কেইগৰাকীমান মহান ব্যক্তিৰ ১০০ টা শিক্ষা সম্পৰ্কীয় মহান বাৰ্তা 100 education related great messages of a few great people

শিক্ষা সম্পৰ্কীয় (education related):

Education Related great message by Aristotle
এৰিষ্ট’টল

১। শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা কিন্তু ইয়াৰ ফল বৰ মিঠা — এৰিষ্ট’টল

২। এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা — মিল্টন

৩। সংসাৰৰ অন্য বস্তু গাৰ বলেৰে বা ধনেৰে সংগ্ৰহ কৰি ল’ব পাৰি; কিন্তু জ্ঞান সেইদৰে আর্জি ল’ব নোৱাৰৰি। তাৰ কাৰণে লাগে অধ্যয়ন — জনচন

৪। প্রাথমিক শিক্ষাই মানুহৰ জীৱন গঢ়ে — ডঃ জাকিৰ হুচেইন

৫। সর্বপ্রথমে অর্থনৈতিক চিন্তা-চৰ্চাৰ ওপৰতহে ইতিহাসৰ পৰিণতিৰ ভিত্তি বিচাৰিব লাগিব — কার্ল মার্ক্স

Plato
প্লেটো

৬। শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি — চক্ৰেটিছ

৭। শিক্ষাই জীৱন, জীৱনেই শিক্ষা — লজ

৮। শিক্ষাৰ লক্ষ্য হৈছে ব্যক্তিৰ দেহ আৰু আত্মাৰ সৌন্দৰ্য্য আৰু পূর্ণতা দান কৰা — প্লেটো

৯। নৈতিকতা শিক্ষাৰ মেৰুদণ্ড হোৱা উচিত। শিক্ষাৰ যোগেদি ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিব লাগে — প্লেটো

১০। শিক্ষাই হৈছে মূল উপায় যি মানৱ জীৱনলৈ সুখ-শান্তিৰ নিজৰা বোৱাই আনিব পাৰে — এৰিষ্ট‘টল

জ্ঞান
চক্রেটিচ

১১। শিক্ষাই প্রতিজন মানৱৰ মনত নিহিত হৈ থকা সার্বজনীন যুক্তিসিদ্ধ ভাৱধাৰাসমূহ বাহিৰত প্ৰকাশ কৰে — চক্রেটিচ

১২। শিক্ষা হ’ল জীৱন ব্যাপী চলা এক বিকাশমুখী প্রক্রিয়া — শিক্ষাবিদ ডিউই

১৩। শিক্ষাৰ লক্ষ্য হৈছে ব্যক্তিৰ সকলোবিলাক গুণ বিকশিত কৰা, যিবিলাকে ব্যক্তিৰ পাৰিপাৰ্শ্বিকতাক দমন কৰিবলৈ সমৰ্থবান কবে আৰু নিজৰ মানসিক ইচ্ছা, অভিৰুচি আদি মানসিক গুণসমূহৰ পৰিপূর্ণতা আনে — জন ডিউৱে। ।

১৪। শিক্ষাৰ একমাত্র বিষয় হ’ল সর্বতো প্রকাৰে বিকশিত জীৱন — শিক্ষাবিদ হোৱাইট হেড

১৫। ব্যাপক অর্থত সকলো অভিজ্ঞতাই শিক্ষা — শিক্ষাবিদ লজ

১৬। শিক্ষাই মহৎ অন্তৰত লুকাই থকা ধৰ্ম আৰু পূর্ণ গুণ বিকাশ কৰে — শিক্ষাবিদ এডিচন

১৭। পুথিগত আৰু মুখস্থ কৰা বিদ্যাতকৈ হাতে কামে কৰি অভিজ্ঞতাৰ দ্বাৰা অৰ্জন কৰা শিক্ষা বেছি ফলপ্রসু আৰু দীর্ঘস্থায়ী হয় — জ্যাঁ জেকচ ৰুচো

Einstein
আইনষ্টাইন

১৮। বাল্যকালতেই জীৱনৰ আদৰ্শৰ ভেটি স্থাপন কৰিবলৈ বহল দৃষ্টিভঙ্গীৰে চিন্তা কৰিব লাগে। কাৰণ, শিক্ষা জীৱনৰ ভেটি সৰুতেই সুদৃঢ় নকৰিলে ডাঙৰ হ’লে কৰিব নোৱাৰি — জন লক

