Student Life

ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life

Common Writings ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life মানুহে যি সময়ত বিদ্যা শিক্ষাৰে জ্ঞান আহৰণৰ দ্বাৰা ভৱিষ্যৎ জীৱনৰ বাবে নিজকে সাজু কৰি তোলে সেই সময়ছোৱাকে ছাত্ৰ জীৱন বোলা হয়। সেই সময়ছোৱাত মই ভাবো এই ছাত্ৰ জীৱনৰ প্ৰধান কর্তব্য হ’ব জ্ঞান আহৰণ কৰা; যাৰ দ্বাৰা একো একোজন ছাত্রই নিজকে ভৱিষ্যতৰ সু-নাগৰিক হ’বৰ বাবে গঢ়ি তুলিব পাৰে। ছাত্র জীৱনৰ প্ৰধান কৰ্তব্য হৈছে শিক্ষা আহৰণ কৰা। শিক্ষা আহৰণৰ বাবে প্ৰথম আৰু প্ৰধান কামটো হ’ল অধ্যয়ন। ভৱিষ্যতেও এজন সুনাগৰিক হ’বলৈ পুথি অধ্যয়নেই প্রধান সঁজুলি। কেৱল টকাপইছা অৰ্জনৰ বাবে একোটা চাকৰি কৰিবলৈকে শিক্ষাৰ প্ৰয়োজন নহয়, জীৱনৰ প্ৰতিটো মুহুৰ্তলৈকে শিক্ষাৰ প্রয়োজন। আকৌ বিদ্যা শিক্ষা অর্জনৰ বাবে আন এটা কৰ্তব্য হ’ল সৎ চৰিত্ৰ গঠনৰ প্ৰস্তুতি। সৎ চৰিত্ৰৰ যোগেদিহে ভৱিষ্যতে সু-নাগৰিক হিচাপে গঢ়ি তুলিব পাৰি। নিজৰ পাঠ্যপুথিৰ উপৰিও জ্ঞান আৰু চৰিত্ৰ গঠনৰ বাবে বাতৰিকাকত, কুইজৰ লগতে অন্যান্য পুথি অধ্যয়ন কৰাতো নিতান্তই প্রয়োজনীয়। ইয়াৰ উপৰিও সুস্বাস্থ্যৰ অধিকাৰী হ’লেহে এজন ছাত্ৰই পৃথিৱীত সুখে-সন্তোসে বাস কৰিব পাৰে। সময় অনুসাৰে খোৱা-বোৱা, গা-পা পোৱা, শোৱা উঠা, খেল-ধেমালি কৰাতো এজন ছাত্ৰৰ কৰ্তব্য বুলি ভাবিব পাৰি। জ্ঞান আহৰণৰ বাবে বাতৰি আলোচনী পঢ়াৰ উপৰিও ৰেডিঅ’, টেলিভিছন আদিৰ শিক্ষামূলক কাৰ্যসূচী শুনা আৰু চোৱাতো ছাত্ৰৰ কৰ্তব্য। সঞ্চয় কৰাতো সকলোলোকৰ বাবে ভাল অভ্যাস। তদুপৰি সি ছাত্ৰৰো কৰ্তব্য হ’ব পাৰে। বৃত্তিৰ ধন অথবা অন্য প্ৰকাৰে পোৱা ধন ছাত্ৰসকলে সঞ্চয় কৰাতো ভাল অভ্যাস। এনেদৰে দিনলিপি লিখা ছাত্ৰৰ এটা প্রধান কৰ্তব্য হোৱা উচিত। শিক্ষক লগতে জ্যেষ্ঠজনক সন্মান আৰু অনুজসকলক মৰম কৰাতো ছাত্ৰৰ এটা কৰ্তব্য। সমাজসেৱাত নিজকে জড়িত কৰা, দুখীয়া বাধাগ্রস্ত লোকক সহায় কৰাতো ছাত্ৰৰ অন্যতম কর্তব্য। ছাত্ৰজীৱন হৈছে জীৱনৰ অন্যতম প্রধান সময়। এই সময়ছোৱাত প্ৰতিটো ক্ষণেই সদব্যৱহাৰ কৰিবলৈ শিকিব লাগে। আমি নিজৰ কৰ্তব্য ভালদৰে পালন কৰিলেহে ভৱিষ্যতৰ এজন সু-নাগৰিক হ’ব পাৰিম। About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life Read More »

The strange world of Insects

পতংগৰ বিচিত্র জগত || The strange world of Insects

Interesting Facts পতংগৰ বিচিত্র জগত || The strange world of Insects পৃথিৱীৰ প্ৰতিটো চুকে কোণে পতংগ বিৰাজমান। নদ, নদী, হ্ৰদৰ পাৰ, অন্ধকাৰময় গভীৰ স্থানত, আমাৰ আশেপাশে এই সকলোতে এইবিধ জীৱ পোৱা যায়। তাৰে কিছুমান থাকে আকাশত কিছুমান থাকে বতাহত আৰু কিছুমান থাকে পানীৰ মাজত। কিছুমান পতংগ ইমানেই ক্ষুদ্র যে সিহঁতক খালী চকুৰে দেখাই পোৱা নাযায়। সাধাৰণতে আমি দেখা পতংগৰ ভিতৰত পৰুৱা, মৌ মাখি আদি শক্তিশালী পতংগ। এটা মৌ মাখিয়ে প্রতি চেকেণ্ডত এহেজাৰ বাৰ পাখি কোবাব পাৰে। প্ৰাচীন সৰীসৃপ বিলাকতকৈ বহু নিযুত বছৰৰ আগৰে পৰাই পতংগবোৰে পৃথিৱীত বাস কৰি আহিছে। পতংগ মানেনো কি? পতংগ মানে হ’ল তিনিটা অংশ বিশিষ্ট এটা দেহ, মূৰ, বুকু আৰু পেট থকা এবিধ জীৱ৷ ইহঁত অমেৰুদণ্ডী আৰু সন্ধি থকা সন্ধিপদী বা আৰ্থপ’ডা পৰ্বৰ অন্তৰ্গত। পতংগবোৰ বিভিন্ন আকাব বা আকৃতিৰ। ইহঁতৰ মাজৰে কিছুমানক আকৌ অনুবীক্ষণ যন্ত্ৰৰে চালেহে দেখা যায়। পতংগই পুঞ্জাক্ষী নামৰ এক অংগৰ সহায়ত মূৰটো নুঘূৰোৱাকৈয়ে কেইবা দিশেও লক্ষ্য কৰিব পাৰে। পতংগৰ মূৰৰ ওপৰত দুডাল শুং থাকে। এই শুং দুডালৰ সহায়ত পতংগই স্পৰ্শ, স্বাদ আৰু গোন্ধ পায়। পতংগৰ দেহত ছটাকৈ ঠেং আৰু উৰিবলৈ দুখন পাখি থাকে। অধিক সংখ্যক পতংগৰ ক্ষেত্ৰত এনে হোৱা দেখা যায়। (অৱশ্যে সকলো পতংগৰ ক্ষেত্ৰত নহয়।) পতংগৰ সীমিত সংখ্যকৰহে কাণ আছে। শ্রৱণেন্দ্ৰিয় থকা পতংগৰ ভিতৰত ফৰিং, উইচিৰিঙা, ফৰিঙৰ লগত সাদৃশ্য থকা যথ। আমেৰিকাত থকা এবিধ পতংগ, জিলি আৰু কাকতী ফৰিং বুলি জনাজাত, মূৰত শিঙৰ দৰে এটা চুটি অংগ থকা ফৰিং বিধৰ পেটৰ কাষত শুনিবৰ কাৰণে অংগ থাকে। আনহাতে প্রায়বিলাক পতংগৰ গাত কিছুমান নোম থাকে। আৰু যেতিয়া সেইবোৰ কঁপি উঠে তেতিয়া সিহঁতে গম পায় যে কিবা এটা সিহঁতৰ ফালে আগুৱাই আহিছে। শব্দ সম্পর্কে জানিবলৈ সিহঁতে শুং কেইডাল ব্যৱহাৰ কৰে। আমি ফৰিং বা উইচিৰিঙাই চেঁচেয়াই গীত জোৰা শুনিছোঁ। মতা উঁইচিৰিঙাই মাটিত লেপেটা খাই তাৰ আগ পাখি দুখনি ঘঁহাই গীতৰ সৃষ্টি কৰে। মতা উইচিৰিঙাটোবে মাইকী জনীক কাষলৈ মাতিবলৈ তেনেদৰে চিঞৰে। উঁই চিৰিঙাৰ কাণ আছে কাৰণে মাইকী উঁইচিৰিঙাজনীয়েও তালৈ সঁহাৰি জনায়। পৰুৱা, উই পোক, মৌ মাখিৰ দৰে কিছুমান পতংগ সামাজিক পতংগ বোলা হয়। কিয়নো সিহঁতে দল বান্ধি কাম কৰি ভাল পায় ৷ সকলো জীৱিত প্ৰাণীৰ দৰে পতংগয়ো পৃথিৱীলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। এজোপা উদ্ভিদৰ পৰা আন এজোপা উদ্ভিদলৈ ৰেণু কঢ়িয়াই নিয়াত বিভিন্ন পখিলা জাতীয় পতংগই অংশ গ্ৰহণ কৰে গুবৰুৱাৰ দৰে কিছুমান পতংগই উদ্ভিদ অনিষ্টকাৰী ভক্ষকৰ পৰা বাগিছা খনক ৰক্ষা কৰে। তাৰ উপৰিও পাট পলুৱে স্তা দি মানুহক প্রত্যক্ষভাৱে সহায় কৰে। আনকি পৰুৱাৰ দৰে কিছুমান প্ৰাণীয়ে মৃতপ্ৰাণী আৰু পেলনীয়া বস্তু টানি খায়, জাবৰ চাফা কৰাত সহায় কৰে। মুঠৰ ওপৰত প্ৰাকৃতিক জগতখনত পতংগই আদান-প্ৰদানৰ যোগেদি পৰস্পৰৰ ওপৰত নিৰ্ভৰশীলতা গঢ়ি তোলে। সেই কাৰণেই পতংগ বিলাক এই জগতৰ অবিচ্ছেদ্য অংগ। About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

