অনুভৱ Feeling

অনুভৱ ?
কাৰ বাবে অনুভৱ ?
কিহৰ বাবে অনুভৱ ?
হয়তো ভোকাতুৰৰ খোৱাৰ তাড়নাত,
নাইবা অৱহেলিত জনৰ পোৱাৰ বাসনাত,
নে গৃহহীনৰ আশ্ৰয়ৰ আকুলতাত ?
সঁচায়ে —
সহস্ৰজনৰ দৰেই
দ্ৰৰিদ্ৰতাৰ সতে যুঁজি যুঁজি
মিতব্যয়িতাত ললোঁ আশ্ৰয়,
সেয়েহে হ’বলা
লাঞ্ছিত, অপমানিত আজি
ধনবান সমাজত।
তথাপি এবুকু আশাৰে
জীয়াই আছোঁ।
দহিছে হৃদয়খনি
উমি উমি জ্বলি থকা
অন্তৰাগ্নিত,
পাৰিবা তুমি সঁচা হৃদয়েৰে
অনুভৱ কৰিব
অৱহেলিতজনৰ বেদনাৰ জুই ?
নিৰ্বাপিত কৰিবানে
সঁচা মানৱতাৰে
অন্তৰাগ্নিৰ জ্বলন্ত শিখা ?
পাৰিবা, পাৰিবা নে তুমি ?

Leave a Comment

Your email address will not be published. Required fields are marked *