পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য || Students' duties in Environmental Conservation
বর্তমান যিটো গতিত বিশ্বৰ জলবায়ু আৰু পৰিবেশ (Environment) সলনি হৈ আহিছে সেই গতি অক্ষুণ্ণ থাকিলে অদূৰ ভৱিষ্যতে যে পৃথিৱীলৈ ভয়ানক বিপদ কঢ়িয়াই আনিব সেয়া ধূৰূপ বুলি জানি বিশ্বৰ প্ৰকৃতিবিদ আৰু বিজ্ঞানী মহল উদ্বিগ্ন হৈ পৰিছে। আমাৰ দেশতো অতি দ্রুত গতিত প্রাকৃতিক পৰিবেশ সলনি হ’ব লাগিছে। উদ্যোগীকৰণ, জনসংখ্যা বৃদ্ধি, খাদ্য সামগ্রী উৎপাদন আদিৰ বাবে নতুবা চোৰাং বেহাৰ বাবেই হওক, ক্ষিপ্র গতিত পৃথিৱীৰ মানচিত্ৰৰ পৰা বনাঞ্চল আৰু ইয়াৰ সম্পদৰাজি ধ্বংস হৈ আহিছে৷ কেৱল চৰকাৰী আঁচনি নতুবা আইন-কানুনেৰে এনে সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াতো অসম্ভৱ কথা৷ বিশ্বৰ পৰিবেশ পুনৰ অনুকুলকৈ গঢ় দিবলৈ হ’লে লাগিব সঠিক সজাগতা আৰু এই সেউজী বিনন্দীয়া ধৰিত্ৰীক দীৰ্ঘজীৱী কৰি ৰখাৰ এক আন্তৰক প্ৰয়াস। এই গুৰুত্বপূৰ্ণ আৰু দায়িত্বপূৰ্ণ কাৰ্য সূচাৰুৰূপে সম্পাদন কৰাত এক বলিষ্ঠ পদক্ষেপ ল’ব লাগিব বৰ্তমানৰ ছাত্ৰ সমাজে। যিহেতু ছাত্ৰ-ছাত্ৰীসকলে সদায় একেলগে মিলিত হোৱাৰ এক অতিৰিক্ত সুবিধা থাকে অর্থাৎ ‘ছাত্র-সমাজ’ এক সংগবদ্ধ শক্তি, গতিকে এই অফুৰন্ত শক্তিক সৎ আৰু সৃষ্টিমূলক কার্যত জড়িত কৰিবলৈ আমি সকলোৱে চেষ্টা কৰা উচিত। প্রতিকুলতাৰ বাধা ওফৰাই ন’ দৃষ্টিভংগীৰে অনুকুল আৰু ফলপ্রসু কাম কৰাত আচলতে ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য বহুত।
আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত অর্জন কৰা জ্ঞানবোৰ নিজৰ মাজত সীমাবদ্ধ নকৰি সমাজৰ চুকে-কোণে বিয়পাই দি সেইবোৰ কাৰ্যলৈ পৰিবৰ্তন কৰাত গুৰুত্ব আৰোপ কৰিব লাগে। আমাৰ বোধেৰে নিজৰ আৰ্জিত জ্ঞান, বুদ্ধি আৰু শিক্ষাক ব্যৱহাৰিক দিশত প্রয়োগ নকৰালৈকে শিক্ষা অসম্পূর্ণ আৰু অপ্রাসংগিক। আৰ্জিত শিক্ষাক প্ৰকৃতি আৰু মানুহৰ অনুকুলতাৰ হ’কে ব্যৱহাৰ কৰিবলৈ শিকিবই লাগিব। তেহে শ্রম সার্থক হ’ব । আমাৰ জীৱনৰ অন্তনিৰ্হিত উদ্দেশ্যত কিছু হলেও সফলতা আহিব ।