পতংগৰ বিচিত্র জগত || The strange world of Insects Read More »

Chocholate

চকলেটৰ মিঠা ইতিহাস || Sweet History of Chocolate

History চকলেতৰ মিঠা ইতিহাস || Sweet History of Chocolate চকলেতৰ ব্যৱহাৰ সভ্য সমাজত প্ৰথম আৰম্ভ হয় স্পেইনত। আমেৰিকা আৱিষ্কাৰৰ পাছত স্পেইনৰ বহু মানুহ গৈ তাত বসতি স্থাপন কৰে। সেই সময়ত তেওঁলোকৰ দৃষ্টিগোচৰ হ’ল যে, মেক্সিকোৰ স্থানীয় নিবাসীসকলে এবিধ ফলৰ বীজৰ পৰা পানীয় তৈয়াৰ কৰি খায়। চলিত ভাষাত সেই গছজোপাৰ নাম ‘চকোলেতল’। দিনটোৰ অশেষ পৰিশ্ৰমৰ অন্তত সেই পানীয় সেৱন কৰিলে তেওঁলোকৰ ক্লান্তি দূৰ হয়। এই খবৰ উদ্ধাৰ কৰাৰ পাছত স্পেইনবাসী অতি আনন্দিত হ’ল। তেওঁলোকে আমেৰিকাৰ পৰা এই ক্লান্তি দূৰকাৰী ফলবিধ সংগ্ৰহ কৰি জাহাজত বোজাই কৰি নিজদেশলৈ পঠিওৱা আৰম্ভ কৰিলে৷ স্পেইনত সেইবোৰৰ পৰা পানীয় তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰা আৰম্ভ হৈছিল। ইংলেন্দত প্রথম চকলেত কাৰখানা প্রতিষ্ঠা হয় ১৭৩০ চনত ব্ৰিস্তলত ‘ফ্রাই এন্দ চন্স’ কোম্পানীৰ দ্বাৰা। ১৭৭৬ চনত পেৰিচত প্ৰথম ‘চকোলেচিয়াৰ ৰয়েল’ আৰু জাৰ্মানীত স্তিন হান্ত নামৰ এজন ব্যক্তিয়ে ১৭৫৪ চনত সৰ্বপ্ৰথম চকলেতৰ কাৰখানা খোলাৰ কথা জনা যায়। বহুতে চুইজাৰলেন্দৰ ভেঙিত ১৮১৯ চনত চকলেত প্রথম উৎপাদন কৰা হয় বুলি ক’ব খোজে। ১৮২৬ চনত ইলেন্দত চকলেত লজেন্স প্ৰস্তুত কৰি ক্লান্তি নিৰাময়ৰ ঔষধৰূপে ব্যৱহাৰ কৰা হৈছিল। ১৮৪২ চনত জন কেদ্‌বেৰিয়ে বার্মিংহামত ‘ফ্রেন্স ইতিং চকলেত’ নামৰ চকলেত প্ৰস্তুত কৰি বিক্ৰী কৰে। প্ৰথম চকলেতৰ বাকচ উলিয়ায় কেবেৰি কোম্পানীয়ে ১৮৬৬ চনত। এই কেদবেৰি চকলেত আজিও জনপ্রিয়। চকোলেতল গছৰ লেতিন নাম হ’ল – The cloroma cocao। সাধাৰণতে এই গছবোৰ ২৫-২৬ ফুত ওখ হয়। কেতিয়াবা ৪০ ফুত ওখ হোৱাও দেখা যায়। চকলেতৰ প্ৰস্তুত প্ৰণালী কিছু জটিল। প্রথমে চকলেত লিকাৰ প্ৰস্তুত কৰি পাছত ঘন অৱস্থাত চকলেত ‘বাৰ’ তৈয়াৰ কৰা হয়। চকলেত বাৰৰ লগত নানা উপকৰণ, যেনে – চেনি, চকলেত বাতাৰ ইত্যাদি মিহলোৱা হয়। শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

চকলেটৰ মিঠা ইতিহাস || Sweet History of Chocolate Read More »

