অনুভৱ

এখন প্ৰিয় কিতাপৰ এজোলোকা অনুভৱ

আশা কাৰ নাথাকে সকলোৰে আশা থাকে । ফাগুনৰ পচোৱাই নাঙঠ কৰি যোৱা বিৰিখৰো আশা আছে ন কৈ সজাল ধৰি ন-কইনা জনী হৈ ৰঙালিৰ মাদকতা আদৰাৰ আশা……..।ফুটপাথত জড় হৈ পৰি থকা মগনিয়াজনৰো কত যে আশা কোনে জানে আন নহলেও ফটা কামিজটোৰ সৈতে আৰু দুদিন জীয়াই থকাৰ আশা । সিদিনা লুইতৰ পাৰত ৰৈ থাকোতেই ভাবিছিলো উজ্জ্বলতাৰ অহংকাৰত মাতাল বেলিটোৱেও পশ্চিমৰ দেশলৈ যোৱাৰ আগত খন্তেক জিৰাবলৈ মন নকৰেনে । হয়তো তাৰো আশা থাকিব পাৰে আৰু খন্তেক ৰৈ পূবৰ আকাশত গজি উঠা কাচি জোনটোৰ সৈতে আভিমানৰ কথা পাতিবলৈ নিজৰ উজ্জ্বলতাৰ গুণ গাবলৈ হয়তো… তাৰেই ৰঙত হেঙুলী হৈ থকা নদীখনক হেঁপাহ খেদি চাবলৈ নে ঐনিতমৰ ৰাগিত মাতাল পালতৰা নাওঁবোৰৰ ভটিয়নি সুঁতৰ লগত হোৱা যুঁজ চাবলৈ । হয় আশা সকলোৰে  থাকে ….কাঞ্চনমতীৰ পাৰত বগা শিল চতাত ৰৈ চন্দন আৰু গৌৰীয়েও কিমান যে আশা কৰিছিল।   সপোনৰ দেশখন পুনৰ গঢ়ি তুলাৰ আশা,দুখবোৰ সুখ কৰি তোলাৰ আশা ,,, কত যে আশা । সঁচাই আশাই মানুহক মৰিও মৰিব নিদিয়ে ।আশা আছে বাবেই জীৱন আছে ।(প্ৰিয় কিতাপখনৰ পৰা পোৱা কিছু অনুভৱ ।# অসীমত যাৰ হেৰাল সীমা)

এখন প্ৰিয় কিতাপৰ এজোলোকা অনুভৱ Read More »

Social Media

সামাজিক মাধ্যম কিয় জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে? Why has Social Media become an Integral part of Life?

#Social Media ছ’চিয়েল মিডিয়া এতিয়া বহুলোকৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। দৰাচলতে, এক অধ্যয়নৰ মতে আঠৰ পৰা সোতৰ বছৰ বয়সৰ আধা শিশুৰ ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ দৰে সামাজিক নেটৱৰ্কিং প্ৰ’ফাইল আছে। কেৱল যুৱ প্ৰজন্মই নহয়, সকলো বয়সৰ লোক, আৰু সকলো বৃত্তিয়ে সামাজিক নেটৱৰ্কিং ছাইটবোৰ যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছে। শেহতীয়াকৈ লক্ষ্য কৰা তথ্য অনুসৰি, ছ’চিয়েল মিডিয়াই যিকোনো প্লেটফৰ্মত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। সামাজিক মাধ্যমই আমাৰ দৈনন্দিন জীৱনত এক প্ৰভাৱশালী ভূমিকা পালন কৰে। যেতিয়া যিকোনো বস্তু সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হয় তেতিয়া ই মানুহৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ সৃষ্টি কৰে। প্ৰিয়জনৰ সৈতে সম্পৰ্কত থকাটো আমাৰ জীৱনৰ আটাইতকৈ ধুনীয়া বস্তু আৰু সামাজিক মাধ্যমে এই কামটো ইতিবাচকভাৱে কৰাত ইয়াৰ বহুখিনি সহায় কৰে। তাৎক্ষণিক বাৰ্তাপ্ৰেৰণ, ছবি, স্থিতি আপডেট, ছবি ভাগ-বতৰা, ভিডিঅ’ শ্বেয়াৰিং হৈছে সামাজিক মাধ্যমৰ স্বীকৃতিত ভূমিকা পালন কৰা কেইটামান মুখ্য উপাদান। ই কেৱল আপোনাৰ প্ৰিয়জনক সংযোগ কৰাই নহয় ই মানুহক বিভিন্ন ধৰণৰ তথ্য প্ৰদান কৰে। অনা-চৰকাৰী সংগঠনবোৰে বিভিন্ন ৱেবছাইট আৰম্ভ কৰিছে য’ত মানুহ বা সংবাদ মাধ্যমে সমাধান আহৰণ কৰিবলৈ প্ৰচাৰ আৰম্ভ কৰে। সেইবোৰ ফেচবুক, টুইটাৰ আদিৰ দৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব পাৰি, য’ত আৱেদনৰ পক্ষত থকা লোকসকলে এই অভিযানত স্বাক্ষৰ কৰিব লাগে। এটা ক্লিকৰ সৈতে গোটেই পৃথিৱীৰ বাতৰি উৎসবোৰৰ প্ৰতি আমাৰ দ্ৰুত দৃষ্টিভংগী আছে। সামাজিক মাধ্যমৰ সুবিধাসমূহ ছ’চিয়েল মিডিয়াই মানুহক এনেধৰণে বাৰ্তালাপ কৰিবলৈ অনুমতি দিয়ে যাৰ অবিহনে আমি হয়তো বহু বস্তু কল্পনা কৰিব নোৱাৰো। কম্পিউটাৰ বা ম’বাইল ফোনত এটা সৰল বাৰ্তা, আনকি ইমেইলৰ জৰিয়তে কাৰোবাৰ জীৱনৰ লগত সম্পৰ্কিত হ’বলৈ যথেষ্ট সহজ। সামাজিক মাধ্যমে কেৱল নিজৰ ব্যক্তিগত জীৱনৰ বাবেই নহয় ব্যৱসায়িক জীৱনৰ বাবেও যোগাযোগ সক্ষম কৰে। ই-কমাৰ্চ অনলাইন বজাৰৰ বাবে সৰ্ববৃহৎ প্লেটফৰ্ম হৈ পৰিছে যি কেৱল ক্ৰেতাসকলক ক্ৰয় কৰাত সহায় নকৰে ই বিক্ৰেতাসকলক ব্যৱসায় কৰাতো সহায় কৰে। অনলাইন মিডিয়া ছাইটৰ বাবে ব্যৱসায় বিকশিত হৈছে কাৰণ তেওঁলোকে বিজ্ঞাপনসমূহ অধিক দ্ৰুত ভাৱে প্ৰচাৰ কৰাত সহায় কৰে। এতিয়া, মানুহে তথ্যৰ বাবে বাতৰি কাকতৰ মাজেৰে নাযায় বা বিজ্ঞাপনৰ বাবে বাতৰি কাকত খুব কমেই চায়। ইয়াৰ পৰিৱৰ্তে, সকলো বিজ্ঞাপন টুইটাৰ বা ফেচবুকৰ দৰে সামাজিক মাধ্যমত অনলাইনত পোষ্ট কৰা হয় যাক অধিক লোকে চায়। যিহেতু প্ৰযুক্তি দ্ৰুতগতিত বিকশিত হৈ আছে আৰু সকলোবোৰ অনলাইন হৈ পৰিছে আৰু এই দ্ৰুত গতিত বৰ্ধিত প্ৰযুক্তিৰ সৈতে মিলিত হ’বলৈ সকলোবোৰ ইণ্টাৰনেটত উপলব্ধ হ’ব লাগিব। মানুহে অফলাইন বিপণনৰ পৰিৱৰ্তে ডিজিটেল বিপণন গ্ৰহণ কৰা আৰম্ভ কৰিছে আৰু সামাজিক মাধ্যমে অনলাইন ব্যৱসায়ৰ প্ৰচাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সামাজিক মাধ্যমে মানুহৰ জীৱন সহজ কৰি তুলিছে আৰু জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। একমাত্ৰ চিন্তাৰ বিষয়টো হ’ল যে দ্ৰুতগতিত বৃদ্ধি হৈ থকা সামাজিক মাধ্যমে কিশোৰসকলক ইণ্টাৰনেটৰ প্ৰতি আসক্ত কৰি তুলিব পাৰে। কিন্তু, যেতিয়ালৈকে সেইবোৰ সঠিকভাৱে নিৰীক্ষণ কৰা হয় আৰু সঠিক ধৰণে ব্যৱহাৰ কৰা হয়, ছ’চিয়েল মিডিয়া দ্ৰুতগতিত বৃদ্ধি হৈ থাকিব। #gyanodaya.co.in

সামাজিক মাধ্যম কিয় জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে? Why has Social Media become an Integral part of Life? Read More »

পদ্মনাথ গোহাঞি বৰুৱা

অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক পদ্মনাথ গোহাঞি বৰুৱা Padmanath Gohain Baruah, a devoted servant of Assamese literature

