Home / News
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষযাত্ৰাত লক্ষাধিক অনুৰাগী আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত তেওঁৰ পাৰ্থীৱ শৰীৰ দৰ্শনৰ ব্যৱস্থা কৰা হৈছিল, য’ত লাখ লাখ অনুৰাগীয়ে প্ৰাণৰ শিল্পীজনক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কৰিছিল।
অসম চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰে আৰু উল্লেখযোগ্য স্থানসমূহত জনসমাগমৰ বিশেষ ব্যৱস্থা কৰে, যাতে আটাইতকৈ বেছি অনুৰাগীয়ে জনপ্ৰিয় শিল্পীক অন্তিম বিদায় জনাব পাৰে।
মৰণোত্তৰ পৰীক্ষা সম্পন্নৰ পাছত তেওঁক ফুল সজ্জিত এম্বুলেঞ্চত কমাৰকুচি (সোণাপুৰ) গাঁও লৈ অনা হয়।পৰিয়ালৰ সদস্য, পত্নী গৰিমা শইকীয়া গাৰ্গ, দেউতা, ভগ্নী পালমী বৰঠাকুৰ আৰু অজস্ৰ অনুৰাগীৰ উপস্থিতিত কমাৰকুচিৰ নিৰ্দিষ্ট স্থানত ৰাজ্যিক মর্যাদাৰে শিল্পী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়।
শিল্পী গৰাকীলৈ সন্মান জনাই আজি সকলো চৰকাৰী শিক্ষা প্ৰতিষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হয়।