albert einstein photo

নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York

Biography নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York জার্মানিৰ এক মধ্যবিত্ত ইহুদি পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল তেওঁ। জন্মৰ সময়ত শিশুটিৰ দেহৰ তুলনাত মূৰটো অত্যধিক ডাঙৰ আছিল; সেয়ে শিশুটিক লৈ কিছু আহুকালত পৰিছিল মাকদেউতাক। কাৰণ ল’ৰাটিৰ সাধাৰণ শিশুতকৈ বহু পলমকৈ মাত-কথা ফুটিছিল। প্রায় ন বছৰ বয়সলৈকে তেওঁ শব্দ উচ্চাৰণ কৰিব পৰা নাছিল । কেৱল সেয়াই নহয় কেথলিক স্কুলৰ পাঠ্যপুথিৰ বিষয়ৰ প্ৰতি তেওঁৰ বৰ বিশেষ আগ্রহ নাছিল। ল’ৰাটিৰ এনে আচৰণৰ বাবে বহুতে তেওঁক মানসিক প্রতিবন্ধী বুলিও ভাবিছিল। তেওঁ শৈশৱৰ বেছি ভাগ সময় বেহেলা বজাই কটাইছিল। সেয়ে তেওঁৰ ল’ৰালিকাল আন দহজন শিশুৰ দৰে নাছিল। পাঁচ বছৰ বয়সত তেওঁ দেউতাকৰ হাতত সৰু এডাল কম্পাচ দেখি বিস্ময়াবিভূত হৈ পৰে আৰু সেইদিন ধৰি তেওঁ মহাকাশবিদ্যাৰ প্ৰতি প্রবলভাবে আকৃষ্ট হৈ পৰে।  আপোনালোকে বাৰু জানানে মই কাৰ কথা কৈ আছোঁ? ওঁ। হয়, ঠিকেই ধৰিছে, মই সেই বিশ্ববিশ্রুত পদার্থবিদ তথা আপেক্ষিকতাবাদ তত্বৰ আবিষ্কাৰক এলবাৰ্ট আইনষ্টাইন(Albert Einstein)ৰ কথাকে কৈছোঁ। মাত্র ১২ বছৰ বয়সতে তেওঁৰ বিজ্ঞান, দৰ্শন আৰু অংকৰ বিভিন্ন গ্রন্থ পঢ়াতো এক প্ৰকাৰ নিচা হৈ পৰে। আইনষ্টাইনে নুবুজালৈকে পাঠ্যপুথিৰ অনেক কথা সুধি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক ব্যতিব্যস্ত কৰি তুলিছিল। তেওঁৰ জীৱন যাত্ৰা বৰ মসৃণ নাছিল। ঘাতপ্রতিঘাত, আশা-হতাশা আইনষ্টাইনৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে সংগী আছিল। সেয়ে তেওঁ ল’ৰালি কালৰে পৰাই জীৱনৰ বাবে সাজু হৈছিল। আইনষ্টাইনৰ দেউতাক এজন চামৰা ব্যৱসায়ী আছিল। ব্যৱসায়ত লোকচান হোৱাৰ বাবে তেওঁলোক সপৰিয়ালে জার্মানি এৰি ইটালিলৈ গুচি আহে। ব্যক্তিগত খেলিমেলিৰ বাবে আই নষ্টাই নে ফেডেলে পলিটেকনিক ইনষ্টিটিউটৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে। মাক-দেউতাকে আইনষ্টাইনক ইলেক্ট্রনিক অভিযন্তা কৰাৰ যি সপোন পুহি ৰাখিছিল সেয়া নিমিষতে চাৰখাৰ হৈ গ’ল। মনৰ দুখত তেওঁ ইটালি এৰি চুইজাৰলেণ্ডলৈ যায়। তাত ‘মেক্স ইলেক্ট্রনিক থিয়ৰি’ বিষয়ত পঢ়া-শুনা কৰে। উল্লেখযোগ্য যে ১৯০০ চনত ফেডেৰেল পলিটেকনিক ইনষ্টিটিউটে  ‘শিক্ষক’ হিচাপে আইনষ্টাইনক স্বীকৃতি দিয়ে। ইয়াৰ পিছতে তেওঁৰ ‘কেপলাৰ বল’ৰ ওপৰত প্ৰথমখন গবেষণা পত্র প্রকাশ হয়। লগে লগে তেওঁ এগৰাকী পদার্থ বিজ্ঞানী হিচাপে জনাজাত হৈ পৰে। আইনষ্টাইনৰ জীৱন টোকাঃ জন্মঃ ১৪ মার্চ, ১৮৭৯ চন, জার্মানি। । নাগৰিকত্ব : জার্মানি, চুইচ, (চইজাৰলেণ্ড) মার্কিন। কর্মক্ষেত্র : পদার্থবিজ্ঞান। কর্মক্ষেত্ৰৰ প্ৰতিষ্ঠান: টুইচ পেটেন্ট হাউচ, জুৰিখ বিশ্ববিদ্যালয়, চার্লচ বিশ্ববিদ্যালয়, ফাইজাৰ উইলহেম প্রতিষ্ঠান আৰু লেইডেন বিশ্ববিদ্যালয়।  আৱিষ্কাৰঃ জেনেৰেল ৰিলেটিভিটি তত্ত্ব, স্পেশ্যাল রিলেটিভিটি তত্ত্ব, কেপলাৰ ফ’ৰ্ট ব্রাউনিয়ান মোশান, ফটো ইলেকট্রিক এফেক্ট। পুৰস্কাৰ : পদার্থ বিজ্ঞানত নবেল বঁটা, কপালি মডেল, মার্ক্স প্লাংক মেডেল। মৃত্যু : ১৮ এপ্রিল, ১৯৫৫ চনত নিউজিাৰ্চিত। জীৱন, সংগ্রাম, স্বীকৃতি ইত্যাদি ল’ৰালি কালৰ পৰাই নিয়ম ভঙা আচৰণৰ বাবে শিক্ষকৰ ৰোষত পৰিছিল আইনষ্টাইন। যাৰ বাবে পৰবৰ্তী সময়ত শিক্ষকৰ চাকৰি পাবৰ বাবেও সংগ্রাম কৰিব লগা হৈছিল। বহুতৰ ওচৰত খাতিৰ-বাতিৰ কৰাৰ মূৰতহে যেনিবা এদিন বন্ধু এজনৰ সহায়ত ‘টেকনিকেল এগজিমিনাৰ’ হিচাপে ১৯০২ চনত চাকৰি লাভ কৰে। পিচত অৱশ্যে তেওঁ চুইজাৰলেণ্ডৰ এটি পেটেন্ট অফিচত স্থায়ী চাকৰি পাবলৈ সক্ষম হয়। ১৯০৩ চনত তেওঁ এগৰাকী গণিতজ্ঞক বিয়া কৰায়। বিয়া কৰালেও তেওঁলোকৰ মাজত বৰ বিশেষ সম্পর্ক নাছিল, কাৰণ দুয়োজনে গবেষণাৰ মাজত ব্যস্ত থাকিহে বেছি ভাল পাইছিল। ইয়াৰ মাজতে তেওঁলোকৰ মাজলৈ তিনিটি সন্তান আহিছিল। তাৰে এজন মানসিকভাবে সুস্থ নাছিল। এই মানসিক প্রতিবন্ধী সন্তানটিক লৈ আইনষ্টাইন বৰ চিন্তাত পৰিছিল। অৱশ্যে সেই বুলি তেওঁ মৰমবিহীন নাছিল। জীৱনৰ এনে অস্থিৰতাৰ পৰা মানসিক শান্তি বিচাৰি ঘন্টা ঘন্টা ধৰি তেওঁ বেহেলা বজাইছিল। ইয়াৰ মাজতে ১৯০৫ চনত তেওঁক জুৰিখ বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰে। লগে লগে তেওঁৰ পদাৰ্থ বিজ্ঞানৰ ওপৰত তিনিখন গবেষণা পত্র প্রকাশ পায়। বহুতৰ মতে আইনষ্টাইনৰ আটাইকেইখন গবেষণা পত্রই নবেল পুৰষ্কাৰ পোৱাৰ যোগ্য। কিন্তু আইনষ্টাইনে এই স্বীকৃতি নাপালে। জীৱনৰ চৰম বিপদৰ ধুমুহাৰ মুহূৰ্ততো ভাঙি পৰা নাছিল তেওঁ। ১৯০৬ চনত তেওঁ পদোন্নতিৰ জৰিয়তে দ্বিতীয় শ্রেণীৰ অভিযন্তা হয়। সেই সময়তে আকাশৰ ৰং কিয় নীলা হয় সেয়া তেওঁ গবেষণা কৰি সকলোকে বুজাই দিয়ে। ১৯১১ চনত আইনষ্টাইনে প্রথমবাৰৰ বাবে জুৰিখ বিশ্ববিদ্যালয়, তাৰ পিছত চাৰ্লছ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। পৰৱৰ্তী সময়ত তেওঁ প্ৰুচিয়াৰ নাগৰিকত্ব গ্রহণ কৰে। উল্লেখযোগ্য যে আইনষ্টাইনে অধ্যাপনাৰ বাবে এখন দেশৰ পৰা আন্য এখন দেশলৈ ঘূৰি ফুৰিব লগা হোৱাৰ বাবে মানসিক শান্তি লাভ কৰিব পৰা নাছিল। এনে বহু অস্থিৰতাৰ মাজতো কিন্তু আইনষ্টাইনৰ বিজ্ঞানৰ প্রতি ভালপোৱা অকণমানো কমা নাছিল। ১৯১৪ চনৰ পৰা ১৯৩৩ চনলৈ তেওঁ বাৰ্লিনৰ ‘কাইজাৰ উইলহেম ইনষ্টিটিউটৰ’ সঞ্চালক হিচাপে কাম কৰে। ইয়াৰ মাজতে ১৯২০ চনৰ পৰা ১৯৪৬ চনলৈ তেওঁ নেইডান বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে পঢ়ুৱাই ছিল। ১৯১৫ চনত আই নষ্টাইনে ফিল্ড ইকুৱেচন আবিষ্কাৰ কৰাৰ লগতে নিউটনৰ মধ্যাকর্ষণ তত্বক প্রত্যাহ্বান জনায়। অৱশ্যে বহু বিজ্ঞানীয়ে আইনষ্টাইনৰ এই আবিষ্কাৰ মিছা বুলি উৰুৱাই দিছিল। ডেকা বয়সত এলবাৰ্ট আইনষ্টাইন অতিবাস্তব বুলি তেওঁলোকে মানি লোৱা নাছিল। কিন্তু ইয়াৰ পিছতো আইনষ্টাইন হতাশ হোৱা নাছিল। অৱশ্যে এনে সময়তে তেওঁৰ ব্যক্তিগত জীৱনৰ নানা সমস্যাই দেখা দিয়ে। ১৯১৯ চনত তেওঁৰ প্ৰথমা পত্নী মিলেভাৰ স’তে বিবাহ বিচ্ছেদ হয়। এই দুখদায়ক ঘটনাৰ শূন্যতা দূৰ কৰিবলৈ তেওঁ এলচাক বিয়া কৰায়। ইয়াৰ পিচতে আইনষ্টাইনে তেওঁৰ নতুন আবিষ্কাৰ আপেক্ষিকতাবাদ সূত্ৰৰ বিষয়ত বক্তৃতা দিবলৈ নিউয়ৰ্কলৈ যায়। সেই বছৰতে তেওঁ ‘ফটো ইলেক্ট্রিক এফেক্ট’ অর্থাৎ পোহৰ কণাৰ প্ৰভাৱৰ বাবে চুইচ অকাডেমীৰ নবেল পুৰষ্কাৰ লাভ কৰে। এইখিনিতে আপোনালোকক জনাই থওঁ যে আইনষ্টাইনে তেওঁৰ সেই পৃথিৱী বিখ্যাত আপেক্ষিকতাবাদ সূত্ৰৰ বাবে নবেল পুৰষ্কাৰ নাপালে, পালে অন্য বিষয়তহে। ১৯২৪ চনত আইনষ্টাইনে ভাৰতৰ বিজ্ঞানী ড° সত্যেন্দ্ৰনাথ বসুৰ স’তে যৌথভাবে ‘বসু আইনষ্টাইন থিয়ৰী’লিখি উলিয়ায়। এই তত্ব অনুসৰি তেওঁলোকে দেখুৱায় যে পোহৰ আচলতে আন একো নহয় ই ‘ফোটন’ নামৰ অতি ক্ষুদ্রাতিক্ষুদ্র কণাৰ পৰাহে সৃষ্ট। অতি আচৰিত ঘটনা হ’ল আইনষ্টাইনৰ পৃথিৱীজোৰা খ্যাতিৰ সময়তে তেওঁ ইহুদি হোৱাৰ বাবে হিটলাৰৰ নাজি বাহিনীৰ উপদ্ৰৱত জার্মানিৰ পৰা পলায়ন কৰিবলগীয়া হয়। ১৯৪০ চনত তেওঁ মার্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্রহণ কৰে। ১৯৫২ চনত ইজৰাইল চৰকাৰে আইনষ্টাইনক দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতিৰ পদ যাচে যদিও তেওঁ ইজৰাইলৰ নীতিক ভাল নোপোৱাৰ বাবেই প্রস্তাব প্রত্যাখ্যান কৰে। ১৯৫৫ চনত নিউজাৰ্চিত এইগৰাকী বিশ্বপ্ৰসিদ্ধ প্রবাদপ্রতিম বিজ্ঞানীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত বিশ্ববিশ্রুত বিজ্ঞানীগৰাকীৰ কাষত এগৰাকী নাৰ্চৰ বাহিৰে আন কোনোৱেই নাছিল। সঁচাকৈ জীৱন কি আচৰিত! জীৱনৰ খ্যাতিৰ সময়ত তেওঁৰ গুণমুগ্ধৰ অভাব নাছিল অথচ মৃত্যুৰ সন্ধিক্ষণত মানুহ কিমান নিসংগ হৈ মৃত্যুক সাবতি ল’বলগীয়া হয় ! উল্লেখযোগ্য কথাটো হ’ল আইনষ্টাইনৰ মগজু পৰীক্ষা কৰি চিকিৎসকসকলে দেখা পাইছিল যে তেওঁৰ মগজুত ‘পেৰিয়েটাল অপাৰকিউলিয়াম ৰিজিয়ন’ নামৰ অংশটো নাছিল৷ তাৰ পৰিৱৰ্তে আইনষ্টাইনৰ মগজুত আমাৰ মগজুত থকা হিচাব-নিকাচৰ বা অংক কৰা যি নিউৰো কোষ’ সেয়া আনতকৈ ১৫ শতাংশ বেছি আছিল৷ তদুপৰি আইনষ্টাইনৰ মগজুত সাধাৰণ মানুহৰ মগজুতকৈ ‘গ্লিয়াল কোষ’ ৭৩ শতাংশ বেছি আছিল। গতিকে ক’ব পাৰি যে এই অংশ নথকা হ’লে আই নষ্টাই ন আজিৰ আই নষ্টাই নহ’ব নোৱাৰিলেহেঁতেন৷ গবেষণাৰ পৰা বিজ্ঞানীসকলে এই তথ্য লাভ কৰিছে যে আমি যাক অত্যন্ত মেধাবী বা বুদ্ধিমান মানুহ বুলি কওঁ তেওঁলোকৰ মগজু মাত্র ৭ শতাংশ ব্যৱহাৰ হয়। সম্প্রতি আমেৰিকাই গবেষণা চলাই আছে আইনষ্টাইনৰ ক্ষেত্ৰত কিমান শতাংশ ব্যৱহাৰ হৈছিল – এই সম্পর্কত। ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতে এলবাৰ্ট আইনষ্টাইন স্বীকৃতি আৰু গবেষণা প্ৰতিটো নতুন আবিষ্কাৰৰ বাবে আইনষ্টাইনে তেওঁৰ সমগ্ৰ জীৱন উৎসর্গা