Padmanath Gohain Baruah আধুনিক অসমীয়া সাহিত্যক প্রতিষ্ঠা কৰিবলৈ যি সকল ব্যক্তিয়ে আপ্রাণ চেষ্টা কৰিছিল সেই সকলৰ ভিতৰত পদ্মনাথ গোহাঞি বৰুৱা অন্যতম। তেওঁ আছিল একেধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্রবন্ধকাৰ আৰু সাংবাদিক। গোহাঞি বৰুৱাৰ জন্ম হয় ১৮৭১ চনৰ আঘোণ মাহৰ ৯ তাৰিখে উত্তৰ লক্ষীমপুৰৰ নকাৰী মৌজাৰ নকাৰী গাঁৱত। তেওঁৰ পিতাকৰ নাম ঘিণাৰাম গোহাঞি বৰুৱা আৰু মাতৃ লম্ভীদেৱী। ১৮৭৯ চনত তেওঁ উত্তৰ লক্ষীমপুৰ প্রাথমিক বিদ্যালয়ত ভর্তি হয়। তাৰ পিছত ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী স্কুলত পঢ়ি, ডিব্ৰুগড় কেন্দ্ৰত পৰীক্ষা পাছ কৰাৰ পাছত তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ যায় আৰু তাৰ ৰিপন কলেজত ভর্তি হয়। তেওঁ কলিকতাত এফ. এ পঢ়োতে চেন্ত জেভিয়ার্চ, জেনেৰেল এচেম্নি আদি কলেজত পঢ়িব লগীয়া হৈছিল। তেওঁ ওকালতিতো নাম লগাইছিল কিন্তু পঢ়া শেষ নকৰাকৈ অসমলৈ আহে। অসমলৈ আহি কহিমা চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত তেওঁ প্রধান শিক্ষকৰূপে নিযুক্ত হয়। কহিমাত থাকোতে তেওঁ লীলাৱতীৰ লগত বিবাহপাশত আৱদ্ধ হয়। লীলাৱতীৰ অকাল মৃত্যু হোৱাত তেওঁ হীৰাৱতীৰ লগত দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হয়। এওঁৰ গৰ্ভত সাতজনী ছোৱালী আৰু এটি ল’ৰাৰ জন্ম হয়। তেওঁৰ যত্নতে তেজপুৰত নামঘৰ আৰু বাণ ৰংগমঞ্চ স্থাপন হয়। ১৯১৮ চনত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম ছাত্র সন্মিলনৰ বার্ষিক অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল। গোহাঞি বৰুৱাই লক্ষীমপুৰৰ ছাত্রবৃত্তি স্কুলত পঢ়া সময়ৰে পৰা সাহিত্য চর্চা আৰম্ভ কৰিছিল। তেওঁৰ বন্ধ পানীন্দ্রনাথ গগৈৰ লগত লগ লাগি দুয়ে। সাহিত্য সাধনত ব্ৰতী হয়। ১৮৯০ চনত তেওঁ কলিকতাত পা কালত জোনাকীৰ সংস্পৰ্শলৈ আহে। সেই সময়ছোৱাত তেওঁ বেণুধৰ ৰাজখোৱাৰ লগত লগ লাগি ‘ডেকাগাভৰু প্ৰকাশ কৰে। ডেকা-গাভৰু আছিল বিহু গীতৰ এখন গ্রন্থ। এই গ্রন্থখনকে জোনাকীযে অশ্লীল বুলি অভিমত দিয়াত, ৰাজখোৱা আৰু গোহাঞি বৰুৱা ক্ষুন্ন হয়। আৰু তেতিয়াৰে পৰা তেওঁলােকে জোনাকীৰ সৈতে সম্পর্ক ছেদ কৰে। গোহাঞি বৰুৱাই অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া বৰঙণি আগবঢ়াইছে। ছাত্ৰাৱস্থাতে তেওঁৰ বন্ধু পানীন্দ্রনাথ গগৈৰ সৈতে ৰচনা কৰিছিল পদ্মপাণি নামে এখন কবিতা পুথি । তেওঁৰ প্রথম পত্নী লীলাৱতীৰ মৃত্যুত ৰচনা কৰে লীলা কাব্য। তেওঁৰ আন দুখন কবিতা পুথি হ’ল জুৰণি (১৯০১) আৰু ফুলৰ চানেকী (১৯৪১)। ১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। এই সভাৰ প্রথম সভাপতিত্ব কৰা পদ্মনাথ গোহাঞি বৰুৱাই কৈছিল যে “জাতিৰ অন্তৰতম ভাব, চিন্তা, তেজ আৰু প্রতিভা বাজ ওলাবলৈ ভাষা আৰু সাহিত্যৰ বাদে সুগম বাট আন নাই। গতিকে মানুহৰ জাতি আৰু ধর্ম সাহিত্যৰ ভেটি হলেও সি সাহিত্যৰ আঁচলত ধৰিহে আগবাঢ়িব পাৰে। অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক গোহাঞি বৰুৱাৰ ১৯৪৬ চনৰ এপ্রিল মাহত পৰলোকপ্রাপ্তি হয় । পদ্মনাথ গোহাঞি বৰুৱা জ্ঞানোদয়

অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱক পদ্মনাথ গোহাঞি বৰুৱা Padmanath Gohain Baruah, a devoted servant of Assamese literature Read More »

