ৰঙালী বিহুৰ কথা
আমাৰ অসমৰ সকলো ধৰ্মৰ, সকলো মানুহে স্বতঃস্ফুর্তভাৱে পালন কৰা উৎসৱেই হ’ল জাতীয় উৎসৱ বিহু। বিহু অসমীয়া জাতিৰ উমৈহতীয়া উৎসৱ। সকলো ধৰ্মৰ মানুহে এই উৎসৱ পালন কৰে। বিহুনাম শুনিলেই অসমৰ মানুহৰ মন প্ৰাণ নাচি উঠে আৰু আনন্দত নধৰা হয়। জাতীয় উৎসৱৰ যোগেদি জাতিৰ আচাৰ বিচাৰ আৰু সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হয়। কেতিয়াৰ পৰা আৰু কেনেকৈ আমাৰ অসমত বিহুৰ প্ৰচলন হ’ল তাক সঠিককৈ জনা নাযায় যদিও বিহু অসমত বাস কৰা নানা প্রজাতি মানুহৰ ঐক্যৰ এনাজৰী।
বিহু তিনিটা বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। বহাগ বিহু অসমৰ সকলো জাতিৰ লোকে নানা ৰং ধেমালীৰ মাজেৰে পালন কৰে বাবে ইয়াক ৰঙালী বিহু বুলি কোৱা হয়। চতৰ শেষৰ দিনটোৰ পৰা বহাগৰ ছয় তাৰিখলৈকে সাতদিন জুৰি ৰঙালী বিহু উদযাপন কৰা হয়। ৰঙালী বিহুৰ প্ৰথম দিনা গৰু বিহু বোলে। সেইদিনা ৰাতিপুৱা গৰুক মাহ হালধি ঘহি গা ধুৱাই লাউ-বেঙেনা আদি খাবলৈ দিয়ে আৰু সেইদিনা নতুন তৰা আৰু মৰাপাটৰ ন-পঘাৰে গৰুবোৰ বন্ধা হয়। পিচদিনা অসমীয়াৰ অতি আদৰৰ বাপতি সাহোন স্বৰূপ মানুহ বিহুক আদৰিবলৈ সকলো মানুহে গা-পা ধুই নতুন সাজ পিন্ধে।
ৰঙালী বিহুত মৰমৰ চিন স্বৰূপে প্রিয়জনক নতুন গামোচা উপহাৰ দিয়ে। ইয়াক বিহুৱান বুলি কোৱা হয়। এই বিহুত সৰু ডাঙৰ সকলো লোকে নানা ৰং ধেমালীৰে ঘৰে ঘৰে গৈ হুচৰি গায়। আজিকালি অসমৰ বুকুৰ পৰা এই উৎসৱ প্ৰায় লুপ্ত হব ধৰিছে। অসমৰ মানুহে ৰঙালী কি চিনি নোপোৱা অৱস্থা হৈছে। অসমৰ মানুহে পাশ্চাত্য সংগীতহে চিনি পায়। আমাৰ অতি আদৰৰ এই বিহু মাত্ৰ সীমিত সংখ্যক মানুহৰ মাজতহে পালন কৰা দেখা পোৱা যায় ৷ আজিকালি এই বিহু চহৰ মুখী হ’ল কিয়নো নগৰ- চহৰতহে বিহু দেখা পোৱা যায়।
অসম তথা অসমীয়া জাতিটোক জীয়াই ৰাখিবলৈ আমি সকলোৱে অতি আদৰৰ বিহুটিক জীয়াই ৰাখিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে আমি অসমত অসমীয়া বুলি চিনাকী দিব পাৰিম।