নিউয়ৰ্কৰ হোটেলত বাট হেৰুওৱা ল’ৰাজন || The boy who lost his way in a hotel in New York Read More »

Florence Nightingale

Florence Nightingale: The Lady with the Lamp in Assamese

Biography Florence Nightingale: The Lady with the Lamp in Assamese ফ্লোৰেঞ্চ নাইটিংগেল (Florence Nightingale)ৰ জন্ম হৈছিল ১৮২০ চনত ইটালীৰ ফ্লোৰেঞ্চ নগৰীত৷ ফ্লোৰেঞ্চ ভাগ্যৱতী বুলিয়ে ক’ব লাগিব। কাৰণ জন্মৰ পিছত অভাৱ-অনাটন কাক বোলে, অভাৱগ্ৰস্ত মানুহৰ অৱস্থা কেনেকুৱা আদি কথৰ ফ্লোৰেঞ্চে ভুকে পোৱা নাছিল। মাক-দেউতাকে ফ্লোৰেঞ্চক সৰুৰে পৰাই শিক্ষিতা কৰি তুলিছিল। ইটালীৰ ফ্লোৰেঞ্চত জন্মগ্রহণ কৰা ফ্লোৰেঞ্চ নামৰ ইংৰাজ ছোৱালীজনী সোতৰ বছৰ বয়সত ১৮৩৭ চনত মাক-দেউতাকৰ লগত লণ্ডনলৈ আহে। আনৰ বাবে যি অসম্ভৱ তাক সম্ভৱ কৰি তোলাটোৱেই আছিল ফ্লোৰেঞ্চৰ জীৱনৰ লক্ষ্য। সেয়ে, জামাৰ্নীত ভালেমান দিন থাকি তেওঁ শুশ্রূষাকাৰিণীৰ বাবে আৱশ্যকীয় সকলো জ্ঞান আহৰন কৰে। হাস্পাতালত প্রশিক্ষণ গ্ৰহণৰ উদ্দেশ্যে ১৮৫৩ চনত তেওঁ ফ্ৰান্সৰ ৰাজধানী পেৰিছলৈ যায়। প্রয়োজনীয় শিক্ষা আহৰণ কৰাৰ পিছত মহিলাৰ হাস্পাতাল এখনত পৰিদৰ্শিকাৰ কামত যোগদান কৰে। Also Read ব্ৰুছ লী নামৰ এজন কিংবদন্তীৰ অতুলনীয় জীৱন যাত্ৰা Incomparable Life Journey of a Legend called Bruce Lee বিপ্লৱী কবি নাজিম হিকমত Revolutionary Poet Nazim Hikmet ইং ১৮৫৯ চনত চেন্ট টমাছ হাস্পতালত ফ্লোৰেঞ্চ নাইটিংগেলৰ তত্ত্বাৱধানত এটি নাৰ্ছিংস্কুল প্রতিষ্ঠা হয়। এই স্কুলত পাঠদান আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁ ইংৰাজী নাৰীক শুশ্রূষাকাৰিণী হিচাপে বৃত্তি গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগায়। তেওঁৰ যত্নতেই ভালেমান সম্ভ্রান্ত ঘৰৰ জীয়ৰীও শুশ্রূষাকাৰিণী বৃত্তি গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছিল। ইং ১৯১০ চনত ১৩ আগষ্ট তাৰিখে এই মহিয়সী নাৰীৰ মৃত্যু হয়। মৃত্যুৰ বয়স আছিল ৯০ বছৰ। মৃত্যুৰ তিনিবছৰ আগেয়ে ইংৰাজ চৰকাৰে অৰ্ডাৰ অৱ মেৰিট সন্মানেৰে তেওঁক বিভূষিত কৰে। অৰ্ডাৰ অৱ মেৰিট ৰাজকীয় সন্মান লাভ কৰা কুমাৰী ফ্লোৰেঞ্চ নাইটিংগেলেই আছিল প্রথম নাৰী। Florence Nightingale Florence Nightingale About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