১৯। শিক্ষাৰ কাম হৈছে একোটি অসহায় সৰু প্ৰাণীক এজন সুখী, নৈতিক আৰু উপযুক্ত মানুহৰূপে গঢ়ি উঠাত সহায় কৰা — জন ডিউৱে

২০। জ্ঞানৰ সঁফুৰাটো এদল মুষ্টিমেয় মানুহৰ মাজত আৱদ্ধ কৰি ৰখাৰ অর্থ হ’ল এটা জাতিৰ জ্ঞান স্পৃহাৰ উদ্যম ধ্বংস কৰি জাতিটোক বৌদ্ধিক দৰিদ্ৰতাৰ ফালে আগুৱাই লৈ যোৱা — আইনষ্টাইন

২১। শিক্ষাই শিশুক প্রকৃত জীৱন যাপনৰ উপযোগী কৰি তুলিব লাগিব। শিক্ষাই ক’বই লাগিব কেনেকৈ আমি শৰীৰৰ প্রতিপালন কৰিব লাগিব, মনৰ কেনেকৈ চৰ্চা কৰিব লাগিব, কেনেকৈ সমস্যাবিলাক সমাধান কৰিব লাগিব, কেনেকৈ পৰিয়াল ভৰণ-পোষণ কৰিব লাগিব, এজন সুনাগৰিক হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব — হার্বাট স্পেন্সাৰ

২২। আমি যি জানো সি অতি সামান্য। আমি যি নাজানো, তাৰ সীমা নাই। এতেকে নিজকে জ্ঞানী বুলি ভবা অনুচিত — পাপেলচ্। 

২৩। জগতত জীয়াই থাকিবলৈ প্রেম, সাহস আদিৰ দৰকাৰ — আব্রাহাম লিঙ্কন

২৪। জ্ঞানৰ নিচিন পবিত্ৰকাৰ একোৱেই নাই — ভগৱান শ্রীকৃষ্ণ (গীতা)

Shree Krishna Geeta
ভগৱান শ্রীকৃষ্ণ (গীতা)

২৫। মহত্ত্ব নাম বা অবয়বত নিহিত নাথাকে, ই হ’ল মানৱ জীৱনৰ এটি বিশিষ্ট গুণ। যি সকলৰ কৰ্ম্মস্থলীনিতান্তই পৰিসীমিত তেওঁলোকৰকৰ মাজতো মহত্ত্ব থাকিব পাৰে। — ফিলিপছ ব্ৰুকছ

২৬। যিজন শ্রদ্ধাৱান গুৰু, শুশ্ৰূষাত একনিষ্ঠ সাধক, তৎপৰ আৰু জীতেন্দ্রীয় তেওঁৱেই জ্ঞান লাভ কবে, আত্মজ্ঞান লাভ কৰি অতি শীঘ্ৰে পৰম শান্তি লাভ কৰে — ভগৱান শ্রীকৃষ্ণ (গীতা)

২৭। আটাইতকৈ অনমনীয় বস্তু হ’ল সত্য ঘটনা। আমি যিয়েই নাভাবোঁ বা ইচ্ছা নকৰোঁ বা নিবিচাৰোঁ কিয় সত্য ঘটনাৰ সাক্ষ্য অপৰিৱর্তনীয় হৈ ৰয় — জন আদামছ

২৮। মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধন কৰাই হৈছে শিক্ষা — মহাত্মা গান্ধী

২৯। মানুহৰ ভিতৰত যি পূর্ণতা সুপ্তভাৱে আছে তাৰ বিকাশেই শিক্ষাৰ লক্ষ্য — স্বামী বিবেকানন্দ

৩০। শিশুৰ অন্তর্নিহিত শক্তিৰ স্বাভাৱিক আৰু স্বাধীন বিকাশেই শিক্ষা — মনীষী ৰুচো

৩১। ব্যক্তিৰ জীৱনক বঢ়াই সৰ্বব্যাপক শক্তিৰে সৈতে সংযুক্ত কৰা, মানুহ আৰু প্ৰকৃতিৰ মাজত এক শক্তি বিৰাজ কৰা আৰু এককে উপলব্ধি কৰাই শিক্ষাৰ লক্ষ্য — ফ্লোৱেল