Assamese Proverbs/Idioms

১০০টা ফকৰা যোজনা, জতুৱা ঠাঁচ 100 Assamese Proverbs/Idioms

Assamese Proverbs/Idioms (১) যি মূলা বাঢ়ে তাৰ দুপাততে চিন। (২) ৰাহিত নিদিব হাত, ল’ৰা-ছোৱালী লঘোণে নথ’বা, দিবা গধুলিতে ভাত । (৩) চাই চাই বুলিবা বাট, দেহৰে ভিতৰত আছে খলা বমা, পিছলি পৰিবা তাত। (৪) মন কৰিলেই চন কৰিব পাৰি। (৫) নাহাঁহিবি মোক, খুচৰিব তোক। (৬) জোৰৰ আগত বাতিৰ পোহৰ। (৭) কঠাল চোৰৰ আঠাই সাখী, হাঁহ চোৰৰ মূৰত পাখি। (৮) বেজীৰ জলা মনে, কুঠাৰৰ জলা নমনে। (৯) আগেয়ে আছিলে যেন-তেন, ভকতক ভুজাবৰ পৰা হল পেন পেন। (১০) তিলকে তাল কৰিছে। (১১) সৰুৰ দায় পিছলি যায়, বৰৰ দায় খুচৰি খায়। (১২) সাত বিহুৰ সৈয়াকণী। (১৩) দুখ নকৰিলে মুখ নভৰে। (১৪) যেতেকতে নাটে, তেতেকতে ফাটে। (১৫) নামৰ পৰিছে সাং, দুৱাৰত মাৰাহি ডাং। (১৬) জগৰ বা লগালো কি, মাতোঁ হাঁহ কণী দি। (১৭) আপদত ঔৱেও গল খজুৱায়। (১৮) যি কৰে পৰত, তাক মিলে ঘৰত। (১৯) বেজৰ নাকত খৰে খালে। (২০) জাপ মাৰি দেইছিলো ঢাপলিকা পর্বত/ টিলিকিত মাৰিছিলো বগ। খেদা মাৰি ধৰিছিলো মতা হৰিণা। এতিয়া নেপাওঁ মতা হাঁহৰ লগ। (২১) ৰণত পৰি কলীয়া তেল নাইকিয়া ফপৰা। (২২) যোৰ ও যোৰ বিপৰীত যোৰ, এটি কাণফটা, এটি চোৰ। (২৩) চেনেহৰ চুমাই নাকটি ছিঙে। (২৪) ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেৱ ডৰায়। (২৫) নেগুৰ কাটি বাঘ চোঙলৈ মেলিলে। (২৬) যাৰ খবৰ জীৱৰ মন, বহোঁতে আজোৰে বন। (২৭) কলিয়াবৰত গৈ মৰিল, ঢেকী দিওঁতে মনত পৰিল। (২৮) এঘৰৰ পাটনাদ এঘৰৰ জৰী, এঘৰে পানী তোলে ঘটং মটং কৰি। (২৯) নাচিব নাজানিলে, চোতালখনে বেকা। (৩০) একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো/ লোকক নক’লো লাজে/ ছমাহ খাপ দি নিগনি এটা মাৰিলে/ তাতে ধনঞ্জয় ঢোল বাজে। (৩১) দেখিছাহে বুঢ়া, অগ্নিকুৰা। (৩২) আগৰ চুবুৰীয়াই ধুই খাইছিল ভৰি, আজিৰ চুবুৰীয়াই নোধোৱা হ’ল ভৰি। (৩৩) ধাৰে মাৰিলেও মৰা, গাদিৰে মাৰিলেও মৰা। (৩৪) ভালৰ ভাল সর্বটি কাল। (৩৫) দহোটা লাখুটি, এটাৰ বোজা। (৩৬) চাপৰিলে মেঘ নেৰায়। (৩৭) এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। (৩৮) সেৰে সেৰে যায়, পোৱালৈ কান্দে। (৩৯) জাৰ নাই তৰ্জু-তুল, সি কি জানে বণিজৰ মূল। (৪০) গছত কঠাল ওঁঠত তেল, নৌ খাওঁতেই ছেলবেল। (৪১) শাহু-বোৱাৰীৰ ঘৰ, কোনে খায় গাখীৰৰ সৰ। (৪২) নাকত লাগিল পাক, মহাভকতৰ ছিদ্র লাগিল,মেধি পাতিম কাক। (৪৩) সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। (৪৪) মোমায়ে কাঠ কাটে, মায়ে পানী হেন দেখে। (৪৫) দহো আঙুলিৰে খায়, বুঢ়াই হেচুঁকিলেহে যায়। (৪৬) চোৰক মোৰে পালে, তাঁতীক বৰলে খালে। (৪৭) তেলিয়াই কান্দে তেল পেলাই, কপহুৱাই কান্দে লেট -পেটাই। (৪৮) আগফালে বৰ চুৰীয়াৰ ফেৰ পাছফালে ঢকুৱাৰ বেৰ। (৪৯) মই কওঁ ৰাজভগনৰ কথা / সি কয় কলথোকা বাদুলীয়ে খালে। (৫০) নক’লেও নোৱাৰো ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ। (৫১) খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পীৰা। (৫২) ভকত হৈ কলও নপকায়। (৫৩) লুইতেহে জানে বঠা কিমানলৈ বহে। (৫৪) পাপৰ ধন প্রায়শ্চিত্তত যায়। (৫৫) দোলাৰ নামেৰে শিকিয়াতে যাবা, গাখীৰৰ নামেৰে পানীকে খাবা। (৫৬) বাপ বুলিলে ঢোৰা সাপ। (৫৭) কাকো দেখি ৰান্ধে বাঢ়ে, কাকো দেখি দুৱাৰ বান্ধে। (৫৮) কোতাৰ ঘৰৰ কুটি, লোকলৈ বুলি হুল পুতি আপুনি মৰে ফুটি। (৫৯) কি পৈ হতাই তাই/ লোণ খৰিচা দিবৰ তত নাই। (৬০) একো লৈ নমৰো, জহলৈ মৰোঁ। ফটা আঠুৱাখন তিঙালী কৈ তৰোঁ। (৬১) ঢেকীশাল ফুৰিলে খুদৰ কি আকাল। (৬২) এঙাৰ ধুলেও বগা নহয়। (৬৩) লাঠী মাৰিলেও যিটো, বোপাই বুলিলেও সিটো। (৬৪) পঢ়ায়, পঢ়ে, ৰোৱে পান, এই তিনিয়ে নিচিন্তে আন। (৬৫) ঠাই দিবৰ গুণ, তপং তপনি শুন। (৬৬) গছত গৰু উঠা, হোলোঙাৰে কাণ বিন্ধোৱা। (৬৭) পৰৰ মূৰত খাওঁ, ভটীয়া পানীত যাওঁ। (৬৮) টান পালে ৰাম বোলে। (৬৯) হাড় নাইকিয়া জিভা/ কথা কয় কিবা কিবা। (৭০) নগৈ গড়গাঁৱৰ বাতৰি কয়। (৭১) মাকতকৈ জীয়েক কাজী, ঢেকী থোৰা লৈ বাতে পাঁজি। (৭২) নাই মোমাইতকৈ কণা মোমায়েই ভাল।  (৭৩) লগ হ’লে লংকালৈকে যাব পাৰি। (৭৪) পঢ়ি শুনি কৰিলে হিয়া, চোৰ লৈ গ’ল ভাৰ দিয়া। (৭৫) তোৰ হ’লে মোৰ, মোৰ হ’লে বাপেৰেও নাপায় তোৰ। (৭৬) কাকনো বুলিবা ককা সকলোৰে দাঢ়ি, চুলি পকা। (৭৭) আই গৈছিল গোঁসাই ঘৰলৈ, মই গৈছিলো লগত, আখৈ কলা খাবলৈ পাই তাতে হ’লো ভকত। (৭৮) হাতত নাই বিত, মনে কৰে পিত্ পিত্। (৭৯) খকুৱা গ’ল পাত কাটিবলৈ/ নিখকুৱাই মাটিতে খালে। (৮০) ৰহাৰ ৰহদৈ, তিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই, তিনিওৰ ডিঙিত ধৰি তিনিও কান্দিছে সমন্ধত একোটি নাই। (৮১) কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ,মাকৰ ঘৰত জীয়ৰী বাঢ়ে, পথাৰত বাঢ়ে ধান। (৮২) কান্দিলে ধাৰ শোধ নাযায়। (৮৩) সোলাৰ মুখত মাখি পৰে, সিও লাভৰ ভিতৰ। (৮৪) বাৰটা মাহৰ তেৰটা জগৰ, সদায় নুগুছে এটা লগৰ। (৮৫) তাহানিয়ে খালে টেঙা, এতিয়া পালেহি জেঙা। (৮৬) কঁকালত কাচি, বুঢ়ী ফুৰে নাচি। (৮৭) ভাঙি আন, খুঁচৰি খাও, পুৱা হ’লে নাও মেলি যাওঁ। (৮৮) মনে মুখে আছে, ম’হৰ গাখীৰে কাঁহৰ বাতিয়ে নাই। (৮৯) হাতী চুৰ কৰি যায় বাটে বাটে/ বেঙেনা চোৰক ধৰে। (৯০) কোপ দাং, ধান নাইকিয়া শুদা চাং। (৯১) কিনো ভমকৰ তালি, ভালখন থৈ ফটাখন পালি। (৯২) নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা। (৯৩) হেৰাই পোৱা ধনৰ চৌদ্ধ অনাও ভাল। (৯৪) ভাতৰ তিতা খাবলৈ ভাল, মাতৰ তিতা খাবলৈ টান। (৯৫) ধানটোৱে প্রতি কণটো, মানুহটোৱে প্রতি মনটো। (৯৬) টোপনিৰ চিকুণ পুৱা, কটাৰীৰ চিকুণ গুৱা। (৯৭) ক’ৰ পৰা আহিলা ক’ত দিলা ভৰি, চোতালখন ফাটি গ’ল চেত চেত কৰি। (৯৮) শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ। (৯৯) গাত নাই ছাল বাকলি, মদ খায় তিনি টেকেলি। (১০০) ধনৰ নৰীয়া টান / ভাত খাইছে উধানৰ মান। Please Join Us.

১০০টা ফকৰা যোজনা, জতুৱা ঠাঁচ 100 Assamese Proverbs/Idioms Read More »

