কিং কোহলী

ছুপাৰ-৮ত হ’ব বিস্ফোৰণ: আফগানিস্তানৰ বলাৰৰ বাবে দুঃস্বপ্নৰ দৰে হৈ পৰিছে ‘কিং কোহলী’

Cricket ছুপাৰ-৮ত হ’ব বিস্ফোৰণ: আফগানিস্তানৰ বলাৰৰ বাবে দুঃস্বপ্নৰ দৰে হৈ পৰিছে ‘কিং কোহলী’ ২০২৪ চনৰ টি-২০ বিশ্বকাপত এতিয়ালৈকে বিৰাট কোহলীৰ বেট নিস্তব্ধ হৈ আছে। ৩ খন মেচত মাত্ৰ ৫ ৰানহে কৰিছে। আফগানিস্তানৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে ছুপাৰ-৮ৰ আৰম্ভণি কৰিব টিম ইণ্ডিয়াই। বাৰ্বাডোছৰ কেনচিংটন অ’ভেল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত বিৰাট কোহলীয়ে হেৰুৱা ফৰ্ম পুনৰ লাভ কৰিব পাৰে। ভাৰতীয় প্রাক্তন অধিনায়ক বিৰাট কোহলীৰ এই পৰ্যন্ত টি-২০ বিশ্বকাপ ২০২৪ৰ প্রদর্শন বিশেষ একো হোৱা নাই৷ অৱশ্যে ইয়াৰ পিছতো ভাৰতীয় দলটোৱে ছুপাৰ-৮ত নিজৰ স্থান নিশ্চিত কৰিছে। এনে পৰিস্থিতিত বিৰাট কোহলীৰ বাবে গুৰুত্বপূৰ্ণ মেচত পুনৰ ফৰ্মলৈ ঘূৰি অহাটো অতি জৰুৰী। আফগানিস্তানৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে ছুপাৰ-৮ৰ আৰম্ভণি কৰিব টিম ইণ্ডিয়াই। বাৰ্বাডোছৰ কেনচিংটন অ’ভেল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত বিৰাট কোহলীয়ে হেৰুৱা ফৰ্ম পুনৰ লাভ কৰিব পাৰে। আফগানিস্তানৰ বিৰুদ্ধে টি-২০ ইণ্টাৰনেশ্যনেলত বিৰাট কোহলীৰ পৰিসংখ্যা উৎকৃষ্ট। যদি বিৰাটৰ বেটে কাম কৰে তেন্তে টিম ইণ্ডিয়াৰ জয় নিশ্চিত। বিৰাট কোহলীয়ে এতিয়ালৈকে আফগানিস্তানৰ বিৰুদ্ধে ৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। এই সময়ছোৱাত ৪ ইনিংছত কিং কোহলীয়ে গড়ে ৬৭.০০ আৰু ষ্ট্ৰাইক ৰেট ১৭১.৭৯ ৰে ২০১ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত কিঙে ১টা শতক আৰু ১টা অৰ্ধশতক অৰ্জন কৰিছে। আফগানিস্তানৰ বিৰুদ্ধে টি-২০ ইণ্টাৰনেশ্যনেলত বিৰাট কোহলিৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১২২ ৰান নট আউট। আফগানিস্তানৰ বিৰুদ্ধে টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন। বিৰাট কোহলীঃ ২০১ ৰান ৰোহিত শৰ্মাঃ ১৯৬ ৰান কে এল ৰাহুল : ১৩১ ৰান শিৱম ডুবেঃ ১২৪ ৰান ৰিংকু সিংঃ ৯৪ ৰান ২০২৪ চনৰ টি-২০ বিশ্বকাপত এতিয়ালৈকে বিৰাট কোহলীৰ বেট নিস্তব্ধ হৈ আছে। ৩ খন মেচত মাত্ৰ ৫ ৰানহে কৰিছে। গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত আয়াৰলেণ্ডৰ বিৰুদ্ধে বিৰাট কোহলীয়ে ৫টা বলত ১ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ বিৰুদ্ধে কিং কোহলীয়ে এটা চাৰিৰ সহায়ত ৩টা বলত ৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত আমেৰিকাৰ বিৰুদ্ধে সোণালী হাঁহৰ বলি হৈছিল বিৰাট। About the Author Partha Bora Writer & Blogger Posts of this Author Previous PostNext Post

ছুপাৰ-৮ত হ’ব বিস্ফোৰণ: আফগানিস্তানৰ বলাৰৰ বাবে দুঃস্বপ্নৰ দৰে হৈ পৰিছে ‘কিং কোহলী’ Read More »