৩২। যশস্যা আপোনাৰ সুকীৰ্ত্তিৰ মৃদু সুগন্ধ — চক্রেটিচ

৩৩। প্রকৃত ছাত্রই কেতিয়াও খ্যাতি, ক্ষমতা নাইবা আমোদ নিবিচাৰে। তেওঁ বিচাৰে কেৱল জ্ঞান আৰু সত্য। সত্য আৱিষ্কাৰ কৰিবৰ বাবে তেওঁ সকলো কৰিবলৈ সাজু — চাৰ জগদীশ চন্দ্ৰ বসু

৩৪। নজনাটো সিমান লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটো যিমান — বেঞ্জামিন ফ্রেঙ্কলিন

Swami Vivekananda
স্বামী বিবেকানন্দ

৩৫। ছাত্র সকলে দলীয় ৰাজনীতিত লিপ্ত হ’ব নোৱাৰে। সকলো বিষয়ৰ কিতাপ পঢ়াৰ দৰে সকলো দলৰ কথা তেওঁলোকে শুনিব পাৰে। কিন্তু তেওঁলোকৰকৰ কাম হ’ল ইয়াৰ মাজৰ পৰা সত্যখিনি গ্ৰহণ কৰি বাকীখিনি পৰিহাৰ কৰাটো। তেওঁলোকৰ কাৰণে এই কামেই উপযুক্ত — মহাত্মা গান্ধী

৩৬। ছাত্ৰ অৱস্থাত জাতীয়তাৰদ্বাৰা অনুপ্রাণিত হ’ব নোৱাৰিলে ছাত্র জীৱন ব্যর্থ — তৰুণৰাম ফুকন

৩৭। আমাক এনে শিক্ষা লাগে যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়। যাৰ দ্বাৰা মানসিক বল বৃদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ’ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হ’ব পাৰোঁ — স্বামী বিবেকানন্দ

৩৮। যদি কাৰোবাৰ চিত্রবিদ্যা নাইবা অন্য কোনো শিল্প বিদ্যাত পাৰদর্শিতা লাভ কৰিবলৈ অভিলাষ থাকে তেন্তে তেওঁ ৰাতিপুৱা শয্যাত্যাগ কৰাৰ পৰা নিশা বিছনালৈ যোৱাৰ সময়লৈকে সমগ্র মানসিক ভাব আৰু চিন্তা কেৱল সেই বিষয়তে নিবিষ্ট ৰাখিব লাগে — প্রসিদ্ধ ইংৰাজ চিত্ৰকৰ ৰেনলড

৩৯। শিক্ষা, একতা, ভ্রাতৃত্ব, সাম্যবাদ, স্বাক্ষৰতাই একমাত্র উন্নতিৰ পথ, মানুহৰ মাজত জাতিগত, সম্প্রদায়গত কোনো প্রভেদ নাই। গণতন্ত্র, সাম্যবাদ আৰু ভ্রাতৃত্বৰ এয়ে মহামন্ত্র — হজৰত মহসুদ

Lal Bahadur Shastri
লালবাহাদুৰ শাস্ত্রী

৪০। যিজনে কেৱল ভাল উপদেশ দিয়ে তেওঁ এখন হাতেৰে কাম কৰে, যিজনে ভাল উপদেশ দিয়ে আৰু ভাল আৰ্হি দেখুৱাই তেওঁ দুয়োখন হাতেৰে কাম কৰে, কিন্তু যিজনে ভাল উপদেশ দি বেয়া আৰ্হি দেখুৱাই তেওঁ এখন হাতেৰে কৰে আনখন হাতেৰে ভাঙে — ফ্রান্সিচ বেকন

৪১। জ্ঞানপিপাসু আৰু সাধনাৰত লোকক কোনো বাহ্যিক দুঃখকষ্ট, বা অভাৱ অনাটনৰ চিন্তাই বিচলিত কৰিব নোৱাৰে — লালবাহাদুৰ শাস্ত্রী

৪২। যি সাফল্যৰ প্রতিক্রিয়া পিচলৈ ৱেয়া হয়, সেই সাফল্য পৰাজয়ৰ সমতুল্য — ৰফ ফাউকুড

