Robot

ৰবট || Robot

Science ৰবট || Robot বিজ্ঞানৰ কল্পকাহিনী বা ছাইফাই (Sci-Fi = Science Fiction) মানব সদৃশ বুদ্ধিযুক্ত, নিজে কাম কৰিব পৰা যন্ত্ৰৰ কথা প্ৰায়ে পোৱা যায় ৷ বিজ্ঞানভিত্তিক চিনেমাতো ৰবট (Robot) বা যন্ত্ৰ-মানৱৰ সঘন আর্বিভাব লক্ষণীয় । কিন্তু ৰবটৰ ধাৰণা এতিয়া বিজ্ঞানীৰ পৰিকল্পনা আৰু সাহিত্যিকৰ দূৰকল্পনা me নহয়। উন্নত দেশবোৰত ৰবট মানৱ জীৱনৰ অপৰিহাৰ্য অংগ হ’বলৈ ওলাইছে।  তেনেকুৱা এটা ৰবটৰ নাম হ’ল ব’ব। ব’বৰ উচ্চতা ০.৭ মিটাৰ। ওজন প্রায় ২৫ কিল’গ্রাম। ই গান গাব আৰু কথা কব পাৰে । প্ৰয়োজন হ’লে অৱলোহিত সংসূচকৰ সহায়ত মেজ, চকী, মানুহ আদি থকা কোঠালিৰ মাজেদি অ’লৈ তালৈ যাব পাৰে, এহাতে দবা খেলিব পাৰে, চৌকিদাৰী কৰিব পাৰে আনকি গৰাকীৰ লগত ঠাট্টা মস্কৰাও কৰিব পাৰে। জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এনে ৰবট দোকানত কিনিবলৈ পোৱা যায় ৷ কিন্তু পিতৃ মাতৃৰ সন্তানে ৰবটকহে বেছি ভালদৰে চিনি পাব নেকি? এনেবোৰ জটিল প্রশ্নৰ উত্তৰ মানৱ সভ্যতাই আজি বিচাৰি পাব লাগিব। অৱশ্যে বিজ্ঞানৰ কল্পকাহিনীত বৰ্ণনা কৰাৰ দৰে ৰবটে ৰবটক সৃষ্টি কৰি মানৱ সভ্যতাৰ প্ৰতিযোগী ৰবট সভ্যতা গঢ় দিয়াৰ সম্ভাৱনা এতিয়াও বহু আঁতৰত । About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

ৰবট || Robot Read More »

blood donation

মানৱৰ হিত সাধনঃ ৰক্তদান || Humanitarianism: Blood donation

সমাজত আমি কোনোৱেই অকলে কিবা বিচ্ছিন্নতা ভাৱ লৈ জীয়াই থাকিব নোৱাৰোঁ। প্রতি পদক্ষেপতেই প্রয়োজন হয় আনৰ সহযোগিতা। সেয়ে প্রতিজন লোকে আনৰ পৰা সহায় পাবলৈ আনক জীয়াই ৰখাটো প্ৰতিজনৰ কৰ্তব্যৰ ভিতৰত পৰিব৷ এই কর্তব্য পালন কেৱল ভাল উক্তিৰেই নহয়, নিজৰ মহৎ বস্তু আনৰ বাবে ত্যাগ কৰা। এনে এটি মহৎ কৰ্তব্য হ’ল-ৰক্তদান।

মানৱৰ হিত সাধনঃ ৰক্তদান || Humanitarianism: Blood donation Read More »

Maa

যান্ত্ৰিকতাৰ মাজমজিয়াত মোৰ অনুভৱৰ দলিচাত ” মা”

Common Writings যান্ত্ৰিকতাৰ মাজমজিয়াত মোৰ অনুভৱৰ দলিচাত ” মা” “স্পন্দিত হ্ৰদয়ৰ ,এক হমুনিয়াহেৰে কোঠালিৰ চাৰিবেৰৰ মাজত সিচিঁ দিছো মোৰ অনুভৱৰ কঠিয়াতলি “ আগবাঢ়ি যোৱা জীৱনৰ প্ৰতিটো পদক্ষেপত তোমাৰ অনুভৱৰ মাজত ডুব খোৱাৰ দৰে আজি মোৰ এই জীৱন যাএাত আকৌ এবাৰ অনুভৱৰ দুৱাৰদলিত তুলানা কৰিব বিচাৰিছোঁ “মা “,তোমাৰ কোলাৰ পৃথিৱী খন আজি মই থকা এই যান্ত্ৰিক পৃথিৱী খন নহয়। তোমাৰ মুখত হাহিঁ বিৰিঙোৱা সেই মধুৰ মুহূওটোত যেতিূয়া তোমাৰ কোলাত ,তোমাৰ আচঁলৰ আৰতঁ লুকাই সুৰক্ষিত ভাৱে টোপনি গৈছিলো ,সেইদিনা কাহানিও ভবা নাছিলো , যান্ত্ৰিকতাৰ দৌৰত টোপনিও কৃএিম হৈ পৰিব অথা’ৎ ভাও জুৰিব লাগিব টোপনিৰ । সৰুতে যেতিয়া ধূলি -বালি লৈ উমলিছিলো যেতিয়া ক’ৰবাত দুখ পাই কান্দিছিলো , তেতিয়া তোমাৰ কোলাত উঠি হিয়া জুৰি কান্দিছিলো । কিন্তু ,আজি জানা “মা” শৰীৰৰ যান্ত্ৰনাই মোক আঘাত নকৰে ,নোলাই চকু পানীও । তেতিয়াহে উচুপু যেতিয়া আগবাঢ়ি যোৱাৰ কণ্টকময় বাটত আঘাত লাগে মোৰ সপোন বোৰত ,আশাবোৰত । মই ডাঙৰ হলো ন ‘মা ? আতৰি থাকিব পৰা হ’লো কতব্যৰ তাড়নাত তোমাৰ পৰা ,লুকাই -লুকাই কান্দিব পৰা হঁলো নিষ্ঠুৰ বাস্তৱৰ মুখামুখিত । সকলোৰে আগত ডাঙৰ হ’লেও তোমাৰ দৃষ্টিত সদায়ে সৰু , সেয়েহে অনুভৱৰ আৰত তুমি” মা”। আজিও অনুভৱ কঁৰো,চকু দুটা মুদি দিলেই “মা”শব্দৰ শিহৰণ কাৰী কুমলীয়া অনুভূতি ।অনুভৱ কৰো তোমাৰ সেই খন হাত , যি খন হাতেৰে তুমি পাৰ কৰি দিছিলা আদৰ্শৰ দলিচা । যি খন হাতত ধৰি মই শিকিছিলো আদৰ্শৰ বুনিয়াদী কুঁহিপাত । জানা “মা”তোমাৰ আদৰ্শৰেটো মোক এই যান্ত্ৰিকময় বাটত থিয় দি ৰবলৈ দৃঢ় কৰি তুলিলা ,চকুপানীৰ মাজতো হাঁহি ৰবলৈ শিকালা ,তথাপিতো কেতিয়াবা দুৰ্বল হওঁ, সেই থুপুক -থাপাককৈ তোমাৰ আঙুলিত ধৰি যে পৰিছিলো, তেনেদৰে পৰি ৰও কোনোৱা কোণত আজিও কিয় জানা ?” মা”তুমি দিয়া সেই ৰঙীন পৃথিৱীৰ সপোণ ৰূপী নক্সাৰ দৰে নহয় যে আজিৰ পৃথিৱী , আজিৰ পৃথিৱী যদি ৰঙীণ হয় মানুহৰ তেজেৰে ৰঙীণ ,সন্ত্ৰাসৰ ধোঁৱাৰে বিয়পা এইয়া তেজৰে ৰঙীন পৃথিৱী ।সেয়েহে আজি মোৰ অনুভৱৰ কোঠালিত” মা” কাৰণ আজি তোমাৰ বাহিৰে যে একো নাই ।। About the Author স্বাগতা কলিতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ,নগাওঁ

