জার্মেনীৰ সাহিত্যক বিশ্বৰ সভালৈ আগবঢ়াই নিয়া কবি গ্যেটে || Johann Wolfgang Von Goethe

জার্মেনীৰ সাহিত্যক বিশ্বৰ সভালৈ আগবঢ়াই নিয়া কবি গ্যেটে || Johann Wolfgang Von Goethe

১৭৪৯ খৃষ্টাব্দত জার্মেনীৰ ফ্ৰংফুট নামৰ চহৰ খনত ‘য়াহান ওলফগাং ভন গ্যেটে’ (Johann Wolfgang Von Goethe) নামৰ এটি শিশুৰ জন্ম হৈছিল, যি জার্মেনীক বিশ্ব সাহিত্যৰ দৰবাৰত গুৰুত্বপূৰ্ণ আসন প্ৰদান কৰাত বিশেষভাৱে অৰিহণা যোগাইছিল। মাত্র ষোল বছৰ বয়সতে গ্যেটেই গীতি কবিতাৰ ৰচনাৰে নিজৰ সাহিত্যিক তথা কবি প্রতিভাৰ পৰিচয় দাঙি ধৰিছিল। সাধাৰণতে সেই বয়সত অন্য কিশোৰ যুৱক যিদৰে প্ৰেমৰ প্ৰতি অনুৰক্ত হয় সেইদৰে গ্যেটেৰ গীতি কবিতা সমূহটো চঞ্চল প্ৰেমৰ চিতিকনি বিশেষ ভাৱে মন কৰিব লগা। গ্যেটেৰ মহৎ সৃষ্টি ‘ফাউষ্ট’। এই গ্ৰন্থৰ ৰচনাৰে জার্মান সাহিত্যিক বিশ্বদৰবাৰলৈ আগবঢ়াই নিয়াত তেওঁ প্ৰভূত বৰঙণি আগবঢ়ায়। তেওঁ ইংৰাজী ‘ৰোমাণ্টিক ধাৰাৰ প্ৰভাৱত ক’লেজি,শ্যেলীৰ দৰে কবিৰ কবিতাৰ দ্বাৰা অনুপ্রাণিত হৈ ৰোমাণ্টিক কবিতাৰ ব্যাপ্তি “ফাউষ্ট”ৰ মাজলৈ টানি আনে। ষোড়শ শতিকাৰ এগৰাকী জার্মান পণ্ডিত ফাউষ্টে অসৎ যাদু শক্তিৰ সহায়ত কেনেকৈ জ্ঞান-গংগা পাৰ হ’বলৈ গৈ নিশেষ হৈ গ’ল তাৰ বৰ্ণনা ফাউষ্টত সৰল আৰু সাৱলিল ভাবে গ্যেটেই ৰচনা কৰিছে।

গ্যেটেই জীবিকাৰ বাবে প্ৰথম অৱস্থাত ওকালতি আৰম্ভ কৰিছিল যদিও পুৰণি শিল্পকলাৰ প্ৰতি অনুৰক্ত কবিগৰাকীয়ে পিছলৈ বিভিন্ন ঠাই ভ্ৰমণ কৰি পুৰণি শিল্পৰ অধ্যয়ন কৰে আৰু ইটালিৰ শিল্প, ভাস্কর্য আৰু ঐতিহ্যই তেওঁৰ হৃদয়ত গভীৰ ৰেখাপাত কৰে। শিল্প ভাস্কৰ্যৰ প্ৰতি থকা গ্যেটে’ব গভীৰ আত্মীয়তা গীতি কবিতাসমূহত নন্দনতাত্বিক সৌন্দৰ্য্যবোধ ক্ষতিশিলৰ দৰে চিৰ উজ্জীৱিত কৰিছিল। অন্যহাতে তেওঁৰ প্ৰকৃতিৰ প্ৰতি থকা গভীৰ ভালপোৱাই সৌন্দৰ্য্যপিয়াসি মনৰ সম্ভেদ দিয়ে কাব্যগ্রন্থ “মেটামোৰফোজে ডেৰ পফ্লানটছেন”ত।

