিহি পাতবোৰ ছিঙিছিল। এদিন কুঁৱলীময় ৰাতিপুৱা অনন্যাই পথাৰলৈ ৰাওনা হওঁতে চাহ জোপোহাৰ মাজত সোমাই থকা এটা অদ্ভুত উদ্ভিদ লক্ষ্য কৰিলে। তাৰ জীৱন্ত ফুলবোৰ সেউজীয়াৰ সাগৰৰ বিপৰীতে থিয় হৈ আছিল। কুটিল হৈ তাই চাহ গছবোৰক যি সমৰ্পণ দিছিল, সেই সমৰ্পণেৰে পানী দি তাৰ যত্ন লোৱাৰ সিদ্ধান্ত ল’লে। দিনবোৰ সপ্তাহলৈ পৰিণত হ’ল আৰু এসময়ৰ সৰু গছজোপা এটা উশাহ লোৱাৰ দৰে ধুনীয়া ফুললৈ ৰূপান্তৰিত হ’ল। অনন্যাৰ এই অসাধাৰণ আৱিষ্কাৰৰ খবৰ বিয়পি পৰিল, ওচৰৰ গাঁৱৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰিলে। চাহ বাগিছাৰ একাগ্ৰতা ভাঙি ফুলটো হৈ পৰিল আশা আৰু সৌন্দৰ্য্যৰ প্ৰতীক। ফুলৰ খ্যাতি বাঢ়ি অহাৰ লগে লগে অনন্যাৰ আত্মাও বাঢ়ি আহিল। তাই উপলব্ধি কৰিলে যে দৈনন্দিন জীৱনৰ ৰুটিনৰ মাজতো অভাৱনীয় ঠাইত সৌন্দৰ্য্য বিচাৰি পোৱা যায়। এসময়ত অৱহেলিত চাহ বাগিচাৰ চুকবোৰ বিভিন্ন উদ্ভিদ আৰু ফুলৰ আশ্ৰয়স্থল হৈ পৰিল, বাগিচাখনক উদ্ভিদ বিজ্ঞানৰ আশ্চৰ্য্যলৈ ৰূপান্তৰিত কৰিলে। অনন্যাই অনন্য ফুলটোক লালন-পালন কৰাৰ সৰু কাৰ্য্যই কেৱল প্ৰাকৃতিক দৃশ্যই নহয়, সমাজৰ মানসিকতাও ৰূপান্তৰিত কৰিছিল। এসময়ত কেৱল কৰ্মক্ষেত্ৰ হিচাপে দেখা চাহ বাগিচাবোৰ এতিয়া প্ৰকৃতি আৰু সৌন্দৰ্য্যৰ সহাৱস্থানৰ স্থানত পৰিণত হ’ল। আৰু সেইবাবেই অসমৰ বুকুত অনন্যাৰ কাহিনীয়ে চাহ বাগিচাবোৰৰ মাজেৰে প্ৰতিধ্বনিত হৈছিল, সকলোকে সোঁৱৰাই দিছিল যে কেতিয়াবা, সাধাৰণত অসাধাৰণতাক উন্মোচন কৰিবলৈ মাথোঁ এটা মুহূৰ্তৰ কৌতুহল আৰু যত্নৰ প্ৰয়োজন। #Ananya #Ananya’s Garden #Assamese Girl #AssamTeaGarden #Gyanodaya শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author

অনন্যাৰ উদ্ভিদ পৰিৱৰ্তন: এগৰাকী অসমীয়া ছোৱালীৰ কাহিনী || Ananya’s Botanical Transformation: Story of an Assamese girl Read More »

অনুভৱ

এই একপক্ষীয় প্ৰেমৰ অনুভৱ This Feeling of Unilateral Love

