49 Years of Emergency || জৰুৰীকালীন অৱস্থাৰ ৪৯ বছৰ

প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে চলিছিল এই  জৰুৰীকালীন অৱস্থা। প্ৰায় দুবছৰৰ এই সময়ছোৱাক ভাৰতীয় গণতন্ত্ৰৰ ক’লা দাগ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত বৃহৎ পৰিসৰত নাগৰিকৰ অধিকাৰ খৰ্ব কৰা হৈছিল। জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ বাবেই দেশখন নিশাৰ ভিতৰতে জেললৈ ৰূপান্তৰিত হৈছিল। আৰ এছ এছতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

জৰুৰীকালীন অৱস্থা

ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ঘোষণা কৰিছে। আতংকৰ কথা নাই.. ৰেডিঅ’ত এই কথাখিনিৰেই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে চলিছিল এই  জৰুৰীকালীন অৱস্থা। প্ৰায় দুবছৰৰ এই সময়ছোৱাক ভাৰতীয় গণতন্ত্ৰৰ ক’লা দাগ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত বৃহৎ পৰিসৰত নাগৰিৰ অধিকাৰ খৰ্ব কৰা হৈছিল।

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত

জৰুৰীকালীন অৱস্থাৰ মূল কাৰণ আছিল ১৯৭৫ চনৰ ১২ জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত, য’ত ইন্দিৰা গান্ধীক ৰায় বৰেলীৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাটো অবৈধ বুলি ঘোষণা কৰা হৈছিল। ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনত ৰায় বৰেলী সমষ্টিৰ পৰা তেওঁৰ প্ৰতিদ্বন্দ্বী ৰাজ নাৰায়নে তেওঁৰ বিৰুদ্ধে চৰকাৰী যন্ত্ৰপাতি ব্যৱহাৰ কৰি নিৰ্বাচনত হেতালি খেলাৰ অভিযোগ উত্থাপন কৰিছিল। দোষী সাব্যস্ত হ’লে তেওঁক অযোগ্য ঘোষণা কৰি পৰৱৰ্তী ছবছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়।

ৰাতিটোৰ ভিতৰতে কাৰাগাৰলৈ পৰিণত হ’ল দেশ

জৰুৰীকালীন অৱস্থা ঘোষণা হোৱাৰ কিছু ঘণ্টাৰ ভিতৰতে বৃহৎ বাতৰি কাকতৰ কাৰ্যালয়ত বিদ্যুৎ যোগান কৰ্তন কৰা হয় আৰু জয়প্ৰকাশ নাৰায়ণ, ৰাজ নাৰায়ণ, মোৰাৰজী দেশাই, চৰণ সিং, জৰ্জ ফাৰ্নাণ্ডেছকে ধৰি কেইবাজনো বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰা হয়। এই সময়ছোৱাত ভাৰতীয় সংবিধানৰ ৩৫২ অনুচ্ছেদ ব্যৱহাৰ কৰি ইন্দিৰা গান্ধীয়ে নিজকে অসাধাৰণ ক্ষমতা প্ৰদান কৰিছিল।

আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষণাবেক্ষণ আইন (মিছা) এখন অধ্যাদেশৰ জৰিয়তে সংশোধন কৰি দিছিল যাতে যিকোনো ব্যক্তিক বিচাৰ অবিহনে আটক কৰিব পৰা যায়। সেই সময়তে ভাৰতীয় সংবিধানৰ আটাইতকৈ বিতৰ্কিত ৪২ সংখ্যক সংশোধনী গৃহীত কৰা হৈছিল। যাৰ ফল স্বৰূপে ন্যায়পালিকাৰ ক্ষমতা হ্ৰাস পাইছিল। এই সংশোধনীৰ ফলত সংবিধানৰ মৌলিক গাঁথনি সলনি হৈছিল।

আৰ এছ এছতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, জামাত-ই-ইছলামীকে ধৰি ২৬টা সংগঠনকো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ কণ্ঠস্বৰ সমালোচক চলচ্চিত্ৰ শিল্পীসকলেও ইয়াৰ বোজা বহন কৰিবলগীয়া হৈছিল। কিশোৰ কুমাৰৰ গীত ৰেডিঅ’ আৰু টেলিভিছনত বজাবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। দেৱ আনন্দেও বেচৰকাৰী নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

৬০ লাখৰো অধিক লোকক বন্ধ্যাকৰণ

জৰুৰীকালীন অৱস্থাত বন্ধ্যাকৰণ আটাইতকৈ দমনমূলক অভিযান হিচাপে প্ৰমাণিত হৈছিল। বন্ধ্যাকৰণৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ দায়িত্ব সঞ্জয় গান্ধীৰ ওপৰত আছিল। কম সময়ৰ ভিতৰতে নিজকে প্ৰমাণ কৰিবলৈ সঞ্জয় গান্ধীয়ে এই সিদ্ধান্ত সন্দৰ্ভত অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। এই সময়ছোৱাত মানুহৰ ঘৰত প্ৰৱেশ কৰি, বাছৰ পৰা নমাই প্ৰলোভিত কৰি বন্ধ্যাকৰণ কৰা হৈছিল। এক প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে মাত্ৰ এবছৰৰ ভিতৰতে ৬০ লাখৰো অধিক লোকক বন্ধ্যাকৰণ কৰা হৈছিল।

শ্বাহ আয়োগ গঠন

১৯৭৭ চনত ক্ষমতালৈ অহাৰ পাছত জৰুৰীকালীন সময়ছোৱাত ক্ষমতাৰ অপব্যৱহাৰ, অসৎ আচৰণ আৰু অতিমাত্ৰা বিভিন্ন দিশৰ তদন্তৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ জে চি শ্বাহৰ অধ্যক্ষতাত জনতা পাৰ্টিয়ে শ্বাহ আয়োগ গঠন কৰে। আয়োগে দাখিল কৰা প্ৰতিবেদনত অনুমান কৰা হৈছে যে জৰুৰীকালীন সময়ত প্ৰতিৰোধমূলক আটক আইনৰ অধীনত এক লাখৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

About the Author

Bikash Kalita

Writer & Blogger

Posts of this Author

Leave a Comment

Your email address will not be published. Required fields are marked *