গ্যেটে প্ৰাচ্যৰ কবিতাৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈছিল। ভাৰতৰ বেদান্ত দর্শন আৰু পুৰাণ মহাভাৰতৰ শকুন্তলাৰ অমৰ প্ৰেম আৰু জিজ্ঞাসাৰ ৰস আস্বাদন কৰিছিল। ভাৰতীয় সাহিত্যত নিহিত জটিল দৰ্শনৰ অনুসন্ধান কৰিছিল কবি গৰাকীয়ে। কবি গ্যেটেই প্ৰাচ্যৰ অন্তদর্শন, পাৰস্যৰ ৰহস্যবাদী ধাৰাটোক পাশ্চাত্যৰ কবিতাৰ লগত তুলনামূলক বিচাৰ বিশ্লেষণ কৰিছিল। গ্যেটেৰ মতে প্রাচীন গ্রীকৰ সভ্যতা-সংস্কৃতি মানৱ জাতিৰ মানস সন্তান।

গ্যেটেৰ অন্য এখন উল্লেখ ৰচনা হ’ল ইভিলহেলম মাষ্টাৰ্চ লেবায়াৰে’। ফৰাচী সম্রাট নেপোলিয়নৰ উত্থান সামগ্র জার্মেনীৰ জনসাধাৰণক যিদৰে ভিতি সন্ত্রস্ত কৰি তুলিছিল সেই একেদৰে গ্যেটেকো অন্তত আঘাত দিছিল। কিন্তু তাৰ মাজতে গ্যেটে ‘ইভিলহেলম মাষ্টাৰ্চ লেবায়াৰে’ৰ দৰে কেইবাখনো কিতাপ ৰচনা কৰি গৈছিল৷ অৱশ্যে তেওঁ ফৰাছী সাহিত্যিক ৰুছো আদি বিশিষ্ট লিখক সকলৰ পৰা লাভ কৰা প্ৰেৰণাই ‘ফাউষ্ট’ৰ দৰে সাহিত্যৰচনাত প্রভূত বৰঙণী আগবঢ়ায়। গ্যেটেৰ এনেবোৰ ৰচনাই জার্মেনীৰ সাহিত্যক বিশ্ব দৰবাৰত চিনাকী কৰাত বিশেষ ভূমিকা গ্রহণ কৰে।

গ্যেটেই জার্মেনীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণত নিজকে উৎসর্গা কৰিছিল যদিও তেওঁ জার্মানী ভাষাৰ সীমাবদ্ধতাক ভালকৈ উপলব্ধি কৰিছিল। তেওঁ জার্মেনীৰ সাহিত্যই এদিন যে বিশ্ব সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰিব তাৰ বাবে আশাবাদী আছিল আৰু সেয়ে গ্যেটেই জার্মেনীৰ সাহিত্যক পশ্চিমীয়া সাহিত্যৰ দৰবাৰলৈ উলিয়াই নিয়াত যত্নপৰ আছিল, যিহেতু দেশ বিদেশৰ সাহিত্য একেডাল সুতাৰে বন্ধা বুলি গ্যেটেই বিশ্বাস কৰিছিল। তথাপি ফ্রেডেৰিক এংগেলছে গ্যেটেক উদাবাদী হৈয়ো বিপ্লৱ বিৰোধী আছিল বুলি ক’ব খোজে।

গ্যেটেই পোষণ কৰা জার্মেনীৰ সাহিত্যক বিশ্বব সভালৈ নিয়াৰ আশা পিছৰ ফালে সফল হ’ল। গ্যেটে’ৰ ৰচনাৰাজি আজিৰ তাৰিখতো বিশ্ব সাহিত্যত সমাদৃত হৈ আছে। বিশ্বৰ সাহিত্যৰ পথাৰত গ্যেটে এজন সফল লেখক তথা কবি।

About the Author

Shivanga

শিৱাংগ কুমাৰ গগৈ

Writer & Blogger

Posts of this Author

Leave a Comment

Your email address will not be published. Required fields are marked *