Plastic Surgery

প্লাষ্টিক ছার্জাৰি Plastic Surgery

        খ্রীষ্টপূর্ব ষষ্ঠ শতিকাৰ কথা। ঋষি বিশ্বামিত্ৰৰ বংশত জন্ম হৈছিল অন্য এজন ঋষিৰ। তেওঁ বাৰাণসীৰ দেৱদাস ধন্বন্তৰীৰ আশ্ৰমত থাকি বিদ্যা গ্রহণ কৰিছিল। গুৰুৰ পৰা  পোৱা বিদ্যাৰ উপৰি নিজৰ প্রতিভা আৰু অধ্যাৱসায়ৰ যোগে তেওঁ নাকৰ বিষয়ে ভালেখিনি জ্ঞান অর্জন কৰিছিল। এবাৰ তেওঁ এজন মানুহৰ থেতেলা খোৱা নাক এটাৰ চিকিৎসা কৰোতে মানুহজনৰ গালৰ মাংস অলপ কাটি আনি নাকটো মেৰামতি কৰিছিল। আজিৰ পৰা প্ৰায় ২৬০০ বছৰৰ আগেয়ে এই চিকিৎসকজনে নাক মেৰামতিৰ কৰা ব্যৱস্থাটোৱে প্লাষ্টিক ছার্জাৰিৰ সূত্রপাত বুলিব পাৰি।         সেই চিকিৎসকজনৰ নাম আছিল সুশ্রুত। প্লাষ্টিক ছার্জাৰি হ’ল অস্ত্রোপচাৰ বিদ্যা বা শৈল্য চিকিৎসাৰ এটা বিশেষ ভাগ। এই চিকিৎসাৰ সহায়ত দেহৰ বাহিৰভাগত থকা যিকোনো অংগ বিকৃতি, ক্ষত আদি ন কৈ গঢ় দি সৌন্দর্য ৰক্ষা কৰা আৰু সেই অংগক পুনৰ কাম কৰাৰ ক্ষমতা দান দিবলৈ চেষ্টা কৰা হয়।          আধুনিক চিকিৎসা বিজ্ঞানত প্লাষ্টিক ছার্জাৰিৰ আৱিষ্কাৰক হ’ল আইভাৰছন। এবাৰ আইভাৰছনৰ ওচৰলৈ এগৰাকী যুৱতী আহিল। যুৱতীগৰাকীৰ মুখখন আছিল বসন্তৰ দাগেৰে ভৰা। তাই ডাক্তৰক খাটনি ধৰিলে, “ডাক্তৰ, দয়া কৰি আপুনি মোৰ মুখৰ দাগবোৰ ভাল কৰি দিয়ক। মই মানুহৰ আগত ওলাব নোৱাৰা হৈছো।” তেওঁ ক’লে, “তুমি কেইসপ্তাহমানৰ পছত আহিবা। মই তোমাৰ বাবে যথাসাধ্যে চেষ্টা কৰিম।” ডাক্তৰৰ আশ্বাস শুনি ছোৱালীজনীৰ মুখত হাঁহি বিৰিঙিল। ইয়াৰ পাছত ডাক্তৰ মহাচিন্তাত পৰিল। ছোৱালীজনীৰ মুখৰ দাগবোৰ গুচোৱা যায় কেনেকৈ? দিনে ৰাতিয়ে অহৰহ চিন্তা কৰিও ডাক্তৰে এই সমস্যাৰ পাৰ নাপালে।         এদিন বাটেদি গৈ থাকোতে হঠাৎ এজন ৰেড ইণ্ডিয়ান যুৱকৰ ওপৰত ডাক্তৰৰ চকু পৰিল। যুৱকজনে এজন মানুহৰ হাতত উল্কি (Tattoo) আঁকিছে। ডাক্তৰ যুৱকজনৰ কাষ চাপি গ’ল আৰু তেওঁনো কেনেকৈ উল্কি আঁকিছে চাবলৈ ধৰিলে। মানুহজনৰ হাতত উক্তি আঁকি শেষ হোৱাত যুৱকজনে আইভাৰছক সুধিলেও ডাঙৰীয়া, উল্কি কৰাব নেকি? মই বৰ ভাল উল্কি কৰিব পাৰো। যদি আপোনা পছন্দ নহয় উঠায়ো পেলাব পাৰিম।          যুৱকজনৰ কথাত ডাক্তৰজনে উল্কি উঠোৱা কথা সুধিলে। ডাক্তৰজনেও প্রথম বাৰৰ বাবে উল্কি  কৰালে। কিন্তু পিছ মুহূর্ততে তেওঁ উল্কিবোৰ উঠাবলৈ ক’লে। হাতৰ পৰা উল্কি উঠাৰ পাছত যুৱকজনে ক’লে  ‘কেইদিনমানৰ পাছত বেণ্ডেজটো খুলি চাব, একো  দাগ নাথাকে। ডাক্তৰজনে বেণ্ডেজটো খুলি তবধ মানিলে। হাতত একো দাগ নাই।          এইবাৰ আইভাৰছনে গৱেষণাত বহিল। গৱেষণাত তেওঁ পালে যে মানুহৰ ছালৰ স্তৰ কেইবাটাও। যদি কোনো ক্ষত ছালৰ দ্বিতীয় স্তৰলৈ বিয়পে, তেতিয়া তাক পৰিস্কাৰ কৰি দিলেই নতুন ছাল গজি আহে আৰু ছাল মসৃন কৰি তোল।           ডাক্তৰে তেওঁৰ এই অভিজ্ঞতা আৰু জ্ঞান বসন্তৰ দাগবোৰে ভৰা ছোৱালীজনীৰ মুখত প্রথমে প্রয়োগ কৰিলে। সম্পূর্ণ ছোৱালীজনীক অজ্ঞান কৰি তেওঁৰ মুখমণ্ডলত অস্ত্রোপচাৰ কৰি বেণ্ডেজ বান্ধি কেইদিনমান থ’লে।           নিদিষ্ট দিনা ডাক্তৰে প্ৰবল উৎকণ্ঠাৰে ছোৱালীজনীৰ মুখৰ বেজে খুলিলে আৰু লগে লগে  এজনী লাৱণ্যময়ী যুৱতীলৈ পৰিৱৰ্তন হয়।           আজিৰ আধুনিক যুগত সেইদৰে অকামিলা চকু, হৃদপিণ্ড, বৃক্ক আদি পুনৰ প্ৰতিষ্ঠাপিত কৰিব পৰা হৈছে। প্লাষ্টিক ছার্জাৰি Plastic Surgery বি.দ্ৰ.: প্ৰকাশ পালে জ্ঞানোদয়ৰ দুমহীয়া আলোচনী ‘জ্ঞান-পিপাসা‘ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যা। আপুনি পঢ়িলেনে? নাই পঢ়া যদি অনুগ্ৰহ কৰি এবাৰ পঢ়িব। ধন্যবাদ

প্লাষ্টিক ছার্জাৰি Plastic Surgery Read More »

