new education policy
![New education policy](https://gyanodaya.co.in/wp-content/uploads/2021/09/px-downloadgc5660ac24db3eb5f004a5f7969349bc9a8aef991375f1e84d998da00b6637536fe976ecdf7ed6b77e7fa73836752503d_19201-1024x683.jpg)
মানৱ সম্পদ (Human Resource) আৰু শিক্ষা এই দুয়োটা বিষয় ওতপ্ৰোতভাৱে জড়িত। শিক্ষা হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ। শিক্ষাৰ সৈতে নৈতিকতা, মূল্যবোধ, জিজ্ঞাসা, সৃজনীশীলতা আদি জড়িত থাকে। সেয়েহে মানৱ-সম্পদৰ গঠন, বিকাশ তথা উন্নয়নৰ বাবে শিক্ষাৰ ব্যাপক প্ৰাসংগিকতা আছে। মানৱ-সম্পদৰ উন্নয়নে অন্য সম্পদসমূহৰ ৰক্ষণশীলতা বৃদ্ধি কৰে। সেয়েহে মানৱ-সম্পদৰ গঠন তথা উন্নয়নৰ দিশটোৰ প্ৰতি গুৰুত্ত্ব আৰোপ কৰাটো অত্যন্ত প্ৰয়োজনীয়।
![নতুন শিক্ষা নীতি](https://gyanodaya.co.in/wp-content/uploads/2021/09/px-downloadgd6a31658012e298f722100b486983d414edd7d885610682bd62a86cb3780e3fd8a96298987c43ec362dc6d173d72b47f_19201-1-1024x500.jpg)
ভাৰতবৰ্ষত ২০২০ চনত কেন্দ্ৰীয় কেবিনেট সমিতি আৰু কেন্দ্ৰীয় মানৱ-সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ তত্ত্বাৱধানত নতুন শিক্ষা নীতি প্ৰণয়ন কৰা হৈছিল। এই শিক্ষা ব্যৱস্থাই পূৰ্বৰ ১০+২ গঠনৰ শিক্ষা ব্যৱস্থাক ৫+৩+৩+৪ গঠনৰ শিক্ষা ব্যৱস্থালৈ উন্নতিকৰণ কৰিছে। ছাত্ৰ-ছাত্ৰীক বৃত্তিমূলক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰি শিক্ষিত হাৰ বৃদ্ধি কৰাৰ উপৰিও মানৱ সম্পদৰ উন্নয়ন আৰু গঠনৰ দিশৰ ওপৰটো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। বৃত্তিমূলক শিক্ষা (vocational education), দক্ষতা বিকাশ (skill development), গৱেষণাৰ প্ৰয়োজনীয়তা (importance of research), কলা (arts) আদি বিষয়সমূহক নতুন শিক্ষা নীতিয়ে সাঙুৰি লৈছে আৰু মানৱ সম্পদ গঠনৰ প্ৰাসংগিকতা এই শিক্ষা নীতিত বলবৎ হোৱাটো প্ৰমাণিত কৰিছে।
![নতুন শিক্ষা নীতি](https://gyanodaya.co.in/wp-content/uploads/2021/09/px-downloadgc8d88062df2fe31abd1f0ae3055e56828698f135fc84ba9dcada9a9b48d19b2e41e2f3858a773c30eff2cee84f8def0c_19201-1024x687.jpg)
প্ৰথমতে, বৃত্তিমূলক শিক্ষা — এনে শিক্ষা য’ত কোনো এজন ছাত্ৰই কাৰিকৰী শিক্ষাৰে পৰিপূৰ্ণ হৈ এজন প্ৰযুক্তিবিদ হিচাপে কাম কৰিবলৈ সহায় পায়। এনে শিক্ষাই প্ৰধানকৈ প্ৰত্যেককে মধ্য আৰু ক্ষুদ্ৰ উদ্যোগসমূহত সংস্থাপণ আহৰণ কৰাত সহায় কৰে। ফলত নিবনুৱা সমস্যা হ্ৰাস পায় আৰু ই মানৱ সম্পদ গঠনত অৰিহণা যোগায়। সেয়েহে মানৱ সম্পদ গঠনৰ দিশটোৰ ওপৰত লক্ষ্য ৰাখি স্কুলীয়া শিক্ষাতে এই বিষয়টো নতুন শিক্ষা নীতিয়ে অন্তৰ্ভুক্ত কৰিছে।
![নতুন শিক্ষা নীতি](https://gyanodaya.co.in/wp-content/uploads/2021/09/px-downloadgbd405f708f8278e2a3cbffe0af58093b168cd73e043716aeb42a2819d08e4811735d4c1e9178a77437de200a43082ded_19201-1024x677.jpg)
দ্বিতীয়তে, দক্ষতা বিকাশ। এই শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ যিকোনো বিষয়ৰ ওপৰত থকা দক্ষতা চিনাক্তকৰণ আৰু দক্ষতাৰ ব্যৱধান (skill gap) চিনাক্তকৰণ কৰি দক্ষতা বৃদ্ধি কৰাত সহায় কৰে। Skill development ৰ লগত প্ৰশিক্ষণ (training) জড়িত হৈ থাকে অৰ্থাৎ যিকোনো বিষয়ৰ ওপৰত থকা দক্ষতাৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় যিয়ে কৰ্মসংস্থাপন আৰু উৎপাদনশীলতা (productivity) বৃদ্ধি কৰে। নতুন শিক্ষা নীতিয়ে ভৱিষ্যতৰ কথা চিন্তা কৰি মানৱ সম্পদ গঢ়াৰ স্বাৰ্থত এই বিষয়টো স্কুলীয়া শিক্ষাৰ পৰা প্ৰযোজ্য কৰিছে। এই বিষয়ৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলে কথিত দক্ষতা (spoken skill), সহযোগিতা (co-operation) আদি ক্ষেত্ৰত দক্ষতা অৰ্জন কৰিব পাৰিব।
