জ্ঞানোদয়ৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া ই-আলোচনী

কাব্য-গংগা

দ্বিতীয় সংখ্যা ।। জুলাই, ২০২২

Please wait while flipbook is loading. For more related info, FAQs and issues please refer to DearFlip WordPress Flipbook Plugin Help documentation.

Monthly e-magazine published by Gyanodaya

Kabya-Ganga

Second Issue ।। July, 2022

জ্ঞানোদয়ৰ দ্বাৰা প্ৰকাশিত
সম্পাদক — সুশান্ত দাস
প্ৰথম প্ৰকাশ — 20 জুন, ২০২২
Published by — Gyanodaya
Editor — Sushanta Das
First Published on — 20 June, 2022

ঠিকনা

শুকানজান গাঁও
ডাকঘৰ — ৰাইডাংজুৰি
পিন নং — ৭৮৫৬৩১
তিতাবৰ, যোৰহাট, অসম

Address

Sukanjan Gaon
P.O. — Raidangjuri
Pin Code — 785631
Titabor, Jorhat, Assam

পাঠকৰ মন্তব্য

কল্পনা বৰাগোলাঘাট
Read More
কাব্য গংগা আলোচনীখনৰ প্ৰতিটো লেখনিয়েই অতুলনীয়।বৰ মনোমোহাকৈ শৈলীৰে আলোচনীখন প্ৰকাশ কৰিছে। কাব্য গংগা আলোচনীখনত নতুনত্ব দেখিবলৈ পাইছোঁ,যিটো আচলতে অন্য আলোচনীবোৰত এতিয়ালৈকে দেখা পোৱা নাছিলোঁ। প্ৰতিটো লেখনিতেই সোমাই আছে কাব্যিকতাৰ অপূৰ্ব সৌন্দৰ্য।লেখনিবোৰত ফুটি উঠিছে ভিন্ন ভিন্ন কবিৰ অন্তৰত জাগি উঠা মনৰ অনুভৱবোৰ। আলোচনীখনৰ নিৰ্ধাৰিত বিষয়বস্তু অনুসৰি প্ৰকৃতিপ্ৰেমী কবিৰ কবিতাৰ মাজেৰে তেওঁলোকৰ নিজ নিজ অনুভৱবোৰ কলমেৰে নিগৰি শব্দৰ তৰংগত কবিতাৰ ৰূপ লৈছে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱক লৈ লিখা কবিতাসমূহত ফুটি উঠা কবিৰ আবেগ, অনুভৱসমূহেও আলোচনীখনক নতুন ৰূপ দিছে। সঁচাকৈয়ে, কাব্যলোচনীখন পঢ়ি মই বাৰুকৈয়ে আপ্লুত হʼলো। ন ন সৃষ্টিৰে জীপাল হৈ আলোচনীখন সকলোৰে আদৰৰ হওঁক,তাৰে কামনা কৰোঁ আৰু আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।
জুলী মৰাণ গগৈতিনিচুকীয়া
Read More
সুন্দৰ বেটুপাতৰে সৈতে "কাব্য গংগা" আলোচনী খন অতি উন্নত মানদণ্ডৰ আৰু মনোগ্ৰাহী । সুন্দৰ লিখনিৰে পৰিপূৰ্ণ সৰ্বাংগ সুন্দৰ আলোচনী ৰূপে পৰিগণিত হৈছে । পাঠক সমাজে পঢ়ি উপকৃত হ'ব বুলি মোৰ বিশ্বাস । মই পঢ়ি আপ্লুত হ'লোঁ আলোচনী খনৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।
মফিদুল ইছলামবৰপেটা
Read More
জ্ঞানোদয় গোষ্ঠীৰ দ্বিমাসিক আলোচনী "জ্ঞান পিপাসা " ৰ পিছত এটা নতুন উদ্যম লৈ মাহেকীয়া কাব্ব্যালোচনী "জ্ঞান গঙ্গা" প্ৰকাশ কৰিবলৈ সিদ্ধান্ত লোৱাটো খুবেই প্ৰশংসনীয় বিষয়। ইতিমধ্যে আলোচনী খনৰ প্ৰথম সংখ্যা প্ৰকাশ ও হৈছে, সাহিত্যৰ জগতত উৰিবলৈ মন মেলা নৱ সাহিত্যিকৰ উনুপ্ৰেৰণাৰ থল এই কাব্ব্যালোচনী খন।কাব্য গঙ্গাত মোৰ নিজা কবিতা এটা প্ৰকাশিত হোৱা দেখি জ্ঞানোদয় গোষ্ঠীৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।সাহিত্যপ্ৰেমী পাঠক - পাঠিকা, লেখক - লেখিকাক সাহিত্যৰ অমৃত পান কৰাব বিচৰা জ্ঞানোদয় গোষ্ঠীক ধন্যবাদ আৰু অভিনন্দন জনাইছো। আশাকৰোঁ অনাগত দিনত জ্ঞানোদয় গোষ্ঠীয়ে নিয়মিত "জ্ঞান পিপাসা" আৰু "জ্ঞান গংগা" প্ৰকাশ কৰি যাব। শেষত সকলো নৱ লেখক লেখিকাৰ প্ৰতি ভক্তিসহকাৰে অভিনন্দন থাকিল আৰু জ্ঞানোদয় গোষ্ঠীক শুভকামনা যাচিছো।
মঞ্জুলা দেৱী মাজুলী
Read More
অসমীয়া কলা-সংস্কৃতিৰ ক্ষেত্ৰখন চহকী কৰাৰ মানসেৰে প্ৰস্তুত কৰি উলিওৱা " কাব্য-গংগা " ই আলোচনী খন উৎকৃষ্ট মানদণ্ডৰ এখন আলোচনী বুলি মই ভাৱোঁ। তদুপৰি ৰাভা দিৱসৰ লগত সংগতি ৰাখি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতিত " কাব্য-গংগা " উছৰ্গা কৰাৰ বাবে "কাব্য-গংগা" সম্পাদনা সমিতিক শলাগ লবলগীয়া। আলোচনী খনৰ ' আগকথা'ত প্ৰকাশ কৰা জ্ঞানোদয় কি ,ইয়াৰ উদ্দেশ্য আৰু মূলমন্ত্ৰ খিনি অতি সুন্দৰ শব্দ সম্ভাৰেৰে লিপিবদ্ধ কৰা হৈছে যেনে-' জ্ঞানেই কৰ্ম,জ্ঞানেই ধৰ্ম, জ্ঞানেই সঞ্জীৱনী মন্ত্ৰ ' - বৰ ভাল লাগিল। লগতে গ্ৰন্থখনৰ ভিতৰ চ'ৰাত সজোৱা কবিতা খিনিও উন্নত মানদণ্ডৰ হোৱা দেখা গৈছে।
পল্লৱ ৰয়বিশ্বনাথ চাৰিআলি
Read More
আলোচনী খন পঢ়ি খুবেই ভাল লাগিল....❤️ পৰিচালনা সমিতিৰ প্ৰচেষ্টাক সলাগ লৈছোঁ। ...মোৰ লেখা টো প্ৰকাশ কৰাৰ বাবে ধন্যবাদ
Previous
Next
error: Content is protected !!