নাজিম হিকমত

বিপ্লৱী কবি নাজিম হিকমত Revolutionary Poet Nazim Hikmet

     পৃথিৱীৰ যিসকল কবিয়ে নিজৰ জীৱন, আদৰ্শ আৰু কাব্য উৎসৰ্গা কৰিছিল কেৱল স্বদেশ আৰু স্বজাতিৰ হকে তথা মানৱতাৰ জয়গানেই যাৰ জীৱন আৰু কবিতাৰ মূলমন্ত্র আছিল তেনে এগৰাকী বিশ্ববিশ্ৰুত কবি হ’ল নাজিম হিকমত। সচাকৈ, স্বদেশৰ প্রতি অপৰিমেয় ভালপোৱাৰে সিক্ত নাজিম হিকমতৰ কবিতা যিদৰে আদৰণীয় তাতোকৈও বহু বেছি আদৰণীয় তেওঁৰ উৎসর্গিত জীৱনৰ আদর্শ।          শ্ৰদ্ধাৰ পঢ়ুৱৈসকল, প্রসিদ্ধ তুর্কী কবি নাজিম হিকমতৰ নাম আপোনালোকৰ কোনো কোনোৱে হয়তো শুনিছে, হয়তো বহুতৰ বাবেই এইগৰাকী কবি  অজানা । সি যি কি নহওক, মই আশা কৰিছো , এই লেখনীত যেতিয়া কবি গৰাকীৰ বিষয়ে পঢ়িব তেতিয়া আপোনালোকৰ সুকোমল হৃদয়ৰ অনুভুতিৰে স্মৰণ কৰিব তেওঁৰ অতুলনীয় সংগ্রামৰ কথা — যি সংগ্রাম আছিল শোষণ-নির্যাতন, ন্যায়-অবিচাৰৰ বিৰুদ্ধে। মানৱতাৰ হকে তেওঁ চলাইছিল অন্তহীন যুঁজ।          ফুল – তৰা – গানেৰে ভৰা এই পৃথিৱীখন সৃষ্টিকর্তাই কিমান সুন্দৰকৈ গঢ়িছে, নহয়নে বাৰু ? অথচ , এইখন পৃথিৱীতে জীৱশ্রেষ্ঠ মানুহৰ হাতত গঢ় লৈছে অন্যায়  শোষণ-নির্যাতনৰ সৌধ। মানুহৰ হাততে বিপন্ন হৈছে মানুহৰ জীৱন। আৱহমান কালৰে পৰাই মানৱ ইতিহাসত পোৱা যায় বলীয়ে নিৰ্বলীৰ ওপৰত চলাই অহা শোষণ – নিযার্তন  অন্যায় – অবিচাৰৰ উদাহৰণ। সমাজৰ এনেকুৱা অমানৱীয় কার্যই বিচলিত কৰা বহু মানৱ – দৰদী লোকৰ উদাহৰণো আমি পাওঁ । নাজিম হিকমত তেনে এগৰাকী ব্যক্তি আছিল — যাক কোৱা হয় মেহনতী মানুহৰ বুকুৰ কুটুম আৰু অন্যায় – অবিচাৰৰ বিৰুদ্ধে দীপ্ত প্রতিবাদৰ এক মূর্ত প্রতীক।       ১৯০২ চনত নাজিম হিকমতৰ জন্ম হৈছিল | বৰ্তমানৰ গ্ৰীচ দেশৰ অন্তৰ্গত ‘ট্যুছালনিকি’ নামৰ ঠাই তেওঁৰ জন্মস্থান আছিল। তেতিয়া সেই ঠাইখন অটোমান তুর্কী সাম্রাজ্যৰ অন্তর্ভূক্ত আছিল আৰু ঠাইখনৰ নাম আছিল ‘ছালানিকা’। জন্মসুত্রে তেওঁ আছিল এক অভিজাত পৰিয়ালৰ সন্তান । তেওঁৰ পিতৃ অটোমান চৰকাৰৰ এগৰাকী উচচপদস্থ বিষয়া আছিল । নাজিমে অতি সুখ – স্বাচ্ছন্দৰে তুৰস্কৰ অন্যতম প্রধান অঞ্চল আনাটোলিয়াত তেওঁৰ শৈশৱ অতিবাহিত কৰিছিল। আনাটোলিয়াত নাজিমে নৌ- বিভাগৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিছিল । পাছত ৰাছিয়ান মস্কো বিশ্ববিদ্যালয়ত তেওঁ ৰাজনীতি আৰু অথনীতি বিজ্ঞান অধ্যয়ন কৰে আৰু এই সময়তেই তেওঁ মার্ক্সবাদৰ প্রতি অনুৰক্ত হৈ পৰে। মার্ক্সবাদৰ ওপৰত ৰচিত বিভিন্ন মূল্যবান গ্ৰন্থৰাজি নাজিমে গভীৰ ভাৱে অধ্যয়ন কৰে আৰু ছাত্ৰাৱস্থাতে নিজকে এজন মানৱদৰদী প্রকৃত মার্ক্সবাদীৰূপে গঢ়ি তোলে। শিক্ষা সাং কৰি তেওঁ যেতিয়া তুৰস্কলৈ উভতি আহে, তেতিয়া তুৰস্কৰ ওপৰেদি ইতিমধ্যে দুটা প্ৰৱল ধুমুহা পাৰ হৈ গৈছিল। – প্রথম বিশ্বযুদ্ধ আৰু গ্ৰীচ দেশৰ সৈতে যুদ্ধ। এই ধুমুহাৰ পাছত তুৰস্কত চুলতানী শাসনৰ অৱসান ঘটে আৰু নতুন চৰকাৰ গঠন হয়। নতুন চৰকাৰৰ দ্বাৰা শাসিত তুস্কত নাজিমে লেখক হিচাপে নিজৰ কৰ্ম জীৱন আৰম্ভ কৰে। ১৯২৪ চনৰ পৰা তেওঁ বিভিন্ন পত্রিকা , আলোচনী আদিত কাম কৰিবলৈ লয় আৰু এইবোৰৰ যোগেদি ব্যাপক হাৰত তেওঁ সমাজবাদী আদৰ্শৰ প্ৰচাৰ কাৰ্য চলাবলৈ ধৰে।        দীর্ঘদিন ধৰি চলাই যোৱা নাজিমৰ এই কার্য কলাপে শাসকগোষ্ঠীক আতংকিত কৰি তোলে আৰু তাৰ ফলস্বৰূপে তেওঁ ভোগ কৰিব লগা হয় পাশৱিক নির্যাতন। তুর্কী নৌ বাহিনীক বিদ্রোহ কৰিবলৈ উচতাই দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলি নাজিমক বন্দী কৰা হয় আৰু এখন যুদ্ধ জাহাজত এই বিষয়ে বিচাৰ কৰা হয়। কিন্তু বিচাৰৰ নামত ভেকো ভাওনা চলাই নাজিমৰ দেহৰ ওপৰত চলোৱা হয় পাশৱিক অত্যাচাৰ । জাহাজৰ মলমূত্ৰৰ মাজত আঠুৰ ওপৰলৈকে ডুবাই তেওঁক দীর্ঘদিন বন্দী কৰি ৰখা হয় । কিন্তু ইমানবোৰ নাৰকীয় নির্যাতন সহিব লগা হৈও বিপ্লৱী কবি নাজিমে তেওঁৰ আদৰ্শৰ পৰা তিলমাত্রও বিচ্যুত নহ’ল। তেওঁৰ দেশৰ চৰকাৰে তেওঁক সুদীর্ঘ ওঠৰ বছৰ ধৰি বন্দী কৰি ৰাখিছিল আৰু এনেকৈয়ে সুদীর্ঘ দিনৰ কাৰাবাসৰ অন্তত ১৯৫১ চনত নাজিমে চিৰদিনৰ বাবে তেওঁৰ প্ৰাণৰ, সপোনৰ তুৰস্ক ত্যাগ কৰি ছোভিয়েট ৰাছিয়ালৈ গুছি যায় । তেতিয়াৰে পৰা মৃত্যুৰ সময়লৈকে তেওঁ ৰাছিয়া আৰু পূব -ইউৰোপৰ দেশবোৰত সাম্যবাদী আদৰ্শৰ হকে কাম কৰি যায় । বিদ্ৰোহৰ জ্বলন্ত অগ্নিশিখা আৰু দেশপ্রেম তথা মানৱ প্ৰেম এই দুয়োটাই নাজিম হিকমতৰ কবিতাত প্রজ্বলিত হৈছিল। শোষণ-নির্যাতন, অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্রতিবাদৰ স্ফুলিংগ উজ্জ্বলি উঠিছিল তেওঁৰ কবিতাৰ প্ৰতিটো বর্ণতে।          ১৯৩৬ চনত প্রকাশিত হৈছিল তেওঁৰ মহাকাব্যিক পুথি ‘শ্বেখ বেদ্রেদ্দিন দেস্তানী ‘। এই পুথিখন তেওঁ নামকৰণ কৰিছিল পঞ্চদশ শতিকাৰ আনাটোলিয়াৰ এক বিপ্লৱী ধর্ম – সংস্কাৰক শ্বেখ বদৰুদ্দিনৰ নামেৰে । সেই একে বছৰতে তেওঁৰ অন্য এখন মহাকাব্যিক পুথি ‘মেমলেকাটিমদেন ইনজন মাৰ্জাৰালাৰি’ প্রকাশ পায়। অসমীয়া তর্জমাত এই পুথিৰ নাম – ‘মোৰ দেশৰ মানুহৰ ছবি ‘। এই কাব্যগ্রন্থখন বিশ্ব সাহিত্যৰ এক অমূল্য সম্পদৰূপে আজিও সমাদৃত।           নাজিম হিকমতৰ ৰচনাৱলী তুৰস্কত নিষিদ্ধ কৰা হৈছিল । কিন্তু ওপৰোক্ত কাব্য গ্রন্থ দুখন ১৯৩৬ চনত প্ৰকাশ হোৱাৰ পাছতেই সমগ্র পৃথিৱীতে এই দুখনৰ খ্যাতি বিয়পি পৰে। সমগ্ৰ বিশ্বৰ সাৰস্বত সমাজে তেওঁৰ জীৱন আৰু কবিতাক প্ৰাণৰ উমেৰে সাৱটি লয় । নাজিম হিকমত হৈ পৰে বিশ্বৰ খাটি খোৱা আৰু নিপীড়িত জনতাৰ প্ৰাণৰ কবি। তেওঁৰ কবিতা সমুহ ব্যাপক হাৰত পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ হ’বলৈ ধৰে আৰু জনপ্রিয়তা অর্জন কৰিবলৈ ধৰে । ওপৰোক্ত গ্রন্থকেইখনৰ বাহিৰেও হিকমতৰ অন্যান্য কাব্যগ্রন্থ সমূহ হ’ল — ইংৰাজীলৈ অনুবাদ হোৱা ‘চিলেকটেড পয়েমছ’, ‘দি মস্কো চিম্ফনী ‘,দা দে বিফ’ৰ তুমৰু’ আৰু ‘থিংছ আই দিদ্’ন্ট ন’ আই লাভদ’, আদি। এই পুথিসমূহো বহুজন পঠিত আৰু সমাদৃত।            ১৯৬৩ চনৰ জুন মাহৰ ২ তাৰিখে কুৰি শতিকাৰ এইগৰাকী নির্যাতিত কবি তথা তুর্কী সাহিত্য জগতৰ উজ্জ্বলতম নক্ষত্র নাজিম হিকমতৰ মৃত্যু হয় ছোভিয়েট ৰাছিয়াৰ মস্কো মহানগৰীত । কিন্তু তেওঁ আজিও জীয়াই আছে জনতাৰ প্ৰাণত । আহক খন্তেকৰ বাবে আমিও স্মৰণ কৰোঁ ন্যায় আৰু মানৱতাৰ পূজাৰী কবি নাজিম হিকমতক। Nazim Hikmet বি.দ্ৰ.: প্ৰকাশ পালে জ্ঞানোদয়ৰ দুমহীয়া আলোচনী ‘জ্ঞান-পিপাসা‘ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যা। আপুনি পঢ়িলেনে? নাই পঢ়া যদি অনুগ্ৰহ কৰি এবাৰ পঢ়িব। ধন্যবাদ

বিপ্লৱী কবি নাজিম হিকমত Revolutionary Poet Nazim Hikmet Read More »

Yellow Sky

হালধীয়া আকাশ Halodhiya Akash

হালধীয়া আকাশ জীৱনৰ হালধীয়া আকাশ সাধুমুখী এটা কবিতাৰ গধূলি ৰাঙলী বেলি মিঠা আবেলি আৰু এটা হাঁহি মুখী মন। পোহৰৰ ছয়াময়া আকাশ অৰ্থহীনি পৃথিৱীৰ সেউজীয়া তুমি নোহোৱাটো মোৰ তাৰ উত্তৰ মই কেতিয়াবাই পাইছোঁ। এতিয়া সময়ে জানো মোক লৈ যাব জীৱন আকাশৰ পোহৰৰ দিশে এইয়া আকাশ নে? তোমাৰ মৰিচিকা ! ©নিলাভ জ্যোতি কলিতা

হালধীয়া আকাশ Halodhiya Akash Read More »