যান্ত্ৰিকতাৰ মাজমজিয়াত মোৰ অনুভৱৰ দলিচাত ” মা” Read More »

জার্মেনীৰ সাহিত্যক বিশ্বৰ সভালৈ আগবঢ়াই নিয়া কবি গ্যেটে || Johann Wolfgang Von Goethe

Biography জার্মেনীৰ সাহিত্যক বিশ্বৰ সভালৈ আগবঢ়াই নিয়া কবি গ্যেটে || Johann Wolfgang Von Goethe ১৭৪৯ খৃষ্টাব্দত জার্মেনীৰ ফ্ৰংফুট নামৰ চহৰ খনত ‘য়াহান ওলফগাং ভন গ্যেটে’ (Johann Wolfgang Von Goethe) নামৰ এটি শিশুৰ জন্ম হৈছিল, যি জার্মেনীক বিশ্ব সাহিত্যৰ দৰবাৰত গুৰুত্বপূৰ্ণ আসন প্ৰদান কৰাত বিশেষভাৱে অৰিহণা যোগাইছিল। মাত্র ষোল বছৰ বয়সতে গ্যেটেই গীতি কবিতাৰ ৰচনাৰে নিজৰ সাহিত্যিক তথা কবি প্রতিভাৰ পৰিচয় দাঙি ধৰিছিল। সাধাৰণতে সেই বয়সত অন্য কিশোৰ যুৱক যিদৰে প্ৰেমৰ প্ৰতি অনুৰক্ত হয় সেইদৰে গ্যেটেৰ গীতি কবিতা সমূহটো চঞ্চল প্ৰেমৰ চিতিকনি বিশেষ ভাৱে মন কৰিব লগা। গ্যেটেৰ মহৎ সৃষ্টি ‘ফাউষ্ট’। এই গ্ৰন্থৰ ৰচনাৰে জার্মান সাহিত্যিক বিশ্বদৰবাৰলৈ আগবঢ়াই নিয়াত তেওঁ প্ৰভূত বৰঙণি আগবঢ়ায়। তেওঁ ইংৰাজী ‘ৰোমাণ্টিক ধাৰাৰ প্ৰভাৱত ক’লেজি,শ্যেলীৰ দৰে কবিৰ কবিতাৰ দ্বাৰা অনুপ্রাণিত হৈ ৰোমাণ্টিক কবিতাৰ ব্যাপ্তি “ফাউষ্ট”ৰ মাজলৈ টানি আনে। ষোড়শ শতিকাৰ এগৰাকী জার্মান পণ্ডিত ফাউষ্টে অসৎ যাদু শক্তিৰ সহায়ত কেনেকৈ জ্ঞান-গংগা পাৰ হ’বলৈ গৈ নিশেষ হৈ গ’ল তাৰ বৰ্ণনা ফাউষ্টত সৰল আৰু সাৱলিল ভাবে গ্যেটেই ৰচনা কৰিছে। গ্যেটেই জীবিকাৰ বাবে প্ৰথম অৱস্থাত ওকালতি আৰম্ভ কৰিছিল যদিও পুৰণি শিল্পকলাৰ প্ৰতি অনুৰক্ত কবিগৰাকীয়ে পিছলৈ বিভিন্ন ঠাই ভ্ৰমণ কৰি পুৰণি শিল্পৰ অধ্যয়ন কৰে আৰু ইটালিৰ শিল্প, ভাস্কর্য আৰু ঐতিহ্যই তেওঁৰ হৃদয়ত গভীৰ ৰেখাপাত কৰে। শিল্প ভাস্কৰ্যৰ প্ৰতি থকা গ্যেটে’ব গভীৰ আত্মীয়তা গীতি কবিতাসমূহত নন্দনতাত্বিক সৌন্দৰ্য্যবোধ ক্ষতিশিলৰ দৰে চিৰ উজ্জীৱিত কৰিছিল। অন্যহাতে তেওঁৰ প্ৰকৃতিৰ প্ৰতি থকা গভীৰ ভালপোৱাই সৌন্দৰ্য্যপিয়াসি মনৰ সম্ভেদ দিয়ে কাব্যগ্রন্থ “মেটামোৰফোজে ডেৰ পফ্লানটছেন”ত। গ্যেটে প্ৰাচ্যৰ কবিতাৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈছিল। ভাৰতৰ বেদান্ত দর্শন আৰু পুৰাণ মহাভাৰতৰ শকুন্তলাৰ অমৰ প্ৰেম আৰু জিজ্ঞাসাৰ ৰস আস্বাদন কৰিছিল। ভাৰতীয় সাহিত্যত নিহিত জটিল দৰ্শনৰ অনুসন্ধান কৰিছিল কবি গৰাকীয়ে। কবি গ্যেটেই প্ৰাচ্যৰ অন্তদর্শন, পাৰস্যৰ ৰহস্যবাদী ধাৰাটোক পাশ্চাত্যৰ কবিতাৰ লগত তুলনামূলক বিচাৰ বিশ্লেষণ কৰিছিল। গ্যেটেৰ মতে প্রাচীন গ্রীকৰ সভ্যতা-সংস্কৃতি মানৱ জাতিৰ মানস সন্তান। গ্যেটেৰ অন্য এখন উল্লেখ ৰচনা হ’ল ইভিলহেলম মাষ্টাৰ্চ লেবায়াৰে’। ফৰাচী সম্রাট নেপোলিয়নৰ উত্থান সামগ্র জার্মেনীৰ জনসাধাৰণক যিদৰে ভিতি সন্ত্রস্ত কৰি তুলিছিল সেই একেদৰে গ্যেটেকো অন্তত আঘাত দিছিল। কিন্তু তাৰ মাজতে গ্যেটে ‘ইভিলহেলম মাষ্টাৰ্চ লেবায়াৰে’ৰ দৰে কেইবাখনো কিতাপ ৰচনা কৰি গৈছিল৷ অৱশ্যে তেওঁ ফৰাছী সাহিত্যিক ৰুছো আদি বিশিষ্ট লিখক সকলৰ পৰা লাভ কৰা প্ৰেৰণাই ‘ফাউষ্ট’ৰ দৰে সাহিত্যৰচনাত প্রভূত বৰঙণী আগবঢ়ায়। গ্যেটেৰ এনেবোৰ ৰচনাই জার্মেনীৰ সাহিত্যক বিশ্ব দৰবাৰত চিনাকী কৰাত বিশেষ ভূমিকা গ্রহণ কৰে। গ্যেটেই জার্মেনীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণত নিজকে উৎসর্গা কৰিছিল যদিও তেওঁ জার্মানী ভাষাৰ সীমাবদ্ধতাক ভালকৈ উপলব্ধি কৰিছিল। তেওঁ জার্মেনীৰ সাহিত্যই এদিন যে বিশ্ব সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰিব তাৰ বাবে আশাবাদী আছিল আৰু সেয়ে গ্যেটেই জার্মেনীৰ সাহিত্যক পশ্চিমীয়া সাহিত্যৰ দৰবাৰলৈ উলিয়াই নিয়াত যত্নপৰ আছিল, যিহেতু দেশ বিদেশৰ সাহিত্য একেডাল সুতাৰে বন্ধা বুলি গ্যেটেই বিশ্বাস কৰিছিল। তথাপি ফ্রেডেৰিক এংগেলছে গ্যেটেক উদাবাদী হৈয়ো বিপ্লৱ বিৰোধী আছিল বুলি ক’ব খোজে। গ্যেটেই পোষণ কৰা জার্মেনীৰ সাহিত্যক বিশ্বব সভালৈ নিয়াৰ আশা পিছৰ ফালে সফল হ’ল। গ্যেটে’ৰ ৰচনাৰাজি আজিৰ তাৰিখতো বিশ্ব সাহিত্যত সমাদৃত হৈ আছে। বিশ্বৰ সাহিত্যৰ পথাৰত গ্যেটে এজন সফল লেখক তথা কবি। About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