দ্রুত উদ্যোগীকৰণ, যান-বাহন, কল-কাৰখানা আদি বৃদ্ধিৰ ফলত তথা গছ-গছনিৰ পৰিমাণ কমি অহাৰ বাবে বায়ুমণ্ডলত ক্রমে কার্বন-ডাই অক্সাইড CO2, কার্বন মন ‘অক্সাইড (CO), ছালফাৰ ডাই অক্সাইড (SO2) আদিৰ দৰে বিষাক্ত গেছসমূহৰ পৰিমাণ বৃদ্ধি হৈ আহিছে। বিশেষকৈ CO2 বৃদ্ধিয়ে ‘সেউজ গৃহ প্ৰভাৱ’ৰ সৃষ্টি কৰিছে৷ ফলত গোলকীয় উষ্ণতা বৃদ্ধি সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মেৰু অঞ্চলৰ বৰফ গলাৰ কথা আজিকালি বাতৰি কাকত, বাতৰি মাধ্যম সমূহত সততে শুনিবলৈ পোৱা যায় ৷ মেৰু অঞ্চলৰ বৰফবোৰ এইদৰে গলি থাকিলে এদিন গোটেই পৃথিৱী জলমগ্ন হৈ যাব। কিন্তু এই বিপদৰ বহু আগতে আন এটা সমস্যাই আমাক কোঙা কৰি তুলিব। সেয়া হ’ল মেৰু অঞ্চলত বৰফৰ তলত আবদ্ধ হৈ থকা মিথেন (CH4) গেছৰ বিৰাট ভাণ্ডাৰ। বৰফ গলি যোৱাৰ ফলত আবদ্ধ হৈ থকা এই গেছ দ্ৰুত গতিত বায়ুমণ্ডলৰ লগত মিলিত হৈছে। যাৰ ফলত অতি কম দিনৰ (প্ৰায় ৫০ বছৰ মানৰ ভিতৰতে, যদিহে বন্ধ নহয়) ভিতৰতে এই পৃথিৱী অতি উতপ্ত হৈ পৰিব। কিয়নো এই গেছে CO, তকৈ অধিক দ্ৰুত গতিত ‘সেউজ গৃহ ছাতি’ তৈয়াৰ কৰে ফলত অস্বাভাৱিক হাৰত পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সমস্যাই দেখা দিছে৷ পৰিণাম স্বৰূপে বৰফৰ পৰা জুলীয়া অৱস্থা পোৱাৰ পূৰ্বেই ই বাষ্পীভূত হ’ব। অর্থাৎ পৃথিবীখন এটা উত্তপ্ত বাষ্পপিণ্ডৰ দৰে হোৱাৰ সম্ভাৱনা আছে। আনহাতে শীত-তাপ নিয়ন্ত্রিত ব্যৱস্থাত ব্যৱহাৰ হোৱা ক্লৰফুৰ’ কাৰ্বনে বায়ুমণ্ডলৰ অজ’ন স্তৰ (O,) ধ্বংস কৰাত সূৰ্য্যৰ পৰা অহা অতিবেঙুনীয়া আৰু অৱলোহিত ৰশ্মি বিনা বাধাই পৃথিৱীত পৰাৰ ফলত বিভিন্ন গুৰুতৰ সমস্যাই দেখা দিছে। এইবোৰৰ বিষয়ে আচলতে এক জন জাগৰণৰ প্ৰয়োজন ৷ তাৰোপৰি বায়ুমণ্ডলত S, N, CO2 আদি গৈছৰ বৃদ্ধিৰ ফলত নানা জটিল বিক্ৰিয়াৰ দ্বাৰা ছালফিউৰিক এছিড, নাইট্রিক এছিড, কার্বনিক এছিড উৎপন্ন হৈ বৰষুণৰ লগত ধৰাৰ বুকুলৈ কঢ়িয়াই আনে ‘এছিড বৰষুণ’ । বিশেষকৈ উদ্যোগপ্রধান অঞ্চল সমূহত এই সমস্যা অধিক বৃদ্ধি পাইছে। আনহাতে বায়ুমণ্ডলত CO, ৰ পৰিমাণ বৃদ্ধিৰ সমান্তৰাল ভাবে বিশুদ্ধ অক্সিজেন (O2) ৰ পৰিমাণ হ্রাস পোৱাতো সমগ্র জীৱকূলৰ বাবে এক অশনি সংকেত।
এইবোৰ গুৰুতৰ সমস্যা সমাধানৰ বাবে আজিৰ ছাত্ৰ-ছাত্ৰী সু-শিক্ষিত হৈ নিজে সজাগ হোৱাৰ লগতে ৰাইজকো সজাগ কৰাৰ দায়িত্ব নললে এইবিনন্দীয়া পৃথিৱীৰ পৰা তিল তিলকৈ উন্নত মানৱ সভ্যতা ধ্বংস হ’ব। হাতে-কামে এই অৱধাৰিত সমস্যা ৰোধ কৰাৰ বাবে নামি পৰাটো আজিৰ ছাত্ৰ-সমাজৰ সামাজিক আৰু নৈতিক দায়িত্ব আৰু কৰ্তব্য।
