তোমালোকৰ বহুতৰে ঘৰত হয়ত ভাইটি-ভণ্টি অথবা ভাগিন-ভতিজা আছে, মানে যিবোৰ একেবাৰে কেঁচুৱা ! মানে মুখেৰে শব্দ ক’বলৈ শিকা নাই। তথাপি সিহঁতে কথা ক’বলৈ নেৰে। হাঁহি-কান্দি, অস্ফুট শব্দ কিছুমান উচ্চাৰণ কৰি একেবাৰে কলকলাই থাকে। কিমান যে ভাল লাগে সিহঁতৰ লগত থাকি।
পিছে, সিহঁতেনো সেই অর্থহীন শব্দবোৰেৰে কি বুজাব খুজে ? কিবা এটা যে জনাব খোজে, সেইটো খাটাং। কাৰণ ইতিমধ্যে সিহঁতৰ মগজুৰ বিকাশ ঘটে। তাত কিবা- কিবি ভাৱ সৃষ্টি হয় আৰু সেই ভাৱবোৰকে সিহঁতে মুখেৰে প্রকাশ কৰিব খোজে। কিন্তু আমি সেই সাংকেতিক শব্দবোৰৰ পাঠোদ্ধাৰ কৰিব নোৱাৰোঁ। তোমালোকো এদিন কেঁচুৱা আছিলা বা আমিও আছিলোঁ। তেতিয়া বাৰু তোমালোকে কি শব্দবোৰ কৈছিলা ? আৰু কি বুজাব খুজিছিলা? একো মনত নাই নহয়! তেন্তে আমাৰ সেই শিশু কালৰ কথাবোৰ বা এতিয়াৰ কেঁচুৱাবোৰৰ মাত কথাবোৰৰ অৰ্থৰ বিষয়ে আমি কাহানিও নাজানিমেই নেকি? সেইবোৰ সদায় ৰহস্যৰ আৱৰ্ত্ততে থাকি যাব নেকি ? অথচ জানিব পাৰিলে যে কিমান ভাল লাগিল- হেঁতেন !
বিজ্ঞান-প্রযুক্তিৰ ইমান উন্নতি হৈছে। কোনোবা এটা যন্ত্রই যদি সেই অস্ফুট মাত-কথা ভংগীবোৰ আমাৰ বোধগম্য ভাষাত অনুবাদ কৰি দিলিহেঁতেন! ভাল লগাৰ উপৰি সিহঁতক চোৱা-চিতা কৰা লোক আৰু চিকিৎসকসকলৰো বহুত কামত আহিলেহেঁতেন! এইটো সুখবৰ যে জাপানৰ এদন গৱেষকে এই বিষয়ে অধ্যয়ন কৰি যথেষ্ট সফলতা লাভ কৰিছে। তেওঁলোকৰ দ্বাৰা সৃষ্ট এক যন্ত্ৰৰ দ্বাৰা কুকুৰৰ অংগী-ভংগী আৰু ভুকভুকনি অনুবাদ কৰি মালিকক জনাব পৰা হৈছে। অৱশ্যে সম্পূর্ণভাৱে এইক্ষেত্ৰত সফল হৈছে বুলি ক’বপৰা নাযায়। সেইমতে নাগাছাকি বিশ্ববিদ্যালয়ৰ নিউৰ’বায়’লজিৰ অধ্যাপক কাঝয়কি ছিন’হাৰাৰ নেতৃত্বত এটা গৱেষক দলো এই কামত ব্ৰতী হৈ আছে। ছিন’হাৰাই এই সম্পর্কে মন্তব্য দিছিল এইদৰে – “আমাৰ লক্ষ্য হ’ল কেঁচুৱাৰ অনুভৱবোৰ পঢ়িব পৰা কৌশল উদ্ভাৱন কৰা আৰু এই কামত আমি যথেষ্ট অগ্রগতিও লাভ কৰিছোঁ।”
ছিন’হাৰাই এই কথাও উপলব্ধি কৰিছে যে কামটো ভৱাতকৈ যথেষ্ট কঠিন। তথাপি তেওঁ চেষ্টাৰ ত্রুটি কৰা নাই। অৱশ্যে তেওঁলোক কিমান অদূৰ ভৱিষ্যতে সফল হ’ব সেয়া সময়েহে ক’ব। তেতিয়াই আমি হয়তো অবোধ মৰম লগা কেঁচুৱাবোৰৰ মনৰ কথা জানিব পাৰিম আৰু সঠিকভাৱে লালন-পালন কৰিব পাৰিম ।