এই একপক্ষীয় প্ৰেম বোৰ যে সঁচাকৈ  organic chemistry ৰ reaction বোৰৰ দৰে । এনেই বহুত ভাল লাগে কিন্তু বুজি একো নেপাও । কিয় হয় কেনেকৈ হয় চব মূৰৰ উপৰে যাই । হ’লেও ভাল লাগে । ভাল লাগে অনুভৱ কৰি । Notes book খন লুটিওয়াৰ দৰে তোমাৰ Instagram Account টো কিমান বাৰ চাওঁ ঠিক নাই । তোমাৰ ফটো বোৰৰ উপৰত যদি পৰীক্ষা পাতে মই O+ পাম। এইবোৰে অনুভৱ । ভাল লাগে। তোমাৰ ফটোবোৰো অনুভৱ কৰোঁ । আজি কালি তুমি দিয়া text কেইটাও অনুভৱ কৰোঁ । কাণত বাজি আছে আচুৰ্য দাৰ প্ৰিয় গান টো “ “পাৰা যদি হোৱা না মোৰ , শিৰে শিৰে বোৱাহি চোন খালি ৰাখিছোঁ কলিজাৰ এচুক নোৱাৰিলে নকৰোঁ জোৰ সামৰিম সপোন বোৰ নহবা মাথোঁ তুমি দূৰ” ।। শব্দ কেইটা মোৰ জীৱনক লৈ লিখিছে নেকি ? নে মোৰ মনৰ অব্যক্ত ভাবনাবোৰ । নেজনো। বুজাব নোৱাৰোঁ। এনেকৈ বুকুত কিছুমান অবুজ কথা লৈ আছোঁ । কব মন যাই । কেতিয়াবা চিঞৰি দিব মন যাই। কিন্তু মই আজি বাধাগ্ৰস্ত । হয় বাধা দিয়ে মোক । কিন্তু কোনে ? ভয় !! হয় ভয়ে চাগে । তোমাক হেৰুওৱাৰ ভয় ।ভাল পাওঁ বুলি কৈ দিলে জানো ভাল পাবা তুমি? কিজানি তুমি মোৰ পৰা তেনেকুৱা এটা আশা ই নকৰা । মইও নকৰোঁ । সঁচাকৈ নকৰোঁ জানো ? ওম নকৰোঁ মইও। তুমি গুচি যোৱাটো কেতিয়াও আশা নকৰোঁ । মই বিচাৰোঁ তুমি সদাই কাষত থাকা । কষ্ট হ’ব । কিন্তু থাকা । আচলতে কষ্ট হৈছিল । এতিয়া মনটো লগত কিছুমান চুক্তি কৰি ল’লো। কিছুমান মইও compromise কৰিম আৰু কিছুমান মনটোয়ে কৰিব। মই পাৰিম । মনটোৱে পাৰিব জানো? হয়টো নোৱাৰে । আৰে ! নোৱাৰে কাৰণে আজিও এৰি যাব পৰা নাই । এই মনটোক বুজাব নোৱাৰি । মই নিবিচাৰিলেও তোমাক ই সদাই বিচাৰিব । সদাই তোমাৰ ফটো খন দুবাৰ তিনিবাৰ চাব । ই যেন কোনোবা CID ডক্তৰ হে । কিবা যেন clue হে পাব । Clue পাই চাগে । তোমাৰ হাঁহিটোত, তোমাৰ চকুযোৰিত সকলোতে কিবা এটা পাই । কি পাই শুধা নাই কেতিয়াও । নুশুধো । মই যদি বিচাৰি নাপাওঁ সেই clue বোৰ। সেইয়া আকৌ ভয়। এই ভয়টো যে কেতিয়াও আতৰি নেজাব । ভয় টো আছেই কাৰণে চাগে তুমিও আছা । কিন্তু কিমান দিন থাকিম।