Florence Nightingale: The Lady with the Lamp in Assamese Read More »

অনন্যাৰ উদ্ভিদ পৰিৱৰ্তন: এগৰাকী অসমীয়া ছোৱালীৰ কাহিনী || Ananya’s Botanical Transformation: Story of an Assamese girl

এসময়ত অসমৰ নিস্তব্ধ উপত্যকাত অনন্যা নামৰ এগৰাকী কণমানি ছোৱালী বাস কৰিছিল। তাইৰ পৃথিৱীখন চকুৱে দেখা পোৱালৈকে বিস্তৃত হৈ থকা ৰসাল চাহ বাগিচাবোৰৰ চাৰিওফালে ঘূৰি আছিল। অনন্যাৰ পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চাহ বাগিচাত কাম কৰিছিল, পৃথিৱীৰ বিভিন্ন ঠাইৰ চাহকাপৰ বাবে বাট বিচাৰি পোৱা মিহি পাতবোৰ ছিঙিছিল। এদিন কুঁৱলীময় ৰাতিপুৱা অনন্যাই পথাৰলৈ ৰাওনা হওঁতে চাহ জোপোহাৰ মাজত সোমাই থকা এটা অদ্ভুত উদ্ভিদ লক্ষ্য কৰিলে। তাৰ জীৱন্ত ফুলবোৰ সেউজীয়াৰ সাগৰৰ বিপৰীতে থিয় হৈ আছিল। কুটিল হৈ তাই চাহ গছবোৰক যি সমৰ্পণ দিছিল, সেই সমৰ্পণেৰে পানী দি তাৰ যত্ন লোৱাৰ সিদ্ধান্ত ল’লে। দিনবোৰ সপ্তাহলৈ পৰিণত হ’ল আৰু এসময়ৰ সৰু গছজোপা এটা উশাহ লোৱাৰ দৰে ধুনীয়া ফুললৈ ৰূপান্তৰিত হ’ল। অনন্যাৰ এই অসাধাৰণ আৱিষ্কাৰৰ খবৰ বিয়পি পৰিল, ওচৰৰ গাঁৱৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰিলে। চাহ বাগিছাৰ একাগ্ৰতা ভাঙি ফুলটো হৈ পৰিল আশা আৰু সৌন্দৰ্য্যৰ প্ৰতীক। ফুলৰ খ্যাতি বাঢ়ি অহাৰ লগে লগে অনন্যাৰ আত্মাও বাঢ়ি আহিল। তাই উপলব্ধি কৰিলে যে দৈনন্দিন জীৱনৰ ৰুটিনৰ মাজতো অভাৱনীয় ঠাইত সৌন্দৰ্য্য বিচাৰি পোৱা যায়। এসময়ত অৱহেলিত চাহ বাগিচাৰ চুকবোৰ বিভিন্ন উদ্ভিদ আৰু ফুলৰ আশ্ৰয়স্থল হৈ পৰিল, বাগিচাখনক উদ্ভিদ বিজ্ঞানৰ আশ্চৰ্য্যলৈ ৰূপান্তৰিত কৰিলে। অনন্যাই অনন্য ফুলটোক লালন-পালন কৰাৰ সৰু কাৰ্য্যই কেৱল প্ৰাকৃতিক দৃশ্যই নহয়, সমাজৰ মানসিকতাও ৰূপান্তৰিত কৰিছিল। এসময়ত কেৱল কৰ্মক্ষেত্ৰ হিচাপে দেখা চাহ বাগিচাবোৰ এতিয়া প্ৰকৃতি আৰু সৌন্দৰ্য্যৰ সহাৱস্থানৰ স্থানত পৰিণত হ’ল। আৰু সেইবাবেই অসমৰ বুকুত অনন্যাৰ কাহিনীয়ে চাহ বাগিচাবোৰৰ মাজেৰে প্ৰতিধ্বনিত হৈছিল, সকলোকে সোঁৱৰাই দিছিল যে কেতিয়াবা, সাধাৰণত অসাধাৰণতাক উন্মোচন কৰিবলৈ মাথোঁ এটা মুহূৰ্তৰ কৌতুহল আৰু যত্নৰ প্ৰয়োজন। #Ananya #Ananya’s Garden #Assamese Girl #AssamTeaGarden #Gyanodaya শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author

অনন্যাৰ উদ্ভিদ পৰিৱৰ্তন: এগৰাকী অসমীয়া ছোৱালীৰ কাহিনী || Ananya’s Botanical Transformation: Story of an Assamese girl Read More »

লালা লাজপত ৰায়

‘পঞ্জাৱ কেশৰী’ লালা লাজপত ৰায়ৰ বিষয়ে …..