জনসংখ্যা বৃদ্ধি তথা কল-কাৰখানা, উদ্যোগ আদি বৃদ্ধিৰ বাবে ব্যাপক ভাবে পানী প্ৰদূষিত হৈ আহিছে৷ বিশুদ্ধ খোৱা পানী সমস্যাই মানৱ জাতিক জুৰুলা কৰা সময়ত আমি জনা উচিত যে এসময়ত কেনেকৈ খোৱা পানী সমস্যাৰ সৃষ্টি হ’ব? মাটি প্ৰদূষণ, শব্দ প্ৰদূষণ, সমাজৰ মাজত চলি থকা অন্ধবিশ্বাস, কুসংস্কাৰ দূৰ কৰি বৈজ্ঞানিক মানসিকতা সম্পন্ন সমাজ প্রতিষ্ঠা কৰাতো বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীয়ে সক্ৰিয় আৰু গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব লগা দায়িত্ব আছে। আমাৰ সমাজত চলি থকা অবাধ দূর্নীর্তি, অন্যায়, অত্যাচাৰ, শোষণ, নিপীড়ন তথা অপসংস্কৃতিৰ বিৰুদ্ধে ছাত্ৰাৱস্থাৰ পৰা সজাগ হৈ উপযুক্ত সময়ত এইবোৰৰ বিৰুদ্ধে সাহসেৰে থিয় দিব পৰা গুণৰ অধিকাৰী জনহে প্ৰকৃততে দেশৰ সু-নাগৰিক। এজন সু-ছাত্ৰ হোৱাটো সহজ কিন্তু সঁচা অৰ্থত সু-নাগৰিক হোৱাটো অত্যন্ত প্ৰত্যাহ্বানমূলক কাম। গতিকে এটা সুস্থ আৰু সবল মানসিকতা গঢ় দিয়াটো ছাত্ৰাৱস্থাত ছাত্রছাত্ৰীৰ অন্যতম কৰণীয় দিশ।
ছাত্ৰ-ছাত্ৰী সকলে নিজৰ বিদ্যালয়ৰ চৌহদৰ চাৰিওফালে চাফ-চিকুণ কৰি, নিজৰ ঘৰৰ চৌহদ পৰিষ্কাৰকৈ ৰাখিয়ে প্রকৃতিলৈ প্ৰভূত বৰঙণি যোগাব পাৰে। পৰিকল্পিত আৰু ব্যাপক ৰূপত বৃক্ষ ৰোপণেই হৈছে ওপৰত উল্লেখ কৰা বিজ্ঞান সম্বন্ধীয় প্রাকৃতিক সমস্যা সমূহৰ সমাধানৰ একমাত্ৰ পাথেয়। বৃক্ষৰোপণ আৰু ইহঁতক প্রতিপালন কৰি ডাঙৰ কৰাটো এটা মহৎ কাম, যি কামে হয়তো পৃথিৱীক অকাল মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰিব। (বৃক্ষৰোপণে অর্থাৎ গছ-গছনিয়ে কেনেকৈ বহুতো গুৰুতৰ সমস্যা সমাধান কৰিব পাৰে, সেয়াও এটা দীঘলীয়া কথা..)।
বিদ্যালয়ৰ পৰা সমাজৰ প্ৰতিটো কোণলৈ পৰিবেশ সম্বন্ধীয় সমস্যা, সামাজিক আৰু অৰ্থনৈতিক সমস্যাসমূহৰ বাৰ্তা, ৰোধ কৰাৰ উপায় আৰু কৰ্মবোৰক প্ৰসাৰ কৰাৰ ক্ষেত্ৰত এতিয়াই দায়িত্ব নল’লে আৰু নিশিকিলে এদিন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব।
সামাজিক দায়বদ্ধতা আৰু নৈতিক দায়িত্বৰ প্ৰতি উদাসীন হৈ জীৱনৰ মূল হেৰুৱাই অতি ব্যক্তিগত জীৱনৰ ভিতৰত আৱদ্ধ হৈ পৰাতো শিক্ষিত মানুহৰ কৰ্তব্য আৰু নীতি হোৱা অনুচিত। এয়া প্ৰকৃতিৰ আহ্বান।