তোমাক কেনেকৈ বুজাম । তুমি জানো বুজি পাবা? নাই এনেকৈ থাকিম । ৫-৬ বছৰ পাৰ কৰিলোঁ যেতিয়া এতিয়া আৰু কি । থাকি যাম এনেকৈ ।কিন্তু মনটো যে বুজনি নলয় । অজানিতে কোনোবা এখিনিত যেন মই মনটোক দুখ দিছোঁ । মনটোৱে বিচাৰিলেও যে মই ক’বলে দিয়া নাই তাক । হয়টো এই ভয়টোৰ কাৰণেই । ভয় কিজানি মই তোমাক হেৰাই পেলাওঁ । আৰু কি জানা পাই হেৰাই যোৱাৰ ভয় বেছি । সম্পৰ্কটোৰ নাম দিলে যদি সকলোবোৰ খেলি মেলি হৈ যায় ? নাই নাই নেলাগে মোক সম্পৰ্কৰ নাম । মই এনেকৈয়ে সুখী আছোঁ। আছোঁ জানো ? হয়তো নাই আৰু হয়তো আছোঁ, কাৰণ তুমি সুখত আছা আৰু তাতকৈ মোৰ বাবে বেছি সুখ কি হ’ব পাৰে ? মুঠতে মই তোমাক কোনো কাৰণতে হেৰুৱাব নোৱাৰোঁ । লাগিলে মনটোক অলপ কষ্টই দিম । নাজানো তোমাৰ অনুভৱ কি । কি ভাবা তুমি । কেতিয়াবাচোন ভাল পোৱা লিখিয়া লাগে । সেইটো চাগে মোৰে অনুভৱ । হয় তোমাক ইমান বেছি ভাল পাই পেলাইছো যে তুমি ভাল নেপালেও মনটোক বুজাই লব পৰা হৈছো । কিন্তু কোনোবা এটা চুকত বিষ অনুভৱ হয় । কিহৰ বিষ ? আঘাত পোৱাৰ বিষ ? কিন্তু আঘাত কিহৰ ? এই আঘাত মনৰ ভিতৰত । কৈছিলো যে মনটোক আঘাত দিছোঁ বুলি । হয়টো তাৰে বিষ । কিন্তু এই বিষ আজি কালি পাইও ভাল লাগে ।।অনুভৱ কৰিও ভাল লাগে । সৰুতে কিবা এটা বস্তু ঘৰত বিচাৰিলে নোপোৱাৰ আঘাত অনুভৱ কৰিছিলোঁ । তেতিয়া হয়টো এচুকত বহি কান্দি থাকোতে কেতিয়াও ভবা নাছিলোঁ এই আঘাতে আকৌ বুকুত খুন্দিয়াই যাবহি বুলি । হয়টো কেতিয়াও কল্পনাই কৰা নাছিলোঁ। কল্পনাই কৰা নাছিলোঁ এই আঘাতে ইমান বিষ দিব বুলি । ভয় লাগে এই আঘাতটো হেৰাই যাব বুলি । সেইয়া আকৌ ভয়। কৈছিলো নহয় এই ভয়টো কেতিয়াও আতৰি নেজাই।। সেইকাৰণে আঘাত পাই থকা বিষটো নেযায় । নেযায় নে যাব নিদো ? নেজানো । কিন্তু ভাল লাগে । ভাল লাগে বিষ বোৰ অনুভৱ কৰি । বিষণ্ণতাৰে ভৰি আছে আজি হূদয়। বুজাব নোৱাৰোঁ কি এই প্ৰণয় । কিন্তু ভাল লাগে তুমি তুমি লগা প্ৰতিটো কথা ।দুটি উঠত ৰাখি থোৱা প্ৰতিটো আশা অনুভৱ কৰি ভাল লাগে । ।।”এয়াই চাগে একপক্ষীয় প্ৰেমৰ অনুভৱ “।।     #একপক্ষীয় প্ৰেম #অনুভৱ www.gyanodaya.co.in