৪৩। শিক্ষাৰ উদ্দেশ্য মন প্রশস্ত কৰা, চিন্তা শক্তি বঢ়োৱা শিক্ষার্থীক নানা ভাব দি ভৱিষ্যত জীৱন-যুদ্ধত দেশৰ আৰু জগতৰ কল্যাণ সাধনত সৰ্বতে প্রকাৰে যোগ্যবান কৰা — তৰুণ ৰাম ফুকন

৪৪। সৰ্বসাধাৰণৰ মঙ্গলেই শিক্ষাৰ মুখ্য উদ্দেশ্য হোৱা উচিত। প্রত্যেকেই নৈতিক উন্নতি কৰিব পৰা শিক্ষা লাভ কৰক। শিক্ষা সমাজৰ আদি মূল। ই মানুহৰ চিন্তা, জ্ঞান আৰু কৰ্ম্মনিপুণ কৰাত সহায় কৰে। শিক্ষা হৈছে সঞ্জীৱনী অমৃত সদৃশ। নিৰক্ষৰতা জীৱনৰ কাঁইটীয়া বাট, শিক্ষাই মানুহৰ শৰীৰত প্রাণশক্তি সঞ্চয় কৰে কাৰণেই ইয়াক প্রাণবায়ুও বোলা হয় — ডঃ জাকিৰ হুছেইন

৪৫। শিক্ষাৰ দ্বাৰা মানৱ শিশুৰ মস্তিষ্ক, হৃদয় আৰু হাতৰ উন্নতি তথা বিকাশ সাধন হ’ব লাগিব — জন হেনৰিক পেষ্টালজি

৪৬। শিক্ষাৰ ক্ষেত্ৰত পাঠ্যপুথিৰ জ্ঞানতকৈ বাস্তৱ অভিজ্ঞতাৰ জ্ঞান বেছি মূল্যৱান — জন হেনৰিক পেষ্টালজি

৪৭। শিক্ষাৰদ্বাৰা মই শিশুৰ দেহ, মন আৰু আত্মাৰ সৰ্ব্বতোমুখী বিকাশকে বুজোঁ — গান্ধীজী

৪৮। বিদ্যালয় হৈছে বৃহত্তম সমাজৰ প্রতিচ্ছবি আৰু ক্ষুদ্র সংস্কৰণ আনহাতে বিদ্যালয় সৰলতা, পৱিত্ৰতা আৰু সুন্দৰৰ ভাৰসাম্য বজাই ৰখা এক বিশেষ সমাজ — জন ডিউৱে

৪৯। বিদ্যালয় এখন কৃত্রিম সমাজ য’ত সমাজৰ মঙ্গলজনক আৰু গুৰুত্বপূৰ্ণ দিশটোহে প্রতিফলিত হয় — পাৰ্ছিনান

৫০। শিক্ষকসকল জীৱন দাতা পিতৃ-মাতৃতকৈয়ো বেছি শ্ৰদ্ধাৰ পাত্র। কাৰণ পিতৃ-মাতৃয়ে সন্তান জন্মহে দিয়ে; জীৱন যাত্ৰাৰ প্রণালী শিক্ষকেহে নিৰূপণ কৰে — এৰিষ্ট‘টল

৫১। ভুল আঁতৰাই সত্য প্রতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য — চক্ৰেটিছ

Shakespeare
শ্বেক্সপীয়েৰ

৫২। জ্ঞান হৈছে স্বর্গীয় বস্তু, জ্ঞানেই পুণ্য। জ্ঞান থাকিলে মানুহ সুখী হ’ব পাৰে — চক্রেটিচ

৫৩। কেৱল খাই বৈ জীয়াই থকাটোৱেই মানৱ জীৱন নহয়। জ্ঞান আহৰণ কৰি মানসিক শক্তিৰ বিকাশ ঘটাব লাগে — চক্রেটিছ

৫৪। ভুলকৈ জনাতকৈ একো নজনাই ভাল — শ্বেক্সপীয়েৰ

৫৫। ভাল গুণ আৰু সু-অভ্যাস গঠনৰ কাৰণে ল’ৰা-ছোৱালীৰ আগত মহৎ লোকৰ জীৱনৰ মহৎ কাৰ্যাৱলীৰ চানেকি দাঙি ধৰিব লাগে — প্লেটো