জার্মেনীৰ সাহিত্যক বিশ্বৰ সভালৈ আগবঢ়াই নিয়া কবি গ্যেটে || Johann Wolfgang Von Goethe Read More »

Technology

প্রযুক্তি আৰু সাগৰৰ ব্যৱহাৰ || Technology and the Use of the Sea

Science প্রযুক্তি আৰু সাগৰৰ ব্যৱহাৰ || Technology and the Use of the Sea ‘সাগৰ দেখিছা? দেখা নাই কেতিয়াও ? ময়ো দেখা নাই। শুনিছোঁ তথাপি নীলিম সলিল ৰাশি বাধাহীন উর্মিমালা আছে দূৰ দিগন্ত বিয়াপি….।’ সাগৰ শব্দটিৰ প্ৰসংগ ওলালেই দেৱকান্ত বৰুৱাৰ উক্ত কবিতা ফাঁকিলৈ মনত পৰে। সাগৰ অতি বিশাল, ই সীমাহীন, লগতে সাগৰ ঐশ্বর্যশালী; সৌন্দর্যময়। বিজ্ঞানৰ দ্ৰুত হাৰত হোৱা অগ্ৰগতিৰ লগে-লগে প্ৰযুক্তিৰ নৱ নৱ উদ্ভাৱনেৰে মানৱ জাতিয়ে পৃথিৱীক যি ৰূপ দিছে সেয়া সকলোৰে বাবেই আশ্চর্যজনক। এই ক্ষেত্ৰত মানৱ জাতিয়ে সাগৰকো বাদ দিয়া নাই। মানৱ জাতি অতিশয় কৌতূহলী, সেয়ে ৰহস্যময়ী অশান্ত সাগৰৰ ৰহস্য ভেদ কৰিবলৈ নতুন নতুন অভিনৱ বাহনৰ (বস্তুৰ) প্ৰয়োজন হৈছে। আৰু এই ক্ষেত্ৰত মানুহ সফলো হৈছে। সাগৰীয় অধ্যয়নৰ আৰম্ভণি অতি পুৰণি৷ গ্ৰীচৰ এগৰাকী প্ৰাচীন, প্রখ্যাত বুৰঞ্জীবিদ হিৰ’ডটাছৰ টোকা মতে যীশু খ্ৰীষ্টৰ জন্মৰ প্ৰায় ছশ বছৰ মান পূৰ্বেই মানুহে সাগৰৰ গৱেষণা আৰম্ভ কৰিছিল। সেই কালৰ ইজিপ্তৰ ৰজা বা ফাৰাও নিকো আছিল এই ক্ষেত্ৰত আগৰণুৱা ৷ চতুর্থ শতিকাত আটলান্টিক আৰু ভূমধ্য সাগৰ লগ-লগোৱা জিব্রাল্টৰ প্ৰণালী পাৰ হোৱাৰ কথা জনা যায়। এই প্ৰণালীয়ে ইউৰোপ আৰু আফ্রিকা মহাদেশকো লগ-লগাইছে। ইয়াৰ পিছতে পঞ্চদশ শতিকাত কলম্বাচৰ ভাৰতলৈ বুলি সমুদ্ৰ যাত্ৰা আৰু ১৫২২ চনত স্পেইনৰ মেগেলান নামৰ নাৱিক গৰাকীৰ পৃথিৱী ঘূৰাৰ অভিযান উল্লেখযোগ্য। দৰাচলতে ১৮৩১ চনতহে বৈজ্ঞানিক অনুসন্ধানৰ উদ্দেশ্যে উলিৱা সাগৰ অভিযানৰ সূচনা হয় বুলিব পাৰি। এই অভিযানৰ প্ৰধান আছিল ইংলেণ্ডৰ প্ৰখ্যাত জীৱ বিজ্ঞানী চাৰ্লছ ডাউইন৷ তেওঁ ইংলেণ্ডৰ ৰাণীৰ জাহাজ এইচ. এম. এছ. বিগলেৰে পাঁচ বছৰৰ বাবে দক্ষিণ প্রশান্ত মহাসাগৰ অভিমুখে যাত্রা কৰে। এই যাত্ৰাৰ সময়ছোৱাত কৰা অধ্যয়নেৰে তেওঁ তেওঁৰ বিখ্যাত ‘জীৱৰ ক্ৰমবিকাশ’ বোলা মতবাদটি আগবঢ়ায়। এই মতবাদটিয়েই বৰ্তমানৰ জীৱ বিজ্ঞানৰ মাইলৰ খুঁটি। ইয়াৰ পিছতে ক্রমাগত চেলেঞ্জাৰ, মেটিঅ’ৰ, ডিস্কভাৰি, নটিলাছ আদি জাহাজ আৰু ছাব মেৰিণৰ সহায়ত বিভিন্ন দেশে সাগৰত বিভিন্ন গৱেষণা চলায়। বিজ্ঞানৰ অগ্ৰগতিৰ লগে-লগে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মানুহে সু-সজ্জিত পোছাক ‘স্কিউবা’ পিন্ধি ১৮০ মিটাৰ পৰ্যন্ত গভীৰলৈ যাব পাৰিছিল। এই পোছাকৰ আৱিষ্কাৰৰ লগে লগে মানৱ জাতিয়ে ‘বাথিস্ফেয়েৰ’ নামৰ এবিধ উন্নত তীখাৰ ডাঠবেৰ আৰু আইনা থকা যন্ত্ৰ নিৰ্মাণ কৰে। এই যন্ত্ৰৰ সহায়ত মানুহে ৯০০ মিটাৰ পৰ্যন্ত গভীৰতা লৈ গৈ অধ্যয়ন কৰিব পাৰিছিল। কিছু দিনৰ পিছতে বাথিস্ফিয়েৰতকৈ অধিক উন্নত বাথিস্কেফৰ উদ্ভাৱন কৰা হয়। ইয়েই ছাবমেৰিন। ১৯৬০ চনত ‘ট্ৰিয়েষ্ট’ নামৰ বাথিস্কেফত উঠি দুগৰাকী ফৰাচী গৱেষকে পৃথিৱীৰ গভীৰ্তম খাদ চেলেঞ্জাৰলৈকে নামিব পাৰিছিল। সেই দুঃসাহসিক ব্যক্তি দুজন আছিল জেক পিকাৰ্ড আৰু ড’নাল্ড ৱালাছ। ইয়াৰ পিছত আমেৰিকাৰ নৌ বাহিনীয়ে ১৯৬৪ চনত ছি লেব নামৰ এক বহুমুখী আঁচনি হাতত লয়। তেওঁলোকে ক্রমাগত ১৯৬৪, ১৯৬৫ আৰু ১৯৬৮ চনত তিনিটা অত্যাধুনিক ছিলেব সাগৰলৈ পঠিয়ায়। সাগৰত অনুসন্ধানৰ বাবে ‘টেকটাইট’ নামৰ আন এক ৰাষ্ট্ৰীয় পৰীক্ষাগাৰৰো উন্মোচন কৰিছিল। এই ছি-লেব আৰু টেক-টাইকত সোমাই বিজ্ঞানীসকলে পৃথিৱীৰ ‘দ’ গাত বোৰ পাৰ হৈ পৃথিৱীৰ ভিতৰ ভাগৰ ওপৰত অনুসন্ধান কৰিব বিচাৰিছিল। অর্থাৎ ম’হৰ ওপৰত অধ্যয়ন কৰিব বিচাৰিছিল। (পৃথিৱীৰ ওপৰ ভাগৰ খোলাটো আৰু ভিতৰৰ অংশটো য’ত মিলিত হৈছে তাক ম’হ বোলে।) অৱশ্যে এই ক্ষেত্ৰত মানুহ অধিক সফল হ’ব নোৱাৰিলে। আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় বিদ্যুৎ শক্তি মানুহে সাগৰৰ পৰাও উৎপন্ন কৰিছে। তাৰে থূল-মূল ধাৰণা এটা এনেধৰণৰ সাগৰীয় জোৱাৰ অহাৰ সময়ত সাগৰৰ গাতে লাগি থকা বৃহৎ বৃহৎ পুখুৰী, হ্রদ আদিবোৰত পানী সোমাবলৈ দিয়া হয় । আৰু ভাটাৰ সময়ত কৌশলেৰে নিয়ন্ত্ৰণ কৰি সেই পানীক ওলাবলৈ দিয়া হয়। বাহিৰত এই পানীৰ গতিয়ে মজুত কৰি ৰখা প্রকাণ্ড প্রকাণ্ড টার্বাইনবোৰ ঘূৰায়৷ তেতিয়াই বিদ্যুৎ উৎপন্ন হয়। পৃথিৱীৰ বৰ্তমানৰ প্ৰযুক্তিসম্পন্ন উন্নত দেশকেইখনমানে সাগৰৰ পৰা বিভিন্ন পদ্ধতিৰে বিদ্যুৎ উৎপন্ন কৰিছে। এই ধৰণৰ আঁচনিক চমুকৈ অ’টেক বোলে। ১৯৭৯ চনত আমেৰিকাই এই আঁচনিৰে প্ৰথমবাৰ বিদ্যুৎ শক্তি উৎপাদন কৰিছিল। পৃথিৱীৰ উন্নত দেশবোৰৰ দৰে সাগৰৰ পৰা বিভিন্ন ব্যৱস্থা আদায় কৰিব নোৱাৰিলেও ভাৰতৰ দৰে নিম্ন মানৰ দেশেও সমুদ্র অভিযানৰ পৰা বঞ্চিত হোৱা নাই। ভাৰতে পোন প্ৰথমে ১৯৭৫ চনৰ ৩১ ডিচেম্বৰ তাৰিখে বি আৰ গণেশন নামৰ ছাব মেৰিনেৰে গৱেষণা কাৰ্যৰ পাতনি মেলে । ইয়াৰ পিছতে ১৯৮১ চনৰ ৬ ডিচেম্বৰ তাৰিখে ড° এছ জেড কাছিমৰ নেতৃত্বত এটা ভাৰতীয় দল পোন প্ৰথমবাৰৰ বাবে এন্টার্কটিকাত উপস্থিত হয়গৈ৷ ইয়াৰ পিছতো তেওঁলোকে কেইবাবাৰো তালৈ গৈ অধ্যয়ন কৰি আছে। ১৯৮৩-৮৪ চনত দলটোৱে তাত প্ৰথমটো স্থায়ী গৱেষণা কেন্দ্ৰ স্থাপন কৰিছিল৷ আৰু তাৰ নাম দিছিল ‘দক্ষিণ গংগোত্রী’। এনেদৰে তেওঁলোকে ২০০১ চনলৈকে মুঠ ২১ বাৰ অভিযান চলায়। বর্তমান পৃথিবীৰ প্ৰায়বোৰ দেশেই সমুদ্র গৱেষণা কাৰ্যত ভাগ লৈছে। এইদৰে প্ৰযুক্তিৰ নৱ আৱিষ্কাৰ সমূহেৰে সাগৰৰ ৰহস্য ভেদ কৰি গৈ থাকিলে হয়তো এসময়ত আমি সাগৰতো ঘৰ সাজি বাস কৰিব পাৰিম। About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

