তোমাৰ কথা
আজিও মনত পৰে তোমাৰ কথা
তোমাৰ মৰম লগা হাঁহিটোৰ কথা ,
বুকুৰ একুণত সংগোপনে ৰাখিছোঁ
তোমাৰ সেই মিচিককৈ মৰা হাঁহিটো
থৈছোঁ সাঁচি তোমাৰ অভিমান বোৰো ।
ফাগুনৰ মলয়া জাকেও কৈ যায়
তোমাৰ কথা
দি যায় মনৰ বতৰা ।
শৰতৰ শেৱালিৰ সুৱাসতো পাওঁ
তোমাৰ অনুভূতি ।
এনে লাগে যেন প্ৰতিটো পাহিতে থাকে
তোমাৰ হাঁহি ,
প্ৰতিজাক মলয়াতে থাকে
তোমাৰ অনুভূতি,
অনুভৱ হয় মৰহি যোৱা পাহিটো যেন
ফুলি উঠিব তোমাৰ পৰশতে,
শিহৰণ জগাই তোলা মলয়া জাকো
যেন আহিব তোমাৰ লগতে ।
আৰু কাণে কাণে কবহি তোমাৰ কথা
সজীৱ কৰি তুলিব আকৌ
তোমাক পোৱাৰ আশা ।
Post Views (this month): 95,913