হালধীয়া আকাশ
জীৱনৰ হালধীয়া আকাশ
সাধুমুখী এটা কবিতাৰ গধূলি
ৰাঙলী বেলি মিঠা আবেলি
আৰু এটা হাঁহি মুখী মন।
পোহৰৰ ছয়াময়া আকাশ
অৰ্থহীনি পৃথিৱীৰ সেউজীয়া
তুমি নোহোৱাটো মোৰ
তাৰ উত্তৰ মই কেতিয়াবাই পাইছোঁ।
এতিয়া সময়ে জানো মোক লৈ যাব
জীৱন আকাশৰ পোহৰৰ দিশে
এইয়া আকাশ নে?
তোমাৰ মৰিচিকা !
©নিলাভ জ্যোতি কলিতা
Post Views: 131,155