প্রযুক্তি আৰু সাগৰৰ ব্যৱহাৰ || Technology and the Use of the Sea Read More »

Adolescence

বয়ঃ সন্ধি, কৈশোৰৰ অপৰাধ প্ৰৱণতা || Adolescence, Adolescent Crime Trends

Editorial বয়ঃ সন্ধি, কৈশোৰৰ অপৰাধ প্ৰৱণতা || Adolescence, Adolescent Crime Trends প্রতিজন ব্যক্তিৰ জীৱনলৈ বয়ঃ সন্ধিৰ যোগ আহেই। এইটো প্রাকৃতিক নিয়ম। কিন্তু যুগৰ পৰিবৰ্তনৰ লগত এই বয়ঃসন্ধিৰ পৰিবৰ্তন কেৱল নিজৰেই অনুভূত নহয়। পৰিয়ালৰ লোকসকল, শিক্ষক শিক্ষয়িত্ৰী আৰু ওচৰ চুবুৰীয়াৰ সেয়া দৃষ্টি গোচৰ হয়। কিছুমান পৰিবৰ্তন একেবাৰেই স্বাভাৱিক। ১০-১৩ বছৰ বয়সত দেহৰ গঠন দ্রুত গতিত বাঢ়িবলৈ ধৰে। মাত গলগলীয়া, লাজুক, সংবেদনশীল অনুসন্ধিৎসু আৰু নির্জনতা প্রিয় হয়। কন্যা সন্তানৰ ক্ষেত্ৰত ইয়াৰ প্ৰাবল্য বেছি হোৱাৰ দেখা যায়। এই সময়ছোৱাতেই কন্যাকাল প্রাপ্তিও হয়। বিশ্বায়নে আনি দিয়া পণ্যদ্ৰব্যৰ বিপুল সম্ভাৰে মন থৌকি-বাথৌ কৰি তোলে। ভি.ভি. পর্দাত ধাৰাবাহিক ভাৱে দেখুৱাই থকা বিজ্ঞাপনবোৰ কিশোৰকিশোৰীয়ে চোৱাৰ অনুপযুক্ত। প্রাপ্ত বয়স্ক সকলেও বহুতে তেনে বিজ্ঞাপন চাইনাক কেঁাঁচাবলগীয়া হয়। তি.ভি. পৰ্দাত যিবোৰ ধাৰাবাহিক আৰু বৰ্তমানৰ বোলছবি দেখুওৱা হয় সেইবোৰো এই বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কেৱল ছোৱাৰ অনুপযোগী নহয়, এইবোৰ তেওঁলোকৰ মগজুৰ বিকাশ, বৌদ্ধিক বিকাশৰ প্ৰধান অন্তৰায়। কিঞ্চিতমান পোছাক, প্রেমিক-প্রেমিকাৰ মাজত হোৱা আলাপ আৰু যৌন উত্তেজক নৃত্য-গীত, সঘনাই গুলিয়া-গুলি, মাৰ-পিত হত্যা কাণ্ড আদি দৃশ্যবোৰ চাই কিশোৰ-কিশোৰীসকলৰ মন উদ্ভ্ৰান্ত হৈ পৰে। আমি নিৰস দৰ্শক হৈ তামাচা চাইছোঁ হওক। জ্ঞান বুদ্ধি, বৌদ্ধিক বিকাশৰ বিপৰীতে তেওঁলোক উচ্ছৃংখল আৰু অকালপব্ধ হৈ পৰে। তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে যিকোনো নকৰিবলগীয়া কাম কৰিবলৈ সুবিধা বিচাৰি ফুৰে। বোলছবিৰ নায়ক-নায়িকাৰ দৰে সাজ-পোছাক, খোজ-কাটল আৰু বোলছবি মার্কা সংলাপ ক’বলৈ আৰম্ভ কৰে। দ্রুত বেগত মতৰ-বাইক চলোৱা, গাড়ী চলোৱা আদি কাৰ্যৰ প্ৰতি আকৃষ্ট হৈ পৰে। নিজৰ জীৱনটো বোলছবিত দেখুওৱা নায়ক, নায়িকাৰ দৰে দুঃসাহসিক কামৰ প্ৰতি আকৰ্ষিত হয়। আৰু তেনে কাম কৰিবলৈ মন উচ-পিচাই থাকে। জন্ম হওঁতেই কোনেও ভাল-বেয়া হৈ জন্ম গ্ৰহণ নকৰে। এই ভাল বেয়াটো প্রথমেই ঘৰুৱা পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰে। ক্রমান্বয়ে সামাজিক আৰু প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ আহি পৰে। শিশুৰ অনুসন্ধিৎসু মনৰ খুদুৱনি সাৰিব নোৱাৰিলে বৌদ্ধিক বিকাশ হয় স্থবিৰ হৈ পৰিব, নহয় লেহেমীয়া হ’ব। প্রশ্ন কৰাটো শিশুৰ এটা ভাল গুণ। সেই প্রশ্নৰ উত্তৰ ঘৰতে হওক বা বিদ্যালয়তেই হওক শুদ্ধকৈ দিব লাগে। দাবি -ধমকি দি শিশুক প্রশ্ন কৰাত বাধা আৰোপ কৰিব নালাগে। কোনো প্ৰশ্নৰ উত্তৰ সঠিককৈ দিব নোৱাৰিলে শুদ্ধ উত্তৰটো বিচাৰি উলিয়াই শিশুক জনাব লাগে । পৰিয়ালৰ ভিতৰতে অযথা চিঞৰ-বাখৰ, হাই কাজিয়া দেখি থাকিলে শিশুৰ কোমল মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব। আৰু সি অৱচেতন মনত ৰৈ গৈ পিছলৈ দ্বিধাগ্ৰস্ত হৈ পৰিব। সেয়েহে ঘৰত সুস্থ শান্ত পৰিৱেশত শিশুক ডাঙৰ দীঘল হ’বলৈ দিব লাগেচাফ-চিকুন আৰু পাৰিপাতি ঘৰ এখনত ডাঙৰ হোৱা শিশুৱে নিজেও তেনে হ’বলৈ অভ্যাস কৰে। শিশুৰ শাৰীৰিক, মানসিক শ্রী বৃদ্ধিত সহায়ক হোৱা সুষম খাদ্য দিয়াটো বাঞ্ছনীয়। শিশুয়ে বিচাৰিলেও স্বাস্থ্য হানিকাৰক খাদ্য যেনে বজাৰত পোৱা শীতল পানীয়, চিপচ্ আদি খাবলৈ দিব নালাগে। ভালকে বুজাই-বঢ়াই সেই বিলাকৰ ক্ষতি-কাৰক পার্শ্বক্রিয়া সম্পর্কে সজাগ হ’বলৈ শিকাব লাগে। কৈশোৰ আৰু প্ৰাক যৌৱনত তেওঁলোকে কেনেধৰণৰ সংগত থাকিবলৈ, খেলিবলৈ, ফুৰিবলৈ ভাল পায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সন্দেহ জনক চৰিত্ৰৰ সমনীয়াৰ লগ এৰুৱাবলৈ অতি সাৱধানে চেষ্টা কৰিব লাগে। অভিভাৱকে নোসোধাকে যাতে কেনিও ওলাই নাযায় তাৰ প্ৰতিও চোকা দৃষ্টি ৰাখিব লাগিব। অলপতে অসমৰ কেইবাখনো উচ্চ আদৰ্শৰ বুলি স্বীকৃত বিদ্যালয়ত যি অনৈতিক ঘটনা আৰু অপৰাধ সংঘটিত হৈছে সেই কথাতো অভিভাৱক সকলে নিশ্চয় অনুধাৱন কৰিব পাৰিছে। গতিকে বিদ্যালয়ৰ পৰা অহাৰ পিছত আৰু বিদ্যালয় বন্ধ থকা দিনত ক’ত কাৰ সংগত কি কাৰণত কোন সময়ত ছাত্ৰ-ছাত্ৰী ঘৰৰ পৰা বাহিৰলৈ যায় তাৰ প্ৰতি পিতৃ-মাতৃ অভিভাৱকৰ এৰাব নোৱাৰা দায়িত্ব আৰু কৰ্তব্য আছে। এইড্চ আৰু পৰিয়াল পৰিকল্পনা শিতানতো যিবোৰ কথা কোৱা হয় আৰু যিধৰণৰ ব্যৱস্থা পত্ৰ দিয়া হয় সেইবিলাকৰ পৰাও কু-কৰ্ম কৰিবলৈ প্ৰলোভিত হয়। সেয়েহে প্রাপ্তবয়স্ক নোহোৱা পর্যন্ত কিশোৰ কিশোৰীৰ মন শান্ত আৰু নিষ্পাপ থাকিবলৈ তেনে বোলছবি, বিজ্ঞাপন আদি উপভোগ কৰাত ঘৰত বাধা আৰোপ কৰিব লাগে। তি.ভি.ত কি কি অনুষ্ঠান চাব আৰু দিনটোত কিমান সময় চাব তাক স্পষ্ট কৰি দিব লাগে। কোনো কাৰণতে এই সময় দিনটোৰ ভিতৰত ৪৫ মিনিত – ৬০ মিনিতৰ বেছি হ’ব নালাগে। ৰাতি ১০ বজাৰ পিছত কোনো কাৰণতেই তি.ভি.ৰ সন্মুখত বহি থাকিব দিব নালাগে। কিশোৰ-কিশোৰী সকলক দেশৰ সম্পদৰূপে গঢ় দিবলৈ কেৱল বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়েই যথেষ্ট নহয়। নিজৰ ঘৰখনেই এখন বিশ্ববিদ্যালয়। ঘৰতেই কিছু সামজিক ৰীতি নীতি, আচৰণ আৰু নিজৰ সংস্কৃতিৰ প্ৰতি শ্রদ্ধা গঢ়ি তুলিব লাগিব। মন কৰিব, শিশুটি প্রথমেই আপোনাৰ সন্তানহে। ভৱিষ্যতে এজন সু নাগৰিক হৈ উঠিলে কেৱল আপোনাৰেই গৌৰৱ নহয়, সমাজৰো গৌৰৱ, দেশৰো গৌৰৱ। About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

বয়ঃ সন্ধি, কৈশোৰৰ অপৰাধ প্ৰৱণতা || Adolescence, Adolescent Crime Trends Read More »

Environment

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য || Students’ duties in Environmental Conservation