লালা লাজপত ৰায় এজন বিশিষ্ট জাতীয়তাবাদী নেতা আছিল যিয়ে ভাৰতৰ স্বাধীনতাসংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত তেখেত বিখ্যাত ‘লাল বাল পাল’ ৰ মাজৰ এজন আছিল। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তেখেতৰ দেশপ্ৰেম আৰু শক্তিশালী কণ্ঠস্বৰে তেখেতক ‘পঞ্জাৱ কেশৰী’ অৰ্থাৎ পঞ্জাৱৰ সিংহ উপাধি প্ৰদান কৰিছিল। ১৮৯৭ চনত তেখেতে শিশুসকলক খ্ৰীষ্টান মিছনেৰীসমূহৰ জিম্মাৰ পৰা ৰক্ষা কৰিবলৈ হিন্দু অনাথ সাহায্য আন্দোলন প্ৰতিষ্ঠা কৰিছিল। চাইমন কমিছনৰ আগমনৰ প্ৰতিবাদ কৰি থকা কৰ্মীসকলৰ ওপৰত আৰক্ষীৰ লাঠিচালনাত তেখেত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল, আৰু সেই আঘাতৰ ফলতে কেইদিনমানৰ পিছত তেখেতে মৃত্যু বৰণ কৰিছিল। প্ৰাৰম্ভিক জীৱন লালা লাজপত ৰায়ৰ জন্ম ১৮৬৫ চনৰ ২৮ জানুৱাৰীত ফিৰোজপুৰ জিলাৰ ধুদিকে গাঁৱত মুন্সী ৰাধা কৃষ্ণ আজাদ আৰু গুলাব দেৱীৰ ঘৰত হৈছিল। মুন্সি আজাদ পাৰ্চী আৰু উৰ্দুৰ এজন পণ্ডিত আছিল। লালাৰ মাক এগৰাকী ধৰ্মীয় মহিলা আছিল যিয়ে নিজৰ সন্তানৰ মাজত শক্তিশালী নৈতিক মূল্যবোধ গঢ়ি তুলিছিল। তেখেতে ৰেৱাৰীৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰিছিল য’ত তেখেতৰ দেউতাক শিক্ষক হিচাপে নিযুক্ত আছিল। লাজপত ৰায়ে ১৮৮০ চনত আইন অধ্যয়নৰ বাবে লাহোৰৰ চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। মহাবিদ্যালয়ত থাকোতে তেখেত লালা হংস ৰাজ আৰু পণ্ডিত গুৰু দত্তৰ দৰে দেশপ্ৰেমী আৰু স্বাধীনতা সংগ্ৰামীসকলৰ সংস্পৰ্শলৈ আহিছিল। তেখেতে লাহোৰৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা আইন অধ্যয়ন কৰিছিল আৰু তাৰ পিছত হাৰিয়ানাৰ হিচাৰত আইনী অনুশীলন আৰম্ভ কৰিছিল। সৰুৰে পৰা তেখেতৰ দেশৰ সেৱা কৰাৰ ইচ্ছা আছিল আৰু সেয়েহে নিজ দেশক বিদেশী শাসনৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি লৈছিল। ১৮৮৪ চনত তেখেতৰ দেউতাক ৰোহতকলৈ স্থানান্তৰিত হৈছিল আৰু লালা লাজপত ৰায়ো লগতে আছিল । তেখেতে ১৮৭৭ চনত ৰাধা দেৱীক বিয়া কৰাইছিল। ১৮৮৬ চনত পৰিয়ালটো হিছাৰলৈ স্থানান্তৰিত হয়, য’ত তেখেতে আইনী অনুশীলনৰ কাম আৰম্ভ কৰিছিল। ৰাষ্ট্ৰীয় কংগ্ৰেছৰ  ১৮৮৮আৰু ১৮৮৯ চনৰ বাৰ্ষিক অধিৱেশনত, তেখেত প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল। তেখেতে ১৮৯২ চনত উচ্চ ন্যায়ালয়ত অনুশীলন কৰিবলৈ লাহোৰলৈ গুচি গৈছিল। জাতীয়তাবাদৰ ধাৰণা লালা লাজপত ৰায় এজন অত্যাধিক পঢ়ুৱৈ ব্যক্তি আছিল আৰু তেখেতে পঢ়া সকলোবোৰ কথাই তেখেতৰ মনত এক ডাঙৰ ছাপ পেলাইছিল। তেখেত ইটালীৰ বিপ্লৱী নেতা জুচেপ্পে মেজিনিৰ দ্বাৰা নিৰ্ধাৰিত দেশপ্ৰেম আৰু জাতীয়তাবাদৰ আদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। মাজিনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ লালাজী স্বাধীনতা প্ৰাপ্তকৰাৰ বৈপ্লৱিক পদ্ধতিত পৰিণত হৈছিল। তেখেত বিপিন চন্দ্ৰ পাল, বংগৰ অৰবিন্দ ঘোষ আৰু মহাৰাষ্ট্ৰৰ বল গংগাধৰ তিলকৰ দৰে আন বিশিষ্ট নেতাসকলৰ সৈতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বহুনেতাৰ দ্বাৰা সমৰ্থিত মধ্যপন্থী ৰাজনীতিৰ নেতিবাচক দিশবোৰ চাবলৈ আৰম্ভ কৰিছিল। তেখেতসকলে কংগ্ৰেছৰ আধিপত্যৰ মৰ্যাদালৈ ক্ৰমান্বয়ে অগ্ৰগতিৰ দাবীৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু সম্পূৰ্ণ স্বাধীনতা অৰ্থাৎ ‘পূৰ্ণ স্বৰাজ’ৰ প্ৰয়োজনীয়তা ব্যক্ত কৰিবলৈ আৰম্ভ কৰিছিল। তেখেত আন্তঃধৰ্মীয় সম্প্ৰীতিত যথেষ্ট বিশ্বাসী আছিল, কিন্তু তেখেতে দলৰ মুছলমান শ্ৰেণীক সন্তুষ্ট কৰিবলৈ হিন্দু স্বাৰ্থ ত্যাগ কৰাৰ কংগ্ৰেছ নেতাসকলৰ প্ৰৱণতাৰ সঠিক কথা ভবা নাছিল। লালা লাজপত ৰায় সেই কেইজনমান নেতাৰ মাজৰ এজন আছিল যিয়ে ঐক্যবদ্ধ ঔপনিৱেশিক বিৰোধী সংগ্ৰামৰ অসুবিধা আৰু দেশৰ হিন্দু আৰু মুছলমানসকলৰ মাজত ধৰ্মীয় সংঘাতৰ সম্ভাৱ্য উৎস উপলব্ধি কৰিছিল। ১৯২৩ চনৰ ১৪ ডিচেম্বৰত দ্য ট্ৰিবিউনত ‘ভাৰতক মুছলমান ভাৰত আৰু অ-মুছলমান ভাৰতলৈ স্পষ্ট বিভাজন’ কৰাৰ তেখেতৰ প্ৰস্তাৱত ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ৰাজনৈতিক কেৰিয়াৰ লাজপত ৰায়ে তেখেতৰ আইনী পেছা ত্যাগ কৰে আৰু তেখেতৰ মাতৃভূমিক ব্ৰিটিছ সাম্ৰাজ্যবাদৰ শৃংখলাৰ পৰা মুক্ত কৰাৰ বাবে নিজকে আত্ম-নিয়োগ কৰিছিল। তেখেতে ভাৰতত ব্ৰিটিছ শাসনৰ নিষ্ঠুৰ প্ৰকৃতিৰ ওপৰত আলোকপাত কৰাৰ বাবে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অৱস্থা বিশ্বৰ বিশিষ্ট দেশসমূহৰ ওচৰত উপস্থাপন কৰাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিছিল। তেখেত ১৯১৪ চনত ব্ৰিটেইনলৈ গৈছিল আৰু তাৰ পিছত ১৯১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল। ১৯১৭ চনৰ অক্টোবৰ মাহত তেখেতে নিউয়ৰ্কত ইণ্ডিয়ান হোম ৰুল লীগ অৱ আমেৰিকা প্ৰতিষ্ঠা কৰিছিল। তেখেত ১৯১৭ চনৰ পৰা ১৯২০ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত আছিল। ১৯২০ চনত আমেৰিকাৰ পৰা উভতি অহাৰ পিছত লাজপত ৰায়ক কলিকতাত (বৰ্তমান কলকাতা) কংগ্ৰেছৰ বিশেষ অধিৱেশনত সভাপতিত্ব কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। তেখেতে জালিয়ানৱাল্লাহ বাগত হোৱা নিৰ্মম কাৰ্যকলাপৰ প্ৰতিবাদত পঞ্জাৱত ব্ৰিটিছসকলৰ বিৰুদ্ধে জ্বলন্ত প্ৰদৰ্শনৰ নেতৃত্ব দিছিল। যেতিয়া গান্ধীয়ে ১৯২০ চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, তেতিয়া তেখেতে পঞ্জাৱত আন্দোলনৰ নেতৃত্ব দিয়া কাৰ্য হাতত লৈছিল । যেতিয়া গান্ধীয়ে চৌৰী চৌৰা ঘটনাৰ পিছত আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল, লাজপত ৰায়ে এই সিদ্ধান্তৰ সমালোচনা কৰিছিল আৰু কংগ্ৰেছ ইণ্ডিপেণ্ডেঞ্চ পাৰ্টি গঠন কৰিছিল। সাংবিধানিক সংস্কাৰৰ বিষয়ে আলোচনা কৰাৰ লক্ষ্যৰে ১৯২৯ চনত চাইমন কমিছন ভাৰতলৈ আহিছিল। আয়োগটো কেৱল ব্ৰিটিছ প্ৰতিনিধিৰে গঠিত হোৱাটোৱে ভাৰতীয় নেতাসকলক যথেষ্ট খং উঠাইছিল। দেশখন প্ৰতিবাদত উচ্ছ্বসিত হৈছিল আৰু লালা লাজপত ৰায় এনে ধৰণৰ প্ৰদৰ্শনৰ শীৰ্ষত আছিল। লালা লাজপত ৰায়ে শিক্ষা, বাণিজ্য আনকি স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখনো চহকী কৰিবলৈ চেষ্টা কৰিছিল। তেখেত দয়ানন্দ সৰস্বতীৰ অনুগামী আছিল আৰু জাতীয়তাবাদী দয়ানন্দ এংলো-বৈদিক বিদ্যালয় স্থাপনত সহায় কৰিছিল। তেখেতে এটা বেংক স্থাপনৰ কাম আৰম্ভণি কৰিছিল যিটো পিছলৈ ‘পাঞ্জাৱ নেচনেল বেংক’ হিচাপে বিকশিত হৈছিল। তেখেতে ১৯২৭ চনত তেখেতৰ মাতৃ গুলাবি দেৱীৰ নামৰ ওপৰত এটা ট্ৰাষ্ট স্থাপন কৰিছিল আৰু মহিলাসকলৰ বাবে যক্ষ্মা চিকিৎসালয় খোলাৰ তদাৰক কৰিছিল। মৃত্যু ১৯২৮ চনৰ ৩০ অক্টোবৰত লালা লাজপত ৰায়ে লাহোৰত চাইমন কমিছনৰ আগমনৰ বিৰোধিতা কৰিবলৈ এক শান্তিপূৰ্ণ শোভাযাত্ৰাৰ নেতৃত্ব দিছিল। পদযাত্ৰাটো প্ৰতিৰোধ কৰি আৰক্ষী অধীক্ষক জেমছ এ. স্কটে তেখেতৰ আৰক্ষী বাহিনীক কৰ্মীসকলৰ ওপৰত ‘লাঠি চাৰ্জ’ কৰিবলৈ নিৰ্দেশ দিছিল। আৰক্ষীয়ে বিশেষকৈ লাজপত ৰায়ক লক্ষ্য কৰি তেখেতৰ বুকুত আঘাত কৰিছিল। এই কাৰ্যই লালা লাজপত ৰায়ক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল। ১৯২৮ চনৰ ১৭ নৱেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হয়। তেখেতৰ অনুগামীসকলে ব্ৰিটিছসকলৰ ওপৰত দোষ আৰোপ কৰিছিল আৰু তেখেতৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছিল। চন্দ্ৰশেখৰ আজাদে ভগত সিং আৰু অন্যান্য সহযোগীসকলৰ সৈতে স্কটৰ হত্যাৰ ষড়যন্ত্ৰ কৰিছিল কিন্তু বিপ্লৱীসকলে জে পি চণ্ডাৰ্ছক স্কট বুলি ভুল কৰি গুলীয়াই দিছিল । আহক এইজনা মহান স্বাধীনতা সংগ্ৰামীক তেখেতৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰো। #লালা লাজপত ৰায় www.gyanodaya.co.in ¸

