প্রাণী জগতৰ শিক্ষা ব্যৱস্থা || The educational system of the Animal Kingdom
কিতাপ-পত্ৰৰ ব্যৱস্থা নাই যদিও প্ৰাণী সমূহৰো এখন শিক্ষা জগত আছে য’ত কেৱল বাস্তৱ শিক্ষাহে দিয়া হয়। চিলমাছে পোৱালিবিলাকক সাঁতুৰিবলৈ শিকায়। শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছতহে পোৱালিবিলাকক পানীত এৰি দিয়ে। গৰৈ, শ’ল আদি মাছে লগত এজাক পোনা লৈ পানীত ঘূৰি ফুৰে। কিবা বিপদৰ উমান পালেই মাছটো পানীত ডুব মাৰে আৰু পোৱালিবিলাকো অদৃশ্য হয়।
উদৰ মাকজনীয়েও পোৱালিবিলাকক পিঠিত বান্ধি পানীৰ মাজ পায়গৈ আৰু হঠাতে বুৰ মাৰি দিয়ে। পোৱালিবিলাকে নিৰুপায়ত পৰি সাঁতুৰিবলৈ বাধ্য হয়। অৱশ্যে বিপদত পৰিলে মাকে সহায় কৰে।
কেৰ্কেটুৱাৰ মাকজনীয়ে প্ৰথমতে পোৱালিবোৰক গছৰ গুৰিলৈ নি তলফালৰ পৰা ঠেলি দিয়ে যাতে সিহঁতে বগাবলৈ শিকে। তাৰ পাছত এটা ডালৰ পৰা ঠেলা মাৰি দিয়ে যাতে আন এটা ডাললৈ জপিয়াব পাৰে।
মেকুৰীয়ে পোৱালিক চিকাৰ কৰিবলৈ শিকায়, শিকোতে গাফিলতি কৰিলে মাকৰ পৰা খকৰা-মুকুতিও খায়। সিংহৰ মাকজনীয়ে পোৱালিবিলাকৰ আগত নিজৰ নেজডালকে এনেকৈ ঘূৰায় যে সেইডাল যেনিবা সিহঁতি বিচাৰি ফুৰা চিকাৰহে।