এই একপক্ষীয় প্ৰেমৰ অনুভৱ This Feeling of Unilateral Love Read More »

মায়াৱী ঘোঁৰা Elusive Horse

মায়াৱী ঘোঁৰা Elusive Horse — a Russian short story

এজন বুঢ়াৰ তিনিজন পুতেক আছিল। ডাঙৰ পুতেক দুজন আছিল অতি কৃপণ। কুবেৰ বুলি ক’লেও বেছি কোৱা নহয়। তৃতীয় পুত্র ইভান পিচে তেনে নাছিল। সি দিনৰ দিনটো জুহালৰ গুৰিত বহি কটাইছিল আৰু মন গলে কেতিয়াবা কাঠফুলা বিচাৰি হাবিলৈ গৈছিল। বুঢ়াই মৰিবৰ সময়ত তিনিও পুতেকক কাষলৈ মাতি আনি ক’লে-“বোপাইহঁত, মই মৰাৰ পিছৰ তিনি নিশা তহঁত তিনিওটাই প্রতি নিশাই এজন এজনকৈ মৰিশালিলৈ যাবি আৰু লগত যথেষ্ট পৰিমাণে খোৱা বস্তুও লৈ যাবি।” এদিনাখন বুঢ়া মৰিল। কবৰো দিয়া হ’ল। সেই নিশা মৰিশালিলৈ যোৱা পাল পৰিল বুঢ়াৰ ডাঙৰ পুতেকৰ। সি যেনে কৃপণ তেনে এলেহুৱা আৰু ভয়াতুৰ আছিল। সেয়ে সি মুৰ্খ ইভানক ক’লে– “ইভান তই যদি আজি মোৰ হৈ পিতাৰ মৰিশালিলৈ যাৱ, তেনেহ’লে তোক মৌৰ পিঠা এটা কিনি দিম।” ইভান তৎক্ষণাৎ মান্তি হ’ল। কিছু ৰুটি আৰু মাখন লৈ সি দেউতাকক কবৰ দিয়া মৰিশালিলৈ গ’ল। মৰিশালিটোৰ ওচৰতে বহি কি ঘটে তাকে চাবলৈ ইভান ৰৈ থাকিল। মাজনিশা আৰম্ভ হোৱাৰ লগে লগে মৰিশালিৰ মাটিখিনি এফলীয়া হৈ গ’ল আৰু তাৰ মাজৰ পৰা দেউতাক ওলাই আহি মাত লগালে,— “কোন সেয়া? মোৰ বৰ পুত্র হয়নে? কচোন মোলৈ কি আনিছ? কুকুৰবোৰে বাৰু ভুকি আছে নেকি ? কুকুৰনেচীয়া বাঘববাৰে গুজৰি আছে নেকি? কেঁচুৱাবোৰে কান্দি আছে নেকি?” ইভানে উত্তৰ দিলে-“হয় দেউতা, আপোনাৰ পুত্ৰ। ৰাছিয়াত সকলোবোৰ ঠিকে ঠাকে চলি আছে, সকলো শান্তিত আছে”। তাৰ পাছত দেউতাকে বৰ তৃপ্তিৰে সি নিয়া ৰুটিখিনি খাই মৰিশালিত শুই পৰিল। ইভানেও ঘৰলৈ বুলি বাট ল’লে, অৱশ্যে বাটত কাঠফুলা গোটাবলৈ কেইবা ঠাইতো