![Coding](https://gyanodaya.co.in/wp-content/uploads/2021/09/px-downloadg507dd0884dcc093e031e12f46ae73aeb25a6c3eb1bd49721670fa509821f4d164db5a7bc6d0a927b1f8a974ebc66fc65_19201-1024x683.jpg)
তৃতীয়তে, সাংকেতিক ভাষা (coding) । এই বিষয়টো নতুন শিক্ষা নীতিত বলবৎ হোৱা পৰিলক্ষিত হৈছে। মানৱ সম্পদ গঠন আৰু উন্নয়নত এই বিষয়টোৱে বিশেষ অৰিহণা যোগাব। IT (Information technology), Computer science, Software development ইত্যাদি বিষয়সমূহক স্কুলীয়া পাঠৰ লগত সন্নিৱিষ্ট কৰি ছাত্ৰ-ছাত্ৰীসমূহক coding ৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত এই শিক্ষা নীতিয়ে গুৰুত্ব আৰোপ কৰিছে যাতে ভৱিষ্যতে ইয়াক প্ৰয়োগ কৰি দেশৰ প্ৰযুক্তিৰ ক্ষেত্ৰখন চহকী কৰিব পাৰি। তদুপৰি coding ৰ শিক্ষাই কৰ্মচাৰীসকলৰ কাৰিকৰী দক্ষতা আৰু কাৰিকৰী অভিজ্ঞতা বৃদ্ধি কৰিব যাৰ ফলত উৎপাদনশীলতা বৃদ্ধি পাব।
![Human Resource](https://gyanodaya.co.in/wp-content/uploads/2021/09/px-downloadg939e485091045dedbf14807f85deea7ba42196faf44d6a6ba4f97a46b3e2202f8250f7979659c222e68e00340b74879d_12801-682x1024.jpg)
ইয়াৰ উপৰিও কলা, গৱেষণা আদি বিষয়ো এই শিক্ষা নীতিয়ে বলবৎ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰুচি থকা কলা যেনে — সংগীত, নৃত্য, চিত্ৰাংকন আদিৰ জড়িয়তে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। ইয়াৰ উপৰিও গৱেষণাৰ যোগদি যিকোনো বিষয় এটাৰ ওপৰত গভীৰ অধ্যয়ন কৰা সহজ হৈ পৰিব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত গৱেষণা বিষয়টো অন্তৰ্ভুক্ত কৰিছে। তদুপৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ স্নাতকৰ ক্ষেত্ৰত CBCS (Choice Based Credit System) ৰ নীতি বলবৎ কৰিছে যাতে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰুচি থকা বিষয়টো অধ্যয়ন কৰি নিজৰ ভৱিষ্যত গঢ়িব পাৰে।
![Human Resource](https://gyanodaya.co.in/wp-content/uploads/2021/09/px-downloadg99f2d54ee3c1dd82e39ccf679c2f847d06a8d585ce23bae69dd347aac610c3c62f176090a991f2071fcd58975092ea06_19201-1024x640.jpg)
ওপৰৰ আলোচনাৰ পৰা নতুন শিক্ষা নীতিয়ে মানৱ সম্পদৰ গঠন আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় সকলো দিশকে সাঙুৰি লোৱাটো প্ৰমাণিত হৈছে। মানৱ সম্পদে সমাজৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰে আৰু এখন প্ৰগতিশীল সমাজ গঢ়ি উঠাত সহায় কৰে। যিহেতু শিক্ষাই হৈছে মানৱ সম্পদ নিৰ্মাণৰ চালিকা শক্তি সেয়েহে নতুন শিক্ষা নীতিয়ে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে নতুন নতুন বহুতো গঠনমূলক বিষয় সন্নিৱিষ্ট কৰিছে যাতে ছাত্ৰ-ছাত্ৰীসকলে আহৰণ কৰা শিক্ষাখিনি ভৱিষ্যতে দেশৰ উন্নয়নৰ কামত প্ৰয়োগ কৰিব পাৰে।
নতুন শিক্ষা নীতিৰ বিষয়ে অধিক জানিবলৈ চাওক New Education Policy 2020
![Author Registration Poster](https://gyanodaya.co.in/wp-content/uploads/2021/07/2-1024x683.jpg)