বহুতো গল্প-উপন্যাস বা অন্যান্য বা ৰচনাত আমি লক্ষ্য কৰিলে দেখা পাওঁ যে বিজুলী-ঢেৰেকণি মৰাৰ পাছত পথাৰ বা ক’ৰবাত যদি মানুহ এজন স্থিৰ হৈ ৰৈ থকা পাওঁ তেতিয়া সেই ক্ষেত্ৰত ‘বজ্রাহত’ শব্দটো ব্যৱহাৰ কৰা হয় বা বজ্ৰপৰাৰ প্রসংগটো টানি অনা হয়। যেনে, ‘বজ্ৰ পৰা মানুহৰ দৰে সি ৰৈ থাকিল’, ‘বজ্রাহতৰ দৰে সি থিয় হৈ থাকিল’, ইত্যাদি; কিন্তু বজ্রাহত হ’লে বা বজ্র পৰি মৃত্যু হোৱা মানুহ সঁচাকৈয়ে সেই অৱস্থাতে মূৰ্ত্তিৰ দৰে ৰৈ থাকেনে? যদি থাকে কিয় থাকে? আকৌ সামান্য ঠেলি দিলেই পৰি যায় কিয়? এনেবোৰ প্রশ্ন আমাৰ মনত উদয় হোৱাটো অতি স্বাভাৱিক।
কোনো জড় পদার্থক যদি থিয় কৰি ৰখা হয়, বাহিৰা বল প্রয়োগ নকৰালৈকে সি সেই অবস্থাতে থাকে। এই বাহিৰা বলৰ ভিতৰত কিন্তু বতাহৰ বলো আছে। এক নির্দিষ্ট পৰিমাণতকৈ বেছি বল প্রয়োগ কৰিলে ই পৰি যায়। মানুহৰ ক্ষেত্ৰত কিন্তু সদায় সেইটো নহয়। ৰৈ থকা মানুহ এজনক যদি জোৰেৰে ঠেলি দিয়া হয়, তেওঁ পৰিব খুজিও আকৌ থিয় হৈয়ে থাকিব বা থিয় হৈ থকাৰ চেষ্টা অন্ততঃ কৰিব। সেই চেষ্টা যথেষ্ট প্রমাণিত নহ’লেহে পৰি যাব। ইয়াৰ কাৰণ হ’ল যে দেহৰ আভ্যন্তৰীণ ক্রিয়াই তেওঁক থিয় হৈ থকাত সকলো ধৰণেৰে সহায় কৰিব আৰু তেওঁ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কিছুসময় পাব। তাৰপাছত হাত-ভৰি আদি বাহিৰা অংগৰ সঞ্চালনেৰে তেওঁ পৰি নাযাবলৈ চেষ্টা কৰিব। জড়বস্তুৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহয়।
শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ দিশত কাণৰো এক গুৰুত্বপূর্ণ ভূমিকা আছে। কাণৰ তিনিটা অংশৰ একেবাৰে ভিতৰটোৰ নাম অন্তঃকর্ণ। অন্তঃকর্ণৰ দুটা ভাগ আছে। এটা ভাগে শুনাত সহায় কৰে আৰু ভেষ্টিবিউল নামৰ আনটো ভাগে ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্বপূর্ণ ভূমিকা লয়। সেইবাবে কোনোবাই কাণত জোৰেৰে আঘাত কৰিলে বা কোনোবাই নিজে নিজকে কেন্দ্ৰ কৰি ঘূৰি থাকিলে তেওঁ খন্তেকৰ বাবে হ’লেও ভাৰসাম্য হেৰুৱাই পেলায়। কেতিয়াবা ভেষ্টিবিউল কিবা কাৰণত আক্রান্ত হলে মানুহজনে স্থায়ীভাৱে ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাত ভোগে। এনে ৰোগৰ নাম হ’ল ভেষ্টিবুলাৰ নিউৰ’লাইটিছ।
কোনো মানুহৰ ওপৰত যেতিয়া ব্রজ পৰে তেতিয়া এক ছেকেণ্ডৰো কম সময়ৰ বাবে অর্থাৎ মুহূৰ্তৰ বাবে তেওঁ বিদ্যুৎপৃষ্ঠ হয়। ইমান কম সময়ৰ ভিতৰত ঘটনাটো ঘটে যে তেওঁ বজ্র দেখা বা ভয়ংকৰ শব্দটো শুনাৰ সময়কে নাপায়। সেইকাৰণে কোৱা হয় যদিহে তুমি বজ্ৰৰ শব্দ শুনিলা বা প্রচণ্ড বেগেৰে বজ্ৰপৰা দেখিলা, তেতিয়া নিশ্চিত হ’বা যে সেই যাত্ৰাত তুমি বাচিলা।
বজ্ৰ পৰাৰ সময়ত মানুহৰ দেহৰ ভিতৰেদি দুই কোটি ভল্ট পৰ্য্যন্ত বিভৱভেদ আৰু বিদ্যুৎ প্রবাহৰ বাবে প্ৰচুৰ তাপৰ সৃষ্টি হয় আৰু দুৰ্ভগীয়া মানুহজনৰ দেহৰ ভিতৰৰ প্রায় সকলো জুলীয়া পদার্থ (তেজকে ধৰি) মুহূৰ্ত্তৰ ভিতৰলৈ বাষ্পীভূত হ’বলৈ ধৰে। তেতিয়াই সেই দেহটো শুকান, স্থিৰ শৰীৰ অর্থাৎ জড় পদার্থত পৰিণত হয়। পিছে তেওঁ বজ্ৰপৰাৰ পূর্বমুহূৰ্ত্তত নিজৰ ভাৰসাম্য বজাই ৰাখিছিল, সেইবাবে এই জড় পদার্থয়ো সেই ভাৰসাম্যত তেনে অৱস্থাতে ৰৈ থাকিব। বিদ্যুৎ শক্তি বাহ্যিক হ’লেও তেওঁৰ শৰীৰত ই বাহ্যিক বল প্রয়োগ কৰা নাই৷ গতিকে মানুহজনৰ দেহটো পৰি নাযায়।
এতিয়া যদি সেই মানুহজনৰ সুস্থ দেহত সামান্য বল প্রয়োগ কৰা হয় বা সামান্যভাৱে ঠেলি দিয়া হয় (অনভিজ্ঞ মানুহে কিন্তু খালী হাতেৰে তেওঁক তৎক্ষণাৎ চুব নালাগে) তেন্তে তেওঁ জড় পদার্থক ঠেলি দিয়াৰ দৰেই হ’ব আৰু মানুহজনৰ দেহটো সেই সামান্য ঠেলাতে পৰি যাব। কাৰণ তেতিয়াতো আৰু দেহৰ আভ্যন্তৰীণ কার্যকলাপে তেওঁক ভাৰসাম্য ৰক্ষাত সহায় কৰিব নোৱাৰে।