৫৬। সুস্থ দেহত সুস্থ মনৰ বিকাশ কৰাটোৱেই শিক্ষার উদ্দেশ্য — এৰিষ্ট‘টল

৫৭। জীৱন বুলি ক’লে কেৱল খাই বৈ জীয়াই থকাটোকে নুবুজায়, মানৱ মনৰ ইচ্ছা আকাঙক্ষাবিলাক সুপথেৰে পৰিচালিত কৰি ইন্দ্রিয়সমূহক কার্যক্ষম কৰাই মনৰ অনুভূতিবোৰৰৰ বিকাশেৰে মানৱীয় গুণসম্পন্ন হৈ চলাটোহে প্রকৃত জীৱন — জ্যা জেক ৰুচো

৫৮। ধাত্ৰীয়ে প্ৰসৱ কৰায়, পৰিচাৰিকাই প্রতিপালন কৰে, গুৰুবা শিক্ষকে প্রশিক্ষণ দিয়ে, নিয়ন্ত্রণ কৰে আৰু গৰাকীয়ে শিকায় — ভাৰু

৫৯। শিক্ষা হৈছে সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা — মনীষী প্লেটো

৬০। শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে — দার্শনিক এৰিষ্ট‘টল

৬১। নিচেই কেঁচুৱা অৱস্থাৰ পৰা মৃত্যুৰ সময়লৈকে এজন ব্যক্তিৰ ওপৰত ক্রিয়া কৰা সকলো প্ৰভাৱেই শিক্ষাৰ অন্তর্ভূক্ত — শিক্ষাবিদ ডামভিল

৬২। শিক্ষাই ব্যক্তিৰ সুস্থ নৈতিক চৰিত্ৰ গঠন কৰে — শিক্ষাবিদ হৰ্বার্ট

৬৩। শিশুৰ অন্তর্নিহিত শক্তিৰ বাহ্যিক প্রকাশেই হ’ল শিক্ষা প্রক্রিয়া — দার্শনিক পেষ্টয়লজী আৰু ফ্লৱেল

৬৪। ব্যক্তিত্বৰ পূর্ণ বিকাশৰ প্রক্রিয়াই হ’ল শিক্ষা — শিক্ষাবিদ পাচিনান

৬৫। মানৱ অন্তৰত নিহিত হৈ থকা পূর্ণতাৰ বিকাশেই হ’ল শিক্ষা — স্বামী বিবেকানন্দ

৬৬। গৃহবা পৰিয়ালেই হৈছে শিক্ষাৰ আৰম্ভণিৰ প্রথম খোজ — পণ্ডিত ৰোজেন ক্লেজ

৬৭। এজন শিক্ষক হ’ব লাগিব শাৰীৰিকভাৱে উপযুক্ত, আবেগিকভাৱে ধীৰ-স্থিৰ, মানসিকভাৱে সজাগ, সামাজিকভাৱ কৰ্ম্মপটু আৰু আধ্যাত্মিক দিশত ঈশ্বৰৰ প্ৰতি ভয় ভক্তি থকা লোক — দার্শনিক এৰিষ্ট‘টল

৬৮। কৰ্ম্মই মানুহৰ জ্ঞান বঢ়ায়। কৰ্ম্ম কৰাৰ আগতে মানুহ জ্ঞানী হ’ব নোৱাৰে। সমাজত আত্মপ্রতিষ্ঠাৰ বাবে মানুহে কৰ্ম্মসমূহ পালন কৰে। সেই অনুপাতেই জ্ঞান আর্জিত হয় — জন ডিউৱে

৬৯। প্ৰতিটো কৰ্মৰে একোটা লক্ষ্য থকা উচিত। একোটা লক্ষ্য থকা মানে অর্থপূর্ণভাৱে কাম কৰা। ই এক স্বয়ংচালিত যন্ত্রৰ দৰে নহয়। ইয়াৰ অৰ্থ হৈছে কিবা এটা কৰা আৰু সেই লক্ষ্যৰ আকাৰত বিষয়বস্তুসমূহৰ অৰ্থ অনুভূতি সহকাৰে আয়ত্ত কৰা। উদ্দেশ্য হল এক পূর্বাভাস আৰু কৰ্মৰ প্রতি অনুপ্ৰেৰণা যোগায়। ই সাধাৰণ দর্শকৰ এক অলস দৃষ্টিভঙ্গী নহয়। কেৱল শেষ সীমাত উপনীত হ’বৰ বাবে পদক্ষেপ লোৱাত ই অনুপ্ৰেৰণা যোগায়। যদি শিক্ষক, সমাজ আৰু শিক্ষাবিভাগৰ প্রশাসকসকলৰ শিক্ষাৰ উদ্দেশ্যৰ প্ৰতি সুনিশ্চিত নহয়, সমাজৰ লক্ষ্যত উপনীত হ’বলৈ সমর্থ নহয় — জন ডিউৱে

