ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত প্রাণ আহুতি দিয়া মহীয়সী নাৰী কনকলতা বৰুৱাৰ নাম মৃত্যুৰ ৮০ বছৰৰ পাছতো তেজাল আখৰেৰে লিখা আছে ইতিহাসৰ পাতত।

দুশ বছৰীয়া পৰাধীনতাৰ সেই দিনবোৰত সমগ্ৰ ভাৰতবাসীয়ে বহুতো দুখ-কষ্টৰ সম্মুখীন হ’বলগা হৈছিল। কালক্ৰমত এচাম দেশপ্রেমী লোকৰ সহযোগত দেশবাসীয়ে স্বাধীনতাৰ বাবে আন্দোলনৰ পথ বাছি লয়।
পুৰুষৰ লগতে নাৰীয়েও এই আন্দোলনত অংশ গ্ৰহণ কৰিছিল। কৰিম অথবা মৰিম ৰীতিৰে পুৰুষ-মহিলা উভয়ে মাতৃভূমিক ইংৰাজৰ হাতৰ পৰা মুক্ত কৰাৰ দৃঢ় সংকল্পৰে আগবাঢ়ি গৈছিল। স্বদেশৰ হকে জীৱন আহুতি দিয়া কনকলতা বৰুৱাৰ ঘৰ আছিল তেজপুৰ জিলাৰ বৰঙাবাৰীত। এই কনকলতা বৰুৱা আছিল মধ্যবিত্ত পৰিয়ালৰ আহোম স্বৰ্গদেউৰ ৰাজসভাৰ দোলাকাষৰীয়া বৰুৱাৰ উত্তৰ পুৰুষ ঘনকান্ত বৰুৱাৰ পুত্ৰ কৃষ্ণকান্ত বৰুৱাৰ কন্যা। কনকলতাৰ মাকৰ নাম আছিল বাণেশ্বৰী বৰুৱা। দেউতাক আছিল এজন ভাল খেতিয়ক।
১৯২৪ চনৰ ২২ ডিচেম্বৰৰ দিনা কনকলতা বৰুৱাৰ জন্ম হৈছিল আৰু মাত্র পাঁচ বছৰ বয়সতে মাকৰ মৰমৰ পৰা বঞ্চিত হ’বলগা হৈছিল। ঠায়ে ঠায়ে কংগ্ৰেছৰ ভলন্টিয়াৰসকলে জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভাৰ বিপ্লৱী গীতসমূহ গাই গাই সমগ্ৰ জনগণক আৱেগপ্ৰৱণ কৰি আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কংগ্ৰেছৰ ভলন্টিয়াসকলক উদ্দেশ্যি আৱেগিক ভাৱেৰে বুজনি দিছিল ‘ইংৰাজৰ প্ৰশাসন গাঁও অঞ্চলৰ বিশেষকৈ পুলিচ থানাবোৰত সক্ৰিয় হৈ থকা বাবে কংগ্ৰেছৰ পতাকা কাছাৰী ঘৰত উৰুৱাব পাৰিলে ইংৰাজৰ শাসনৰ ওপৰত কংগ্ৰেছৰ জয় সূচোৱাৰ লগতে ইংৰাজৰ সন্মান ঘৰত আৰু বাহিৰত হেয় প্রতিপন্ন হ’ব। জ্যোতিপ্ৰসাদে এই কাম কৰিবৰ বৰে তেজপুৰ জিলাত ‘কৰিম অথবা মৰিম’ মহামন্ত্ৰৰে ‘মৃত্যু-বাহিনী’ গঠন কৰিলে।
১৯৪২ চনৰ ১৮ ছেপ্তেম্বৰৰ দিন জানিয়াল সত্ৰৰ নামঘৰত বহা সভাত কনকলতাই মৃত্যু বাহিনীত নাম ভর্তি কৰে। ওঠৰ বছৰীয়া কনকলতাই সভাৰ ভাষণ শুনি আবেগিক হৈ পৰিছিল।
২০ ছেপ্টেম্বৰৰ দিনা তেজপুৰ মহকুমাৰ সকলোবোৰ থানাতে মৃত্যু-বাহিনীৰ সদস্যসকলে অহিংস কাৰ্যসূচীৰে স্বাধীনতাৰ ত্ৰিৰঙ্গ পতাকা উৰুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এয়াও পঢ়ক:
১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা মুকুন্দ কাকতিৰ নেতৃত্বত জেলাৰাম ভূঞা, জিতেন বৰা, মিনাৰাম বৰুৱা, লক্ষীকান্ত বৰা, থানেশ্বৰ মহন্ত, মাঘিৰাম বৰা, গিৰিধৰ বৰুৱা, বানেশ্বৰ হাজৰিকা, হেমকান্ত বৰুৱা, খগেশ্বৰ বৰুৱা, থুলেশ্বৰ ৰাজখোৱা, পুষ্পলতা দাস আৰু বহুতো মুক্তিকামী দেশপ্রেমী সমদলেৰে গহপুৰ থানাৰ সন্মুখত উপস্থিত হ’ল।
কনকলতাৰ হাতত ত্ৰিৰঙ্গ পতাকা সমদলৰ আগত আৱেগিক হৈ থানাৰ বিষয়াই পূৱ দিশৰ লোহাৰ গেটত তলা লগোৱাত পশ্চিম দিশেৰে থানালৈ সোমোৱা গেটত পুলিচৰ ৰাইফল, বেয়নেট, ষ্টেনগানৰ বাধাকো অতিক্রম কৰি পতাকা উত্তোলন কৰিবলৈ উদ্যত হোৱা সমদলৰ সন্মুখত থিয় হৈ কনকলতাই এজন আৰক্ষীৰ বন্দুকৰ নলীত ধৰি কৈছিল— ‘এই বন্দুক বেয়নেটেৰে আপোনালোকে আমাৰ দেহা থকা-সৰকা কৰিব পাৰিব কিন্তু মাতৃভূমিক ভালপোৱা, মাতৃভূমিৰ স্বাধীনতাকামী মনটো থকা-সৰকা কৰিব নোৱাৰে। আমাৰ প্ৰতিটোপা তেজৰ পৰা শত শত স্বদেশ ব্ৰতী অক্লান্ত দেশপ্রেমিকৰ জন্ম হ’বই আৰু এদিন স্বদেশ-স্বজাতি স্বাধীন হ’বই।
লগে লগেই সমদলৰ পাছফালৰ পৰা প্ৰবল হেঁচা অহাৰ বাবে কনকলতা এখোজ আগবাঢ়ি যাব লগা হোৱাত ‘ফায়াৰ ফায়াৰ’ বোলা চিঞৰৰ লগে লগে গুৰুম গুৰুমকৈ বন্দুকৰ গুলি ফুটি বগাই কছাৰী নামৰ এজন আৰক্ষীৰ গুলীত কনকলতাৰ দেহা মাটিত বাগৰি পৰে। পৰিব খোজা পতাকাখন মুকুন্দ কাকতিয়ে দাঙি ধৰাত তেওঁৰো বুকুভেদি পাৰ হৈ যায় অন্য এটা গুলী। মুকুন্দ কাকতিৰ বুকু ভেদি যোৱা গুলীয়ে একে শাৰীতে থকা হেমকান্ত বৰুৱা, খগেশ্বৰ বৰুৱা, থুলেশ্বৰ ৰাজখোৱা আৰু ভোলা বৰদলৈকো আহত কৰে।
মানুহৰ চিঞৰ-বাখৰ আৰ্তনাদত তোলপাৰ লাগিলে গহপুৰ থানাত। এই উত্তপ্ত পৰিৱেশতে ৰামপতি ৰাজখোৱা নামৰ এজন সাহসী ডেকাই উদ্দেশ্যক সফল ৰূপ দিবলৈ থানাৰ পিছফালেদি থানা ঘৰত উঠি ওপৰত পতাকা উৰুৱালে। কনকলতাৰ মৃতদেহ ৰাইজে আনি সসন্মানেৰে বৰঙাবাৰীৰ নিজৰ ঘৰ পোৱালেহি। ককাক, দেউতাক, মাহীমাক, ভায়েক, ভনীয়েক সকলোৱে হুকহুকাই কান্দিলে। ৰাইজৰ বিপুল সহযোগত বৰঙাবাৰীৰ সমাধিস্থানত সমাধিস্থ কৰা হ’ল।
এনেদৰে বহুজন দেশপ্রেমিকৰ ত্যাগৰ বিনিময়ত অৱশেষত অশেষ প্ৰচেষ্টাৰ ফলশ্ৰুতিত ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিলে।