Assamese Proverbs/Idioms (১) যি মূলা বাঢ়ে তাৰ দুপাততে চিন। (২) ৰাহিত নিদিব হাত, ল’ৰা-ছোৱালী লঘোণে নথ’বা, দিবা গধুলিতে ভাত । (৩) চাই চাই বুলিবা বাট, দেহৰে ভিতৰত আছে খলা বমা, পিছলি পৰিবা তাত। (৪) মন কৰিলেই চন কৰিব পাৰি। (৫) নাহাঁহিবি মোক, খুচৰিব তোক। (৬) জোৰৰ আগত বাতিৰ পোহৰ। (৭) কঠাল চোৰৰ আঠাই সাখী, হাঁহ চোৰৰ মূৰত পাখি। (৮) বেজীৰ জলা মনে, কুঠাৰৰ জলা নমনে। (৯) আগেয়ে আছিলে যেন-তেন, ভকতক ভুজাবৰ পৰা হল পেন পেন। (১০) তিলকে তাল কৰিছে। (১১) সৰুৰ দায় পিছলি যায়, বৰৰ দায় খুচৰি খায়। (১২) সাত বিহুৰ সৈয়াকণী। (১৩) দুখ নকৰিলে মুখ নভৰে। (১৪) যেতেকতে নাটে, তেতেকতে ফাটে। (১৫) নামৰ পৰিছে সাং, দুৱাৰত মাৰাহি ডাং। (১৬) জগৰ বা লগালো কি, মাতোঁ হাঁহ কণী দি। (১৭) আপদত ঔৱেও গল খজুৱায়। (১৮) যি কৰে পৰত, তাক মিলে ঘৰত। (১৯) বেজৰ নাকত খৰে খালে। (২০) জাপ মাৰি দেইছিলো ঢাপলিকা পর্বত/ টিলিকিত মাৰিছিলো বগ। খেদা মাৰি ধৰিছিলো মতা হৰিণা। এতিয়া নেপাওঁ মতা হাঁহৰ লগ। (২১) ৰণত পৰি কলীয়া তেল নাইকিয়া ফপৰা। (২২) যোৰ ও যোৰ বিপৰীত যোৰ, এটি কাণফটা, এটি চোৰ। (২৩) চেনেহৰ চুমাই নাকটি ছিঙে। (২৪) ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেৱ ডৰায়। (২৫) নেগুৰ কাটি বাঘ চোঙলৈ মেলিলে। (২৬) যাৰ খবৰ জীৱৰ মন, বহোঁতে আজোৰে বন। (২৭) কলিয়াবৰত গৈ মৰিল, ঢেকী দিওঁতে মনত পৰিল। (২৮) এঘৰৰ পাটনাদ এঘৰৰ জৰী, এঘৰে পানী তোলে ঘটং মটং কৰি। (২৯) নাচিব নাজানিলে, চোতালখনে বেকা। (৩০) একে কাঠি কাঁড়ে সাতোটা সিংহক মাৰিলো/ লোকক নক’লো লাজে/ ছমাহ খাপ দি নিগনি এটা মাৰিলে/ তাতে ধনঞ্জয় ঢোল বাজে। (৩১) দেখিছাহে বুঢ়া, অগ্নিকুৰা। (৩২) আগৰ চুবুৰীয়াই ধুই খাইছিল ভৰি, আজিৰ চুবুৰীয়াই নোধোৱা হ’ল ভৰি। (৩৩) ধাৰে মাৰিলেও মৰা, গাদিৰে মাৰিলেও মৰা। (৩৪) ভালৰ ভাল সর্বটি কাল। (৩৫) দহোটা লাখুটি, এটাৰ বোজা। (৩৬) চাপৰিলে মেঘ নেৰায়। (৩৭) এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। (৩৮) সেৰে সেৰে যায়, পোৱালৈ কান্দে। (৩৯) জাৰ নাই তৰ্জু-তুল, সি কি জানে বণিজৰ মূল। (৪০) গছত কঠাল ওঁঠত তেল, নৌ খাওঁতেই ছেলবেল। (৪১) শাহু-বোৱাৰীৰ ঘৰ, কোনে খায় গাখীৰৰ সৰ। (৪২) নাকত লাগিল পাক, মহাভকতৰ ছিদ্র লাগিল,মেধি পাতিম কাক। (৪৩) সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। (৪৪) মোমায়ে কাঠ কাটে, মায়ে পানী হেন দেখে। (৪৫) দহো আঙুলিৰে খায়, বুঢ়াই হেচুঁকিলেহে যায়। (৪৬) চোৰক মোৰে পালে, তাঁতীক বৰলে খালে। (৪৭) তেলিয়াই কান্দে তেল পেলাই, কপহুৱাই কান্দে লেট -পেটাই। (৪৮) আগফালে বৰ চুৰীয়াৰ ফেৰ পাছফালে ঢকুৱাৰ বেৰ। (৪৯) মই কওঁ ৰাজভগনৰ কথা / সি কয় কলথোকা বাদুলীয়ে খালে। (৫০) নক’লেও নোৱাৰো ফটা মুখ, ক’লেও লাগে ভকতৰ দোষ। (৫১) খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পীৰা। (৫২) ভকত হৈ কলও নপকায়। (৫৩) লুইতেহে জানে বঠা কিমানলৈ বহে। (৫৪) পাপৰ ধন প্রায়শ্চিত্তত যায়। (৫৫) দোলাৰ নামেৰে শিকিয়াতে যাবা, গাখীৰৰ নামেৰে পানীকে খাবা। (৫৬) বাপ বুলিলে ঢোৰা সাপ। (৫৭) কাকো দেখি ৰান্ধে বাঢ়ে, কাকো দেখি দুৱাৰ বান্ধে। (৫৮) কোতাৰ ঘৰৰ কুটি, লোকলৈ বুলি হুল পুতি আপুনি মৰে ফুটি। (৫৯) কি পৈ হতাই তাই/ লোণ খৰিচা দিবৰ তত নাই। (৬০) একো লৈ নমৰো, জহলৈ মৰোঁ। ফটা আঠুৱাখন তিঙালী কৈ তৰোঁ। (৬১) ঢেকীশাল ফুৰিলে খুদৰ কি আকাল। (৬২) এঙাৰ ধুলেও বগা নহয়। (৬৩) লাঠী মাৰিলেও যিটো, বোপাই বুলিলেও সিটো। (৬৪) পঢ়ায়, পঢ়ে, ৰোৱে পান, এই তিনিয়ে নিচিন্তে আন। (৬৫) ঠাই দিবৰ গুণ, তপং তপনি শুন। (৬৬) গছত গৰু উঠা, হোলোঙাৰে কাণ বিন্ধোৱা। (৬৭) পৰৰ মূৰত খাওঁ, ভটীয়া পানীত যাওঁ। (৬৮) টান পালে ৰাম বোলে। (৬৯) হাড় নাইকিয়া জিভা/ কথা কয় কিবা কিবা। (৭০) নগৈ গড়গাঁৱৰ বাতৰি কয়। (৭১) মাকতকৈ জীয়েক কাজী, ঢেকী থোৰা লৈ বাতে পাঁজি। (৭২) নাই মোমাইতকৈ কণা মোমায়েই ভাল। (৭৩) লগ হ’লে লংকালৈকে যাব পাৰি। (৭৪) পঢ়ি শুনি কৰিলে হিয়া, চোৰ লৈ গ’ল ভাৰ দিয়া। (৭৫) তোৰ হ’লে মোৰ, মোৰ হ’লে বাপেৰেও নাপায় তোৰ। (৭৬) কাকনো বুলিবা ককা সকলোৰে দাঢ়ি, চুলি পকা। (৭৭) আই গৈছিল গোঁসাই ঘৰলৈ, মই গৈছিলো লগত, আখৈ কলা খাবলৈ পাই তাতে হ’লো ভকত। (৭৮) হাতত নাই বিত, মনে কৰে পিত্ পিত্। (৭৯) খকুৱা গ’ল পাত কাটিবলৈ/ নিখকুৱাই মাটিতে খালে। (৮০) ৰহাৰ ৰহদৈ, তিপামৰ ভাদৈ, শলগুৰিৰ আঘোণী বাই, তিনিওৰ ডিঙিত ধৰি তিনিও কান্দিছে সমন্ধত একোটি নাই। (৮১) কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ,মাকৰ ঘৰত জীয়ৰী বাঢ়ে, পথাৰত বাঢ়ে ধান। (৮২) কান্দিলে ধাৰ শোধ নাযায়। (৮৩) সোলাৰ মুখত মাখি পৰে, সিও লাভৰ ভিতৰ। (৮৪) বাৰটা মাহৰ তেৰটা জগৰ, সদায় নুগুছে এটা লগৰ। (৮৫) তাহানিয়ে খালে টেঙা, এতিয়া পালেহি জেঙা। (৮৬) কঁকালত কাচি, বুঢ়ী ফুৰে নাচি। (৮৭) ভাঙি আন, খুঁচৰি খাও, পুৱা হ’লে নাও মেলি যাওঁ। (৮৮) মনে মুখে আছে, ম’হৰ গাখীৰে কাঁহৰ বাতিয়ে নাই। (৮৯) হাতী চুৰ কৰি যায় বাটে বাটে/ বেঙেনা চোৰক ধৰে। (৯০) কোপ দাং, ধান নাইকিয়া শুদা চাং। (৯১) কিনো ভমকৰ তালি, ভালখন থৈ ফটাখন পালি। (৯২) নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা। (৯৩) হেৰাই পোৱা ধনৰ চৌদ্ধ অনাও ভাল। (৯৪) ভাতৰ তিতা খাবলৈ ভাল, মাতৰ তিতা খাবলৈ টান। (৯৫) ধানটোৱে প্রতি কণটো, মানুহটোৱে প্রতি মনটো। (৯৬) টোপনিৰ চিকুণ পুৱা, কটাৰীৰ চিকুণ গুৱা। (৯৭) ক’ৰ পৰা আহিলা ক’ত দিলা ভৰি, চোতালখন ফাটি গ’ল চেত চেত কৰি। (৯৮) শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ। (৯৯) গাত নাই ছাল বাকলি, মদ খায় তিনি টেকেলি। (১০০) ধনৰ নৰীয়া টান / ভাত খাইছে উধানৰ মান। Please Join Us.