৭০। শিশুৰ জন্মতেই সকলো গুণ সম্পূর্ণ হৈ সুপ্ত অৱস্থাত থাকে আৰু শিক্ষাৰ যোগেদি শিক্ষকে মালিৰ দৰে শিশুৰ অন্তর্নিহিত গুণ সমূহৰ বিকাশত যত্ন কৰিব লাগে — ডঃ মেৰীয়া মন্টেচৰী

৭১। স্বাক্ষৰতাই কেৱল শিক্ষাকেই নুবুজায়। সেয়ে মই শিশুৰ শিক্ষা এটি আৱশ্যকীয় হস্তশিল্পৰ দ্বাৰাইহে আৰম্ভ কৰিব বিচাৰো, যাৰ ফলত প্রশিক্ষণৰ আৰম্ভণিতে উৎপাদন কৰিবও পাৰে — গান্ধীজী

Mahatma Gandhi
মহাত্মা গান্ধী

৭২। তোমালোকৰ শিক্ষা যদি সততা আৰু পবিত্ৰতাৰ দৃঢ় ভেটিত গঢ়ি উঠা নাই; তেন্তে মই ভাবো তোমালোকৰ শিক্ষাৰ কোনো মূল্য নাই। তোমালোক একোজন সর্ববিদ্যাবিশাৰদ হ’ব পাৰা কিন্তু তোমালোকে যদি তোমালোকৰ ব্যক্তিগত জীৱনৰ পবিত্ৰতাৰ প্রতি আওকাণ কৰা মই কওঁ- তোমালোকৰ জীৱন অথলে গৈছে — মহাত্মা গান্ধী

৭৩। শিক্ষিত মানুহে যে কেৱলমাত্র কিছুমান বিশেষ কামহে কৰিব লাগে মই সেই কথাটো নিন্দা কৰো, আজিৰ যুগত কিছুমান কাম নিন্দনীয় বুলি ভবাটো অচল। এই কথাষাৰ যিমান সোনকালেই উপলব্ধি কৰো সিমানেই আমাৰ মঙ্গল — হুমায়ুন কবীৰ

Nalinibala Devi
পদ্মশ্ৰী নলিনীবালা দেৱী

৭৪। যাৰ অন্তৰ সঁচাকৈয়ে স্বচ্ছ তেওঁ বাহিৰত অস্বচ্ছ হ’ব নোৱাৰে — মহাত্মা গান্ধী

৭৫। চিন্তাধাৰাত অন্তদৃষ্টিৰ অভাৱ হ’লেই দেশৰ গুৰুত্বপূৰ্ণ সমস্যাবোৰলৈ আওকণীয়া ভাৱ আহি পৰে। দেহ প্ৰসাধন ভাৱতকৈ অন্তৰ প্রসাধনভাৱ জগাই তুলিব পৰাতহে শিক্ষাৰ সাৰ্থকতা — পদ্মশ্ৰী নলিনীবালা দেৱী

৭৬। মই কেৱল একেটা কথাকে জানো, সেইয়া হ’ল মই একো নাজানো — চক্রেটিচ

৭৭। যেতিয়ালৈকে মানৱ আত্মক শক্তি শালী কৰিব নোৱাৰি, তেতিয়ালৈকে শিক্ষাও সম্পূর্ণ নহয় — মহাত্মা গান্ধী

৭৮। মানুহৰ জীৱনটো এটা আবেষ্টনীৰ মাজত পৰিপাটিকৈ থকা সুষমা ভৰা পদাৰ্থ নহয়। ই অনিৰ্দ্দিষ্ট জীৱন্ত ব্যাপক জ্বলন্ত শিখা — কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা

Bishnu Prashad Rabha
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা

৭৯। মানুহৰ জ্ঞান তিনি ঠাইৰপৰা উৎপত্তি হয় — ১) অনুভূতিসূচক ইন্দ্রিয়মূহৰ পৰা (Sense Organs) ২) উপদেশ বা পৰামৰ্শৰ পৰা (Council of Instruction) আৰু ৩) চিন্তা, শক্তি বা বিবেকৰ পৰা (Reason) — প্লেটো

৮০। মানুহ প্রকৃত সুখী হ’বলৈ হ’লে–সুস্থ দেহ, সুস্থ মন, সুস্থ পাৰিবাৰিক পৰিবেশ, সুচৰিত্র, মানসিক শক্তিসমূহৰ উপযুক্ত বিকাশ আৰু আজৰি সময়ৰ সন্ধ্যৱহাৰ এই সকলো বিলাকক উপযোগী কৰিবলৈ শিক্ষা ব্যৱস্থাই সুবিধা দিব লাগিব — এৰিষ্টটল

৮১। পুৰণিক নৱজীৱন দি নতুনৰ জ্ঞান আহৰণ কৰাৰ সামর্থ্য যাৰ আছে তেৱেঁই শিক্ষক হ’বৰ উপযুক্ত —কনফুচিয়াচ

৮২। মাক-বাপেকৰ অজ্ঞানতাই হৈছে লৰা ছোৱালীৰ কোমল মন বিকাশৰ হেঙ্গাৰ স্বৰূপ আৰু শেষত নিজেই নিজৰ অজ্ঞানতাৰ কাৰণে অনুতপ্ত হ’বলগীয়াত পৰে — ৰাজা গোপালাচাৰী

Rajagopalachari
ৰাজা গোপালাচাৰী

৮৩। যিবিলাক ল’ৰা-ছোৱালী নির্ভয় বাতাবৰণত পালিত; সিহঁতে প্রাণ গলেও কদাপিও মিছা কথা নকয়। মনত জন্মা ভয়হে সত্যকথা কোৱাৰ শত্রু। গতিকে সত্য কথা কোৱাৰ মূলতে হৈছে নির্ভয় প্রদান। এই ভয় ল’ৰা-ছোৱালীৰ অন্তৰৰ পৰা দূৰ কৰাৰ একমাত্র মহৌষধ হৈছে মাক বাপেকৰ অটল প্রেম। ল’ৰা-ছােৱালীৰ অন্তৰত এনেকুৱা দৃঢ় প্রতিজ্ঞা জগাই তুলিব লাগে যাতে সঁচা কথা ক’লে পিতৃ-মাতৃ আনন্দিত হয় — ৰাজা গোপালাচাৰী

৮৪। তেনেই কম সময়ৰ ভিতৰত আটাইতকৈ অধিক লোকক যি পুথিভঁৰালে আটাইতকৈ অধিক পুথি যোগায় সিয়ে আটাইতকৈ শ্রেষ্ঠ পুথিভঁৰাল — বি. লেনধিয়াৰ

৮৫। সমসাময়িক সকলো মুখ্য মুখ্য সমাজতে গ্রন্থপাঠৰ ওপৰত মূল্য আৰোপ কৰা হয়। ইয়াৰ লক্ষ্য প্রধানকৈ অর্থনৈতিক। অর্থনৈতিক উন্নতি নির্ভৰ কৰে জ্ঞানৰ ওপৰত আৰু গ্ৰন্থপাঠ হ’ল জ্ঞান আহৰণৰ আটাইতকৈ অধিক কাৰ্যকৰী উপায় — বি. লেনধিয়াৰ

৮৬। অকল বিদ্যা লাভৰ বাবেই বিদ্যা আহৰণ কৰাটো লক্ষ্য নহয়। কিন্তু ই আবেগৰ আধাৰত প্রতিষ্ঠিত হৈনীতি আৰু বিশ্বাসৰ বাহিৰাবৰণ ভেদ কৰি অভিব্যক্ত হ’ব লাগে। জ্ঞান বিদ্যা লাভতকৈ প্রশস্ত কিয়নো জ্ঞানে জানিবলগীয়া কথা জনাটোকোনিজৰ ভিতৰত সামৰি লয় — বি. লেনধিয়াৰ