Common Writings পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য || Students’ duties in Environmental Conservation বর্তমান যিটো গতিত বিশ্বৰ জলবায়ু আৰু পৰিবেশ (Environment) সলনি হৈ আহিছে সেই গতি অক্ষুণ্ণ থাকিলে অদূৰ ভৱিষ্যতে যে পৃথিৱীলৈ ভয়ানক বিপদ কঢ়িয়াই আনিব সেয়া ধূৰূপ বুলি জানি বিশ্বৰ প্ৰকৃতিবিদ আৰু বিজ্ঞানী মহল উদ্বিগ্ন হৈ পৰিছে। আমাৰ দেশতো অতি দ্রুত গতিত প্রাকৃতিক পৰিবেশ সলনি হ’ব লাগিছে। উদ্যোগীকৰণ, জনসংখ্যা বৃদ্ধি, খাদ্য সামগ্রী উৎপাদন আদিৰ বাবে নতুবা চোৰাং বেহাৰ বাবেই হওক, ক্ষিপ্র গতিত পৃথিৱীৰ মানচিত্ৰৰ পৰা বনাঞ্চল আৰু ইয়াৰ সম্পদৰাজি ধ্বংস হৈ আহিছে৷ কেৱল চৰকাৰী আঁচনি নতুবা আইন-কানুনেৰে এনে সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াতো অসম্ভৱ কথা৷ বিশ্বৰ পৰিবেশ পুনৰ অনুকুলকৈ গঢ় দিবলৈ হ’লে লাগিব সঠিক সজাগতা আৰু এই সেউজী বিনন্দীয়া ধৰিত্ৰীক দীৰ্ঘজীৱী কৰি ৰখাৰ এক আন্তৰক প্ৰয়াস। এই গুৰুত্বপূৰ্ণ আৰু দায়িত্বপূৰ্ণ কাৰ্য সূচাৰুৰূপে সম্পাদন কৰাত এক বলিষ্ঠ পদক্ষেপ ল’ব লাগিব বৰ্তমানৰ ছাত্ৰ সমাজে। যিহেতু ছাত্ৰ-ছাত্ৰীসকলে সদায় একেলগে মিলিত হোৱাৰ এক অতিৰিক্ত সুবিধা থাকে অর্থাৎ ‘ছাত্র-সমাজ’ এক সংগবদ্ধ শক্তি, গতিকে এই অফুৰন্ত শক্তিক সৎ আৰু সৃষ্টিমূলক কার্যত জড়িত কৰিবলৈ আমি সকলোৱে চেষ্টা কৰা উচিত। প্রতিকুলতাৰ বাধা ওফৰাই ন’ দৃষ্টিভংগীৰে অনুকুল আৰু ফলপ্রসু কাম কৰাত আচলতে ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য বহুত। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত অর্জন কৰা জ্ঞানবোৰ নিজৰ মাজত সীমাবদ্ধ নকৰি সমাজৰ চুকে-কোণে বিয়পাই দি সেইবোৰ কাৰ্যলৈ পৰিবৰ্তন কৰাত গুৰুত্ব আৰোপ কৰিব লাগে। আমাৰ বোধেৰে নিজৰ আৰ্জিত জ্ঞান, বুদ্ধি আৰু শিক্ষাক ব্যৱহাৰিক দিশত প্রয়োগ নকৰালৈকে শিক্ষা অসম্পূর্ণ আৰু অপ্রাসংগিক। আৰ্জিত শিক্ষাক প্ৰকৃতি আৰু মানুহৰ অনুকুলতাৰ হ’কে ব্যৱহাৰ কৰিবলৈ শিকিবই লাগিব। তেহে শ্রম সার্থক হ’ব । আমাৰ জীৱনৰ অন্তনিৰ্হিত উদ্দেশ্যত কিছু হলেও সফলতা আহিব । দ্রুত উদ্যোগীকৰণ, যান-বাহন, কল-কাৰখানা আদি বৃদ্ধিৰ ফলত তথা গছ-গছনিৰ পৰিমাণ কমি অহাৰ বাবে বায়ুমণ্ডলত ক্রমে কার্বন-ডাই অক্সাইড CO2, কার্বন মন ‘অক্সাইড (CO), ছালফাৰ ডাই অক্সাইড (SO2) আদিৰ দৰে বিষাক্ত গেছসমূহৰ পৰিমাণ বৃদ্ধি হৈ আহিছে। বিশেষকৈ CO2 বৃদ্ধিয়ে ‘সেউজ গৃহ প্ৰভাৱ’ৰ সৃষ্টি কৰিছে৷ ফলত গোলকীয় উষ্ণতা বৃদ্ধি সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মেৰু অঞ্চলৰ বৰফ গলাৰ কথা আজিকালি বাতৰি কাকত, বাতৰি মাধ্যম সমূহত সততে শুনিবলৈ পোৱা যায় ৷ মেৰু অঞ্চলৰ বৰফবোৰ এইদৰে গলি থাকিলে এদিন গোটেই পৃথিৱী জলমগ্ন হৈ যাব। কিন্তু এই বিপদৰ বহু আগতে আন এটা সমস্যাই আমাক কোঙা কৰি তুলিব। সেয়া হ’ল মেৰু অঞ্চলত বৰফৰ তলত আবদ্ধ হৈ থকা মিথেন (CH4) গেছৰ বিৰাট ভাণ্ডাৰ। বৰফ গলি যোৱাৰ ফলত আবদ্ধ হৈ থকা এই গেছ দ্ৰুত গতিত বায়ুমণ্ডলৰ লগত মিলিত হৈছে। যাৰ ফলত অতি কম দিনৰ (প্ৰায় ৫০ বছৰ মানৰ ভিতৰতে, যদিহে বন্ধ নহয়) ভিতৰতে এই পৃথিৱী অতি উতপ্ত হৈ পৰিব। কিয়নো এই গেছে CO, তকৈ অধিক দ্ৰুত গতিত ‘সেউজ গৃহ ছাতি’ তৈয়াৰ কৰে ফলত অস্বাভাৱিক হাৰত পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সমস্যাই দেখা দিছে৷ পৰিণাম স্বৰূপে বৰফৰ পৰা জুলীয়া অৱস্থা পোৱাৰ পূৰ্বেই ই বাষ্পীভূত হ’ব। অর্থাৎ পৃথিবীখন এটা উত্তপ্ত বাষ্পপিণ্ডৰ দৰে হোৱাৰ সম্ভাৱনা আছে। আনহাতে