ৰ’ল। ঘৰ আহি পোৱাত ককায়েকে সুধিলে — “দেউতাক দেখিলিনে?” — “ওঁ দেখিলোঁ।” ইভানৰ উত্তৰ। — “তই নিয়া ৰুটিখিনি খালেনে?” — “ওঁ, খালে। অকণো নেৰাকৈ খালে।” ইভানে ক’লে। দ্বিতীয় নিশাৰ কথা। সৰু ককায়েকেও আহি ইভানক খাটনি ধৰিলেহি দেউতাকৰ মৰিশালিলৈ যাবলৈ। কাৰণ সি ডাঙৰ ককায়েকতকৈও এলেহুৱা আৰু ভয়াতুৰ আছিল। সি ভায়েকক ক’লে— “ইভান তই যদি মোৰ হৈ মৰিশালিলৈ যাৱ তেনেহ’লে তোক ধুনীয়া জোতা এযোৰ দিম।” সি ভালেই পালে আৰু আগদিনাৰ দৰে ৰুটি লৈ মৰিশালিত দেউতাকৰ কাৰণে অপেক্ষা কৰিলেগৈ। আগদিনাৰ দৰে মাজ নিশা মৰিশালিৰ মাটি এফলীয়া কৰি দেউতাক উঠি বহিল আৰু আগদিনাৰ প্ৰশ্নকেইটাকে তাক পুনৰ সুধিলে। ইভানেও যথাযথ উত্তৰ দিয়াত দেউতাকে খাই-বৈ পুনৰ মৰিশালিত শুই পৰিল। দেউতাক শোৱাৰ লগে লগে ইভান ঘৰলৈ ঘূৰি আহিল। আহোতে বাটতে পাই কাঠফুলা কিছুমান লৈ আহিল। তৃতীয় নিশা মৰিশালিলৈ যোৱাৰ পাল ইভানৰ নিজৰ । দুয়োটা ককায়েকক ক’লে, “দুয়ো দিনেই মই মৰিশালিলৈ গ’লো। আজি তোমালোকৰ পাল। মই আজি ঘৰত জিৰণি লম”। তাৰ কথা শুনি দুয়োটা ককায়েকে একমুখে চিঞৰি উঠিল—“নহয় নহয় ইভান। তই যাবই লাগিব। কাৰণ এই দুদিন তই বেছ অভ্যস্ত হৈ গৈছ।” ইভান পুনৰ যাবলৈ ওলাল। সি ৰুটি-মাখন লৈ মৰিশালিত উপস্থিত হ’লগৈ। আগৰ দুদিনৰ দৰে মাজনিশা মৰিশালিৰ মাটিখিনি এফলীয়া হ’ল আৰু দেউতাক উঠি বহিল, বহিয়ে দেউতাকে আগৰ দৰে প্রশ্নবোৰ কৰি গ’ল। ইভানেও নিজৰ চিনাকি দি দেশত কেউফালে শান্তি বিৰাজ কৰি আছে বুলি জনালে। তাৰ পিছত দেউতাকে সি নিয়া আহাৰখিনি বৰ তৃপ্তিৰে খালে আৰু ক’লে— তয়েই মই কোৱামতে কৰিলি ইভান। তই মোৰ মৰিশালিলৈ আহিবলৈ ভয় নকৰি তিনি নিশা একেৰাহে আহিলি। এতিয়া তই মুকলি পথাৰলৈ গৈ ক’ব লাগিব— হে বাদামী ৰঙৰ ঘোঁৰা। মোৰ কথা শুনা আৰু আদেশ পালন কৰা। তোমাক মই মোৰ ওচৰলৈ আহ্বান জনাইছো। যেতিয়া ঘোঁৰাটো তোৰ আগত উপস্থিত হ’বহি তেতিয়া তই তাৰ কান্ধলৈ বগাই সোঁকাণেৰে সোঁমাই বাওঁকাণেৰে ওলাই যাবি। লগে লগে তই এজন