আশা কাৰ নাথাকে সকলোৰে আশা থাকে । ফাগুনৰ পচোৱাই নাঙঠ কৰি যোৱা বিৰিখৰো আশা আছে ন কৈ সজাল ধৰি ন-কইনা জনী হৈ ৰঙালিৰ মাদকতা আদৰাৰ আশা……..।ফুটপাথত জড় হৈ পৰি থকা মগনিয়াজনৰো কত যে আশা কোনে জানে আন নহলেও ফটা কামিজটোৰ সৈতে আৰু দুদিন জীয়াই থকাৰ আশা । সিদিনা লুইতৰ পাৰত ৰৈ থাকোতেই ভাবিছিলো উজ্জ্বলতাৰ অহংকাৰত মাতাল বেলিটোৱেও পশ্চিমৰ দেশলৈ যোৱাৰ আগত খন্তেক জিৰাবলৈ মন নকৰেনে ।
হয়তো তাৰো আশা থাকিব পাৰে আৰু খন্তেক ৰৈ পূবৰ আকাশত গজি উঠা কাচি জোনটোৰ সৈতে আভিমানৰ কথা পাতিবলৈ নিজৰ উজ্জ্বলতাৰ গুণ গাবলৈ হয়তো… তাৰেই ৰঙত হেঙুলী হৈ থকা নদীখনক হেঁপাহ খেদি চাবলৈ নে ঐনিতমৰ ৰাগিত মাতাল পালতৰা নাওঁবোৰৰ ভটিয়নি সুঁতৰ লগত হোৱা যুঁজ চাবলৈ । হয় আশা সকলোৰে থাকে ….কাঞ্চনমতীৰ পাৰত বগা শিল চতাত ৰৈ চন্দন আৰু গৌৰীয়েও কিমান যে আশা কৰিছিল।
সপোনৰ দেশখন পুনৰ গঢ়ি তুলাৰ আশা,দুখবোৰ সুখ কৰি তোলাৰ আশা ,,, কত যে আশা । সঁচাই আশাই মানুহক মৰিও মৰিব নিদিয়ে ।আশা আছে বাবেই জীৱন আছে । (প্ৰিয় কিতাপখনৰ পৰা পোৱা কিছু অনুভৱ ।# অসীমত যাৰ হেৰাল সীমা )
Post Views: 98,095
Related
এই একপক্ষীয় প্ৰেম বোৰ যে সঁচাকৈ organic chemistry ৰ reaction বোৰৰ দৰে । এনেই বহুত ভাল লাগে কিন্তু বুজি একো নেপাও । কিয় হয় কেনেকৈ হয় চব মূৰৰ উপৰে যাই । হ'লেও ভাল লাগে । ভাল লাগে অনুভৱ কৰি । Notes book খন লুটিওয়াৰ দৰে তোমাৰ Instagram Account টো কিমান…
January 20, 2022 In "Short Story ( চুটি গল্প )"
এসময়ত অসমৰ নিস্তব্ধ উপত্যকাত অনন্যা নামৰ এগৰাকী কণমানি ছোৱালী বাস কৰিছিল। তাইৰ পৃথিৱীখন চকুৱে দেখা পোৱালৈকে বিস্তৃত হৈ থকা ৰসাল চাহ বাগিচাবোৰৰ চাৰিওফালে ঘূৰি আছিল। অনন্যাৰ পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চাহ বাগিচাত কাম কৰিছিল, পৃথিৱীৰ বিভিন্ন ঠাইৰ চাহকাপৰ বাবে বাট বিচাৰি পোৱা মিহি পাতবোৰ ছিঙিছিল। এদিন কুঁৱলীময় ৰাতিপুৱা অনন্যাই…
October 13, 2023 In "Short Story ( চুটি গল্প )"
বহুতো গল্প-উপন্যাস বা অন্যান্য বা ৰচনাত আমি লক্ষ্য কৰিলে দেখা পাওঁ যে বিজুলী-ঢেৰেকণি মৰাৰ পাছত পথাৰ বা ক'ৰবাত যদি মানুহ এজন স্থিৰ হৈ ৰৈ থকা পাওঁ তেতিয়া সেই ক্ষেত্ৰত ‘বজ্রাহত’ শব্দটো ব্যৱহাৰ কৰা হয় বা বজ্ৰপৰাৰ প্রসংগটো টানি অনা হয়। যেনে, ‘বজ্ৰ পৰা মানুহৰ দৰে সি ৰৈ থাকিল’, ‘বজ্রাহতৰ দৰে…
January 21, 2022 In "Interesting Facts ( আকৰ্ষণীয় তথ্য )"