Rabindranath Tagore
বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰ

৮৭। আমি এনে শিক্ষা বিচাৰো যি শিক্ষাই আমাক চৰিত্রবান হ’বলৈ শিকাব । মনৰ দৃঢ়তা বৃদ্ধি কৰিব, মেধাৰ প্ৰসাৰ ঘটাব আৰু নিজৰ ভৰিত থিয় হ’বলৈ সক্ষম কৰাব — স্বামী বিবেকানন্দ

৮৮। অন্তৰ পবিত্ৰ নহ’লে ইন্দ্রিয় সংযম কৰিব নোৱাৰিলে শিক্ষিত দ্বিান ব্যক্তি হ’ব নোৱাৰা — গান্ধীজী

৮৯। চৰিত্ৰ অবিহনে শিক্ষাৰ মূল্যই বা ক’ত ? চৰিত্ৰ হৈছে মাত্র প্রাথমিক ব্যক্তিগত পবিত্রতা — গান্ধীজী

৯০। বর্তমান যুগৰ সাধনাৰ সৈতে বর্তমান যুগৰ শিক্ষাৰ সঙ্গতি হোৱা উচিত। স্বজাতিৰ অহমিকাৰ পৰা মুক্তিদান কৰাৰ শিক্ষাই আজিৰ প্রধান শিক্ষা। কিয়নো কাইলৈৰ ইতিহাসে সর্ব জাতিৰ সহযোগিতাৰ অধ্যায় আৰম্ভ কৰিব — বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰ

৯১। ল’ৰা-ছোৱালীক প্রকৃত মানুহহ’বলৈ শিক্ষা দিব লাগে। ভদ্রলোক বা ভদ্র মহিলা হ’বলৈ নহয় — পদ্মনাথ গোহাঁই বৰুৱা

Buddha
বুদ্ধদেৱ

৯২। কিতাপ পঢ়াৰ প্রতি অনুৰাগ হ’লেই যে প্রকৃত শিক্ষাৰ বাট মুকলি হ’ল এনে নহয়; বৰঞ্চ. ই জ্ঞান অর্জনৰ বাটত সময়ে সময়ে প্রতিবন্ধকহে হয় — লর্ড এভাৰ বেকী

৯৩। মুখ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে — বুদ্ধদেৱ

৯৪। যিকোনো জাতি বা লোক যেতিয়ালৈকে নিজৰ মুক্তিৰ ভাৰ আনৰ ওপৰত দি নিশ্চিত থাকে তেতিয়ালৈকে সি মুক্ত নহয় — অম্বিকাগিৰী ৰায়চৌধুৰী

৯৫। সত্যৰ কাৰণে সকলো ত্যাগ কৰিব পাৰি কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নোৱাৰি — স্বামী বিবেকানন্দ

৯৬। আমাৰ চিন্তা-ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয় — আনন্দ চন্দ্র আগৰৱালা

৯৭। সত্যক জানিবলৈ চেষ্টা কৰা, ই তোমাক মুক্তি দিব — গান্ধীজী

৯৮। জ্ঞানীলোক অসম্ভৱৰ প্রতি ধাবিত নহয় — মেচিঞ্জাৰ

৯৯। মানুহৰ হাতত অহিংসা শক্তিয়েই সর্বশ্রেষ্ঠ শক্তি — গান্ধীজী

১০০। শিক্ষা হ’ব লাগিব মনোবিজ্ঞান সন্মত। শিক্ষাৰ তাত্ত্বিক আৰু প্রায়োগিক দিশৰেই হৈছে মূল ভেটি — জন পেষ্টালজি

সংগ্ৰহ:

মহৎলোকৰ অমৃতবাণী — গুণাৰাম খনিকৰ — পুথিতীৰ্থ প্ৰকাশন — জানুৱাৰী, ২০০৮ চন

বি.দ্ৰ.: এয়া মাত্ৰ শিক্ষা সম্পৰ্কীয় কেইটামান বাৰ্তা হে। পৰবৰ্তী সময়ত আমি অন্যান্য বিষয় যেনে ধৰ্ম, বিজ্ঞান, ৰাজনীতি আদিৰ লগত সম্পৰ্কীয় বাৰ্তা সমূহ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম।

আমাৰ লগত থাকি আমাক সহায় সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। Join Us

ধন্যবাদ

Leave a Comment

Your email address will not be published. Required fields are marked *