স্নেহালয়

স্নেহালয়: প্ৰেম আৰু যত্নৰ আলয় Snehalaya: Home of Love and Care

স্নেহালয় কি ? “স্নেহালয়” (Snehalaya) হৈছে যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হোৱা শিশুসকলৰ বাবে এখন ঘৰ। স্নেহালয়ে বৰ্তমানলৈকে বিভিন্ন ধৰণৰ নিৰাশ লোকক সকাহ প্ৰদান কৰি আহিছে। ২০০০ চনৰ ১৬ আগষ্টত ছেইণ্ট জন বস্কোৰ ১৮৫ তম্ জন্ম জয়ন্তীত গুৱাহাটী ডন বস্কোৰ চেলচিয়ানসকলে স্নেহালয় নামৰ এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল। অৱশ্যে, স্নেহালয় ২০০১ চনৰ ১ জানুৱাৰীত কাৰ্যক্ষম হৈছিল। তেতিয়াৰে পৰা, স্নেহালয়ে বিভিন্ন ধৰণৰ যত্নৰ প্ৰয়োজন হোৱা যিকোনো শিশুক আশ্ৰয়, পুনৰ্সংস্থাপন আৰু সুৰক্ষা প্ৰদান কৰি আহিছে। উদ্দেশ্য – ১) গৃহহীন শিশুসকলক আশ্ৰয় প্ৰদান কৰা আৰু আত্মবিশ্বাস গঢ়ি তোলা। ২) শিক্ষা আৰু দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰি ডন বস্কোৰ শৈক্ষিক প্ৰণালী ব্যৱহাৰ কৰি বিপদাশংকাত থকা যুৱক-যুৱতীসকলৰ অন্তৰ্নিহিত ক্ষমতা বিকাশ কৰা। ৩) সকলো সমমনস্ক লোক, চৰকাৰী আৰু বেচৰকাৰী সংগঠন আৰু সম্প্ৰদায়-আধাৰিত কাৰ্যসূচীৰ সৈতে একলগ হৈ তেওঁলোকৰ অধিকাৰৰ বাবে উকালতি কৰা। ৪) শিশু-অনুকূল চহৰ আৰু অঞ্চল এটা নিৰ্মাণ কৰা য’ত সকলো শিশু, বিশেষকৈ বিপদাশংকাত থকা যুৱক-যুৱতীসকল; তেওঁলোকৰ জীয়াই থকা, সুৰক্ষা, বিকাশ আৰু অংশগ্ৰহণৰ অধিকাৰ উপভোগ কৰিব পাৰে। মূলমন্ত্ৰ – “To take them off the street and to put them on their feet” স্নেহালয়ৰ ইতিহাস স্নেহালয় ২০০১ চনৰ ১ জানুৱাৰীত কাৰ্যক্ষম হৈছিল। এইটো গৃহহীন আৰু অভাৱগ্ৰস্ত শিশুসকলৰ বাবে এক সহস্ৰাব্দ উপহাৰ আছিল। সেইদিনা স্নেহালয়ৰ প্ৰতিষ্ঠাপক ফ্ৰ লুকোচে চেৰুভালেলে ধীৰেনপাৰাৰ এটা সৰু কূটীৰত আছিল । পিছদিনা, স্নেহালয়ত যোগদান কৰা মিছনেৰীজ অফ চেৰিটিৰ দ্বাৰা গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ৮ টা শিশুৰ এটা গোট কঢ়িয়াই অনা হৈছিল। তাৰ পিছত, চুবুৰীয়াৰ দৰিদ্ৰ শিশুসকলৰ বাবে সাক্ষৰতা কেন্দ্ৰ আৰম্ভ কৰিবলৈ টিনৰ চাল আৰু বাঁহৰ চাদৰ বেৰৰ সৈতে এটা গোহালি ৰখা হৈছিল। ইয়াক ২০০১ চনৰ ১৪ ফেব্ৰুৱাৰীত মুকলি কৰা হৈছিল। পিছলৈ, ই সৰ্ব শিক্ষা অভিযানৰ অধীনত এটা জ্যোতি কেন্দ্ৰত পৰিণত হয়। শিশুৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে, স্নেহালয়ৰ বাবে এটা কংক্ৰিট ভৱন নিৰ্মাণ আৰম্ভ কৰা হৈছিল। যোৱা ১১ বছৰত, কাৰ্যসূচীটো ডাঙৰ হৈছে। আজি গুৱাহাটীত কৌশলগতভাৱে ৫ টা স্নেহালয়া গৃহ অৱস্থিত, অৰ্থাৎ পল্টন বজাৰত নিশাৰ আশ্ৰয়, ধীৰেনপাৰাত শিশু গৃহ, নুনমতীত অক্সিলিয়াম স্নেহালয়, বেলতলাত জ্যোতি স্নেহালয় আৰু বেটকুচিত ইলা স্নেহালয়। এইবোৰে চহৰখনৰ চাৰিওফালে “প্ৰেমৰ মালা” গঠন কৰে যাতে বিপদত থকা যিকোনো শিশুৱে কম বা দীঘলীয়া সময় বাস কৰিবলৈ ঠাই বিচাৰি পায়। এই ঘৰবোৰত মুঠ ২০০ তকৈও অধিক শিশুক প্ৰায় ৫০ জন কৰ্মচাৰীৰ এটা দলে চোৱাচিতা কৰে। খাদ্য, আশ্ৰয়, কাপোৰ, চিকিৎসা সেৱাৰ দৰে মৌলিক প্ৰয়োজনীয়তা প্ৰদান কৰাৰ উপৰিও, শিশুসকলক ক্ৰীড়া, খেল, গান আৰু নৃত্যৰ বাবে তেওঁলোকৰ লুকুই থকা প্ৰতিভা বিকাশৰ বাবে শিক্ষা, মনোৰঞ্জন, পৰামৰ্শ আৰু সুযোগ প্ৰদান কৰা হয়। ডাঙৰ শিশুসকলক বৃত্তিমূলক প্ৰশিক্ষণ আৰু কৰ্মৰ পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিয়া হয়। কৌশলটো হৈছে শিক্ষা আৰু দক্ষতা প্ৰশিক্ষণৰ জৰিয়তে শিশুসকলৰ সামৰ্থ্য বৃদ্ধি কৰা, যাতে যুৱ প্ৰাপ্তবয়স্ক হিচাপে তেওঁলোকে নিজৰ ভৰিত থিয় হ’বলৈ সক্ষম হয়। সকলো স্নেহালয় গৃহত এক বিশেষভাৱে প্ৰফুল্ল আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশ আছে। আৱাসিক কৰ্মচাৰীসকলে এই পাঁচটা ঘৰৰ প্ৰতিটোতে প্ৰেমময় সম্পৰ্কৰ এটা পাৰিবাৰিক মনোভাৱ বজাই ৰাখিবলৈ চেষ্টা কৰে। আৱাসিক সেৱাৰ উপৰিও, স্নেহালয়ৰ বিভিন্ন অনা-আৱাসিক সেৱা আৰু উকালতি কাৰ্যসূচী আছে। ইয়াৰ অনা-আৱাসিক কাৰ্যসূচীত অন্তৰ্ভুক্ত থাকে বিদ্যালয়ৰ বাহিৰৰ শিশুসকলক প্ৰাথমিক শিক্ষা প্ৰদান কৰা আৰু তেওঁলোকক নিয়মীয়া বিদ্যালয়ৰ মূলসুঁতিত অন্তৰ্ভুক্ত কৰা। এই প্ৰচেষ্টাৰ দ্বাৰা ৬৫০০ তকৈও অধিক শিশু উপকৃত হৈছে। স্নেহালয়ে শিশুসকলক শিক্ষিত কৰি আৰু উপাৰ্জন সৃষ্টিৰ দক্ষতাৰ প্ৰশিক্ষণ দি তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰে। এই সেৱাবোৰে শিশু অধিকাৰৰ সুৰক্ষা আৰু প্ৰচাৰ প্ৰদান কৰে আৰু শিশুসকলক সামগ্ৰিকভাৱে বিকাশ কৰাৰ কল্পনা কৰে। আৰম্ভণিৰ পৰা বৰ্তমানলৈকে, যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজনহোৱা ১০০০ ৰো অধিক শিশু স্নেহালয়ৰ দ্বাৰা পৰিচালিত বিভিন্ন কাৰ্যসূচীৰ হিতাধিকাৰী হৈ আহিছে। স্নেহালয়ৰ আৱাসিক কাৰ্যসূচীসমূহ হৈছে ১। আৱাসিক যত্ন (চাইল্ড কেয়াৰ ইনষ্টিটিউট) স্নেহালয়ৰ অনা-আৱাসিক কাৰ্যসূচীসমূহ হৈছে ১। শিশুৰ সহায় কেন্দ্ৰ (চি.এ.বি.) ২। আফটাৰ কেয়াৰ ৩। শিশু বন্ধুত্বপূৰ্ণ গুৱাহাটী (চি.এফ.জি) ৪। হোমলিংক নেটৱৰ্ক চিষ্টেম ৫। সৰ্বশিক্ষা অভিযান (এছ.এছ.এ.) ৬। শিক্ষা ৭। কাউনচেলিং ৮। চিকিৎসা সেৱা ৯। বৃত্তিমূলক প্ৰশিক্ষণ ১০। চাকৰি সংস্থাপন ১১। নেটৱৰ্কিং সংগঠন (বা যত্নশীল কমিউনিটি) ১২। স্বেচ্ছাসেৱক / ইন্টাৰ্ণশ্বিপ স্নেহালয়ৰ স্বেচ্ছাসেৱক / ইন্টাৰ্ণশ্বিপ সমূহত কেনেকৈ যোগদান কৰিব পাৰি ? স্নেহালয়ৰ স্বেচ্ছাসেৱক / ইন্টাৰ্ণশ্বিপ সমূহত যোগদান কৰিবলৈ অনুগ্ৰহ কৰি Click Here স্নেহালয়ৰ সৈতে কেনেকৈ যোগাযোগ কৰিব পাৰি ? Head Office Snehalaya Centre for Child Rights, K.B. Road, Paltan Bazar, Guwahati – 781008 Telephone: 0361-2738064/2738064/ +91 8099026472 (Office) Mobile: +91 8474083081 (Dir), +91 8134030696 Email: snehalaya.ghy@gmail.com, snehalaya.adm@gmail.com স্নেহালয়লৈ দান-বৰঙনি কেনেকৈ আগবঢ়াব পাৰি ? আহক আমি আমাৰ উপাৰ্জনৰ কিছু অংশ দান কৰি এটি শিশুৰ মুখত হাঁহি বিৰিঙাও আৰু শিশুটিৰ ভৱিষ্যত উজ্জ্বল কৰোঁ। For donate please Click Here To know more about Snehalaya please visit www.snehalayaghy.org © Snehalaya Photo courtesy: Snehalaya এনেধৰণৰ অনান্য তথ্যৰ বাবে অনুগ্ৰহ কৰি আমাৰ লগত যোগদান কৰক Register Now