শীত-তাপ নিয়ন্ত্রিত ব্যৱস্থাত ব্যৱহাৰ হোৱা ক্লৰফুৰ’ কাৰ্বনে বায়ুমণ্ডলৰ অজ’ন স্তৰ (O,) ধ্বংস কৰাত সূৰ্য্যৰ পৰা অহা অতিবেঙুনীয়া আৰু অৱলোহিত ৰশ্মি বিনা বাধাই পৃথিৱীত পৰাৰ ফলত বিভিন্ন গুৰুতৰ সমস্যাই দেখা দিছে। এইবোৰৰ বিষয়ে আচলতে এক জন জাগৰণৰ প্ৰয়োজন ৷ তাৰোপৰি বায়ুমণ্ডলত S, N, CO2 আদি গৈছৰ বৃদ্ধিৰ ফলত নানা জটিল বিক্ৰিয়াৰ দ্বাৰা ছালফিউৰিক এছিড, নাইট্রিক এছিড, কার্বনিক এছিড উৎপন্ন হৈ বৰষুণৰ লগত ধৰাৰ বুকুলৈ কঢ়িয়াই আনে ‘এছিড বৰষুণ’ । বিশেষকৈ উদ্যোগপ্রধান অঞ্চল সমূহত এই সমস্যা অধিক বৃদ্ধি পাইছে। আনহাতে বায়ুমণ্ডলত CO, ৰ পৰিমাণ বৃদ্ধিৰ সমান্তৰাল ভাবে বিশুদ্ধ অক্সিজেন (O2) ৰ পৰিমাণ হ্রাস পোৱাতো সমগ্র জীৱকূলৰ বাবে এক অশনি সংকেত। এইবোৰ গুৰুতৰ সমস্যা সমাধানৰ বাবে আজিৰ ছাত্ৰ-ছাত্ৰী সু-শিক্ষিত হৈ নিজে সজাগ হোৱাৰ লগতে ৰাইজকো সজাগ কৰাৰ দায়িত্ব নললে এইবিনন্দীয়া পৃথিৱীৰ পৰা তিল তিলকৈ উন্নত মানৱ সভ্যতা ধ্বংস হ’ব। হাতে-কামে এই অৱধাৰিত সমস্যা ৰোধ কৰাৰ বাবে নামি পৰাটো আজিৰ ছাত্ৰ-সমাজৰ সামাজিক আৰু নৈতিক দায়িত্ব আৰু কৰ্তব্য। জনসংখ্যা বৃদ্ধি তথা কল-কাৰখানা, উদ্যোগ আদি বৃদ্ধিৰ বাবে ব্যাপক ভাবে পানী প্ৰদূষিত হৈ আহিছে৷ বিশুদ্ধ খোৱা পানী সমস্যাই মানৱ জাতিক জুৰুলা কৰা সময়ত আমি জনা উচিত যে এসময়ত কেনেকৈ খোৱা পানী সমস্যাৰ সৃষ্টি হ’ব? মাটি প্ৰদূষণ, শব্দ প্ৰদূষণ, সমাজৰ মাজত চলি থকা অন্ধবিশ্বাস, কুসংস্কাৰ দূৰ কৰি বৈজ্ঞানিক মানসিকতা সম্পন্ন সমাজ প্রতিষ্ঠা কৰাতো বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীয়ে সক্ৰিয় আৰু গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব লগা দায়িত্ব আছে। আমাৰ সমাজত চলি থকা অবাধ দূর্নীর্তি, অন্যায়, অত্যাচাৰ, শোষণ, নিপীড়ন তথা অপসংস্কৃতিৰ বিৰুদ্ধে ছাত্ৰাৱস্থাৰ পৰা সজাগ হৈ উপযুক্ত সময়ত এইবোৰৰ বিৰুদ্ধে সাহসেৰে থিয় দিব পৰা গুণৰ অধিকাৰী জনহে প্ৰকৃততে দেশৰ সু-নাগৰিক। এজন সু-ছাত্ৰ হোৱাটো সহজ কিন্তু সঁচা অৰ্থত সু-নাগৰিক হোৱাটো অত্যন্ত প্ৰত্যাহ্বানমূলক কাম। গতিকে এটা সুস্থ আৰু সবল মানসিকতা গঢ় দিয়াটো ছাত্ৰাৱস্থাত ছাত্রছাত্ৰীৰ অন্যতম কৰণীয় দিশ। ছাত্ৰ-ছাত্ৰী সকলে নিজৰ বিদ্যালয়ৰ চৌহদৰ চাৰিওফালে চাফ-চিকুণ কৰি, নিজৰ ঘৰৰ চৌহদ পৰিষ্কাৰকৈ ৰাখিয়ে প্রকৃতিলৈ প্ৰভূত বৰঙণি যোগাব পাৰে। পৰিকল্পিত আৰু ব্যাপক ৰূপত বৃক্ষ ৰোপণেই হৈছে ওপৰত উল্লেখ কৰা বিজ্ঞান সম্বন্ধীয় প্রাকৃতিক সমস্যা সমূহৰ সমাধানৰ একমাত্ৰ পাথেয়। বৃক্ষৰোপণ আৰু ইহঁতক প্রতিপালন কৰি ডাঙৰ কৰাটো এটা মহৎ কাম, যি কামে হয়তো পৃথিৱীক অকাল মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰিব। (বৃক্ষৰোপণে অর্থাৎ গছ-গছনিয়ে কেনেকৈ বহুতো গুৰুতৰ সমস্যা সমাধান কৰিব পাৰে, সেয়াও এটা দীঘলীয়া কথা..)। বিদ্যালয়ৰ পৰা সমাজৰ প্ৰতিটো কোণলৈ পৰিবেশ সম্বন্ধীয় সমস্যা, সামাজিক আৰু অৰ্থনৈতিক সমস্যাসমূহৰ বাৰ্তা, ৰোধ কৰাৰ উপায় আৰু কৰ্মবোৰক প্ৰসাৰ কৰাৰ ক্ষেত্ৰত এতিয়াই দায়িত্ব নল’লে আৰু নিশিকিলে এদিন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব। সামাজিক দায়বদ্ধতা আৰু নৈতিক দায়িত্বৰ প্ৰতি উদাসীন হৈ জীৱনৰ মূল হেৰুৱাই অতি ব্যক্তিগত জীৱনৰ ভিতৰত আৱদ্ধ হৈ পৰাতো শিক্ষিত মানুহৰ কৰ্তব্য আৰু নীতি হোৱা অনুচিত। এয়া প্ৰকৃতিৰ আহ্বান। About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য || Students’ duties in Environmental Conservation Read More »