‘পঞ্জাৱ কেশৰী’ লালা লাজপত ৰায়ৰ বিষয়ে ….. Read More »

কেঁচুৱা

কেঁচুৱাই কিয় কলকলাই?

তোমালোকৰ বহুতৰে ঘৰত হয়ত ভাইটি-ভণ্টি অথবা ভাগিন-ভতিজা আছে, মানে যিবোৰ একেবাৰে কেঁচুৱা ! মানে মুখেৰে শব্দ ক’বলৈ শিকা নাই। তথাপি সিহঁতে কথা ক’বলৈ নেৰে। হাঁহি-কান্দি, অস্ফুট শব্দ কিছুমান উচ্চাৰণ কৰি একেবাৰে কলকলাই থাকে। কিমান যে ভাল লাগে সিহঁতৰ লগত থাকি। পিছে, সিহঁতেনো সেই অর্থহীন শব্দবোৰেৰে কি বুজাব খুজে ? কিবা এটা যে জনাব খোজে, সেইটো খাটাং। কাৰণ ইতিমধ্যে সিহঁতৰ মগজুৰ বিকাশ ঘটে। তাত কিবা- কিবি ভাৱ সৃষ্টি হয় আৰু সেই ভাৱবোৰকে সিহঁতে মুখেৰে প্রকাশ কৰিব খোজে। কিন্তু আমি সেই সাংকেতিক শব্দবোৰৰ পাঠোদ্ধাৰ কৰিব নোৱাৰোঁ। তোমালোকো এদিন কেঁচুৱা আছিলা বা আমিও আছিলোঁ। তেতিয়া বাৰু তোমালোকে কি শব্দবোৰ কৈছিলা ? আৰু কি বুজাব খুজিছিলা? একো মনত নাই নহয়! তেন্তে আমাৰ সেই শিশু কালৰ কথাবোৰ বা এতিয়াৰ কেঁচুৱাবোৰৰ মাত কথাবোৰৰ অৰ্থৰ বিষয়ে আমি কাহানিও নাজানিমেই নেকি? সেইবোৰ সদায় ৰহস্যৰ আৱৰ্ত্ততে থাকি যাব নেকি ? অথচ জানিব পাৰিলে যে কিমান ভাল লাগিল- হেঁতেন ! বিজ্ঞান-প্রযুক্তিৰ ইমান উন্নতি হৈছে। কোনোবা এটা যন্ত্রই যদি সেই অস্ফুট মাত-কথা ভংগীবোৰ আমাৰ বোধগম্য ভাষাত অনুবাদ কৰি দিলিহেঁতেন! ভাল লগাৰ উপৰি সিহঁতক চোৱা-চিতা কৰা লোক আৰু চিকিৎসকসকলৰো বহুত কামত আহিলেহেঁতেন! এইটো সুখবৰ যে জাপানৰ এদন গৱেষকে এই বিষয়ে অধ্যয়ন কৰি যথেষ্ট সফলতা লাভ কৰিছে। তেওঁলোকৰ দ্বাৰা সৃষ্ট এক যন্ত্ৰৰ দ্বাৰা কুকুৰৰ অংগী-ভংগী আৰু ভুকভুকনি অনুবাদ কৰি মালিকক জনাব পৰা হৈছে। অৱশ্যে সম্পূর্ণভাৱে এইক্ষেত্ৰত সফল হৈছে বুলি ক’বপৰা নাযায়। সেইমতে নাগাছাকি বিশ্ববিদ্যালয়ৰ নিউৰ’বায়’লজিৰ অধ্যাপক কাঝয়কি ছিন’হাৰাৰ নেতৃত্বত এটা গৱেষক দলো এই কামত ব্ৰতী হৈ আছে। ছিন’হাৰাই এই সম্পর্কে মন্তব্য দিছিল এইদৰে – “আমাৰ লক্ষ্য হ’ল কেঁচুৱাৰ অনুভৱবোৰ পঢ়িব পৰা কৌশল উদ্ভাৱন কৰা আৰু এই কামত আমি যথেষ্ট অগ্রগতিও লাভ কৰিছোঁ।” ছিন’হাৰাই এই কথাও উপলব্ধি কৰিছে যে কামটো ভৱাতকৈ যথেষ্ট কঠিন। তথাপি তেওঁ চেষ্টাৰ ত্রুটি কৰা নাই। অৱশ্যে তেওঁলোক কিমান অদূৰ ভৱিষ্যতে সফল হ’ব সেয়া সময়েহে ক’ব। তেতিয়াই আমি হয়তো অবোধ মৰম লগা কেঁচুৱাবোৰৰ মনৰ কথা জানিব পাৰিম আৰু সঠিকভাৱে লালন-পালন কৰিব পাৰিম । #কেঁচুৱা www.gyanodaya.co.in

কেঁচুৱাই কিয় কলকলাই? Read More »

বজ্রাহত

বজ্ৰ পৰা মানুহ থিয় হৈ থাকেনে?