স্নেহালয়: প্ৰেম আৰু যত্নৰ আলয় Snehalaya: Home of Love and Care Read More »

Balance Between Development and Environment

বিকাশ আৰু পৰিৱেশৰ মাজত এক সূক্ষ্ম ভাৰসাম্য বজাই ৰখাৰ প্ৰয়োজনীয়তা The need of maintaining a delicate balance between development and environment

উনবিংশ শতিকাত ঔদ্যোগিক বিপ্লৱৰ আগমনৰ লগে লগে, বিশ্বই ইয়াক উন্নত জীৱন-যাপনৰ দিশ বুলি ভাবি দ্ৰুতগতিত আগবাঢ়িছিল- কিন্তু একে সময়তে, সকলো ধৰণৰ প্ৰকৃতিৰ বিশুদ্ধতাক অৱনমিত কৰিছিল। ১৯৭২ চনত “মানৱ পৰিৱেশ” সন্দৰ্ভত অনুষ্ঠিত ষ্টকহম সন্মিলনে বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে পৰিৱেশজনিত সমস্যাৰ মোকাবিলা কৰাৰ তাৎক্ষণিকতা পোহৰলৈ আনিছিল। পৰিৱেশ অৱশ্যে আমাৰ বিকাশ অব্যাহত ৰখাৰ বাবে আৰু বিকাশে জীৱনৰ উন্নত মানদণ্ডলৈ ৰূপান্তৰিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। আমাৰ বহুতো চহৰে উচ্চ স্তৰৰ প্ৰদূষণৰ অভিজ্ঞতা লাভ কৰিছে। যদি আমি বৰ্তমানৰ উন্নয়নৰ স্তৰত আমাৰ পৰিৱেশ সুৰক্ষিত কৰিব নোৱাৰো, অধিক বিকাশে বিষয়টো অধিক বেয়া কৰি তুলিব। দেশৰ বহু ঠাইত দ্ৰুতগতিত কমি যোৱা পানীৰ পৰিণামে ইতিমধ্যে আমাৰ স্থিৰতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। জলবায়ু পৰিৱৰ্তনে ইতিমধ্যে ভাৰতত উৎপাদনশীলতা আৰু জীৱনৰ মানদণ্ডৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে সেয়েহে আমি ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বব্যাপী প্ৰচেষ্টাৰ শীৰ্ষত থাকিব লাগিব। যিকোনো অঞ্চলত অৰ্থনৈতিক বিকাশৰ উদ্দেশ্য হৈছে মানুহক উন্নত জীৱন যাপন আৰু চাকৰিৰ সুযোগ প্ৰদান কৰা। যদিও ঔদ্যোগিক বিকাশে যিকোনো অঞ্চলত অধিক চাকৰি সৃষ্টি কৰে তাৰ সমান্তৰালকৈ পৰিৱেশৰ ওপৰত প্ৰতিকূল প্ৰভাৱৰ সম্ভাৱনাও বৃদ্ধি হয়। প্ৰদূষণ ধূলি, ধোঁৱা আৰু বিষাক্ত গেছ নিৰ্গমন হোৱা অত্যাধিক প্ৰদূষিত উদ্যোগ যেনে তাপ বিদ্যুৎ প্ৰকল্প, কয়লা খনি, চিমেণ্ট, তীখা, পেট্ৰ’লিয়াম আৰু ৰাসায়নিক পদাৰ্থ আদিৰ বাবে হয়। এইবোৰ কেৱল বিপদজনকে নহয়, ই আমাৰ পৰিস্থিতি আৰু পৰিৱেশৰো অপূৰণীয় ক্ষতি কৰে আৰু পৰিৱেশৰ বহন ক্ষমতা ভংগ কৰে। বিকাশ আৰু পৰিৱেশ একে সময়তে বজাই ৰখাৰ বাবে পৰিৱেশ সুৰক্ষাব্যৱস্থা প্ৰয়োজনীয় হৈ পৰিছে। এইটো ভাৰতৰ বাবে অধিক গুৰুত্বপূৰ্ণ য’ত মানুহৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ অৰ্থনৈতিক বিকাশ প্ৰয়োজনীয়। অৱশ্যে, অৰ্থনৈতিক প্ৰগতিৰ নামত পৰিৱেশৰ নিৰ্বিচাৰ অৱক্ষয় অবাঞ্ছিত। ঔদ্যোগিক প্ৰগতি আৰু পাৰিপাৰ্শ্বিক অৱক্ষয়ৰ মাজত এক ভাৰসাম্য ৰাখিব লাগিব যিটো মুখ্যতঃ ঔদ্যোগিক প্ৰদূষণৰ ফলত হয়। বহনক্ষম বিকাশ, পৰিৱেশ আৰু সম্পদ প্ৰণালীৰ স্থিৰতাৰ সৈতে সমাপ্ত নহয়; ইয়াৰ বাবে অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাৰ স্থিৰতাৰ প্ৰয়োজন। উন্নয়ন আৰু পাৰিপাৰ্শ্বিক সুৰক্ষা সহজে একেলগে যাব পাৰে। কেৱল পিছত অনুশোচনা কৰাৰ বাবে খৰখেদা কৰাৰ সলনি পাৰিপাৰ্শ্বিক সুৰক্ষাৰ সৈতে নতুন প্ৰকল্প আৰম্ভ কৰা ভাল হ’ব। পাৰিপাৰ্শ্বিক সুৰক্ষা অবিহনে বিকাশ দীৰ্ঘম্যাদী সময়ত বিপৰীত প্ৰমাণিত হ’ব পাৰে। ভূপাল গেছ দুৰ্ঘটনা এতিয়াও মানুহৰ মনত সতেজ হৈ আছে। দুৰ্ভাগ্যবশতঃ, এনে অপ্ৰত্যাশিত দুৰ্ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়ালৈকে কোনো নিখুঁত ব্যৱস্থা প্ৰস্তুত কৰা হোৱা নাই যি এনে উদ্যোগৰ ওচৰত বাস কৰা লোকসকলৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে অতি প্ৰয়োজনীয়। ৰায়পুৰ-দূৰ্গ, কোৰবা-বিলাসপুৰ, আগ্ৰা-কানপুৰ, ৱাপী-এংকলশ্বৰ, ধানবাদ-বোকাৰো, ভাইজাগ, তাৰাপুৰ, লুধিয়ানা আদিত উচ্চ পৰিমাণৰ প্ৰদূষকৰ প্ৰতিবেদন পোৱা গৈছে। এইটো সত্য যে শক্তি প্ৰকল্পৰ সংখ্যা অতি-গুৰুত্বপূৰ্ণ প্ৰযুক্তিলৈ সলনি হৈছে। চিমেণ্ট, ৰাসায়নিক পদাৰ্থ আৰু পেট্ৰ’লিয়াম শোধনাগাৰসমূহেও অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ কৰিছে। এতিয়া আমাক পৰ্যাপ্ত আৰু কাৰ্যকৰী প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰয়োজন যাতে পৰিৱেশৰ ওপৰত প্ৰতিকূল প্ৰভাৱ হ্ৰাস হয়। তুলনামূলক সুবিধাৰ ওপৰত আধাৰিত কৰি উদ্যোগ-ক্লাষ্টাৰ স্থাপনৰ ৰণনীতিবোৰ সমীক্ষা কৰাৰ প্ৰয়োজন আছে। ভাৰতৰ ডিজেল উৎপাদনৰ স্থাপিত ক্ষমতাই ইয়াৰ মুঠ গ্ৰিড সংযোজিত ক্ষমতাৰ এক তৃতীয়াংশ গঠন কৰে। ডিজেল জেনেৰেটৰ ছেটত ডিজেল জ্বলাই নিৰ্গত হোৱা বিষাক্ত ধোঁৱাৰ গুৰুতৰ প্ৰভাৱ আছে আৰু এনেদৰে উৎপন্ন হোৱা শক্তিও ব্যয়বহুল। প্ৰতিৰোধক হিচাপে, সৌৰ ছাদৰ দ্বাৰা মূলধন বিনিয়োগ আৰু বিদ্যুৎ উৎপাদন দুয়োটাৰ বাবে উদগনি দিয়া হৈছে। বিভিন্ন নীতি প্ৰলোভন কম প্ৰজন্মৰ ব্যয়লৈ ৰূপান্তৰিত হৈছে। সেউজগৃহ গেছ নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে চৰকাৰৰ সৌৰ শক্তি অভিযানৰ ফলত সৌৰ শক্তিৰ বাবে শুল্ক হ্ৰাস পাইছে। তাপ শক্তি আৰু সৌৰ শক্তিৰ মাজৰ ব্যৱধান হ্ৰাস হৈ আহিছে। ২০১৮ চনত, নৱীকৰণযোগ্য শক্তি ২০ শতাংশতকৈ ওপৰৰ ৭৩ গিগাৱাটত উপনীত হৈছে। ৩১ অক্টোবৰ, ২০১৯ তাৰিখে দেশত নৱীকৰণযোগ্য শক্তিৰ স্থাপিত ক্ষমতা ৮৩.৪ গিগাৱাট নথিভুক্ত কৰা হৈছে আনহাতে বায়ু শক্তিৰ অংশ হৈছে ৩৭ গিগাৱাট আৰু সৌৰ শক্তিৰ অংশ হৈছে ৩১.৭ গিগাৱাট। সেউজ শক্তিৰ অংশ বৃদ্ধি কৰা আৰু জীৱাশ্ম ইন্ধন-আধাৰিত প্ৰকল্পত শেহতীয়া প্ৰযুক্তি গ্ৰহণ কৰাৰ উপৰিও, ভাৰতৰ কাৰ্বন পদচিহ্ন হ্ৰাস কৰাৰ বাবে বহুতো ব্যৱস্থা গ্ৰহণ কৰা হৈছে; যদিও কয়লা আৰু অন্যান্য জীৱাশ্ম ইন্ধনে অনাগত দশকবোৰত ভাৰতৰ শক্তি মিশ্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকিব। ই জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। পৰিষ্কাৰ প্ৰযুক্তিৰ অৰ্থ হৈছে এক প্ৰক্ৰিয়া যি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰে আৰু নিম্নতম আৱৰ্জনা উৎপাদন কৰে। বিশ্বব্যাপী, পাৰিপাৰ্শ্বিক প্ৰৱণতাই উদ্যোগসমূহক নতুন ৰূপ দিছে। বিশ্বজুৰি পৰিষ্কাৰ প্ৰযুক্তিৰ বহুতো উদাহৰণ আছে। পৰিষ্কাৰ প্ৰযুক্তি উদ্যোগৰ বিকাশে নিশ্চিতভাৱে পৰৱৰ্তী প্ৰজন্মৰ বাবে বহনক্ষম আৰু সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাত সহায় কৰিব। আন্তৰ্জাতিক শক্তি সংস্থাই (আইইএ) দাবী কৰে যে পৰিষ্কাৰ শক্তি প্ৰযুক্তি আৰু নীতিয়ে প্ৰকৃততে আটাইতকৈ কাৰ্যকৰী উপায়েৰে একাধিক উদ্দেশ্য পূৰণ কৰিব পাৰে। উদাহৰণ স্বৰূপে, বহনক্ষম গতিশীলতা সমাধানে ভিৰ হ্ৰাস কৰাৰ সময়ত আৰু উৎপাদনশীলতা বৃদ্ধি কৰাৰ সময়ত সেৱাৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰিব পাৰে।  দক্ষ নিৰ্মাণ প্ৰযুক্তিয়ে শক্তি বিনিয়োগৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব পাৰে আৰু আৱাসীসকলৰ বাবে আৰাম বৃদ্ধি কৰিব পাৰে। শক্তিৰ স্থানীয় উৎস আৰু একত্ৰিত বিতৰণ প্ৰণালীয়ে বিভিন্ন সেৱা প্ৰদানৰ সৈতে সম্পৰ্কিত ব্যয় হ্ৰাস কৰিব পাৰে, আনহাতে স্থিতিস্থাপকতা আৰু নমনীয়তা উন্নত কৰিব পাৰে। চৰকাৰে ২০২৪ চনৰ ভিতৰত পিএম ১০ আৰু পি১১২.৫ ঘনত্ব ২০ৰ পৰা ৩০ শতাংশ হ্ৰাস প্ৰাপ্ত কৰাৰ বাবে এক দীৰ্ঘম্যাদী, সময়সীমাবদ্ধ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰণনীতি হিচাপে ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু কাৰ্যসূচী (এনচিএপি) আৰম্ভ কৰিছে। এন.চি.এ.পি.-ৰ সামগ্ৰিক উদ্দেশ্য হৈছে সমগ্ৰ দেশত বায়ুৰ মানদণ্ড নিৰীক্ষণৰ নেটৱৰ্ক বৃদ্ধি কৰা আৰু সজাগতা আৰু ক্ষমতা নিৰ্মাণ কাৰ্যকলাপ শক্তিশালী কৰাৰ উপৰিও বায়ু প্ৰদূষণ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু হ্ৰাসৰ বাবে ব্যাপক পদক্ষেপ গ্ৰহণ কৰা। এন.চি.এ.পি.-ৰ এই পদক্ষেপটোত অন্তৰ্ভুক্ত আছে সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু স্থানীয় সংস্থাসমূহৰ মাজত সহযোগিতামূলক, বহু-স্তৰীয়, আৰু আন্তঃখণ্ড সমন্বয়। জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা (এনএপিচিচি) আৰু জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত চৰকাৰৰ অন্যান্য পদক্ষেপকে ধৰি বিদ্যমান নীতি আৰু কাৰ্যসূচীসমূহৰ ডভটেইলিং এনচিএপি কাৰ্যকৰী কৰাৰ সময়ত কৰা হ’ব। জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচন (ইউএনএফচি)য়ে “জলবায়ু পৰিৱৰ্তন”ক প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানৱ কাৰ্যকলাপৰ বাবে দায়ী জলবায়ুৰ পৰিৱৰ্তন হিচাপে সংজ্ঞায়িত কৰে যি বিশ্বব্যাপী বায়ুমণ্ডলৰ গঠন সলনি কৰে। প্ৰাকৃতিক জলবায়ুৰ পৰিৱৰ্তনশীলতাৰ উপৰিও তুলনামূলক সময়ত ইয়াক দেখা যায়। জলবায়ু পৰিৱৰ্তনৰ মুখ্য বৈশিষ্ট্যবোৰৰ ভিতৰত আছে গড় গোলকীয় উষ্ণতা বৃদ্ধি, আইচকেপ গলি যোৱা, বৰষুণৰ পৰিৱৰ্তন আৰু সাগৰৰ উষ্ণতা বৃদ্ধি যাৰ ফলত সাগৰৰ স্তৰ বৃদ্ধি হয়। জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টাবোৰৰ ভিতৰত আছে এফালে সেউজগৃহ গেছ (জিএইচজি) নিৰ্গমন হ্ৰাস কৰা আৰু আনফালে অভিযোজিত ক্ষমতা নিৰ্মাণ কৰা। ভাৰত ইউএনএফচি আৰু কিয়োটো প্ৰটোকলৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ, যি জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ উপায়ৰ ওপৰত আন্তৰ্জাতিক সহমত প্ৰতিনিধিত্ব কৰে। পৰিৱেশৰ প্ৰতি প্ৰচণ্ড প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে অঞ্চলটোত আইনী আৰু প্ৰতিষ্ঠানগত প্ৰণালীৰ এক অতি বিস্তৃত পৰিকাঠামো আছে আৰু বিশেষকৈ নৱীকৰণযোগ্য শক্তি খণ্ডত কেইবাটাও জলবায়ু-অনুকূল পদক্ষেপ আৰম্ভ কৰিছে। ভাৰতে ২ অক্টোবৰ, ২০১৬ তাৰিখে পেৰিছ জলবায়ু পৰিৱৰ্তন চুক্তি স্বাক্ষৰ কৰে, যি হৈছে এক যুগান্তকাৰী চুক্তি যিয়ে দেশসমূহক জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আৰু বিশ্বৰ উষ্ণতা বৃদ্ধি 2 ডিগ্ৰী চেলচিয়াছৰ তললৈ সীমিত কৰিবলৈ আহ্বান জনায়।  ঘটনাক্ৰমে, ২০১৫ চনত ১৯৫ খন দেশে গ্ৰহণ কৰা পেৰিছ চুক্তিৰ লক্ষ্য হৈছে প্ৰাক-ঔদ্যোগিক স্তৰক বেচলাইন হিচাপে বিবেচনা কৰি গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী চেলচিয়াছলৈ সীমিত কৰা। পেৰিছে ১২ ডিচেম্বৰ,