Plastic

প্লাষ্টিকৰ ক্ষতিকাৰক স্বীকাৰোক্তি: পৰিৱেশ বিধ্বংসীতাৰ এক উন্মোচন || Plastic’s Damaging Confession: An Unveiling of Environmental Havoc

Science প্লাষ্টিকৰ ক্ষতিকাৰক স্বীকাৰোক্তি: পৰিৱেশ বিধ্বংসীতাৰ এক উন্মোচন || Plastic’s Damaging Confession: An Unveiling of Environmental Havoc মই হৈছোঁ খাৰুৱা তেলৰ পৰা ওলোৱা বিভিন্ন দ্ৰব্যৰ পৰা কৃত্ৰিমভাৱে প্রস্তুত কৰা এবিধ দ্রব্য। বর্তমান সকলোৱে প্ৰতিদিনে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে মোক বহুলভাৱে ব্যৱহাৰ কৰে। মই সাধাৰণতে লঘু, স্বচ্ছ, তাপ আৰু বিদ্যুত্ৰ অপৰিবাহী। তাপ আৰু চাপ প্ৰয়োগ কৰিলে মই তৰল পদাৰ্থৰ দৰে আকৃতি সলনি কৰোঁ । তাপ আৰু চাপ নোহোৱা অৱস্থাত মই গোটা বস্তুৰ দৰে নিজৰ আকৃতি ধৰি ৰাখোঁ ১৮৬৯ চনত আমেৰিকাৰ জন ৱেছলিহায়াট আৰু ইছাইয়া হায়াট নামৰ ভাতৃদ্বয়ে মোক আৱিস্কাৰ কৰিছিল। সকলোৱে দৈনন্দিন ব্যৱহাৰ কৰা ফণী, বুটাম টুথ ব্ৰাছ, পেকেট, পুতলা খেলনা, ফাউন্টেইন পেনৰ উপৰিও টি ভি, কম্পিউটাৰ আৰু ৰেডিঅ’ৰ বাকচ ছুইছ বৰ্ড আদি বহুবোৰ সামগ্ৰী মোৰ দ্বাৰা নির্মিত। মই সাধাৰণতে দুই প্ৰকাৰৰ। তাপপ্লাষ্টীয় আৰু তাপস্থাপিত। ইয়াৰ উপৰিও মোৰ বহুতো উপশ্রেণী আছে । মোক তাপ, পোহৰ, পানী, তেল, এছিড আদিয়ে সহজে নষ্ট কৰিব নোৱাৰে। অস্ত্রোপচাৰ কৰোঁতে চিলাই কৰিবলৈ ব্যৱহাৰ কৰা সূতা আৰু কেপচুলৰ ওপৰৰ তৰ্প, আদি হিচাপে মোক চিকিৎসাশাস্ত্ৰতো ব্যৱহাৰ কৰা হৈছে । মোৰ গুণ অন্তহীন হ’লেও দোষো কিন্তু নোহোৱা নহয় । মই জৈৱিক ভাৱে ধ্বংস নহওঁ । সেইবাবে মোৰ ক্রমবর্ধমান ব্যৱহাৰে প্ৰদূষনজনিত সমস্যাৰ সৃষ্টি কৰিছে আৰু মোৰ ব্যৱহাৰ কমাবলৈ পৰিবেশবিদসকল সৰৱ হৈ উঠিছে । গোলকীয় উত্তাপ বৃদ্ধিত মোৰ প্ৰভাৱ অপৰিসীম। মোৰ দ্বাৰা মাটিৰ জৈৱিক গুণ নষ্ট হয় । মানুহৰ কিছুমান বেমাৰৰ কাৰক হিচাপেও কিছুমানে মোক সন্দেহ কৰে। সেয়ে বর্তমান পৰিবেশবিদসকলে মোৰ বিকল্প দ্ৰব্যৰ সন্ধানত নামিছে। About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