সুন্দৰ যুৱক হৈ পৰিবি। তাৰপিছত ঘোঁৰাত উঠি যলৈ ইচ্ছা গুচি যাবি।” ইভানে দেউতাকে দিয়া ঘোঁৰাটো লৈ দেউতাকক ধন্যবাদ জনাই ঘৰলৈ উভতি গ’ল। বাটত মাথোঁ অলপ সময় ৰৈ কাঠফুলা কিছুমান তুলি লৈ গ’ল। ঘৰ আহি পোৱাত ককায়েকহঁতে তাক দেউতাকক সি দেখিলেনে, দেউতাকে ভালকৈ খালেনে ইত্যাদি প্রশ্ন সুধিলে সিও আগৰ দৰে উত্তৰ দিলে। হেন সময়তে সেই দেশৰ ৰজাই দেশে-বিদেশে এক আদেশ জাৰি কৰিলে যে সকলো অবিবাহিত, ধুনীয়া যুৱক ৰজাৰ দৰবাৰত হাজিৰ হ’ব লাগে। ৰজাৰ সুন্দৰী ৰাজকুমাৰীয়ে আদেশ দিলে, তেওঁৰ কাৰণে অতি সোনকালে ওক গছৰ কাঠৰ টুকুৰাৰে বামহলীয়া এটা অট্টালিকা সাজি দিব লাগে। তাৰ পিছত তেওঁ এটা পণ আগবঢ়াই ক’লে, যিজন যুৱকে তেওঁৰ তেজী ঘোঁৰাত উঠি অট্টালিকাটোৰ একেবাৰে ওপৰৰ খিৰিকীৰ কাষত বহি থকা ৰাজকুমাৰীক স্পর্শ কৰি চেনেহ যাচিব পাৰিব তেওঁকে ৰাজকুমাৰীয়ে বিয়া কৰাব আৰু যুৱকেও অর্ধৰাজ্য লাভ কৰিব। এসপ্তাহ ঘোঁৰা চেকুৰাই পর্বত, পাহাৰ, হাবি, জংঘল অতিক্রম কৰি ইভানে ৰজাৰ আদালতত উপস্থিত হ’লগৈ। ৰাজপ্রাসাদ লোকে লোকাৰণ্য হৈ আছিল। বাৰমহলীয়া অট্টালিকাটোৰ একেবাৰে ওপৰত ৰাজকুমাৰীয়ে নিজৰ কোঠাৰ খিৰিকীৰ কাষত বহি আছিল। ৰজাই বাহিৰলৈ ওলাই আহি সকলোকে সম্বোধি ক’লে— “তোমালোকৰ মাজৰ যিজন যুৱকে খিৰিকীৰ কাষত বহি থকা মোৰ কন্যাক ইয়াৰ পৰা জঁপিয়াই স্পর্শ কৰিব পাৰিব, তেৱেঁই ৰাজকন্যাক বিয়া কৰাব পাৰিব আৰু মোৰ অৰ্ধৰাজ্য লাভ কৰিব।” ৰাজকুমাৰীৰ পাণিপ্রার্থী যুৱকসকলে ইজনৰ পিছত সিজনকৈ ঘোঁৰাত উঠি জাপ মাৰিবলৈ চেষ্টা কৰিলে কিন্তু কোনো জয়ী হ’ব নোৱাৰিলে। ইভানৰ ককায়েকহঁতেও চেষ্টা কৰিলে যদিও সফল হ’ব নোৱাৰিলে। এইবেলি ইভানৰ পাল পৰিল। সি বাদামী ৰঙৰ মায়াৱী ঘোঁৰাটো চেকুৰাই দিলে আৰু যিমান পাৰি সিমান ওপৰলৈ জাপ মাৰি দিলে। ৰাজকুমাৰীক চোওঁ চোওঁ হৈছিল যদিও চুব নোৱাৰিলে। দ্বিতীয়বাৰতো অকণমানতে সাৰি গ’ল। তৃতীয়বাৰত সি ৰাজকুমাৰীৰ কপাল স্পর্শ কৰিবলৈ সক্ষম হ’ল। ফলত ৰাজকুমাৰীৰ ছাব মোহৰ লগা