বিকাশ আৰু পৰিৱেশৰ মাজত এক সূক্ষ্ম ভাৰসাম্য বজাই ৰখাৰ প্ৰয়োজনীয়তা The need of maintaining a delicate balance between development and environment Read More »

অনুভৱ

অনুভৱ Feeling

অনুভৱ ?কাৰ বাবে অনুভৱ ?কিহৰ বাবে অনুভৱ ?হয়তো ভোকাতুৰৰ খোৱাৰ তাড়নাত,নাইবা অৱহেলিত জনৰ পোৱাৰ বাসনাত,নে গৃহহীনৰ আশ্ৰয়ৰ আকুলতাত ?সঁচায়ে —সহস্ৰজনৰ দৰেইদ্ৰৰিদ্ৰতাৰ সতে যুঁজি যুঁজিমিতব্যয়িতাত ললোঁ আশ্ৰয়,সেয়েহে হ’বলালাঞ্ছিত, অপমানিত আজিধনবান সমাজত।তথাপি এবুকু আশাৰেজীয়াই আছোঁ।দহিছে হৃদয়খনিউমি উমি জ্বলি থকাঅন্তৰাগ্নিত,পাৰিবা তুমি সঁচা হৃদয়েৰেঅনুভৱ কৰিবঅৱহেলিতজনৰ বেদনাৰ জুই ?নিৰ্বাপিত কৰিবানেসঁচা মানৱতাৰেঅন্তৰাগ্নিৰ জ্বলন্ত শিখা ?পাৰিবা, পাৰিবা নে তুমি ?

অনুভৱ Feeling Read More »