প্লাষ্টিকৰ ক্ষতিকাৰক স্বীকাৰোক্তি: পৰিৱেশ বিধ্বংসীতাৰ এক উন্মোচন || Plastic’s Damaging Confession: An Unveiling of Environmental Havoc Read More »

Animal Education

প্রাণী জগতৰ শিক্ষা ব্যৱস্থা || The educational system of the Animal Kingdom

Interesting Facts প্রাণী জগতৰ শিক্ষা ব্যৱস্থা || The educational system of the Animal Kingdom কিতাপ-পত্ৰৰ ব্যৱস্থা নাই যদিও প্ৰাণী সমূহৰো এখন শিক্ষা জগত আছে য’ত কেৱল বাস্তৱ শিক্ষাহে দিয়া হয়। চিলমাছে পোৱালিবিলাকক সাঁতুৰিবলৈ শিকায়। শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছতহে পোৱালিবিলাকক পানীত এৰি দিয়ে। গৰৈ, শ’ল আদি মাছে লগত এজাক পোনা লৈ পানীত ঘূৰি ফুৰে। কিবা বিপদৰ উমান পালেই মাছটো পানীত ডুব মাৰে আৰু পোৱালিবিলাকো অদৃশ্য হয়। উদৰ মাকজনীয়েও পোৱালিবিলাকক পিঠিত বান্ধি পানীৰ মাজ পায়গৈ আৰু হঠাতে বুৰ মাৰি দিয়ে। পোৱালিবিলাকে নিৰুপায়ত পৰি সাঁতুৰিবলৈ বাধ্য হয়। অৱশ্যে বিপদত পৰিলে মাকে সহায় কৰে। কেৰ্কেটুৱাৰ মাকজনীয়ে প্ৰথমতে পোৱালিবোৰক গছৰ গুৰিলৈ নি তলফালৰ পৰা ঠেলি দিয়ে যাতে সিহঁতে বগাবলৈ শিকে। তাৰ পাছত এটা ডালৰ পৰা ঠেলা মাৰি দিয়ে যাতে আন এটা ডাললৈ জপিয়াব পাৰে। মেকুৰীয়ে পোৱালিক চিকাৰ কৰিবলৈ শিকায়, শিকোতে গাফিলতি কৰিলে মাকৰ পৰা খকৰা-মুকুতিও খায়। সিংহৰ মাকজনীয়ে পোৱালিবিলাকৰ আগত নিজৰ নেজডালকে এনেকৈ ঘূৰায় যে সেইডাল যেনিবা সিহঁতি বিচাৰি ফুৰা চিকাৰহে। About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

প্রাণী জগতৰ শিক্ষা ব্যৱস্থা || The educational system of the Animal Kingdom Read More »

Student Life

ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life

Common Writings ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life মানুহে যি সময়ত বিদ্যা শিক্ষাৰে জ্ঞান আহৰণৰ দ্বাৰা ভৱিষ্যৎ জীৱনৰ বাবে নিজকে সাজু কৰি তোলে সেই সময়ছোৱাকে ছাত্ৰ জীৱন বোলা হয়। সেই সময়ছোৱাত মই ভাবো এই ছাত্ৰ জীৱনৰ প্ৰধান কর্তব্য হ’ব জ্ঞান আহৰণ কৰা; যাৰ দ্বাৰা একো একোজন ছাত্রই নিজকে ভৱিষ্যতৰ সু-নাগৰিক হ’বৰ বাবে গঢ়ি তুলিব পাৰে। ছাত্র জীৱনৰ প্ৰধান কৰ্তব্য হৈছে শিক্ষা আহৰণ কৰা। শিক্ষা আহৰণৰ বাবে প্ৰথম আৰু প্ৰধান কামটো হ’ল অধ্যয়ন। ভৱিষ্যতেও এজন সুনাগৰিক হ’বলৈ পুথি অধ্যয়নেই প্রধান সঁজুলি। কেৱল টকাপইছা অৰ্জনৰ বাবে একোটা চাকৰি কৰিবলৈকে শিক্ষাৰ প্ৰয়োজন নহয়, জীৱনৰ প্ৰতিটো মুহুৰ্তলৈকে শিক্ষাৰ প্রয়োজন। আকৌ বিদ্যা শিক্ষা অর্জনৰ বাবে আন এটা কৰ্তব্য হ’ল সৎ চৰিত্ৰ গঠনৰ প্ৰস্তুতি। সৎ চৰিত্ৰৰ যোগেদিহে ভৱিষ্যতে সু-নাগৰিক হিচাপে গঢ়ি তুলিব পাৰি। নিজৰ পাঠ্যপুথিৰ উপৰিও জ্ঞান আৰু চৰিত্ৰ গঠনৰ বাবে বাতৰিকাকত, কুইজৰ লগতে অন্যান্য পুথি অধ্যয়ন কৰাতো নিতান্তই প্রয়োজনীয়। ইয়াৰ উপৰিও সুস্বাস্থ্যৰ অধিকাৰী হ’লেহে এজন ছাত্ৰই পৃথিৱীত সুখে-সন্তোসে বাস কৰিব পাৰে। সময় অনুসাৰে খোৱা-বোৱা, গা-পা পোৱা, শোৱা উঠা, খেল-ধেমালি কৰাতো এজন ছাত্ৰৰ কৰ্তব্য বুলি ভাবিব পাৰি। জ্ঞান আহৰণৰ বাবে বাতৰি আলোচনী পঢ়াৰ উপৰিও ৰেডিঅ’, টেলিভিছন আদিৰ শিক্ষামূলক কাৰ্যসূচী শুনা আৰু চোৱাতো ছাত্ৰৰ কৰ্তব্য। সঞ্চয় কৰাতো সকলোলোকৰ বাবে ভাল অভ্যাস। তদুপৰি সি ছাত্ৰৰো কৰ্তব্য হ’ব পাৰে। বৃত্তিৰ ধন অথবা অন্য প্ৰকাৰে পোৱা ধন ছাত্ৰসকলে সঞ্চয় কৰাতো ভাল অভ্যাস। এনেদৰে দিনলিপি লিখা ছাত্ৰৰ এটা প্রধান কৰ্তব্য হোৱা উচিত। শিক্ষক লগতে জ্যেষ্ঠজনক সন্মান আৰু অনুজসকলক মৰম কৰাতো ছাত্ৰৰ এটা কৰ্তব্য। সমাজসেৱাত নিজকে জড়িত কৰা, দুখীয়া বাধাগ্রস্ত লোকক সহায় কৰাতো ছাত্ৰৰ অন্যতম কর্তব্য। ছাত্ৰজীৱন হৈছে জীৱনৰ অন্যতম প্রধান সময়। এই সময়ছোৱাত প্ৰতিটো ক্ষণেই সদব্যৱহাৰ কৰিবলৈ শিকিব লাগে। আমি নিজৰ কৰ্তব্য ভালদৰে পালন কৰিলেহে ভৱিষ্যতৰ এজন সু-নাগৰিক হ’ব পাৰিম। About the Author শিৱাংগ কুমাৰ গগৈ Writer & Blogger Posts of this Author Facebook Twitter Instagram Linkedin

ছাত্ৰ জীৱনত আমাৰ কৰ্তব্য || Our duty in student life Read More »