আঙঠিয়ে তাৰ চেলাউৰিত আঘাত কৰাত এটা স্পষ্ট চিন ৰৈ গ’ল। মানুহবোৰে চিঞৰি উঠিল— “ধৰা, ধৰা। তাক ধৰা।” কিন্তু ইভান আৰু মায়াৱী ঘোঁৰা ধূলিৰ লগত বিলীন হৈ গ’ল, কোনেও তাক ধৰিব নোৱাৰিলে। ইভানে ঘোঁৰাসহ পুনৰ মুকলি পথাৰ পালেহি আৰু এইবাৰ ঘোঁৰাটোৰ বাওঁ কাণেদি সোমাই সোঁকাণেদি ওলাই যোৱাত সি পুনৰ আগৰ চেহেৰা লাভ কৰিলে। মায়াৱী ঘোঁৰাক মুক্ত কৰি সি এইবাৰ ঘৰ পালেহি। বাটত ৰৈ সি কাঠফুলা কিছুমান তুলি আনিলে। ঘৰ সোমাই কপালৰ ঘা-টুকুৰাত এখন ফটাকানি বান্ধি জুহালৰ ওচৰত আগৰ দৰে বহি থাকিল। ইতিমধ্যে তাৰ ককায়েকহঁত ঘৰ পালেহি আৰু সিহঁত ক’লৈ গৈছিল কি দেখিছিল তাক সমস্ত বিৱৰি ক’লে। “ৰাজকুমাৰীৰ পাণিপ্রার্থী যুৱকসকল অতি ধুনীয়া আছিল কিন্তু তাৰ মাজৰে দেৱতাৰ নিচিনা ধুনীয়া যুৱক এজনে দুৰন্ত ঘোঁৰা এটাৰ পিঠিত উঠি জাপমাৰি ৰাজকুমাৰীক স্পর্শ কৰিলেগৈ ? আমি তেওঁক অহাহে দেখিলো ক’লৈ গ’ল নেদেখিলো আৰু।” ককায়েকহঁতে ক’লে। “তোমালোকে দেখা যুৱকজন ছাগে ময়ে আছিলোঁ।” ইভানে ক’লে। ককায়েকহঁতে খঙত জ্বলি-পকি উঠি ক’লে, “থ, থ, তোৰ বাজে কথাবোৰ। তই মাথো জুহালৰ ওচৰত বহি বহি কাঠফুলা খাই থাক।” ইভানে কপালৰ বেণ্ডেজটো খুলি ৰাজকুমাৰীৰ আঙঠিৰ দাগটো দেখুৱালে। তৎক্ষণাৎ এক উজ্জ্বল চিকমিকনিয়ে ঘৰটো পোহৰাই তুলিলে। ককায়েকহঁতে ভয় খাই ক’লে, “কি কৰিছ মূৰ্খ ? তই দেখোন এতিয়া ঘৰটো পুৰি শেষ কৰিবি।” বিস্ময়ত সিহঁত অবাক হৈ ৰ’ল। পিছদিনা ৰজাই ৰাজ্যৰ সকলো প্রজা, গণ্যমান্য ব্যক্তি, ধনী-দুখীয়া সকলো শ্ৰেণীৰ লোককে তেওঁৰ প্রাসাদত আয়োজন কৰা ভোজলৈ মাতিলে। ইভানৰ ককায়েক দুটাও বাদ নপৰিল। ককায়েকহঁতৰ লগত ইভানে যাবলৈ ইচ্ছা কৰিলে। দুয়োটাই তাক ঠাট্টা কৰি ক’লে : তই জুহালত বহি থকাৰহে উপযুক্ত। তাতে বহি বহি কাঠফুলা খাই থাক। সিহঁত ধুনীয়া ঘোঁৰাত উঠি ৰাজপ্রাসাদ অভিমুখে যাত্রা কৰিলে। পিছে পিছে ইভান খোজকাঢ়ি আগবাঢ়িল। অৱশেষত সি

মায়াৱী ঘোঁৰা Elusive Horse — a Russian short story Read More »