বহুতো গল্প-উপন্যাস বা অন্যান্য বা ৰচনাত আমি লক্ষ্য কৰিলে দেখা পাওঁ যে বিজুলী-ঢেৰেকণি মৰাৰ পাছত পথাৰ বা ক’ৰবাত যদি মানুহ এজন স্থিৰ হৈ ৰৈ থকা পাওঁ তেতিয়া সেই ক্ষেত্ৰত ‘বজ্রাহত’ শব্দটো ব্যৱহাৰ কৰা হয় বা বজ্ৰপৰাৰ প্রসংগটো টানি অনা হয়। যেনে, ‘বজ্ৰ পৰা মানুহৰ দৰে সি ৰৈ থাকিল’, ‘বজ্রাহতৰ দৰে সি থিয় হৈ থাকিল’, ইত্যাদি; কিন্তু বজ্রাহত হ’লে বা বজ্র পৰি মৃত্যু হোৱা মানুহ সঁচাকৈয়ে সেই অৱস্থাতে মূৰ্ত্তিৰ দৰে ৰৈ থাকেনে? যদি থাকে কিয় থাকে? আকৌ সামান্য ঠেলি দিলেই পৰি যায় কিয়? এনেবোৰ প্রশ্ন আমাৰ মনত উদয় হোৱাটো অতি স্বাভাৱিক। কোনো জড় পদার্থক যদি থিয় কৰি ৰখা হয়, বাহিৰা বল প্রয়োগ নকৰালৈকে সি সেই অবস্থাতে থাকে। এই বাহিৰা বলৰ ভিতৰত কিন্তু বতাহৰ বলো আছে। এক নির্দিষ্ট পৰিমাণতকৈ বেছি বল প্রয়োগ কৰিলে ই পৰি যায়। মানুহৰ ক্ষেত্ৰত কিন্তু সদায় সেইটো নহয়। ৰৈ থকা মানুহ এজনক যদি জোৰেৰে ঠেলি দিয়া হয়, তেওঁ পৰিব খুজিও আকৌ থিয় হৈয়ে থাকিব বা থিয় হৈ থকাৰ চেষ্টা অন্ততঃ কৰিব। সেই চেষ্টা যথেষ্ট প্রমাণিত নহ’লেহে পৰি যাব। ইয়াৰ কাৰণ হ’ল যে দেহৰ আভ্যন্তৰীণ ক্রিয়াই তেওঁক থিয় হৈ থকাত সকলো ধৰণেৰে সহায় কৰিব আৰু তেওঁ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কিছুসময় পাব। তাৰপাছত হাত-ভৰি আদি বাহিৰা অংগৰ সঞ্চালনেৰে তেওঁ পৰি নাযাবলৈ চেষ্টা কৰিব। জড়বস্তুৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহয়। শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ দিশত কাণৰো এক গুৰুত্বপূর্ণ ভূমিকা আছে। কাণৰ তিনিটা অংশৰ একেবাৰে ভিতৰটোৰ নাম অন্তঃকর্ণ। অন্তঃকর্ণৰ দুটা ভাগ আছে। এটা ভাগে শুনাত সহায় কৰে আৰু ভেষ্টিবিউল নামৰ আনটো ভাগে ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্বপূর্ণ ভূমিকা লয়। সেইবাবে কোনোবাই কাণত জোৰেৰে আঘাত কৰিলে বা কোনোবাই নিজে নিজকে কেন্দ্ৰ কৰি ঘূৰি থাকিলে তেওঁ খন্তেকৰ বাবে হ’লেও ভাৰসাম্য হেৰুৱাই পেলায়। কেতিয়াবা ভেষ্টিবিউল কিবা কাৰণত আক্রান্ত হলে মানুহজনে স্থায়ীভাৱে ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাত ভোগে। এনে ৰোগৰ নাম হ’ল ভেষ্টিবুলাৰ নিউৰ’লাইটিছ। কোনো মানুহৰ ওপৰত যেতিয়া ব্রজ পৰে তেতিয়া এক ছেকেণ্ডৰো কম সময়ৰ বাবে অর্থাৎ মুহূৰ্তৰ বাবে তেওঁ বিদ্যুৎপৃষ্ঠ হয়। ইমান কম সময়ৰ ভিতৰত ঘটনাটো ঘটে যে তেওঁ বজ্র দেখা বা ভয়ংকৰ শব্দটো শুনাৰ সময়কে নাপায়। সেইকাৰণে কোৱা হয় যদিহে তুমি বজ্ৰৰ শব্দ শুনিলা বা প্রচণ্ড বেগেৰে বজ্ৰপৰা দেখিলা, তেতিয়া নিশ্চিত হ’বা যে সেই যাত্ৰাত তুমি বাচিলা। বজ্ৰ পৰাৰ সময়ত মানুহৰ দেহৰ ভিতৰেদি দুই কোটি ভল্ট পৰ্য্যন্ত বিভৱভেদ আৰু বিদ্যুৎ প্রবাহৰ বাবে প্ৰচুৰ তাপৰ সৃষ্টি হয় আৰু দুৰ্ভগীয়া মানুহজনৰ দেহৰ ভিতৰৰ প্রায় সকলো জুলীয়া পদার্থ (তেজকে ধৰি) মুহূৰ্ত্তৰ ভিতৰলৈ বাষ্পীভূত হ’বলৈ ধৰে। তেতিয়াই সেই দেহটো শুকান, স্থিৰ শৰীৰ অর্থাৎ জড় পদার্থত পৰিণত হয়। পিছে তেওঁ বজ্ৰপৰাৰ পূর্বমুহূৰ্ত্তত নিজৰ ভাৰসাম্য বজাই ৰাখিছিল, সেইবাবে এই জড় পদার্থয়ো সেই ভাৰসাম্যত তেনে অৱস্থাতে ৰৈ থাকিব। বিদ্যুৎ শক্তি বাহ্যিক হ’লেও তেওঁৰ শৰীৰত ই বাহ্যিক বল প্রয়োগ কৰা নাই৷ গতিকে মানুহজনৰ দেহটো পৰি নাযায়। এতিয়া যদি সেই মানুহজনৰ সুস্থ দেহত সামান্য বল প্রয়োগ কৰা হয় বা সামান্যভাৱে ঠেলি দিয়া হয় (অনভিজ্ঞ মানুহে কিন্তু খালী হাতেৰে তেওঁক তৎক্ষণাৎ চুব নালাগে) তেন্তে তেওঁ জড় পদার্থক ঠেলি দিয়াৰ দৰেই হ’ব আৰু মানুহজনৰ দেহটো সেই সামান্য ঠেলাতে পৰি যাব। কাৰণ তেতিয়াতো আৰু দেহৰ আভ্যন্তৰীণ কার্যকলাপে তেওঁক ভাৰসাম্য ৰক্ষাত সহায় কৰিব নোৱাৰে। #বজ্ৰ পৰা # বজ্রাহত www.gyanodaya.co.in

বজ্ৰ পৰা মানুহ থিয় হৈ থাকেনে? Read More »

ৱলং

পাণ্ডাৰ অভয়াৰণ্য ৱলং Panda’s Sanctuary Wolong

ৱলং (Wolong) অভয়াৰণ্যখন মধ্য চীন দেশত অৱস্থিত। ৱলং অভয়াৰণ্য প্রাকৃতিক শোভাৰে ভৰা আৰু বিভিন্ন বন-বিৰিখ দেখা পোৱা যায়। সাগৰপৃষ্ঠৰপৰা ৪০০০ মিটাৰ উচ্চতালৈকে চিৰসেউজ, পর্ণপাতি আৰু সৰল অৰণ্যৰে ভৰা। চাৰি হাজাৰ মিটাৰ উচ্চতাৰপৰা ক্রমে ওপৰলৈ গছ-গছনি নোহোৱা হৈ পৰে আৰু ৪৫০০ মিটাৰ মানত কেৱল উন্মুক্ত শিলেৰে ভৰা। চীনৰ দক্ষিণে হিমালয় পর্বত লানি; যি হিমালয় আমাৰ দেশৰ উত্তৰে আছে। সেয়েহে হিমালয় অঞ্চলৰ প্রাকৃতিক পৰিৱেশ আমাৰ সৈতে একে। ৱলং অভয়াৰণ্য পাণ্ডাৰ বাবে বিখ্যাত; যিদৰে কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। ‘পাণ্ডা’ হ’ল বিশ্বৰ এবিধ বিপন্ন প্রাণী। এই অভয়াৰণ্যখনৰ আৰু কেইবিধমান দুষ্প্রাপ্য প্রাণী হ’ল গোধা নাহৰফুটুকী, হিম নাহৰফুটুকী আৰু কস্তুৰী পহু। গঁড়ৰ শিঙৰ মূল্যৰ দৰে কস্তুৰী সুগন্ধিৰ বাবেও এইবিধ পহু মূল্যবান। সুগন্ধি হিচাপে কস্তুৰীৰ মূল্য কিলোগ্রামত ২০ লাখ টকা। ১৮৬০ চনত ৱলং অভয়াৰণ্যত পাণ্ডাৰ আৱিষ্কাৰ হৈছিল। লং অভয়াৰণ্যত ৭০ টামান জায়েন্ট পাণ্ডা আছে। এনে বৃহৎ সংখ্যক পাণ্ডা একে ঠাইতে আন ক’তো পোৱা নাযায়। ইহঁতে বাঁহৰ কুমলীয়া পাত খাই জীৱন- নির্বাহ কৰে। নাহৰফুটুকী বাঘে গছত বগাব পাৰে। ইহঁতে সাধাৰণতে দোকমোকালি সময়ত চিকাৰ কৰে। ইহঁতে হৰিণা, গাহৰি, ভেড়া আদি চিকাৰ কৰে। আনকি ইহঁতে চৰাই আৰু নিগনি, এন্দুৰো চিকাৰ কৰে। হিম নাহৰফুটুকীবোৰক সিহঁতৰ উমান ছালখনৰ বাবে মানুহে বধ কৰি আহিছে। ফলত দিনক দিনে সিহঁতৰ সংখ্যা কমি বর্তমান বিপন্ন অৱস্থা পাইছেহি। ৱলং অভয়াৰণ্য দুষ্প্রাপ্য চৰাইৰ বাবেও জনাজাত। ট্রেগোপান আৰু চীন দেশীয় ডঁৰিক চৰাইৰ বাসভূমি ৱলং অভয়াৰণ্য। এতিয়া অভয়াৰণ্যখনৰ গছ-গছনি কটা নিষেধ আৰু বন্যপ্রাণী সংৰক্ষণৰ বাবে চেষ্টা চলাই আহিছে। #ৱলং #Wolong www.gyanodaya.co.in

পাণ্ডাৰ অভয়াৰণ্য ৱলং Panda’s Sanctuary Wolong Read More »